দিল্লীৰ শেহতীয়া নিৰ্বাচনত আম আদমি পাৰ্টিীৰ জয় লাভ আৰু অৰবিন্দ কেজৰিৱাল পুনৰবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাটো
দিল্লী বাসীৰ লগতে সমগ্ৰ দেশবাসীৰ বাবে অতি আনন্দৰ
খবৰ! চাৰিওফালে ৰ্ধম কেন্দ্ৰীক ৰাজনীতিৰ মাজত কেজৰিৱালৰ আম আদমি পাৰ্টিৰ জয় লাভে
কিছু হলেওঁ দেশ বাসীৰ মাজত আশাৰ বতৰা আনিছে। কেবল শিক্ষা, স্বাস্থ্য, বিজুলী আৰু পানীৰ সহজ, সুলভ যোগানৰ দ্বাৰা পুনৰ বাৰ আম আদমি পাৰ্টিয়ে দিল্লী বাসীৰ
মন জয় কৰিলে আৰু ৭০ খন আসনৰ ভিতৰত ৬২ খন আসন লাভ কৰিবলৈ সক্ষম হ'ল।
কিন্ত এই নিৰ্বাচনে আমাক যথেষ্ট পৰিমানে আনন্দিত কৰিব পৰা
নাই কাৰণ কেজৰিৱালৰ আম আদমি পাৰ্টিয়ে এতিয়াও গৰিষ্ঠ সংখ্যক লোকৰ আদৰ আৰু প্ৰতক্ষ সহযোগ পাবলৈ সক্ষম হোৱা নাই। পাৰ্টিৰ ভোট শ্বেয়াৰলৈ চালেই সেই কথা
স্পষ্ট ৰূপত ধৰা পৰে। পূৰ্বতকৈ আম আদমি পাৰ্টিৰ
ভোটৰ শতকৰা হাৰ বৃদ্ধি হোৱা নাই। ২০১৫ ত আপে শতকৰা ৫৪.৩% ভোট লাভ কৰাৰ বিপৰীতে ২০২০ ৰ
নিৰ্বাচনত এই হাৰ
৫৩.৫% লৈ হ্ৰাস পাইছে, লগতে আপৰ আসনৰ সংখ্যা ৬৭ ৰ পৰা ৬২ খনলৈ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে ভাৰতীয় জনতা
পাৰ্টি আৰু ইয়াৰ মিত্ৰ পাৰ্টিৰ শতকৰা ভোটৰ হাৰ বৃদ্ধি পাইছে। ২০১৫ ৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ মিত্ৰ জোটে শতকাৰ ৩২.৭% ভোট লাভ কৰাৰ বিপৰীতে ২০২০ ৰ নিৰ্বাচনত এই হাৰ বাঢ়ি
প্ৰায় ৩৯.৯ (৪০)% শতাংশ হৈছে, লগতে আসনৰ সংখ্যাও ৩ ৰ পৰা ৮ লৈ বৃদ্ধি হৈছে।
যোৱা পাচ বছৰত আম আদমি পাৰ্টিয়ে দিল্লীত কিছু উন্নয়নমূলক
কাম কাজ কৰিছিল যদিও দিল্লীত কোনো ধৰণৰ নতুন ভোটাৰ সৃষ্টি কৰিবলৈ সক্ষম নহ'ল! সেইয়া সঁচাকৈ দুভাগ্যজনক!বহু নিৰ্বাচন বিশেষজ্ঞই এই নিৰ্বাচন আম আদমি পাৰ্টিৰ উন্নয়নশীল কাম কাজ আৰু বিজেপি চৰকাৰৰ ধৰ্মীয় গোৰামীৰ মাজত
বুলি কব বিচাৰিলেওঁ প্ৰকৃততে সেয়া খুব
পৰিস্কাৰ ভাবে দেখিবলৈ পোৱা নগ'ল (যদিও আপে ৬২ খনকৈ অসন লাভ কৰিছে)। অন্যহাতে বিজেপিয়ে
দিল্লীত ক্ৰমানুৱে ভোটাৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।
২০১৫ আৰু ২০২০ চনৰ দিল্লী নিৰ্বাচনৰ ভোট শ্বেয়াৰঃ
পাৰ্টি
|
ভোট শ্বেয়াৰ
(২০১৫)
|
পাৰ্টি
|
ভোট শ্বেয়াৰ
(২০২০)
|
আপ
|
৫৪.৩%
|
আপ
|
৫৩.৫%
|
বিজেপি+
|
৩২.৭%
|
বিজেপি+
|
৩৯.৯%
|
কংগ্ৰেছ+
|
৯.৭%
|
কংগ্ৰেছ+
|
৪.৩%
|
অনান্য
|
৩.৩%
|
অনান্য
|
২.৩%
|
ওপৰৰ
তথ্যৰ পৰা এইয়া স্পষ্টকৈ দেখা যায় যে, আপ আৰু বিজেপিৰ মাজত কংগ্ৰেছ দলটো বিশেষভাৱে ক্ষতি হৈছে। ২০১৫
ত শতকৰা ৯.৭ % ভোট লাভ কৰাৰ বিপৰীতে ২০২০ ৰ নিৰ্বাচনত এই হাৰ ৪.৩ শতাংশলৈ
কমিছে।
যদি আমি
আসনৰ সংখ্যা পাৰ্টিৰ ভোট শ্বেয়াৰৰ দ্বাৰা বিচাৰ কৰো এই ক্ষেত্ৰত নিৰ্বাচনৰ
ৰিজাল্টবোৰ বেলেগ ধৰণৰ হ’ব। উদাহৰণস্বৰূপে আমাৰ ভোটিং পদ্ধতিটো FPTP
(First-Past –The-Post) সলনি এটা সমানুপাতিক পদ্ধতি(Proportional Representation System) (চমুকৈ PR-System) ললে তেতিয়া পাৰ্টিৰ ভোট শ্বেয়াৰৰ অনুপাতে আসন লাভ কৰিব। এই ক্ষেত্ৰত ২০২০ ৰ
নিৰ্বাচনত আপ, বিজেপি+,কংগ্ৰেছ+ আৰু অনান্যই ক্ৰমে ৩৭ খন, ২৮ খন, ৩ খন আৰু ২খন আসন লাভ কৰিব। সেইদৰে ২০১৫
ৰ নিৰ্বাচনত আপ, বিজেপি+,কংগ্ৰেছ+ আৰু অনান্যই ক্ৰমে ৩৮ খন, ২৩ খন, ৭ খন আৰু ২ খন আসন লাভ কৰিলহেতেন! এই
ধৰণৰ ভোটিং পদ্ধতিয়ে এখন সমাজক বেছি শুদ্ধভাৱে
প্ৰতিনিধিত্ব(Represent) কৰে যেন বোধ হয়! যদিওঁ প্ৰকৃততে কিমানদুৰ বাস্তবৰ্ধমী হ'ব এই মূৰ্হুত্তত কব পৰা নাযায়। অৰ্থাৎ
চমুকৈ এই কথাই কব
পাৰি যে, আমি ব্যবহাৰ কৰা ভোটিং পদ্ধতিৰ দ্বাৰা
সকলো কথা সুন্দৰকৈ বিশ্লেষণ কৰিব পৰা নাযায় বা আমাক প্ৰকৃত ছবিখন আমাৰ আগত ধৰা পৰিবলৈ সুবিধা নিদিয়ে।
No comments:
Post a Comment