শেহতীয়াকৈ শুণিবলৈ
পাইছোঁ তেজপুৰ বিশ্ববিদ্যালয়ে Int. MA/ M.Sc. এন্টেস পৰীক্ষা সমূহ নপতাকৈ কেবল হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ নম্বৰৰ
ভিত্তিতে ছাত্ৰ-ছাত্ৰী সকলক ছিট দিয়াৰ কথা ভাবিছে। স্বাভাৱিকতে এইয়া মুঠেই মানি লব
নোৱাৰা কথা। বাৰে বাৰে নম্বৰ কেন্দ্ৰীক ব্যৱস্থা এটাৰ পৰা ওলাই অহিবলৈ চেষ্টা চলাই
থকাৰ বিপৰীতে এই সিন্ধান্তই আমাক পুনৰ নম্বৰ কেন্দ্ৰীক হে কৰি তুলিব! লগতে বহুটো
ছাত্ৰ-ছাত্ৰীৰ ওপৰত এইয়া এটা চৰম অন্যয় কৰা হ'ব।
কৰ’নাৰ বাবে বহুতো কাম বন্ধ হ’ল! ওপৰত উল্লেখ কৰা
তেজপুৰ বিশ্ববিদ্যালয়ৰ সিদ্ধান্তও লোৱা হৈছে কৰ’নাৰ বাবে। সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাথতে পৰীক্ষা নপতাৰ
সিদ্ধান্ত! অচলতে পৰীক্ষা পাতিবলৈ কিছুমান বস্ত প্ৰয়োজন, যেনে
ধৰক, মানৱ সম্পদ(পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰস্তত কৰা, পৰীক্ষা
চলোৱা ইত্যাদি), পৰীক্ষা আয়োজন কৰা স্থান (যেনে স্কুল, কলেজ,
বিশ্ববিদ্যালয় চৌহদ ইত্যাদি)। সদ্যহতে অসমত বেছিভাগ স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰ
চৌহদ সমূহ কোৱাৰেণ্টাইন কেন্দ্ৰ (চেন্টাৰ) হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। সেয়েহে
চাগে পৰীক্ষা আয়োজন নকৰাৰ সিদ্ধান্ত। কিন্ত কৰ’নাটো কেবল আমাৰ অসমতে হোৱা নাই,
সকলোতে হৈছে। ভাৰতৰ অন্য বিশ্ববিদ্যালয় সমূহে এতিয়াওঁ পৰীক্ষা নপতাৰ সিদ্ধান্ত লোৱা নাই।
পৰীক্ষা পিচোৱাইছে। বিশ্ববিদ্যালয় এন্টেস পৰীক্ষাত কিমান ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা
দিয়ে? যদি এই পৰীক্ষাটো পাতিব নোৱাৰে, তেতিয়া
হলে ২০২১ ৰ নিৰ্বাচন পাতিব পাৰিব নে?,
পতাৰ কিবা যুক্তি থাকিব নেকি?, নিৰ্বাচন
এটা পৰীক্ষাত কৈ বহুত বেছি মানুহ হয়,
লাইন পাতি জুম বান্ধি ভোট দিব লগা হয়, নিৰ্বাচন
নপতাৰ সিদ্ধান্ত লব নেকি? (ধৰি ললো ২০২১ পযন্ত কৰ’না আমাৰ মাজত থাকি গ’ল)
লটাৰী আৰু নিৰ্বাচন:
লটাৰীৰ কথাটো সকলোৱে
জানেই, বহুতৰে লটাৰী নালাগে! কিন্ত লগাৰ সম্ভৱনা সকলোৰে থাকে! সেয়েহে আমি প্ৰথমে নিৰ্বাচনৰ কথাৰেই আৰম্ভ কৰো। নিৰ্বাচন নো কিয় পাতিব লাগে? নিৰ্বাচন পাতি আমাৰ কিবা লাভ হয় নেকি? আপোনাৰ ভোটৰ কিবা মূল্য আছে নেকি? মই ভোট দিয়া নাই, আপুনি ভোট দিছে তাৰ
পিছত আপুনি মোতকৈ কিবা বেছি ভাল জীৱন পাইছে নেকি? সুবিধা বেছি পাইছে নেকি? ভাল বতাহ পাইছে নেকি?, ভাল
পানী পাইছে নেকি? এটা উদ্বেগহীন জীৱন পাইছে নেকি? আপুনি স-সন্মানে জীয়াই থাকিব পাৰিছে নেকি? অসমৰে ভিতৰতে আপুনি ভয় নকৰাকৈ ঘুৰি ফুৰিব পাৰিছে নেকি? উত্তৰ
আপোনালৈ এৰিলো।
তাতে আমাৰ ইয়াত
নিৰ্বাচনৰ প্ৰাৰ্থীবোৰ যেনে যদু,
মধু,
ৰাম তিনিজন তিনিটা বেলেগ দ’লৰ হলেওঁ তেওঁলোক প্ৰায় একেই! যদু, মধু বা ৰামৰ মাজত পাৰ্থক্য নাই। নিৰ্বাচনত যদু এ
জিকক বা মধু এ জিকক বা ৰামেই জিকক তাত একো বেলেগ কথা নাই! যদি যোৱা পাছ বছৰত অমুক
দলৰ যদু জিকিছিল আৰু আপোনাৰ ৰাজ্যত বানপানী হৈছিল, দুনীতি হৈছিল, গড়
মৰিছিল, কয়লা বিচাৰি পাহাৰ খান্দিছিল, খেতিয়কে
আত্মহত্যা কৰিছিল, অহাবাৰ পাছ বছৰ অন্য এটা দলৰ মধু জিকাৰ পাছটো একেই!
বানপানী থাকিব, দুৰ্নীতি থাকিব, গড় মৰিব, পাহাৰ
খান্দিব, খেতিয়ক মৰিব,
মানুহে কাম বিচাৰি নাপাব, একেই
খেলিমেলি থাকিব। তেনেহলেঁ আপোনাৰ সেই নিৰ্বাচন পতাৰ সেই দীঘলীয়া কষ্টকৰ সাৰাশাষ্টি কিয়? শিক্ষক সকলক পঢ়া শুনাৰ
পৰা আতৰাই, স্কুল কলেজবোৰ বন্ধ দি, সকলো কাম বন্ধ কৰি নিৰ্বাচন উৎসৱ পালন কৰাৰ কিবা প্ৰয়োজন আছে নেকি?? তাৰ সলনি ৰাজ্যত কি কি দীৰ্ঘদিনিয়া সমস্যা আছে সেইবোৰত গুৰুত্ব নিদিয়ে কিয়? যিহেটো আগতেই কৈছোঁ যে আমাৰ বিভিন্ন দল সমূহৰ প্ৰাৰ্থীবোৰৰ মাজত বৰ বেছি
প্ৰাৰ্থক্য নাই, বা সকলোবোৰ একে বিবস্থাৰ পৰাই ওলাই আহিছে।দুই এজন
আধুনিক টাইপ থাকে বা থাকিব পাৰে! দুই এটা কাম কৰে! বাকী বোৰে যিহেতু নিজে কি কৰি
আছে বা পাচ বছৰত কিনো কৰিব সেইবোৰৰ বিষয়ে একো গম নাপাই!(ৰাজ্যত কি হৈ আছে)। যিহেতু
এইবোৰ ইমান জটিল কমপিটিছন নহয় সেয়েহে
মন গলেই (অন্ততঃ মই এনেকৈয়ে ভাৱো) আমি নিৰ্বাচনৰ দৰে জটিল আৰু খৰছী ব্যৱস্থা এটাৰ
পৰা ওলাই আহিব পাৰো!! লটাৰী এই ক্ষেত্ৰত এটা ভাল বিকল্প হ’ব পাৰে!!
টোকা: এইবোৰ কথাৰ কোনো লক্ষ্য উদ্দেশ্য নাই, সম্পূণ
কা্ল্পনিক! আৰু মই গল্প বুলি ভাবিবলৈ ৰাইজক অনুৰোধ কৰিছোঁ।
No comments:
Post a Comment