ঘৰত থাকি কাম কৰা বা
কাম নকৰাকৈ থকাও যে কিমান মধুৰ হ’ব পাৰে সেই কথা চাগৈ
বহুদিন একেৰাহে বিভিন্ন কাৰণত ঘৰৰ মানুহৰ লগত ভালদৰে দীঘলীয়াকৈ থাকিবলৈ নোপোৱা
ব্যক্তিতকৈ অন্য কোনো লোকে ভালদৰে উপলব্ধি কৰিব নোৱাৰে! ঘৰত যদি পিতৃ-মাতৃ, বা
(বাইদেউ থাকে) বা অন্য আপোনজন থাকে তেতিয়া চাগৈ সেই দুখ অলপ বেছিয়ে হয়! শুই উঠি মাৰ মুখ খন দেখি কামলৈ ওলাই যোৱা বা(ঘৰতে থকা)আৰু শুৱাৰ আগতেওঁ মাৰ
মুখ খন প্ৰতিদিনে দেখিবলৈ পোৱাটো আজিৰ দিনত কিমানজনৰ ভাগ্যত ঘটে! দূৰ প্ৰাম্তৰ
প্ৰতিদিনৰ এটা বা দুটা ফোন (ভিডিঅ) ক’লে(call) সেইয়া দিব নোৱাৰে।যদি পিতৃ-মাতৃৰ বয়স বাঢ়ি আহিছে
তেতিয়াটো আৰু অলপ বেছিয়ে চিন্তা বাঢ়ে! প্ৰায়ে শুনা আমাৰ মা বোৰৰ ককালৰ বিষ, আঠুৰ
বিষ বোৰ, ফোনৰ সিফাঁলৰ পৰা নো কি কম এনে হয়! বহুসময়ত ভালকৈ
থাকিবি/ ভালকৈ থাকিবা আদিতে সীমাবদ্ধ! ঘৰত থাকি অন্ততঃ, মাই বিষত লগোৱা মলমৰ গোন্ধ নিজে পাব পাৰি!নহলে
সেইয়াও আমি ফোনত হে গম পাওঁ,
তাকো বহুটো তেনে কথা নজনাই! চিন্তা হয় বুলি।
সচাঁকৈ সৰু-সৰু লগা এই কথাবোৰ বহু
সময়ত আমি ইগনৰ কৰিয়ে যাওঁ। ঘৰত থাকি,
মাৰ গৰম পানীৰ বেগটো সাজু কৰি দিব পাৰি!
চাওঁকচোন, ইমান ভাল লগা আনন্দময় কামবোৰ আৰু ক’ত কৰিবলৈ পোৱা যাব!ভাবিব নোৱাৰি! সকলো কামৰ পাছটো, দিনে ৰাতিয়ে ভাত-চাহ বনাই আমাক খাবলৈ দিয়া মা-জনীক
কেতিয়াবা নিজে চাহ একাপ কৰি মুখৰ আগত দিব পৰাটোও কম আনন্দৰ কথা নহয়..লকডাউনে আমাক
বহুখিনি সময় দিলে! নিজকে আকৌ এবাৰ চাবলৈ! বেছিকৈ নকওঁ, দেউতাৰ
কথাবোৰো আছে
...
(কথাখিনি লগত খাপ খাব বুলি ভাবি ওপৰত দিয়া নামটো হোমেন বৰগোহাঞি ছাৰৰ কোনোবা এখন কিতাপত পৰা লোৱা। ক’ৰনাই যদি কাৰোবাক ইমানখিনি সময় দিছে তাত আক্ষেপ কৰিব লগা একো নাই।)
(কথাখিনি লগত খাপ খাব বুলি ভাবি ওপৰত দিয়া নামটো হোমেন বৰগোহাঞি ছাৰৰ কোনোবা এখন কিতাপত পৰা লোৱা। ক’ৰনাই যদি কাৰোবাক ইমানখিনি সময় দিছে তাত আক্ষেপ কৰিব লগা একো নাই।)
No comments:
Post a Comment