Monday, December 26, 2022

অসম সাহিত্য সভাৰ ভোটিং পদ্ধতি

অসম সাহিত্য সভাই কি ভোটিং পদ্ধতিৰ দ্বাৰা তেওঁলোকৰ প্ৰাৰ্থীসমূহ বাছনি কৰে মই নাজানো! কিন্তু তেওঁলোকৰ সভাপতি পদৰ ফলাফলৰ এখন ফটো এইকেইদিন ফেচবুকত দেখি আছো। তাত প্ৰাৰ্থীসকলৰ ভোটৰ সংখ্যা (প্ৰথম পছন্দমতে) বুলি লিখা আছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে তেওঁলোকে ব্যৱহাৰ কৰা ভোটিং পদ্ধতিটো "প্লুৰালিটি ভোটিং পদ্ধতিয়ে (Plurality rule)" হ'ব!

মই সাহিত্যৰ ছাত্ৰ নহয় সাহিত্যৰ লগত জড়িত ব্যক্তিও নহয়! সাহিত্য সভাৰ সভাপতি কোন হ'ব লাগিছিল মই সেইয়া আলোচনা কৰিবলৈ নাযাওঁ। কিন্ত মোৰ বহুতো বন্ধুৱে উল্লেখ কৰিছে যে তেওঁলোকে য়েছে দৰজে ঠংচি দেৱ জয়ী হোৱা হলেহে বেছি ভাল পালে হেতেন! কেতিয়াবা কেবল ভোটিং পদ্ধতি এটাৰ সীমাবদ্ধতাৰ বাবেই আমি এজন আদৰ্শ প্ৰাৰ্থী লাভ কৰাৰ পৰা বঞ্চিত হওঁ!
ইমানকৈ দেখি থকাত মোৰো ফলাফল খিনি চাবলৈ মন গ'ল। তাৰে কিছু কথা মই উল্লেখ কৰিছোঁ যিটো হয়টো ইমান বেছি আলোচনা হোৱা নাই! কথাটো হ'ল - " অসম সাহিত্য সভাই ব্যৱহাৰ কৰা ভোটিং পদ্ধতি।"
প্লুৰালিটি ভোটিং পদ্ধতিটো এটা বৰ ঠিক ভোটিং পদ্ধতি নহয়! (এইয়া মই কোৱা কথা নহয় প্ৰায় ২৫০ বছৰ মানৰ আগতেই ইয়াৰ বিভিন্ন সীমাবদ্ধতাৰ কথা বহুতেই আঙুলিয়াই দিছিল)।
ডাঙৰ নিৰ্বাচনত ভোট গণনাৰ লগতে সকলো শ্ৰেণীৰ লোকক সহজে ভোটদান ব্যৱস্থাত জড়িত কৰিব পৰাকৈ প্লুৰালিটি ভোটিং পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। কিন্তু অসম সাহিত্য সভাৰ দৰে সৰু নিৰ্বাচনত য'ত মুঠ ভোটাৰৰ সংখ্যা ৭৩২ জন তাত যিকোনো এটা উন্নত ভোটিং পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰুপে এপ্ৰুভেল ভোটিং(Approval voting) বা প্লুৰালিটি ৰানঅফ (Plurality with runoff) ইত্যাদি। এই পদ্ধতি সমূহ সহজ লগতে প্লুৰালিটি ভোটিং পদ্ধতিতকৈ উন্নত ফলাফল দিবলৈ সক্ষম।

এতিয়া আমি চমুকৈ এইবাৰ অসম সাহিত্য সভাৰ ফলাফলত কিবা উন্নত ফলাফল লাভ কৰাৰ থল আছিল নেকি তাৰ এটা সৰু আলোচনা কৰিছোঁ।
১) সূৰ্য হাজৰিকা এ ৩৩৫ টা ভোট লাভ কৰিছে সেইয়া মুঠ ভোটৰ ৪৫.৭৬ শতাংশ। অৰ্থাৎ তেওঁক আধাত(half) কৈ বেছি ভোটাৰে পছন্দ কৰা নাই। কাৰণ তেওঁ মুঠ ভোটৰ আধাৰ সমান ভোট লাভ কৰা নাই।
২) দ্বিতীয় স্থানত থকা য়েছে দৰজে ঠংচি এ মুঠ ভোটৰ ২৫১ টা ভোট লাভ কৰিছে। শতকৰা এই সংখ্যা ৩৪.২৮ শতাংশ।
৩) বাকী অনান্য চাৰিজন প্ৰাৰ্থীয়ে মুঠ ভোটৰ ১৪৬ টা ভোট লাভ কৰিছে। আৰু তেওঁলোক আটায়ে লাভ কৰা ভোটৰ অংশ ১৯.৯৪ শতাংশ। এই আটাই কেইজনে ১৯.৯৪ (প্ৰায় ২০ %) শতাংশ ভোট ভাঙিছে (Vote split)। আৰু ইয়াৰ ফলত সূৰ্য হাজৰিকা জয়ী হ'বলৈ সক্ষম হৈছে।
৪) এই পদ্ধতিটোত এজন ভোটাৰে প্ৰকৃততে কি বিচাৰে সেইয়া প্ৰকাশ কৰিবলৈ বৰ সুবিধা নাপায়। উদাহৰণস্বৰুপে যদি ভোটাৰৰ এজনতকৈ অধিক প্ৰাৰ্থী পছন্দ হয় তাক প্ৰকাশ কৰিব নোৱাৰে। ইয়াত শেষৰ চাৰিজন প্ৰাৰ্থীক ভোট দিয়া ভোটাৰ সকলৰ ভোটটো এক কথাত নষ্ট হৈছে। এইক্ষেত্ৰত এপ্ৰুভেল ভোটিং পদ্ধতিয়ে ভাল ফলাফল দিবলৈ সক্ষম হ'লহেতেন।
৫) যেতিয়া এটা নিৰ্বাচনত কোনো এজন প্ৰাৰ্থীয়ে একক সংখ্যা গৰিষ্ঠতা (absolute majority, আধাতকৈ এটা ভোট বেছি) লাভ নকৰে তেতিয়া পুনৰ বাৰ এটা নিৰ্বাচন পাতিব লাগে (second round) য'ত অকল প্ৰথম আৰু দ্বিতীয় স্থানত থকা প্ৰাৰ্থী দুজনেহে অংশ গ্ৰহণ কৰিব পাৰিব। তেতিয়া ভোট ভঙা কাৰবাৰটো নাথাকিব। সেই পদ্ধতিক প্লুৰালিটি ৰানঅফ (plurality with runoff) বুলি কোৱা হয়। এই পদ্ধতিটো ফান্সৰ ৰাষ্ট্ৰপতি নিৰ্বাচনতো ব্যৱহাৰ কৰে। ভোটিং সমন্ধীয় আমাৰ কেইটামান লেখা দুই এখন অসমীয়া দৈনিক কাগজতো প্ৰকাশ পাইছিল আগ্ৰহী সকলে চাব পাৰে!

অসম সাহিত্য সভাই ইচ্ছা কৰিলেই তেওঁলোকৰ নিৰ্বাচনৰ পদ্ধতি সলনি কৰিব পাৰে। কাৰণ তেওঁলোকৰ নিৰ্বাচনত জড়িত ব্যক্তিৰ সংখ্যা কম।

Friday, December 16, 2022

Publications

1. Ritu Dutta, Souvik Roy, and Surajit Borkotokey (2022) The Generalized Shapley Value of Cooperative Games as a Social Preference Function. Group Decision and Negotiation. DOI: 10.1007/s10726-022-09809-7 (IF - 2.9). 

2. Ritu Dutta, Rajnish Kumar, and Surajit Borkotokey  (2023) How to choose a compatible committee? (Accepted: Public Choice, March 2024)

3. Ritu Dutta, and Surajit Borkotokey (2023) Committee selection via three simple aggregation operators (Working paper) 

4. Ritu Dutta and Takashi Kurihara (2023) Common Second Preferences (Working Paper)

5. Ritu Dutta and Surajit Borkotokey (2023) Diversity-based Committee (Work in progress)

অসম সাহিত্য সভাৰ ভোটিং পদ্ধতি

অসম সাহিত্য সভাই কি ভোটিং পদ্ধতিৰ দ্বাৰা তেওঁলোকৰ প্ৰাৰ্থীসমূহ বাছনি কৰে মই নাজানো! কিন্তু তেওঁলোকৰ সভাপতি পদৰ ফলাফলৰ এখন ফটো এইকেইদিন ফেচবু...