হোষ্টেলত ভাত খায় থাকোতে ভাইটি সেউজে দুদিনমান কলে ঋতুদা “টাৱাঙৰ” পাছৰখিনি পঢ়িবলৈ ৰৈ আছোঁ! তাক লিখিম-লিখিম বুলি কোৱাও বহু দিন হ’ল! অৱশ্যে তিনিটা খণ্ড লিখাৰ পাছত বৰ বিশেষ লিখিব লগা নাছিল! কিন্তু টাৱাঙত বন্ধুৰ বাইদেউৰ ঘৰত পোৱা আন্তৰিকতাপূৰ্ণ মৰম, অতিথ্যৰ কথা নিলিখিলে কিবা যেন আধৰুৱা হৈ ৰব তেনে ভাব হ’ল! সেউজলৈ ধন্যবাদ জনাই “টাৱাঙত তিনি দিন ৰ” শেখ খণ্ড দুটা আগবঢ়ালো।
টাৱাঙত
তিনি দিন (ঘ):
টাৱাঙত আজি আমাৰ তৃতীয়
দিন। আজি আমি দূৰলৈ যোৱা কথা নাই! সেইহে শুই উঠা অলপ দেৰি হৈছেঁ! বিশেষ কাম
নাথাকিলে অলপ দেৰিলৈকে শুই থকাটো এটা অভ্যাসে হৈছেগৈ! শুই উঠি খিৰিকিৰে পৰ্দা টানি
দেখো পাতলকৈ বৰফ পৰিছে! অৰ্থাৎ আজি চহৰৰ মাজ-মজিয়াতে বৰফ! আজি জানুৱাৰীৰ ১৯ তাৰিখ।
জানুৱাৰীত টাৱাঙত আটাইতকৈ বেছি ঠাণ্ডা হয়! এই সময় খিনিত পৰ্যটকৰ সংখ্যা তুলনামূলক
ভাৱে কম হয়! কিন্তু আমি এই সময়তে অহাৰ সিদ্ধান্ত লৈছিলো। কাৰণ সকলোৰে সময় মিলাবলৈ
বৰ জটিল! কি কৰা যায় তাকে ভাৱি আছোঁ? ব্ৰাছ কৰিলো! ঘৰত নাথাকিলে ৰাতিপুৱা মুখ হাত ধুই ঘৰলৈ ফোন এটা কৰাটোৱে
কিছু বছৰ ধৰি মোৰ প্ৰধান কামৰ ভিতৰত এটা! তাকে কৰিলোঁ। মাক কলো আজি টাৱাঙত বৰফ
পৰিছে। নেটৱৰ্কৰ সমস্যা! দুই এটা কথা পাতোতেই বন্ধ হৈ গ’ল! বা
লে মেচেজ এটা কৰিলোঁ! তাইলৈ বৰফ পৰা ফটো দুখনমান পঠালোঁ! তেনেতে ইহঁত কেইটা সাজু
হোৱাত আমি ৰাতিপুৱাৰ চাহ খাবলৈ ওপৰলৈ উঠি আহিলোঁ। আমি থকা হোটেলখনত বৰ সুন্দৰ চাহ
তৈয়াৰ কৰে! আমাৰ হোটেল সমূহত আজিকালি ৰঙা চাহ সহজে পোৱা নাযায়! ইয়াত ৰঙা চাহ বৰ
সুন্দৰকৈ তৈয়াৰ কৰা কথাটোৱে আমোদ দিছে!
আজি
ৰাতিপুৱা পাঁচ বজাতেই উৎপল আৰু ডাৰিক তেজপুৰলৈ গ’লগৈ! সিহঁতক সাৱধানে যাবলৈ কলো! এতিয়া আমি চাৰিটা আছোঁ! হোটেলৰ ৰোমবোৰ
যথেষ্ট ডাঙৰ হোৱাত আমি দুটা ৰোমৰ পৰা আজি এটা ৰোমলৈ আমাৰ বয় বস্তবোৰ লৈ আনিলোঁ!
এনেই এটা ৰোমৰ ভাৰা দি থকাৰ প্ৰয়োজন নাই! যিহেতু আমি গোটেইবোৰ হোটেলত থকা সময়ত
একেটা ৰোমতে বহি আদ্দা মাৰো! তেজপুৰত পঢ়ি থকা দিন বোৰলৈ মনত পৰিল! সেই সময়ত আমি
প্ৰথম চেমিষ্টাৰত পঢ়ি আছোঁ। আমাৰ হাতত মাত্ৰ এটাই লেপটপ। নলিনীৰ “Sony
Vaio” টো। ইফালে CBCT(Choice Based Credit Transfer)ৰ ইবটম্বি ছাৰে পঢ়িবলৈ slide ৰ ওপৰত slide দিয়ে! সেইবোৰ মোবাইলত পঢ়াওঁ দিগদাৰ। সেইসময়ত আজিৰ দৰে ভাল ফোনো নাছিল।
তেতিয়া আমি কিদৰে এটা লেপটপতে পঢ়িছিলো তাৰে এখন ফটো বিচাৰি আনিছোঁ। আজি বহু বছৰৰ
পাছত এখন বিছনাত বহি আকৌ আদ্দা দিয়াৰ কথাই কিবা এটা যেন মিল বিচাৰি পাইছোঁ। চাহ
খাই আকৌ ৰোমলৈ গুচি আহিলো!
কাইলৈ
আমি তেজপুৰ হৈ আকৌ নিজৰ নিজৰ ঠাইলৈ যামগৈ! এইকেইদিনৰ টাৱাঙৰ কথাবোৰ মনত পৰিছে।
টাৱাং সচাঁকৈ এখন বৰ ধুনীয়া শান্তিপূৰ্ণ ঠাই! অলপতে ফেচবুকৰ বান্ধৱী ইপ্সিটাও
টাৱাঙলৈ গৈছিল। তাই টাৱাঙত হোৱা কিছু অনুভৱ ফেচবুকতে এইদৰে লিখিছে - “টাৱাঙৰ ফটো দেখি দেখিয়ে গম পাইছিলো কিমান
ধুনীয়া, কিন্তু যেতিয়া নিজ চকুৰে দেখিলো তেতিয়া গম পালো টাৱাংখন সঁচাই উত্তৰ-পূবৰ
স্বৰ্গ, পাইন গছৰে আৱৰা পাহাৰ পৰ্বতবোৰ, নীলা-নীলা নদীবোৰ,
ঝৰ্ণা, বনৰীয়া নানাৰঙী ফুলবোৰ! এইবোৰে যিকোনো মানুহৰে মন ভাল লগাই দিব পাৰে, কোনো
নিৰ্দিষ্ট ঠাইত যোৱাৰ প্ৰয়োজনেই নাথাকে যেতিয়া ৰাস্তাবোৰ ইমান ধুনীয়া হয়, মৰম লগা
সহজ সৰল মানুহবোৰ, গাল ৰঙা অকমণি ল’ৰা-ছোৱালীবোৰ, কুকুৰবোৰ
এইসকলোবোৰেই মৰম লগা। গোটেই ৰাস্তাত য়েছে দৰজে ঠংচীদেৱৰ উপন্যাসবোৰৰ কথাই মনলে আহি
আছিল। বহুদিন অশান্তি, ডিপ্ৰেচনত কটোৱা মানুহৰ বাবে নতুন জীৱনৰ ফিৰফিৰিয়া গোন্ধ লৈ
আহিব পাৰে পাইন গছবোৰে, ঘূৰি আহিবলৈ মন নোযোৱাকৈ ধুনীয়া টাৱাংখনৰ বেলেগ কিছুমান
কথাও ভাল লগা যেনেদৰে তাত যিকোনো জীৱ- জন্তু, চৰাই- চিৰিকটি হত্যা কৰাটো নিষেধ, য়াক, বনৰীয়া
ঘোঁৰা, গৰু যেনেকৈ য’ত মন
যায় চৰিব পাৰে, আনকি মাছ ধৰাটোও নিষেধ, ভৈয়ামৰ পৰা মাছ নিয়ে তালৈ, টাৱাংখন সৰহভাগ
বৌদ্ধ ধৰ্মী হোৱা বাবেই এনে নিয়ম হয়তো.. বাটে বাটে ভাৰতীয় সৈন্যই চেক্ কৰে কোন ক’ত যায়, তথাপিও মূখ্যমন্ত্ৰীৰ কনভয় যোৱাৰ সময়ত সাধাৰণ মানুহে কোনো অসুবিধাৰ
সন্মুখীন নহয়, মহিলাৰ সুৰক্ষাৰ কথাও মন কৰিব লগীয়া, মাজৰাতিও ছোৱালী অকলে ঘূৰি
ফুৰিব পাৰে তাত কোনো ভয় নলগাকৈ ..” সঁচাকৈ ইপ্সিটাই কোৱা এই
আটাইবোৰ কথা আমিও অনুভৱ কৰিছোঁ।
কিছু
বৰষুণ পৰিছে যদিওঁ সৰু-সোৰা দুই এটা বস্ত কিনিবলৈ আমি অলপমান ওলাই যাম বুলি ভাবি
আছো। লগতে ডিপাংকৰে চাকৰিৰ পাৰ্টি দিয়াৰ কথা কৈ আছে! ১২ মান বজাত আমি বজাৰলৈ ওলাই
গলো।
গধুলিলৈ
মানে ৰাতি আজি আকৌ আমাক বায়ে ভাত খাবলৈ মাতিছে! আমাক বায়ে ইতিমধ্যে এদিন ভাত
খোৱাইছেই! বাৰ কথা হ’ল
সেইদিনা বোলে ভাতৰ লগত মাছ/মাংস একো নাছিল! সেইহে আমাক আকৌ
এবাৰ ভাত খাবলৈ মাতিছে! লগতে বাৰ Husband কো আমি সেইদিনা লগ
পোৱা নাছিলো। তেওঁ আমাক লগ পাবলৈ মন কৰিছে!
সন্ধিয়া
আমি বাৰ ঘৰ পালোগৈ। অলপ পাছতে বায়ে আমাক সুধিলে আমি বিয়েৰ চিয়েৰ কিবা খাম নেকি? যদি খাওঁ দাদা/
ভিনদেউ এ লৈ আহিব! উৱাহ কি অফাৰ! কিন্তু আমি গোটেই কেইটাই নালাগে বুলি কলো! নলিনীৰ
অলপ মন আছিল যদিওঁ অকলে খাবলৈ সি বেয়া পাইছে! ভিনদেউ আহিল। ভাত খোৱা লৈকে আমি বহুত
কথা পাতিলো! তেওঁৰ স্কুলৰ কথা, উত্তৰ প্ৰদেশৰ কথা ইত্যাদি! তেওঁৰ ঘৰ উত্তৰ
প্ৰদেশত! আমাৰ কিছুমান শিক্ষকৰ অনিয়মীয়া চাকৰিৰ দৰে তেওঁলোকৰ তাতো শিক্ষকৰ লগত
একেই কিছুমান খেলি-মেলিৰ কথা। ৯ মান বজাত আমি বাৰ ঘৰৰ পৰা বিদায় ললো। বাহিৰত বৰফ
অলপমান বেছিকৈ পৰা আৰম্ভ কৰিছে! বৰফেই নে সৰু বৰষুণ ঠিক ধৰিব পৰা নাই! ৰাতিৰ
টাৱাং! কাৰেণ্ট নাই! বা আৰু ভিনদেউ এ আমি নালাগে বুলি কোৱাৰ পাছটো আমাক হোটেললৈকে
আগবঢ়াবলৈ আহিছে। তেওঁলোকে কৈছে আমি অহাত তেওঁলোকৰ বহুত ভাল লাগিল! আমাৰো কম ভাল লগা
নাই। তেওঁলোকৰ আন্তৰিকতাপূৰ্ণ মৰম আতিথ্যই আমাক মুগ্ধ কৰিছে। যেন বহু দিনৰ পাছত
নিজৰ মানুহৰ ঘৰলৈহে আমি ফুৰিবলৈ আহিছিলোঁ। সঁচাকৈ বাৰ ঘৰৰ আতিথ্যই আমাৰ টাৱাং
ভ্ৰমণ সম্পূৰ্ণ কৰাৰ লগতে চিৰদিনলৈ সেই আন্তৰিকতা মনত ৰৈ যাব! তেওঁলোকে আমাক
একেবাৰে হোটেলৰ গেটত থৈ গ’লহি। লগতে কাইলৈ যাওঁতে কিবা
অসুবিধা পালে ফোন কৰিবলৈ বাৰে -বাৰে কৈ গ’ল!
টাৱাঙত
তিনি দিন (ঙ): অন্তিম
খণ্ড (উভতনি যাত্ৰা)
কালি গোটেই ৰাতি বৰফ
পৰিছে! আমি আকৌ পাঁচ বজাতেই আহিবলৈ সাজু হৈছোঁ। ডাৰিক
আৰু উৎপল কালি গ’লগৈ! কালি সিহঁতৰ গাড়ী
চিলিপ মাৰি এটা সৰু দুৰ্ঘটনা হৈছে। ভাগ্য ভাল কাৰো একো হোৱা নাই। চেলা পাছত বৰফৰ বাহিৰে
একো নেদেখি! আমি অহাৰ দিনাৰ দৰে নহয়! ৰাস্তাৰ কাষৰ লগতে এতিয়া ৰাস্তাৰ মাজৰ অংশও
বৰফে ঢাকি ৰাখিছে। আনছাৰিয়ে দিপাংকৰক ফোন কৰি কৈছে- চিন্তাৰ কাৰণ নাই! এই সময়ত
চেলাত প্ৰায় এনেকুৱাই হয়! ড্ৰাইভাৰক চকাত শিকলি(chain)
বান্ধি ল’বলৈ ক’ব
কৈছে। ইয়াৰ আগতে আমি চকাতনো কেনেকৈ শিকলি(chain)
বান্ধি গাড়ী চলোৱা হয় সেইয়া দেখা নাই। বিজ্ঞানৰ ছাত্ৰ হিচাপে এইয়া এ জানো যে
তেতিয়া চকা আৰু বৰফৰ মাজত ফিকচন বেছি হয়, লগতে ব্ৰেকৰ কাৰ্য্য ক্ষমতা বাঢ়ে! ফলত
চিলিপ মৰা সম্ভাৱনা কমে! সেইয়াই! আমাৰ গাড়ী আহিল। উঠাৰ আগতে সকলোৱে চকা কেইটালৈ
চালো। গাড়ীত কৈ যেন এতিয়া সকলোৰে গাড়ীৰ চকাৰ ওপৰতহে বেছি গুৰুত্ব! দিপাংকৰে
ড্ৰাইভাৰক লাহেকৈ কৈছে দাদা “chain” বান্ধি ললে ভাল হ’ব
নেকি? দিপাংকৰৰ কথাৰ সুৰৰ পৰা অনুমান
কৰিছোঁ সি বুজি পাইছে যে, অৰুণাচলৰ স্থানীয় লোকক জোৰ কৰি একো কৰাব নোৱাৰি অন্ততঃ
সিহঁতৰ নিজৰ ঠাইত! ড্ৰাইভাৰ দাদাজনে ভালকৈয়ে কলে যে তেওঁৰ গাড়ীৰ চকাসমূহ ডাঙৰ
সেয়েহে chain বন্ধাৰ প্ৰয়োজন নাই! লগতে কলে
যদি বেছি দৰকাৰ হয় তেতিয়া তেওঁ বান্ধি ল’ব। চাই লোৱা যাওঁক। আমি আহি থাকিলো! এখন
হোটেলত ৰাতিপুৱাৰ আহাৰ হিচাপে ৰুটি-চবজি খোৱা হ’ল।
এটা চিগাৰেট জ্বলোৱা যাওঁক! লক্ষ্য কৰিছোঁ বিপৰীত দিশৰ পৰা যিমানবোৰ গাড়ী আহিছে-
সৰু-ডাঙৰ সকলো গাড়ীতে চেইন(chain)
বন্ধা আছে। ড্ৰাইভাৰ দাদাজনে আমাক মিছা মাতিছে নেকি! আকৌ এবাৰ কম নেকি?
দাদা চেইন(chain) বান্ধি লওঁক বুলি! নাই
নকলো। আমি আহি থাকিলো। চেলা পাছ আৰম্ভ হ’বলৈ
আৰু বেছি দূৰ নাই। য’ত আমি আহোতে শেষ বাৰ
নাম/ ঠিকনা/
দেউতাৰ নাম ইত্যাদি দিব লগা হৈছিল তাত আকৌ একেখিনি কাম কৰিব লগা হ’ল।
সেই চেক পষ্টতে ড্ৰাইভাৰক উদ্দেশি কলে চেইন নামাৰিলে গাড়ী যাবলৈ দিয়া নহ’ব! ইতিমধ্যে
উল্লেখ কৰিছোৱে যে অৰুণাচলত আৰ্মী বা অন্য যিকোনো ব্যক্তিয়ে হওঁক স্থানীয় লোক সকলক
বৰ বেছি কৰিবই লাগিব বুলি জোৰ নকৰে।
তেওঁলোকে কথাখিনি মাত্ৰ জনাই দিয়ে। সিদ্ধান্ত লোৱাটো তেওঁলোকৰ নিজৰ!! তথাপি
তেওঁলোকৰ কোনোবা এজনে কোৱা শুনিলো, গাড়ী বৰফত ফচি গলে ৰাস্তা বন্ধ হৈ যাব ইত্যাদি...।
আমাৰ ড্ৰাইভাৰেও বিপৰীত
দিশৰ পৰা অহা লগৰ এজনৰ চেইন কেইডাল মান গাড়ীত তুলি সেই ঠাই পাৰ হ’ল। চেলা পাছ
আৰম্ভ হ’ল। হয়, বৰফ অহা দিনাতকৈ বহুত
বেছি। ইতিমধ্যে ঋতুপৰ্ণৰ মুখৰ মাত -বোল নাইকিয়া হৈছে। সি আকৌ
সেই মুকলি ফালেই বহিছে, যি ফালে পাহাৰ নাই! য’ত
কেনেবাকৈ গাড়ীৰ দুৱাৰ খুলিলেই চিধা একেবাৰে তলত...!! নলিনী আকৌ বেগ কেইটাৰ সৈতে
পাছফালে বহি চকুলৈকে টুপিটো তানি শুই আহিছে।
গাড়ীত মই, দিপাংকৰ,
ড্ৰাইভাৰ দাদা আৰু ড্ৰাইভাৰৰ কাষত আমাৰ লগতে একেখন গাড়ীতে অহা অন্য এজন (সৰু)ল’ৰা
সাৰ পাই আহিছোঁ। সি ধুনীয়াকৈ টাৱাঙৰ দৃশ্যবোৰ ৰেকডিং কৰি আহিছেঁ। লাহেকৈ এটা চিলিপ
মাৰিল। মই দিপাংকৰৰ মুখলৈ চালো। সি গম পাইছে। বাকী কেইটাৰ টোপনি! আমি আহি থাকিলো। চেলা পাছ এইবাৰ বহু
দীঘলীয়া হৈছে! শেষ নহয় হে নহয়! এনেতে আমাৰ গাড়ীত এটা ডাঙৰ শব্দ! কিহৰ শব্দ প্ৰথমে
ঠিক ধৰিব নোৱাৰিলো! ইমান ডাঙৰ যে গাড়ীৰ আইনা(গ্লাছ) ভাঙি যোৱাৰ দৰে! বৰফে ভাঙিল
নেকি গ্লাছ!! ড্ৰাইভাৰক বাদ দি আমি সকলো চিন্তিত! অলপ দেৰি পাছত ড্ৰাইভাৰে লাইটাৰ
এটা দেখাই কৈছে- এইটো ফুটিছিল! হয় ঠিকেই সেইটোৱে ফুটিছিল! মনতে ভাবিলো আজি দিনটো
বৰ ভাল দেখা নাই। প্ৰথমে চিলিপ মাৰিছে, এতিয়া আকৌ এনেকৈ লাইটাৰ ফুটিছে। কিবা অঘটনৰ
আগজাননী দিয়া নাইটো!! আমি আহি থাকিলো। শেষ নহয় হে নহয়, বৰফে –বৰফ! ৰাস্তা বন্ধ
হৈছে ঠায়ে-ঠায়ে। আকৌ সেই একে ছবি! হোটেলত কাম কৰাৰ দৰে বৰফে বন্ধ কৰা পথ/ৰাস্তা সমূহ খুলিবলৈও মহিলাই
কাম কৰা দেখিছোঁ। বেছিভাগ মহিলাকে দেখাত যথেষ্ট বয়স হৈছে যেন অনুমান হয়। এই দৃশ্যই
মনত দুখ দিয়ে। এনেতে আমাৰ গাড়ীত এটা ডাঙৰ চিলিপ!
অলপ চুচৰি আহিল!! মুহুত্ততে সকলো সাৰ পাই গ’ল।
সেইয়াই যথেষ্ট আছিল, এটা ভাল ভয় খাবলৈ! ড্ৰাইভাৰে গাড়ীখন নিয়ন্ত্ৰণত আনিলে! কাৰো
মুখত মাত - বোল নাই! আমি আকৌ অন্য এটা চিলিপ খাম নেকি বুলি মনতে ভাবি থাকিলো! খাবলৈও
সাজু হৈ থাকিলো!! যি কি নহওঁক সেইয়া নহ’ল।
আমি চেলা পাছ অতিক্ৰম কৰিলো! এতিয়া ৰাস্তাৰ মাজৰ কলা অংশটো দেখিবলৈ পোৱা গৈছে। ড্ৰাইভাৰ দাদাই গাড়ীৰ গতিবেগ বঢ়াই দিছে। এনেতে গাড়ী ৰখাই দিলে তেওঁ। বাহিৰলৈ যাবলৈ। লগে-লগে
ঋতুপৰ্ণৰ উৎপাত আৰম্ভ হ’ল।ৰাস্তাৰ
কাষত বৰফ গোট খাই থকা ঠাইৰ পৰা সি বৰফৰ লাডু বনাই সকলোৰে গালৈ মাৰিছে! অলপ আগলৈকে
তাৰ মুখত মাত-বোল নাছিল! এতিয়াৰ পৰা আৰু কিছু বেগত গাড়ী চলাব পৰা যাব। আমিওঁ আহি
থাকিলো। বাটত একো অঘটন নোহোৱাকৈ আমি সন্ধিয়া তেজপুৰ পালোহি। তেজপুৰত সকলোৱে একাপ
চাহ খাই আমি আকৌ নিজৰ-নিজৰ ঠাইলৈ গলোগৈ। অৱশ্যে ডিপাংকৰ, ঋতুপৰ্ণ আৰু মই আকৌ
একেলগে অন্য এখন বাছত ক্ৰমে যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড়লৈ বুলি বাছত উঠিলো।
নলিনী তেজপুৰতে আকৌ গাহৰি - ভাত খাবলৈ উৎপলৰ ৰোমত ৰৈ দিলে!! সি কাইলৈ লখিমপুৰলৈ
যাবগৈ!
অশেষ ধন্যবাদ ঋতুদা সুন্দৰকৈ সামৰণি মৰাৰ বাবে , আগলৈও এইধৰণৰ মনোগ্ৰাহী লেখা আশা কৰিলোঁ ।
ReplyDelete- সেউজ
ধন্যবাদ সেউজ।
Delete