Tuesday, April 26, 2022

আমষ্টাৰডামৰ বুৰ্টবাজেটৰ আঁত ধৰি

শেহতীয়া গুৱাহাটীৰ পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত টুইটাৰৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, এই চহৰখনত প্ৰায় এটা দশক ধৰি বাস কৰিছোঁ! ই অসমৰ প্ৰধান চহৰৰ লগতে উত্তৰ পূৰ্বঞ্চলৰো মূল প্ৰৱেশদ্বাৰ। বিগত দিনত ইয়াৰ লেণ্ডস্কেপৰ সাংঘাটিক সলনি হৈছে যদিও নাগৰিক বোধৰ (Civic Sense) অভাৱ! লগতে নাগৰিকৰ সুবিধাৰ বাবে এতিয়াও যথেষ্ট কৰিবলৈ বাকী! তেওঁ লগতে উল্লেখ কৰিছে, আনকি সৰু চহৰ সমূহৰো উন্নত নিষ্কাশন ব্যৱস্থা (Drainage System), ভাল ষ্ট্ৰীট লাইটিং ব্যৱস্থা (Good Street Lighting), ৰাজহুৱা শৌচালয়ৰ (Public Toilets) সুবিধা থাকে!

আন এটা বাতৰিত দেখা গৈছে - পাঁচ বছৰ পিছত, গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে (Guwahati Smart City Limited) চমুকৈ GSCL বৰ্তমান সক্ৰিয়ৰূপত কাম কৰিবলৈ আৰম্ভ কৰিছে। খবৰ অনুসৰি, GSCL দ্বাৰা ৩১ মাৰ্চ, ২০২২ লৈকে মুঠ ষোল্লটা প্ৰকল্পৰ নিৰ্দেশ জাৰি কৰা হৈছে  যাৰ ভিতৰত ব্ৰহ্মপুত্ৰ পাৰ উন্নয়ন(Brahmaputra Riverfront Development), সংযুক্ত ট্ৰেফিক ব্যৱস্থাপনা ব্যৱস্থা (Integrated Traffic Management System), ২০০ খন বৈদ্যুতিকভাৱে চালিত বাছ, ১০০ খন চি. এন. জি.(CNG) দ্বাৰা চালিত বাছ, উমানন্দাত নৱীকৰণৰ কাম, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গান্ধী মণ্ডপ সংগ্ৰহালয়সৌন্দৰ্যবৰ্ধনৰ কাম, জজ খেলপথাৰৰ পুনৰ্বিকাশ ইত্যাদি দ্ৰুত গতিত হাতত লোৱা বিভিন্ন প্ৰকল্পৰ ভিতৰত প্ৰকল্প জ্যোতি ৰূপায়ণো আছে। প্ৰকল্প জ্যোতি গুৱাহাটী মহানগৰৰ ষ্ট্ৰীট লাইট স্থাপনৰ লগত জড়িত এটা প্ৰকল্প

প্ৰথম দফা পৰা ইয়াক অনুমান কৰিব পৰা যায় যে এতিয়াওঁ গুৱাহাটীত যথেষ্ট পৰিমানে বা প্ৰয়োজন অনুসৰি নাগৰিকৰ সা-সুবিধাৰ বাবে ৰাজহুৱা সেৱা সমূহ যোগান ধৰিব পৰাগৈ হোৱা নাই! অন্যহাতে, দ্বিতীয় দফাৰ পৰা এই কথা অনুমান কৰিব পাৰি যে- চৰকাৰীভাৱে গুৱাহাটীক এখন উন্নত চহৰলৈ উন্নীত কৰিবলৈ কিছু পদক্ষেপ হাতত লোৱা হৈছে।

জনসংখ্যা বৃদ্ধিৰ লগে- লগে চহৰ সমূহত জীৱন যাপনৰ যথেষ্ট সমস্যা আহিছে। এই সমস্যা সমূহ কিমান দূৰ আঁতৰাই চহৰসমূহক বসবাসৰ উপযোগী কৰি তুলিব পাৰি সেইয়া এই সময়ৰ এটা বৃহ প্ৰত্যাহবান ৰূপে থিয় দিছে! যদি আপোনাক আপোনাৰ চুবুৰীটো সকলোৰে বাবে অধিক বাসযোগ্য কৰি তুলিবলৈ সুযোগ দিয়ে, তেতিয়া কেনেকৈ সলনি কৰিব?  আপোনাৰ চুবুৰীটো বা চহৰখনত কি সুবিধাৰ অন্তৰ্ভুক্ত কৰিলে চুবুৰীটো বা চহৰখন অধিক বাসযোগ্য হ? মুকলি ঠাইত এটা ফাউণ্টেইন স্থাপন কৰিব নেকি বা  বৃদ্ধসকলৰ বাবে সাপ্তাহিক সাক্ষাৎ স্থাপনৰ ব্যৱস্থা  নে পানীৰ কাষত পাৰ্কৰ বেঞ্চ স্থাপন কৰিব? আমষ্টাৰডামত, পৃথিৱীৰ অন্য বহুতো চহৰৰ দৰে, আৱাসীসকলে তেওঁলোকৰ চুবুৰীয়াৰ বাবে বাজেট কেনেদৰে ব্যয় কৰিব লাগে তাৰ ওপৰত এক মত পোষণ কৰে। নিৰ্দিষ্ট চহৰ বা মহানগৰ জিলাত বাস কৰা সকলোৱে এক নিৰ্ধাৰিত বাজেট কিহৰ বাবে ব্যয় কৰিব লাগে সেই বিষয়ে তেওঁলোকৰ নিজা ধাৰণা প্ৰস্তুত কৰিব পাৰে। আৱাসীসকলে প্ৰস্তাৱবোৰৰ বিষয়ে ৰাজহুৱাভাৱে চিন্তা-চৰ্চা কৰে আৰু অৱশেষত সেইবোৰৰ ওপৰত ভোট দিয়াৰ ব্যৱস্থা কৰা হয়। শেষত আৱাসীসকলৰ ভোটদানৰ জড়িয়তে বিজয়ী প্ৰকল্পবোৰ প্ৰশাসনিক প্ৰতিষ্ঠানৰ দ্বাৰা ৰূপায়ণ কৰা হয়। এই প্ৰক্ৰিয়াক অংশগ্ৰহণমূলক বাজেট বোলা হয়। অংশগ্ৰহণমূলক বাজেট হৈছে আলোচনামূলক গণতন্ত্ৰৰ (Deliberative Democracy) এক সঁজুলি। সাধাৰণতে, এই প্ৰক্ৰিয়াটো প্ৰতি বছৰে পুনৰাবৃত্তি হয়। আমষ্টাৰডামে ২০১৯ চনৰ পৰা এক অংশগ্ৰহণমূলক বাজেট আঁচনি ৰূপায়ণ কৰি আহিছে।  ইয়াক বুৰ্টবাজেট বা চুবুৰীয়া বাজেট বুলিও কোৱা হয়। ৰাজনৈতিক দল গ্ৰেনলিংকছৰ সদস্য ৰোকো পিয়েৰ্ছ আমষ্টাৰডাম দক্ষিণৰ বুৰ্টবাজেটৰ বাবে দায়বদ্ধ। যোৱা বছৰ  ১,৫০,০০০ বাসিন্দাৰ এই জিলাখনে আৱাসীসকলৰ মাজত প্ৰায় আধা নিযুত বাজেট আৱণ্টন কৰিছিল।

আমাৰ প্ৰায়বোৰ নিৰ্বাচনত লাখ-লাখ নাগৰিকে ভোটদান কৰি গণতন্ত্ৰৰ আটাইতকৈ মৌলিক দিশটোত অংশগ্ৰহণ কৰে। কিন্তু, বহুতৰ বাবে, ইয়ে হল তেওঁলোকৰ গণতন্ত্ৰৰ একমাত্ৰ সোৱাদ। ভোট গণনা কৰাৰ পিছত, নিৰ্বাচিত বিষয়াসকলক তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ এৰি দিয়া হয়। নাগৰিকসকলে তেওঁলোকৰ কথা ক'বলৈ পৰৱৰ্তী নিৰ্বাচনৰ বাবে পুনৰ অপেক্ষা কৰিব লাগে! প্ৰকৃততে এনে হোৱা অনুচিত! চৰকাৰ গঠনৰ পাছত এটা গুৰুত্বপূৰ্ণ কাম হল এখন বাজেট প্ৰস্তত কৰা। এই বাজেটৰ মূল লক্ষ্য হল চৰকাৰে অনাগত দিনত কোন শিতানত যেনে স্বাস্থ্যসেৱা, শিক্ষা,  প্ৰতিৰক্ষা,  পথ, ৰাজ্যিক লাভালাভ ইত্যাদিত কিমান ধন খৰছ কৰিব বা যোগান ধৰিব তাৰ এটা পৰিকল্পনা। চৰকাৰে বাজেটত বিভিন্ন শিতানত ধন যোগান ধৰা হিচাপ উল্লেখ কৰিলেও  এনে কিছু বিষয় নিশ্চয়কৈ থাকি যায় যত ধন যোগান ধৰিবলৈ সক্ষম নহল বা অন্য কাৰণত ৰৈ গল। তেনেস্থলত কি হয় (?) সেই নিৰ্দিষ্ট বিষয়টোৰ লগত জড়িত কামটো পিছ পৰি ৰয়! যত ওপৰত উল্লেখ কৰা অংশগ্ৰহণমূলক বাজেট বা চুবুৰীয়া বাজেট এটা অতি ভাল সমাধান হব পাৰে!

অংশগ্ৰহণমূলক বাজেটৰ আৰম্ভণি:

সামৰিক স্বৈৰশাসনৰ(Military Dictatorship) সমাপ্তিৰ পিছত ১৯৮৯ চনত দক্ষিণ ব্ৰাজিলৰ এখন চহৰ পোৰ্তো আলেগ্ৰেত (Porto Alegre) প্ৰথমবাৰৰ বাবে অংশগ্ৰহণমূলক বাজেট আৱিষ্কাৰ হৈছিল। লক্ষ্য আছিল গণতন্ত্ৰ শক্তিশালী কৰা। লগতে কুখ্যাত দুৰ্নীতি দূৰ কৰা, অসমতা(Inequalities) হ্ৰাস কৰি চহৰখনৰ এক গভীৰ সামাজিক পৰিৱৰ্তন প্ৰাপ্ত (Profound Social Transformation) কৰাৰ এক উপায়। এই কাম কৰিবলৈ পোৰ্তো আলেগ্ৰেত বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিব লগা হৈছিল। লগতে  তেওঁলোকে সম্পদ আৱণ্টন কৰাত নাগৰিকসকলক অধিক ভূমিকা পালন কৰিবলৈ জড়িত কৰাইছিল। অংশগ্ৰহণমূলক বাজেট দ্ৰুতগতিত সমগ্ৰ ব্ৰাজিলত বিয়পি পৰে। ইয়াৰ পিছত বাওঁপন্থী চৰকাৰৰ বোৰৰ(Left-Wing Governments) সৈতে লেটিন আমেৰিকাৰ আন দেশবোৰৰ মাজেৰে গৈ শেষত সমগ্ৰ বিশ্বতে ই বিয়পি পৰে। বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে, চৰকাৰবোৰে অংশগ্ৰহণমূলক বাজেটৰ এক প্ৰক্ৰিয়াৰ সৈতে পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছে য'ত এটা সম্প্ৰদায়ৰ (Community) সদস্যই ৰাজহুৱা ব্যয় (Public Expenditure) কেনেদৰে আৱণ্টন কৰিব লাগে তাৰ সিদ্ধান্ত গ্ৰহণত সহায় কৰে। প্ৰায় ত্ৰিশ বছৰ আগতে ব্ৰাজিলৰ পোৰ্তো আলেগ্ৰেৰ দ্বাৰা আগবঢ়োৱা, অংশগ্ৰহণমূলক বাজেটত সাধাৰণতে চাৰিটা স্তৰ দেখিবলৈ পোৱা যায়। সেই কেইটা হল ক্ৰমানুৱে, এটা সম্প্ৰদায়ৰ সদস্যসকলে ব্যয়ৰ অগ্ৰাধিকাৰ চিনাক্ত কৰা, ব্যয়ৰ প্ৰস্তাৱ বিকশিত কৰা, আৰু পুঁজি ৰখাৰ প্ৰস্তাৱবোৰৰ ওপৰত ভোট দিয়া, যিবোৰ অৱশেষত স্থানীয় চৰকাৰে কাৰ্যকৰী কৰে। এটা বেচৰকাৰী সংগঠনৰ মতে, ২০১২ চনত, অনুমান কৰা হৈছিল যে সকলো মহাদেশক সামৰি প্ৰায় ১৫০০ খন পৌৰসভাই এক প্ৰকাৰৰ অংশগ্ৰহণমূলক বাজেট ব্যৱহাৰ কৰে। ইয়াৰ মাজত গ্ৰাম্য চহৰৰ পৰা নিউয়ৰ্ক চহৰৰ দৰে মহানগৰলৈকে আছে। বৰ্তমান এই সংখ্যা ৩০০০ ৰ অধিক হৈছে।

অংশগ্ৰহণমূলক বাজেটৰ প্ৰভাৱ আৰু পৃথিৱীৰ অনান্য স্থানত ইয়াৰ প্ৰয়োগ:

স্থানীয় বাজেটৰ সিদ্ধান্তবোৰ কঢ়িয়াই আনিবলৈ নাগৰিকৰ অংশগ্ৰহণৰ ভূমিকা সম্প্ৰসাৰিত কৰি গণতন্ত্ৰৰ নীতিবোৰক অধিক শক্তিশালী কৰাত অংশগ্ৰহণমূলক বাজেটে অতি গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব পাৰে। ই নাগৰিকৰ স্বাৰ্থ  ভালদৰে প্ৰতিফলিত কৰে, নীতি নিৰ্মাতাসকলক (Policymakers) অধিক দায়বদ্ধ হবলৈ বাধ্য কৰে, কাৰ্যকৰীকৰণ উন্নত কৰে আৰু ইয়াৰ ফলত জীৱনধাৰণৰ মানদণ্ড (Standard of Living) উন্নত হয়। উদাহৰণ স্বৰূপে, ব্ৰাজিলত ১৯৯০ -২০০৪ চনৰ ভিতৰত দেশৰ বিভিন্ন পৌৰসভাত অংশগ্ৰহণমূলক বাজেটৰ প্ৰভাৱ পৰীক্ষা কৰা এটা অধ্যয়নত প্ৰকাশ পাইছিল যে ব্যয়ৰ আৱণ্টন নাগৰিকসকলৰ পছন্দৰ সৈতে নিকটভাৱে মিলিছে। বাজেটৰ এক বৃহৎ অংশ অনাময় (Sanitation) আৰু স্বাস্থ্য সেৱাত বিনিয়োগ কৰা হৈছিল যাৰ ফলস্বৰূপে নৱজাতকৰ মৃত্যুৰ হাৰ(Infant Mortality Rates) হ্ৰাস পাইছিল। ভৌতিক পৰিৱৰ্তনৰ বাহিৰেও, অংশগ্ৰহণমূলক বাজেটে ৰাজনীতিবিদ আৰু সাধাৰণ লোকৰ মাজত নিৰ্বাচনৰ পাছটো বাৰ্তালাপ কৰিবলৈ সুযোগ দি গণতন্ত্ৰৰ ভেটি শক্তিশালী কৰিব পাৰে।

ঠাই ভেদে অংশগ্ৰহণমূলক বাজেটৰ প্ৰকল্প সমূহো ভিন্ন। পৃথিৱীৰ বিভিন্ন স্থানত নাগৰিৰে বিবেচনা কৰা প্ৰকল্প সমূহ সঁচাকৈ আকৰ্ষণীয়। আমষ্টাৰডামৰ পাছত বুদাপেষ্টটো অংশগ্ৰহণমূলক বাজেটৰ ধাৰণা আৰম্ভ হৈছে। বুদাপেষ্টত প্ৰথম অংশগ্ৰহণমূলক বাজেট ২০২০ চনত আৰম্ভ হয়। বুদাপেষ্টৰ  প্ৰথম অংশগ্ৰহণমূলক বাজেটত নাগৰিকে প্ৰায় ৭০০ টা বিভিন্ন প্ৰকল্পৰ কথা আলোচনা কৰা কথা জানিব পৰা যায়। ইয়াৰ মাজৰ পৰা ৫৩ টা প্ৰকল্পক ভোটদানৰ বাবে বাছনি কৰা হয়। আৰু শেষত ১৩,৩৪৪ জন ভোটাৰৰ সিদ্ধান্তত ১৫ টা প্ৰকল্প কাৰ্যকাৰী কৰা হয়। বিজয়ী প্ৰস্তাৱবোৰ মুঠ তিনিটা বহল দিশত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে ক্ৰমে গ্ৰীণ বুদাপেষ্ট, কেয়াৰিং বুদাপেষ্ট আৰু সমূহীয়া বুদাপেষ্ট। এই গ্ৰীণ বা সেউজীয়াকৰণ প্ৰকল্পৰ ভিতৰত ৰাজধানীৰ সেউজীয়া স্থানৰ (Green Spaces) সম্প্ৰসাৰণ আৰু বিকাশ, নগৰীয়া অৰণ্যৰ (Urban Forests) সৃষ্টি, ৰাজহুৱা শৌচালয় নিৰ্মাণ, চহৰৰ সৌন্দয্যৰ বাবে ঝৰ্ণা আদি স্থাপন কৰা,  জলবায়ু পৰিৱৰ্তনৰ সৈতে অভিযোজন আৰু পাৰিপাৰ্শ্বিক স্থিৰতা (Environmental Sustainability) আদি উন্নযনৰ পৰিকল্পনা কৰা হৈছে। কেয়াৰিং বুদাপেষ্ট প্ৰকল্পৰ অন্তগত কাম হিচাপে স্থিৰ কৰা হৈছে পৌৰ নিগমৰ খালী ফ্লেটবোৰ পুনৰ নিৰ্মাণ কৰা আৰু সেইবোৰ গৃহহীন লোকৰ বাবে ভাড়াত দিব পৰাকৈ উপযুক্ত কৰি গঢ়ি তোলা,  অটিষ্টিক লোকসকলৰ অৱসৰ আৰু সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰা ইত্যাদি। এই প্ৰকল্পৰ দ্বাৰা সামাজিক সংহতি (Social Solidarity) বা সামূহিক বিকাশৰ(Community Development) পোষকতা কৰা হৈছে। আৰু সমূহীয়া বুদাপেষ্ট প্ৰকল্প হল প্ৰায় সকলো সমস্যা সামৰি এটা প্ৰকল্প।

অংশগ্ৰহণমূলক বাজেটৰ লগত জড়িত ভোটিং পদ্ধতি:

আৱাসীসকলে প্ৰকল্প সমূহ প্ৰস্তাৱ কৰা পাছত এটা গুৰুত্বপূৰ্ণ কাম হল কোন কেইটা প্ৰকল্প ভোটদানৰ বাবে ৰাখিব। ইয়াৰ লগে - লগে অন্য এটা দৰকাৰী কথা হল কি ভোটিং পদ্ধতিৰ দ্বাৰা প্ৰকল্প সমূহ বাছনি কৰা হ? বিজয়ী প্ৰকল্পবোৰ বাছনি কৰিবলৈ সকলোৰে মতামতক কিদৰে এটা ভাল উপায়েৰে একত্ৰিত কৰা যাব সেইটো এটা অতি জটিল কাৰ্য্য। লগতে সকলো ভোটাৰৰ বাবে উচিত হোৱাটো নিশ্চিত নকৰাকৈ, অংশগ্ৰহণমূলক বাজেটে ইয়াৰ মূল উদ্দেশ্য খুব কমেই পূৰণ কৰিব পাৰে। স্বাভাৱিকতে উদ্ভৱ হোৱা এটা প্ৰশ্ন হ'ল মানুহৰ ভোটৰ পৰা বিজয়ী প্ৰকল্পবোৰ কেনেদৰে বাছনি কৰিব লাগে তাক নিৰ্ণয় কৰা। আৱাসীসকলে প্ৰস্তাৱ কৰা ডাঙৰ প্ৰকল্পৰ পক্ষপাতী হ'ব লাগে নে বহুতো সৰু প্ৰকল্প ৰূপায়ণ কৰাৰ সিদ্ধান্ত ল'ব লাগে ? বিশেষকৈ যেতিয়া অতি ব্যয়বহুল আৰু উচ্চাকাংক্ষী প্ৰকল্প থাকে, তেতিয়া দেখা যে ভোটদানৰ নিয়মৰ মাজত ফলাফল পৃথক হয়। অংশগ্ৰহণমূলক বাজেটত প্ৰকল্পসমূহ বাছনি কৰাত ব্যৱহাৰ কৰা এটা পদ্ধতি হ - Greedy Approval Voting এই পদ্ধতিত প্ৰকল্প সমূহে লাভ কৰা ভোটৰ ওপৰত ভিত্তি কৰি প্ৰকল্প সমূহক ৰেংকিঙ কৰা হয়। আটাইতকৈ অধিক ভোট লাভ কৰা প্ৰকল্পটো প্ৰথমে অনুমোদন জনোৱা হয়। ঠিক সেইদৰে দ্বিতীয়, তৃতীয় ইত্যাদি স্থানৰ ভোট লাভ কৰা প্ৰকল্প সমূহ অনুমোদন কৰা হয়। এই প্ৰক্ৰিয়াটো মুঠ আবণ্টিত ধনৰ পৰিমান পাৰ নোহোৱা লৈকে চলি থাকে। যদি কিছু ধন থাকি যায় তেতিয়া প্ৰকল্পৰ তালিকাখন পুনৰবাৰ নিৰিক্ষণ কৰা হয়, যদি কিছু কম খৰছী প্ৰকল্প আছে আৰু বাজেটৰ থাকি যোৱা ধনে তাক অন্তুৰ্ভুক্ত কৰিব পাৰে তেতিয়া সেই নিৰ্দিষ্ট প্ৰকল্প এটাক অনুমোদিত কৰে। এইদৰে বাজেটৰ সম্পূৰ্ণ ধন ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা হয়। এই Greedy Approval Voting পদ্ধতিয়ে এটা ব্যয়বহুৰ প্ৰকল্প অনুমোদিত হোৱাত সহায় কৰে। ই সৰু পাৰ্কৰ বেঞ্চতকৈ উদ্যানৰ ফাউণ্টেইনৰ পক্ষপাতী, কিয়নো ফাউণ্টেইনে অধিক ভোটাৰক আকৰ্ষিত কৰে। সেয়েহে, ভোটদানৰ নিয়মে ভোটাৰসকলক অৱজ্ঞা কৰাৰ শংকা থাকে কাৰণ যিসকলে এটা জনপ্ৰিয় কিন্তু ব্যয়বহুল প্ৰকল্পৰ নিবিছাৰে।  আনহাতে, অন্য এটা ভোটিং পদ্ধতি আছে যাক ফ্ৰাগমেন ভোটিং নামেৰে জনা যায়। এই পদ্ধতিটো আগবঢ়াইছিল লাৰ্ছ এডভাৰ্ড ফ্ৰাগমেন নামৰ এজন চুইডিছ গণিতজ্ঞই। এই পদ্ধতিটো এটা অতি আকৰ্ষণীয় ভোটিং পদ্ধতি। ই তলত উল্লেখ কৰা ধৰনে কাম কৰে। কল্পনা কৰক ভোটাৰসকল সকলো এটা শাৰীত থিয়হৈ আছে আৰু প্ৰত্যেকৰে সন্মুখত এটাকৈ খালী বাকেট ৰখা হৈছে। এতিয়া মেয়ৰ বা তেনে কোনো বিষয়াই সকলো ভোটাৰৰ বাকেটত সমান পৰিমাণৰ ধন থৈ যায়। যদি এটা ভোটাৰৰ গোটে একেলগে আহি এটা নিৰ্দিষ্ট প্ৰকল্পৰ বাবে ভোট প্ৰদান কৰে যিটো প্ৰকল্প তেওঁলোকৰ গোটৰ ভোটাৰৰ ধনৰে গোট খোৱা পইচাৰে গঢ়ি তুলিব পাৰি। তেতিয়া সেই নিৰ্দিষ্ট প্ৰকল্পটো অনুমোদিত হব। উদাহৰণস্বৰূপে এটা ১০০ জনীয়া ভোটাৰৰ গোটে প্ৰত্যেকৰে বাকেটত দিয়া ১০০ টকা যোগ কৰে তেতিয়া ১০,০০০ টকাৰে সুন্দৰকৈ উদ্যানত  বহিবলৈ বেঞ্চৰ ব্যৱস্থা কৰিব পৰা যাব কিন্তু ই এটা ব্যয়বহুল প্ৰকল্প যেনে ঝৰ্ণা (fountain গঢ়ি তুলিবলৈ যথেষ্ট নহব! এই দ্বিতীয় ভোটিং পদ্ধতিটোৱে কম খৰছী প্ৰকল্প অনুমোদিত হোৱাত সহায় কৰে! যিহেতু এটা ডাঙৰ সমগোটীয় ভোটাৰৰ গোট লাভ কৰা সহজ নহয়! এই পদ্ধতিৰ এটা ভাল গুণ হল ই প্ৰায় সমূহ ভোটাৰে বিচৰা কিছু প্ৰকল্প অনুমোদিত কৰে। ফ্ৰাগমেন ভোটিং পদ্ধতিটো সেইহে বৈচিত্ৰ্যময় বা ভিন্ন মতামতৰ ভোটাৰৰ বাবে উপযুক্ত বুলি ভৱা হয়।  ফ্ৰাগমেন ভোটিং পদ্ধতিটো যদিও এটা নিৰপেক্ষ ভোটিং পদ্ধতি বুলি ধৰা হয় ইয়াৰ এটা দুৰ্বলতা হল ই বৃহ বা ডাঙৰ প্ৰকল্প এটা অনুমোদন লাভ কৰাত বাধা প্ৰদান কৰে।

ভাৰতত অংশগ্ৰহণমুলক বাজেটৰ সম্ভাৱনা:

ভাৰতৰ ক্ষেত্ৰত অংশগ্ৰহণমূলক বাজেটৰ কথা কবলৈ গলে প্ৰধানকৈ দুটা উদাহৰণ উল্লেখ কৰিব পাৰি। পুনেত ২০০৬ চনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণমূলক বাজেটৰ ধাৰণা আৰম্ভ হৈছিল। পুনেৰ মুঠ ৭৬ টা ৱাৰ্ডত জানৱানী (Janwani)  নামৰ এটা বেচৰকাৰী সংগঠনৰ সহযোগত অংশগ্ৰহণমূলক বাজেটৰ আৰম্ভ হয়। প্ৰত্যেকটো ৱাৰ্ডৰ নাগৰিকে সেই বাজেটৰ ধন কিদৰে ব্যৱহাৰ কৰা হব তাৰ ওপৰত যথেষ্ট মতামত পোষণ কৰিছিল। পুনেৰ অংশগ্ৰহণমূলক বাজেটত মুঠ ছটা শিতানত আবণ্টিত ধন খৰছ কৰা হয়। সেইকেইটা হল ক্ৰমে- পথ(Roads), বিদ্যুৎ (Electricity), ভবন/অট্টালিকা নিৰ্মাণ (Buildings), বস্তিৰ উন্নয়ন (Slum-Improvement), পানী যোগান (Water Supply), আৰু নিস্কাশন ব্যৱস্থা (Drainage)। ২০১৫-২০১৬ বৰ্ষৰ বাজেটত পুনেৰ অংশগ্ৰহণমূলক বাজেটৰ বাবে ৩৭.৪ কোটি টকা অচুতীয়াকৈ ৰখা হয়। যোৱা চাৰি বছৰত পুনেত অংশগ্ৰহণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে, যদিও আৱণ্টিত বাজেট(Allocated Budget) মুখ্যতঃ একেই আছে। পুনেৰ আগতে, কেৰালাই অংশগ্ৰহণমূলক বাজেটৰ অলপ বৃস্তিত ৰূপত পৰীক্ষা-নিৰীক্ষা কৰিছিল। ১৯৯৬ চনত, কেৰালা চৰকাৰে নৱম পৰিকল্পনাৰ বাবে কেৰালা জন অভিযান(Kerala People’s Campaign) আৰম্ভ কৰে। বিশ্বব্যাপী অংশগ্ৰহণমূলক বাজেট যদিও কেৱল সৰু চহৰ বা স্থানীয় চৰকাৰৰ ওপৰত গুৰুত্ব দিছিল, ইয়াৰ বিপৰীতে,  কেৰালাত পৰীক্ষাটো সমগ্ৰ ৰাজ্যতে কাৰ্যকৰী কৰা হৈছিল।  ১৯৯৬ চনৰ পৰা ২০০১ চনলৈকে, কেৰালাৰ নাগৰিকে তেওঁলোকৰ এলেকাৰ প্ৰকল্পবোৰত ৰাজ্যৰ ৰাজহৰ প্ৰায় ৪০ শতাংশ কেনেদৰে ব্যয় কৰিব লাগে তাৰ মতামত বা পৰামৰ্শ দিবলৈ সক্ষম হৈছিল। অসমৰ ক্ষেত্ৰত অংশগ্ৰহণমূলক বাজেটৰ সম্ভাৱনা আৰু প্ৰয়োগৰ কথা নিশ্চয় আলোচনাৰ থল আছে। অসমত যিহেতু বিভিন্ন অঞ্চল সাপক্ষ্য সমস্যা সমূহো ভিন্ন সেইহে এখন কেন্দ্ৰীয় বাজেটে সকলো অঞ্চলৰ সমস্যা সমূহ সমাধান কৰিবলৈ যথেষ্ট কঠিন।

mygov.in ৰ দৰে পদক্ষেপৰ জৰিয়তে, ভাৰত চৰকাৰে নীতি নিৰ্ধাৰণত নাগৰিকৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ বাবে এক সম্মিলিত প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে। স্মাৰ্ট চিটি প্ৰত্যাহ্বান (Smart Cities Challenge), পৌৰ চৰকাৰসমূহক নাগৰিকসকলৰ সৈতে কাম কৰাই নগৰ পৰিকল্পনা উন্নত কৰিবলৈ বিচৰা চৰকাৰৰ নেতৃত্বত এক আদৰণীয় পদক্ষেপ। অৱশ্যে, অংশগ্ৰহণমূলক বাজেট ভাৰতত এতিয়াওঁ অতি চালুকীয়া অৱস্থাত আছে।

উপসংহাৰ:

সামগ্ৰিকভাৱে, অংশগ্ৰহণমূলক বাজেট বিশ্বজুৰি বিয়পি পৰাত ইয়াৰ আদৰ্শগত চৰিত্ৰ হেৰুৱাব পাৰে! কিন্তু সতৰ্ক, সামগ্ৰিক(Inclusive,)তথা নিৰপেক্ষ উপায়েৰে ৰূপায়ণ কৰিলে, ই এক শক্তিশালী গণতান্ত্ৰিক সঁজুলি হৈ থাকিব বুলি বিশ্বাস কৰিব পাৰি! স্থানীয় লোকসকলক তেওঁলোকৰ চুবুৰীয়াৰ সৈতে জড়িত কৰা, গণতন্ত্ৰ শক্তিশালী কৰা আৰু লগতে চুবুৰীয়া লোকসকলৰ মাজত বাৰ্তালাপ বৃদ্ধি কৰাত ই এক উপযুক্ত মাধ্যম হব পাৰে। অংশগ্ৰহণমূলক বাজেটৰ সকলো ধাৰণামূলক আকৰ্ষণৰ বাবে, ভাৰতীয় তথা গোলকীয় প্ৰেক্ষাপটত যথেষ্ট চিন্তা-চৰ্চাৰ প্ৰয়োজন আছে। প্ৰধানকৈ অংশগ্ৰহণমূলক বাজেটে কিমান প্ৰভাৱ বিস্তাৰ কৰিব পাৰে? সৃষ্টি কৰা প্ৰভাৱ তথা ব্যয় কাৰ্যকৰী হবনে( Cost Effective), দুৰ্বল নাগৰিক সমাজত (Weak Civil Society) অংশগ্ৰহণমূলক বাজেট কিমান ফলপ্ৰসু হব ইত্যাদি। এই প্ৰশ্নবোৰ উত্তৰ দিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন। লগতে অংশগ্ৰহণমূলক বাজেটৰ বাবে এটা নিখুঁত ভোটদান পদ্ধতি আৱিস্কাৰ কৰাওঁ যথেষ্ট কঠিন। বিশেষকৈ সকলো আৱাসীৰ বাবে নিৰপেক্ষ হোৱাকৈ এটা ভোটদান পদ্ধতি গঢ়ি তোলা যথেষ্ট কঠিন। ইয়াৰ উপৰিও অংশগ্ৰহণমূলক বাজেটত সমাজৰ সকলো শ্ৰেণীৰ লোকক সামৰি লোৱাটো অতি দৰকাৰী। আমষ্টাৰডামত,  দেখা গৈছিল যে বেছিভাগ প্ৰস্তাৱ চুবুৰীৰ ধনী লোক সকলৰ পৰা উদ্ভৱ হৈছিল। কাৰণ তেওঁলোক নিজকে সংগঠিত কৰাত অধিক ভাল। লগতে তেওঁলোকে যথেষ্ট সময় বিনিয়োগ কৰিব পাৰে লগতে আনক একত্ৰিত কৰিব পাৰে। কম উপাৰ্জনৰ আৱাসীসকলৰ সিদ্ধান্ত প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে জড়িত হ'বলৈ সময় বা ধন নাথাকিব পাৰে। অংশগ্ৰহণমূলক বাজেটৰ ধাৰণা সম্প্ৰসাৰিত হোৱাৰ লগে-লগে, পৰীক্ষা আৰু শিকাৰ যথেষ্ট সুযোগ আহিব। অৱশ্যে,  এনে কৰাৰ বাবে ৰাজনৈতিক ইচ্ছাশক্তি লগতে অধিক গুৰুত্বপূৰ্ণভাৱে নাগৰিকৰ সহযোগিতাৰ প্ৰয়োজন হ'ব।

No comments:

Post a Comment

অসম সাহিত্য সভাৰ ভোটিং পদ্ধতি

অসম সাহিত্য সভাই কি ভোটিং পদ্ধতিৰ দ্বাৰা তেওঁলোকৰ প্ৰাৰ্থীসমূহ বাছনি কৰে মই নাজানো! কিন্তু তেওঁলোকৰ সভাপতি পদৰ ফলাফলৰ এখন ফটো এইকেইদিন ফেচবু...