Monday, May 10, 2021

বৃক্ক সংৰোপণৰ লগত জড়িত গণিত আৰু অৰ্থনীতি

১৯৬২ চনত গণিতজ্ঞ ডেভিড গেল আৰু লিয়ড চেপলিৰ “College Admissions and the Stability of Marriage”  নামে এখন সৰু গৱেষণা পত্ৰ “The American Mathematical Monthly” নামৰ গৱেষণা পত্ৰিকা খনত প্ৰকাশ পাইছিল। এই সৰু গৱেষণা পত্ৰখনত চেপলি আৰু তেওঁৰ সহকৰ্মী ডেভিড গেলে দেখাইছিল যে যিকোনো মেটচিঙৰ (Matching) বাবে সদায় এটা ষ্টেবুল মেটচিঙ (Stable Matching) সম্ভৱ হয়! দেখাত তেনেই সাধাৰণ যেন লগা এই গৱেষণা পত্ৰখনে এটা সময়ত ব্যৱহাৰিক জগত তথা মানুহৰ নৈতিক জীৱনতো যে ইমান বেছি প্ৰভাৱ বিস্তাৰ কৰিব সেই কথা হয়টো সেই সময়ত কোনো অনুমান কৰিব পৰা নাছিল!

লিয়ড চেপলি মূলত চেপলি ভেলু (Shapley Value) নামে এটা ধাৰণাৰ বাবে সহযোগী খেলতত্ত্বত (Cooperative Game Theory) বহুলভাৱে জনপ্ৰিয় এটা নাম। সহযোগী খেলতত্ত্বৰ এটা বৃহত অংশ আগুৰি আছে এই (চেপলি) ভেলুক কেন্দ্ৰ কৰি। চেপলিযে এই কাম সম্পূৰ্ণ কৰিছিল ১৯৫৩ চনত যেতিয়া  তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ আছিল। বৰ্তমান সময়তো চেপলিৰ এই ধাৰণাৰ ওপৰত ভিত্তি কৰি নতুন- নতুন গৱেষণা হৈ আছে। লগতে এই ধাৰণা সমূহ বিভিন্ন প্ৰয়োগিক দিশত ব্যৱহাৰ হৈছেযি কি নহওঁক আজি আমাৰ এই সৰু লেখাটোৰ মূল উদ্দেশ্য চেপলি ভেলু নহয়, বৰঞ্চ গেল আৰু চেপলিৰ অন্য এক উল্লেখযোগ্য অৱদান তথা ইতিমধ্যে ওপৰত উল্লেখ কৰা মেটচিঙৰ এটা প্ৰয়োগিক দিশৰ বিষয়ৰহে

মেটচিঙ কি?

মেটচিঙ বুলিলে সাধাৰণতে মনলৈ আহে - এটা বস্ত আন এটা বস্তৰ লগত খাপ খোৱা বা মিলি যোৱা। আমি প্ৰায়ে কওঁ এই কাপোৰ যোৰ মোৰ লগত একদম মিলি গৈছে, বা এই ঘৰটো মোৰ লগত মিলিব ইত্যাদি। দৈনন্দিন জীৱনত ডড়িত এনে অসংখ্যা উদাহৰণ দিব পৰা যায়যেনে- স্কুল -ছাত্ৰ/ছাত্ৰী, পৰুষ- মহিলা, চাকৰি- প্ৰাৰ্থী ইত্যাদিৰ মাজৰ মেটচ উল্লেখযোগ্যমেটচিঙত সাধাৰণতে দুটা গ্ৰুপ (গোট) থাকে আৰু এই দুটা গ্ৰুপৰ বস্ত সমূহ ইটোৰ লগত সিটো মেটচ হয়নে নহয় বা কিদৰে এটা মেটচ পাব পাৰি তাক গণিতক ধাৰণাৰ সহায়ত চোৱা হয়। কিছুমান সাধাৰণ ঘটনা লব পৰা যায় যত মেটচিঙ আৰু ষ্টেবুল মেটচিঙৰ ধাৰণা সুন্দৰকৈ বুজিব পাৰি

ষ্টেবুল মেটচিঙ হ'ল এনে এটা পৰিস্থিতি য এবাৰ মেটচ হোৱাৰ পাছত পুনৰ অন্য এটা বস্তৰ লগত মেটচ হোৱাৰ অৱকাস আৰু নাথাকে! মেটচিঙৰ সমস্যা সমূহৰ ভিতৰত এটা সমস্যা হল -ৰোমমেট সমস্যা (Roommate Problem)ৰোমমেট সমস্যাল এটা সমস্যা যত- ছাত্ৰ বা ছাত্ৰী সকলে কেনেকৈ হোষ্টেল বা অন্য ঠাইৰ কোঠা এটা ভাগ –বতৰা কৰিব তাক নিৰ্নয় কৰা। দেখা যায় যে বহুতো কলেজ বা বিশ্ববিদ্যালয়ৰ নামভৰ্তি সময়ত হোষ্টেল কোঠা সমূহ ঠিক কৰি দিয়া হয়। এই কাৰ্য্য সাধাৰণতে যাদৃচ্ছিকভাৱে কৰা হয় আৰু এনে কৰাৰ ফলত কেতিযাবা দেখা যায় যে আমি যাৰ লগত এটা কোঠা ভাগ-বতৰা (Share) কৰিব লগা হয় তাৰ লগত আমাৰ একেবাৰে মিল নাথাকে। ফলত দুজন ছাত্ৰ বা ছাত্ৰী একেটা কোঠাত থকাটো বেছ জটিল আৰু অশান্তিকৰ হৈ পৰে! কিন্ত আমাৰ হাতত বেলেগ বিকল্পও নাথাকে! যিহেতু কোঠা সমূহ ইতিমধ্যে  ঠিক কৰি দিয়া হয়কিন্ত সময়ৰ লগে-লগে আমি গম পাওঁ যে হোষ্টেলৰ আন কিছু ছাত্ৰ বা ছাত্ৰী আছে যাৰ লগত আমাৰ মিল আছে আৰু সাধাৰণতে পিছৰ বছৰত ছাত্ৰ বা ছাত্ৰী এগৰাকীযে যাৰ লগত তেওঁলোকৰ মিলে সেই ছাত্ৰ বা ছাত্ৰী গৰাকীৰ লগত কোঠা ভাগ-বতৰা কৰে বা সেই কোঠালৈ গুচি যায়অৰ্থা আদিতে দেখা দিয়া সমস্যা সমূহ এটা সময়ৰ পিছত ঠিক হৈ পৰে। তেতিয়া আমি সেইটোক এটা ষ্টেবুল মেটচিঙ বুলি কব পাৰো! এইয়া ঠিক যে কেৱল ৰোমমেট সমস্যাই একমাত্ৰ সমস্যা নহয়। অন্য এটা আকৰ্ষণীয় উদাহৰণ হ-  পুৰুষ আৰু মহিলাৰ মাজত মেটচ।

সুবিধাৰ বাবে এটা পুৰুষ আৰু এটা মহিলাৰ গ্ৰুপ ধৰাহওঁক। লগতে ধৰাহওঁক গ্ৰুপ দুটাত থকা পুৰুষ আৰু মহিলাৰ সংখ্যা সমান। তেওঁলোকৰ মাজত মেটচ চাব লাগে। অৰ্থা তেওঁলোকৰ মাজত কিদৰে মেটচিঙ পাব পাৰি তাক নিৰ্নয় কৰিব লাগে। তেতিয়া কি কৰা যাব? পুৰুষ বা মহিলা কোনোবাই প্ৰস্তাৱ দিব লাগিব আৰু অন্যজনে তাৰ উত্তৰ দিব লাগিব। সুবিধাৰ বাবে পুৰুষে প্ৰথমে প্ৰস্তাৱ দিয়ে বুলি ধৰি ললে তেতিয়া তেওঁ তেওঁৰ আটাইতকৈ প্ৰিয় মহিলা গৰাকীক প্ৰথমে প্ৰস্তাৱ দিব। যদি সেই মহিলা গৰাকীয়ে তেওঁৰ প্ৰস্তাৱ গ্ৰহণ কৰে তেতিয়া সেইটো এটা যোৰা(Pair)গঠন হব। যদি তেওঁ প্ৰস্তাৱ গ্ৰহণ নকৰে তেতিয়া সেই পুৰুষজনে তেওঁৰ দ্বিতীয় প্ৰিয় মহিলা গৰাকীক প্ৰস্তাৱ দিবআৰু ঠিক আগৰ দৰেই প্ৰক্ৰিয়াটো চলি থাকিবঠিক সেইদৰে অন্য পুৰুষ সকলে মহিলা সকলক প্ৰস্তাৱ দিব। যদি এগৰাকী মহিলাই এটাতকৈ বেছি প্ৰস্তাৱ লাভ কৰে তেতিয়া মহিলা গৰাকীয়ে কাক বেছি প্ৰাধান্য দিয়ে তাৰ ওপৰত ভিত্তি কৰি এটা যোৰা (Pair) গঠন হ আৰু এটা সময়ত সকলো যোৰা (Pair) গঠন হব!

গেল- চেপলিৰ এই ষ্টেবুল মেটচিঙৰ ধাৰণা হয়টো গণিতৰ বহু বিমূৰ্ত ধাৰণাৰ দৰে পৰি ৰল হৈ যদিহে গেল-চেপলিৰ এই ধাৰণা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক অ্যালভিন ৰথে এই ধাৰণা সমূহ উচিত সময়ত প্ৰয়োগিক দিশত ব্যৱহাৰ নকৰিলে হয়! মেটচিঙৰ আন এটা উল্লেখযোগ্য প্ৰয়োগ হল চিকিসালয় আৰু চিকিৎসকৰ মাজৰ মেটচ্। চিকিৎসালয় আৰু চিকিৎসকৰ মাজৰ মেটচ ঠিক কৰা সময়ত এটা বিশেষ কথাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। সেয়া হল এনে বহু চিকিৎসক Couple থাকে যি একেখন চিকিসালয়তে কাম কৰিবলৈ ইচ্ছা কৰেকিন্ত যদি তেওঁলোকৰ পিফাৰেন্সৰ তথ্যৰ ওপৰত ভিতি কৰি চিকিসালয় ঠিক কৰা হয় তেতিয়া হয়টো সেই চিকিৎসক Couple সমূহ একেখন-চিকিসালয়ত কাম কৰিবলৈ সুযোগ নাপাবওঁ পাৰে। কিন্ত সেই চিকিৎসক Couple সমূহক একেখন চিকিসালয়ত কাম কৰিবলৈ দিয়াৰ সমস্যা কত(?)

ৰথে এনে এটা মেকানিজিম তৈয়াৰ কৰিছিল যত চিকিৎসক Couple সমূহক একেখন চিকিসালয়ত কাম কৰিবলৈ সুবিধা দিয়া হৈছিল আৰু অন্য সকলক তেওঁলোকৰ পিফাৰেন্সৰ অনুযায়ী মেটচ চোৱা গৈছিল। এইক্ষেত্ৰত চিষ্টেমটো আগতকৈ বেছি efficient হৈছিল লগতে কাৰ্য্যক্ষমতাও বাঢ়িছিল অন্যফালে চিকিৎসক Couple সমূহৰো সুবিধা হৈছিল।কাৰণ তেওঁলোকে একেখন চিকিসালয়ত কাম কৰাৰ সুবিধা পোৱাত তেওঁলোকৰ বহু সময় ৰাহি হৈছিল।

যদি আমি অন্য কাকো অনিষ্ট নকৰাকৈ কাৰোবাৰ ভাল কৰিব পাৰো তেন্তে সেই কাম কৰাত অসুবিধা কত(?) ৰথৰ নতুন মডেল টোৱে সেই নীতিটো সুন্দৰভাৱে মানিছিল।

এই সমস্যা সমূহ আমাৰ ইয়াতো আছেবহু ক্ষেত্ৰত দেখা যায় পতিৰ (Husband)চাকৰি গুৱাহাটীত পত্নীৰ (Wife) চাকৰি ডিগবৈত। যদি দুয়োজনৰ চাকৰি একেখন জিলা বা একে ঠাইতে ঠিক কৰি দিব পৰা যায় তেতিয়া হয়টো নিশ্চিতভাৱে কাৰ্য্য ক্ষমতা বাঢ়িব। লগতে সেই পৰিয়ালটোৱেও কিছু অধিক সময় লাভ কৰিব। কিন্ত আমাৰ ইয়াত এইবোৰ কথা সিমান গুৰুত্ব সহকাৰে লোৱা নহয়। সাধাৰণভাৱে উত্তৰ আহিব- চৰকাৰী চাকৰি পাইছে যেতিয়া সেইখিনি কৰিবই লাগিব! সেইটো নিশ্চিয়কৈ এটা ভাল সমাধান নহয়। (অৱেশ্য অসম চৰকাৰৰ টেট চাকৰিয়াল সমূহৰ মাজত মিউচুৱেল নামে এটা পদ্ধতিৰ সহায়ত এই সমস্যা কিছু সমাধান হৈছিল। কিন্ত এতিয়া এই পদ্ধতি চলি আছে নে নাই তাৰ সঠিক উত্তৰ নাই।)

অ্যালভিন ৰথে, গেল আৰু চেপলিৰ এই ষ্টেবুল মেটচিঙৰ ধাৰণা বহু কেইটা উল্লেখযোগ্য দিশত ব্যৱহাৰ কৰিছিল বা কৰিছে। ইয়াৰ ভিতৰত এটা অতি স্পৰ্শকাতৰ বা সংবেদনশীল বিষয়ত গেল-চেপলিৰ এই ষ্টেবুল মেটচিঙ প্ৰয়োগ কৰি গোটেই ধাৰণাটোকে এটা অতি গুৰত্বপূৰ্ণ তথা মহ কৰি তুলিলে সেইয়া হল – মানৱ শৰীৰৰ বৃক্ক সংৰোপণত ইয়াৰ প্ৰয়োগ

হয়টো এই মুহূৰ্তত মনলৈ প্ৰশ্ন আহিব যে চিকিসা বিজ্ঞানৰ দৰে এটা জটিল বিষয় লগত গণিত আৰু অৰ্থনীতিৰ সমন্ধ কত বা কেনেকৈ হ?  এই লেখাত আমি বৃক্ক সংৰোপণত কেনেকৈ গণিত আৰু অৰ্থনীতি জড়িত হল আৰু গণিতজ্ঞ আৰু অৰ্থনীতিবিদৰ কামে কেনেকৈ চিকিসা বিজ্ঞানৰ এই বিশেষ শাখালৈ অৱদান আগবঢ়াইছে তাৰ কিছু কথা উল্লেখ কৰিবলৈ চেষ্টা কৰিম। অ্যালভিন ৰথ আৰু লিয়ড চেপলিৰ এই অৱদানৰ বাবে ২০১২ চনত তেওঁলোকলৈ যুটীয়াভাৱে নোবেল বঁটা আগবঢ়োৱা হয়। এইয়া ঠিক যে এই কামৰ বাবে ডেভিড গেলৰ অৱদান সমান। লগতে বহুতে বিশ্বাস কৰে নোবেল বঁটা দিয়া সময়ত গেল জীয়াই থকা হলে এই বঁটা নিশ্চিতভাৱে তেওঁলোক তিনিজনলৈ আগবঢ়োৱা হল হৈ! (ডেভিড গেলৰ মৃত্যু ২০০৮)

চমুকৈ বৃক্ক সংৰোপণঃ

বৰ্তমান সময়ত বৃক্ক জনিত ৰোগত অক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা গোটেই পৃথিৱীতে বৃদ্ধি পাবলৈ লৈছে। ইয়াৰ চিকিসাৰ ভিতৰত প্ৰধানকৈ দুই ধৰণৰ চিকিসা কৰা হয়। এক ডায়েলাইচিছ (Dialysis) - যি নিদিষ্ট সময়ৰ মূৰে-মূৰে কৰি থাকিব লগা হয়দুই বৃক্ক সংৰোপণ- সাধাৰণতে এবাৰ কৰিব লগা হয়। অন্যহাতে, বৃক্ক সংৰোপণতকৈ ডায়েলাইচিছত হোৱা খৰচৰ পৰিমান যথেষ্ট বেছিএক সমীক্ষাৰ মতে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে ১০০,০০০ লোক বৃক্ক সংৰোপণৰ বাবে অপেক্ষাত(queue) আছেএই লোকসকলে সাধাৰণতে জীৱিত বা মৃত ব্যক্তিৰ যি স্ব-ইচ্ছাই বৃক্ক দান কৰিব বিচাৰে তেওঁলোকৰ পৰা বৃক্ক লাভ কৰে। এইদৰে এজন ৰোগীয়ে কেতিয়া এটা বৃক্ক লাভ কৰিব তাৰ কোনো নিশ্চয়তা নাথাকে! তথাপি কিছুমান কাৰকৰ ওপৰত ভিত্তি কৰি যেনে- অপেক্ষাত থকা সময়, বৃক্ক মেটচিঙ (তেজৰ গ্ৰুপ, টিচু টাইপ ইত্যাদি), বা জৰুৰী অন্য কাৰকৰ ওপৰত ভিত্তি কৰি এজন ৰোগীয়ে কেতিয়া এটা বৃক্ক লাভ কৰিব সেয়া ঠিক কৰা হয়।

আনহাতে, অন্য এক পদ্ধতি বা ব্যৱস্থা আছে যাৰ জড়িয়তে বৃক্ক সংৰোপণ কাৰ্য্য সম্পূৰ্ণ কৰিব পৰা যায় যদাতা (Donor), প্ৰাপ্তকৰ্তাৰ (Recipient)  আত্মীয় বা প্ৰিয়জন। যি এজনে আনজনক বৃক্ক দিবলৈ মান্তি হয় বা স্ব-ইচ্ছাই বৃক্কদান কৰিব বিচাৰে। উদাহৰণস্বৰপে- স্বামী-স্বী, মাক-দেউতাক বা পুত্ৰ-কন্য ইত্যাদিৰ মাজৰ সমন্ধএই ব্যৱস্থাত যিহতু বৃক্ক দান কৰিব বিচৰাজন (দাতা/ Donor) নিশ্চিত ভাৱে থাকেই সেয়েহে এই প্ৰক্ৰিয়াত বৃক্ক সংৰোপণ প্ৰক্ৰিয়া কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হয়! কিন্ত কথা হল পতি-পত্নী বা অন্য কোনোবাই স্ব-ইচ্ছাই বৃক্ক দান কৰিব খুজিলেওঁ বহু সময়ত দাতা আৰু প্ৰাপ্তকৰ্তাৰ মাজত বৃক্কৰ সামঞ্জস্যতা (Compatibility) নহয়। ফলত সংৰোপণ সম্ভৱ নহয়। অৰ্থা বহু সময়ত পতি-পত্নীৰ মাজত পোনপটীয়াকৈ(Directly) বৃক্ক সংৰোপণ সম্ভৱ নহয়। ইয়াৰ প্ৰধান কাৰণ হল- দুজন ব্যক্তিৰ মাজত বৃক্ক সংৰোপণ সম্ভৱ হবলৈ তেওঁলোকৰ মাজত তেজৰ গ্ৰুপ, টিচু টাইপ আদিৰ মিল থাকিব লাগে। যদিহে তেওঁলোকৰ মাজত তেজৰ গ্ৰুপ, টিচু টাইপ আদি মিল নাথাকে তেতিয়া বৃক্ক সংৰোপণ সম্ভৱ নহয়ৰ্থা বহু সময়ত ইচ্ছা থাকিলেওঁ বৃক্ক সংৰোপণ কৰিব পৰা নাযায়! এইখিনিতে আহে গেল-চেপলিয়ে আগবঢ়োৱা মেটচিৰ ধাৰণা আৰু অ্যালভিন ৰথে বৃক্ক সংৰোপণত কৰা ইয়াৰ প্ৰযোগ।

মেটচিঙে কিদৰে বৃক্ক সংৰোপণত সহায় কৰে (?)

ওপৰত উল্লেখকৰা পতি-পত্নীৰ যোৰা টোৰ দৰে অন্য বহু যোৰা থাকে যাৰ মাজত পোনপটীয়াকৈ বৃক্ক সংৰোপণ সম্ভৱ নহয়বুজিবলৈ সুবিধাৰ বাবে আমি দুটা তেনে যোৰা লৈছোঁ তেওঁলোকৰ মাজত পোনপটীয়াকৈ বৃক্ক সংৰোপণ সম্ভৱ নহয়। ধৰাহওঁক প্ৰথম পতি-পত্নীৰ যোৰাটো(D1, R1) আৰু দ্বিতীয়টো (D2, R2)অৰ্থা D1  আৰু R1 মাজত বৃক্ক সংৰোপণ সম্ভৱ নহয়। ঠিক সেইদৰে D2 আৰু R2 মাজত বৃক্ক সংৰোপণ সম্ভৱ নহয়। কিন্ত বহু সময়ত এনে বহু যোৰা পোৱা যায় যত এই যোৰা সমূহৰ কিছু সাল -সলনি কৰিলে সামঞ্জস্যতা (Compatibility) থকা  যোৰা পোৱা যায়। অৰ্থা মেটচিঙৰ ধাৰণাৰ সহায়ত D1 ৰ লগত  R2 আৰু D2 ৰ লগত  R1 ধুনীয়াকৈ সামঞ্জস্যতা (Compatibility) হৈ পৰে। ফলত (D1, R2) আৰু (D2, R1) দুটাৰ মাজত বৃক্ক দান প্ৰক্ৰিয়া সম্ভৱ হৈ পৰে। এইটোৱেই হৈছে আটাইতকৈ সৰু চেইনত সম্পূৰ্ণ হোৱা বৃক্ক সংৰোপণ প্ৰক্ৰিয়া যাৰ সহায়ত চাৰিজন ব্যক্তিৰ মাজত দুজনে বৃক্ক দান কৰিছে আৰু দুজনে বৃক্ক লাভ কৰিছে। যত প্ৰথম অৱস্থাত এটা যোৰাও বৃক্ক সংৰোপণৰ বাবে সম্ভৱপৰ নাছিল। চিত্ৰত সেয়া দেখুওৱা হৈছে। 

 


 

চিত্ৰত তিনি যোৰ অসামঞ্জস্যতা বৃক্ক মেটচিঙৰ সহায়ত কিদৰে সংৰোপণ সম্ভৱ হৈছে তাক দেখুওৱা হৈছে।


 

বৃক্ক সংৰোপণৰ লগত জড়িত অন্য কিছুমান কথাঃ

যদি (D1, R1) যোৰাটো প্ৰতক্ষ্যভাৱে বৃক্ক সংৰোপণৰ বাবে উপযোগী হল হয় তেতিয়া একে সময়তে মাত্ৰ দুটা অস্ত্ৰোপচাৰৰ (Surgery)  প্ৰয়োজন। কিন্ত যিহেতু (D1, R1) যোৰাটো নিজৰ মাজতে সংৰোপণৰ বাবে উপযোগী নহয় সেয়েহে এই যোৰাটোৱে অন্য এটা যোৰা  (D2, R2) সহায় লব লগা হল। তেনে কৰাৰ ফলত দুটা বৃক্ক সংৰোপণ সম্পূৰ্ণ হবলৈ একে সময়তে মুঠ চাৰিটা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়। এইদৰে সম্পূৰ্ণ হোৱা কাৰ্য্যক চেইনত (Chain) হোৱা বুলি কোৱা হয়। এই চেইন দালৰ দৈৰ্ঘ্য হল দুইবৰ্তমানলৈকে বৃক্ক সংৰোপণত সফলভাৱে সমাপ্ত হোৱা আটাইতকৈ দীঘল চেইল দালৰ দৈৰ্ঘ্য হল- ১০১, যত মুঠ ১০১ জন ব্যক্তিয়ে বৃক্ক লাভ কৰিছে আৰু ১০১ জন ব্যক্তিয়ে বৃক্ক দান কৰিছে।

বৃক্ক জনিত ৰোগত যিহেতু বিশ্বৰ বহু সংখ্যক লোক অক্ৰান্ত হয় লগতে বৃক্ক সংৰোপণ যিহেতু এতিয়ালৈকে আৱিস্কাৰ যোৱা চিকিসা সমূহৰ ভিতৰত এটা নিভৰযোগ্য চিকিসা সেযেহে বিশ্বৰ প্ৰায়বোৰ দেশেই এতিয়া বৃক্ক বিনিময় প্ৰক্ৰিয়া(Kidney Exchange Program) ৰ ওপৰত বিশেষ গুৰুত্ব দিছে। ইতিমধ্যে আমি ওপৰত উল্লেখ কৰিছোঁ যে কেবল আমেৰিকা যুক্তৰাষ্ট্ৰতে ১০০,০০০ লোক বৃক্ক সংৰোপণৰ বাবে অপেক্ষাত আছে। কিন্ত যুক্তৰাষ্ট্ৰত বছৰি মাত্ৰ ১৫,০০০ ৰ পৰা ২০,০০০ ব্যক্তিকহে বৃক্ক সংৰোপণ কৰিবলৈ সক্ষম হয়। কিন্ত এই সংখ্যা আৰু কিছু পৰ্য্যায়লৈ বৃদ্ধি কৰিব পৰা যায় বুলি ইতিমধ্যে বহুতেই মত প্ৰকাশ কৰিছেইয়াৰ ভিতৰত এম. আই. টিৰ. অৰ্থনীতিবিদ নিখিল আগৰৱাল, ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিবিদ অ্যালভিন ৰথ আদি কৰি কেইবাজনো গৱেষকে কিদৰে বছৰি বৃক্ক সংৰোপণৰ সংখ্যা বৃদ্ধি কৰিব পৰা যায় তাৰ ওপৰত কিছু কথা উল্লেখ কৰিছে। ইয়াৰে কেইটামান চমুকৈ তলত উল্লেখ কৰা হৈছে।

১) বৃক্ক সংৰোপণৰৰ লগত জড়িত চিকিসা কেন্দ্ৰ সমূহৰ বহুতেই বৃক্ক বিনিময় প্ৰক্ৰিয়াৰ লগত পোনপতীয়াকৈ জড়িত হবলৈ ভাল নাপায় বা অংশ নলয়। ইয়াৰ প্ৰধান কাৰণ হল এইদৰে অংশ ললে সৰু চিকিসালয় সমূহৰ কিছু অন্য খৰছ হয়। এই অতিৰিক্ত ধন তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহয়। বৃ্ক্ক সংৰোপণৰ মূল প্ৰক্ৰিয়াৰ লগত অংশ লোৱাত কৈ তেওঁলোকে নিজাভাৱে এই কাৰ্য্য চলায় যায়। ফলত অনপেয়াৰড মেটচৰ সংখ্যা বাঢেযদি এই সৰু- সৰু চিকিসলয় সমূহৰ মাজত এটা ভাল Coordination সম্ভৱ হয় তেতিয়া নিশ্চিতভাৱে বৃক্ক সংৰোপণৰ সংখ্যা বৃদ্ধি পাব।

২) কোনো দেশ বা নিদিষ্ট এটা অঞ্চলৰ ভিতৰতে বৃক্ক বিনিময়ৰ সীমা শেষ কৰাৰ বিপৰীতে যদি চুবুৰীয়া দেশ সমূহৰ মাজতো বৃক্ক বিনিময় সুচল কৰিব পৰা যায় তেতিয়া বৃক্ক সংৰোপণৰ সংখ্যা বৃদ্ধি পাব। ইতিমধ্যে (২০১৫)ত ভাৰত আৰু পতুগালৰ (Portugal) মাজত প্ৰথম বৃক্ক বিনিময় হৈছে। ঠিক সেইদৰে ২০১৬ চনত চেক গণৰাজ্য (Czech Republic) আৰু অষ্টিয়াৰ মাজত এই ধৰণৰ কাৰ্য্য হাতত লোৱা হৈছে। অৰ্থা দুখৰ দেশৰ মাজত বৃক্ক বিনিময় প্ৰথা ইতিমধ্যে আৰম্ভ হৈছে।

বৃক্ক সংৰোপণৰ লগত জড়িত নৈতিকতা সমন্ধীয় কথাঃ

যিহেতু আজিৰ দিনত বৃক্কৰ প্ৰয়োজন অনুপাতে বৃক্ক দান কৰা ব্যক্তিৰ সংখ্যা তুলনামূলক ভাৱে যথেষ্ট কম সেযেহে অবৈধভাৱে বৃক্কৰ ক্ৰয়- বিক্ৰয় কাৰ্য্য চলাৰ অৱকাশ একেবাৰে নথকা নহয়। কিন্ত বিশ্বৰ প্ৰায়বোৰ দেশতে মানৱ শৰীৰৰ যিকোনো অংগ কিনা-বেছা আইন মতে দণ্ডনীয় বা অবৈধ ইৰাণেই হল একমাত্ৰ দেশ যত বৃক্কৰ লগতে মানৱ শৰীৰৰ অন্য অংগৰ কিনা-বেছা কৰাটো অপৰাধ বুলি গন্য কৰা নহয়

শেহতীয়াকৈ (৬ ফ্ৰেবুৱাৰী ২০২১) আফগানিস্তান এখন চিকিসালয়ৰ কথা দা নিউয়ৰ্ক টাইমছ (The New York Times) বাতৰি কাকতত এটা লেখা প্ৰকাশ পাইছিল যলোকমান হকীম চিকিসালয় (Loqman Hakim Hospital) খনৰ সন্মুখত বেছ সাধাৰণভাৱে বৃক্ক কিনা-বেছাৰ কিছু কথা উল্লেখ কৰিছে। আনহে নালাগে বহু ব্যক্তিয়ে বিভিন্ন সমস্যাৰ (দৰিদ্ৰতা) পৰা উদ্ধাৰ পাবলৈ তেওঁলোকৰ এটা বৃক্ক বিক্ৰী কৰিবৰ বাবে চিকিসালয়ৰ সন্মুখত শাৰী পাতিছে। আৰু বৃক্ক কিনিবলৈ আগ্ৰহী লোকৰ লগত দৰদাম কৰাৰ কথা উল্লেখ কৰিছে।

এইখিনি কথা কিদৰে সমৰ্থন কৰিব পৰা যায় বা কিদৰে বিৰোধ কৰিব পাৰি সেই কথা অতি সহজে একো কব নোৱাৰি। যদি বৃক্ক বা শৰীৰৰ অন্য অংগ সমূহ মুকলিভাৱে বিক্ৰী কৰিব পৰা যায় তেতিয়া কেনে পৰিস্থিতি সৃষ্টি হব তাকো এই মুহূৰ্তত কবলৈ কঠিনবহুতে যুক্তি দেখাই যে যদি মই এটা বৃক্ক দান কৰিবই পাৰো বা এটা বৃক্কৰ অবিসনে জীয়াই থাকিব পাৰো তেনেস্থলত প্ৰয়োজনত এটা বৃক্ক বিক্ৰী কৰিব নোৱাৰাৰ কি কাৰণ থাকিব পাৰে(?) এই সমূহ অতি জটিল আৰু স্পৰ্শকাতৰ প্ৰশ্ন।

No comments:

Post a Comment

অসম সাহিত্য সভাৰ ভোটিং পদ্ধতি

অসম সাহিত্য সভাই কি ভোটিং পদ্ধতিৰ দ্বাৰা তেওঁলোকৰ প্ৰাৰ্থীসমূহ বাছনি কৰে মই নাজানো! কিন্তু তেওঁলোকৰ সভাপতি পদৰ ফলাফলৰ এখন ফটো এইকেইদিন ফেচবু...