শস্যৰ
ৰোপণ(planting) আৰু চপোৱাৰ(harvest) মাজৰ সময় খিনিত বিশ্বৰ প্ৰায় ত্ৰিশ কোটি(300 million) লোক ঋতুভিত্তিক আয়ৰ নিৰাপত্তাহীনতাত(seasonal income insecurity) ভোগে। বাংলাদেশৰ ধান খেতিয়ক সকলে সাধাৰণতে আগষ্ট
মাহত শস্যৰ ৰোপণ কৰে আৰু জানুৱাৰী মাহত শস্য চপাই। শস্যৰ ৰোপণ আৰু
চপোৱাৰ মাজৰ এই ব্যৱধানত
সীমিত চাকৰিৰ সুযোগৰ(limited
job opportunities) সৈতে এটা ক্ষীণ ঋতুৰ(lean season) ফলত, কৃষি
মজুৰিৰ হাৰ হ্ৰাস হোৱাৰ (agricultural
wage rate) লগতে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হয়। বছৰৰ এই
সময়খিনিত ভূমিহীন পৰিয়াল(landless households) তথা অন্য শ্ৰমিক সকলে ঋতুভিত্তিক বঞ্চনাৰ(seasonal deprivation) মুখামুখি হ’ব লগা হয়। কৃষকসকলে এই সময়ছোৱাত শস্য গজিবলৈ অপেক্ষা কৰাৰ বাহিৰে অন্য গতন্ত্য নাথাকে! কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে বাংলাদেশৰ গাঁৱৰ সকলো ঠাইৰ মানুহে
গোটেই বছৰটো জীৱিকাৰ বাবে অন্য কোনো বেলেগ
সমস্যাৰ মুখামুখি নহয়।
বাংলাদেশৰ
স্থানীয় সমস্যা
সমূহৰ ভিতৰত খৰাং(droughts), বানপানী(floods), ঘূৰ্ণীবতাহ(cyclones), ধুমুহা(storms), অকালতে হোৱা প্ৰচণ্ড বৰষুণ(untimely heavy rains) আৰু নদীৰ খহনীয়াৰ(river erosions) দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত শস্যৰ বিস্তাৰ ক্ষতি
হয় আৰু কৃষকৰ লগতে প্ৰান্তীয় কৃষি শ্ৰমিকৰ জীৱন ধৰণত বিঘ্নিত হয়।
কৃষি
শ্ৰমিকৰ বাহিৰেও আন -আন বৃত্তিৰ মানুহ
যেনে মাছমৰীয়াসকল(fishermen) এই ঋতুভিত্তিক
বঞ্চনাৰ ফলত প্ৰভাৱিত হয়। উদাহৰণস্বৰূপে বিভিন্ন কাৰণত পৃথিৱী পৃষ্ঠৰ
জলৰাশি শুকাই যোৱা তথা অগভীৰ হোৱাৰ ফলত এই মাছমৰীয়া সকলৰ জীৱিকা(livelihoods) ক্ৰমান্বয়ে বিপদ সংকুল হৈ পৰিছে।
লগতে প্ৰজননৰ বতৰত(breeding season), তথা মাছৰ পোনা মেলাৰ সুবিধাৰ স্বাৰ্থত মাছ ধৰা নিষিদ্ধকৰণে বৃহৎ
সংখ্যক মাছমৰীয়াক যথেষ্ট দীঘলীয়া সময়ৰ বাবে নিবনুৱা কৰি তোলে।
ঋতুভিত্তিক
দৰিদ্ৰতাৰ(seasonal poverty) সময় ছোৱাত এই লোকসকলৰ খাদ্যৰ যথেষ্ট নাটনি(food
shortages) হয়। কৃষি
শ্ৰম হ্ৰাস হোৱাৰ লগতে খাদ্যৰ মূল্য বৃদ্ধিয়ে বহু সংখ্যক লোকক দৈনিক মাত্ৰ এবাৰ বা
দুবাৰ খাদ্য গ্ৰহণ কৰিবলৈ বাধ্য কৰে! এই সময় সীমা প্ৰায় দুমাহৰ পৰা তিনিমাহ
প্ৰযন্ত চলে। এই সময়ছোৱাত গৰ্ভৱতী মহিলা, তথা শিশুসকল বিশেষভাৱে পুষ্টি হীনতাত ভোগা
দেখা যায়। মাংস আৰু প্ৰটিনৰ অভাৱে
শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত ব্যাঘাত জন্মায়। ঋতুভিত্তিক দৰিদ্ৰতাৰ বাবে কম খাদ্য গ্ৰহণ
কৰাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত গোটেই জীৱন বিৰূপ প্ৰভাৱ পৰে। ইয়াৰ লগতে কম খাদ্য
গ্ৰহণে দেশৰ বিনিয়োগ আৰু উৎপাদনশীলতা দুয়োটা ক্ষেত্ৰতে ক্ষতি কৰে। ফলস্বৰূপে ই(ঋতুভিত্তিক
দৰিদ্ৰতাই) ৰাষ্ট্ৰীয় অৰ্থনীতিতো প্ৰভাৱ
পেলায়।
এই
ঋতুভিত্তিক বঞ্চনাৰ সৈতে মোকাবিলা কৰিবলৈ দৰিদ্ৰ গ্ৰাম্য অঞ্চলত বাস কৰা কিছুমান পৰিয়ালৰ
সদস্যই কামৰ বাবে চহৰ অঞ্চললৈ বা ওচৰৰ অন্য জিলালৈ প্ৰব্ৰজন কৰে। ঋতুভিত্তিক প্ৰব্ৰজনকাৰী(seasonal migrants) সকলে চহৰ অঞ্চলত অতি সহজে ৰিক্সা চলোৱা(rickshaw
pulling), নিৰ্মাণ কাৰ্য্যৰ
লগত জড়িত কাম(construction), বা আলুৰ খেতি(potato
farming) আদিৰ দৰে অস্থায়ী কাম বিচাৰি পাব পাৰে। কিন্তু বাংলাদেশত দেখা যায় যে, এই অস্থায়ী প্ৰব্ৰজনৰ(temporary
migration) পৰা যথেষ্ট আয় তথা সুবিধা লাভ কৰাৰ
সম্ভাৱনা থকাৰ পাছতো বহু সংখ্যক পৰিয়ালে তেওঁলোকৰ ঘৰৰ মানুহক চহৰত কাম কৰিবলৈ পঠোৱা
দেখা নাযায়! ঐতিহাসিকভাৱেওঁ(historically) বাংলাদেশত কম দিনৰ বাবে চহৰত অস্থায়ী কাম কৰিবলৈ পঠোৱা তেনে তথ্য পোৱা নাযায়।
কিয়
অধিক সংখ্যক লোক প্ৰব্ৰজন নকৰে(?) বা ঋতুভিত্তিক
বঞ্চনাৰ সময়ছোৱাত পৰিয়ালসমূহে যদি এজনকৈ হলেওঁ লোকক চহৰ অঞ্চললৈ পঠিয়াই তেন্তে সেই
পৰিয়াল সমূহত খাদ্য সুৰক্ষা(food security) উন্নত হোৱাৰ সম্ভাৱনা
আছেনে (?) বা অধিক
বহল ভাৱে, গাওঁ আৰু চহৰ অঞ্চলৰ মাজত মজুৰি(wages) আৰু উৎপাদনশীলতাৰ (productivity) যথেষ্ট ব্যৱধান আছে বুলি জনাৰ পাছতো কিয় অধিক সংখ্যক লোক
গ্ৰাম্য অঞ্চল এৰি চহৰ অঞ্চললৈ প্ৰব্ৰজন নকৰাৰ বিপৰীতে এটা অনুত্পাদনশীল(unproductive) গ্ৰাম্য পৰিৱেশত থুপ খাই
থাকিবলৈ বাধ্য হয়(?)
এই
ধৰণৰ কিছু প্ৰশ্নৰ উত্তৰ বিচাৰি ইয়েল বিশ্ববিদ্যালয়(Yale University), লণ্ডন স্কুল অৱ ইকনমিক্স(London
School of Economics), ছিডনী বিশ্ববিদ্যালয়(University of Sydney), আৰু Innovations
for Poverty Action পৰীক্ষাগাৰৰ এটা গৱেষকৰ দলে উত্তৰ
বাংলাদেশত(Northern Banglades)
২০০৮ – ২০১১ চনলৈ এটা অনুসন্ধান
কৰিছিল। তেওঁলোকে পৰীক্ষা কৰিছিল
যে তথ্যৰ যোগান(information
sharing/provides), তথা ক্ষুদ্ৰ আৰ্থিক সাহায্য
(small
financial incentives) প্ৰদানে (যেনে
বাছৰ টিকটৰ খৰচ, আদিয়ে)এই অস্থায়ী প্ৰব্ৰজন
বৃদ্ধিত অৰিহণা আগবঢ়াব পাৰেনে(?)
দেখা
গৈছিল যে এই ক্ষুদ্ৰ আৰ্থিক সাহায্যই সাময়িক প্ৰব্ৰজনত যথেষ্ট ভাল ফলাফল দিয়ে। লগতে
পাছলৈ ই ঘৰুৱা কল্যাণতো (household
welfare) উন্নতি সাধনত সহায়ক
হয়। তেওঁলোকৰ অনুসন্ধানত কিছুমান কথা স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছিল
যে যিসমূহ পৰিয়ালৰ মাজত প্ৰব্ৰজনৰ
বাবে তথ্য তথা আৰ্থিক অনুদান বা ঋণৰ যোগান ধৰা হৈছিল সেই পৰিয়াল সমূহৰ মাজত চহৰলৈ কামৰ বাবে পঠোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। ঋতুভিত্তিক বঞ্চনাৰ সময়ত গাঁৱৰ যিসমূহ
পৰিয়ালে চহৰ অঞ্চললৈ অতি ক্ৰমেও এজন লোকক প্ৰব্ৰজনৰ বাবে পঠাইছিল সেই পৰিয়াল সমূহৰ
খাদ্যৰ কেলৰি হিচাপত(caloric intake) উন্নত হোৱা দেখা গৈছিল। আৰু সেই পৰিয়াল
বোৰে বহুতেই পিছৰ বছৰৰ
নিজাববীয়াকৈ পুনৰ প্ৰব্ৰজন কৰিবলৈ আগ্ৰহী
হৈছিল। ২০১৪ চনত লালমনিহাট(Lalmonirhat) আৰু কুৰিগ্ৰামৰ(Kurigram) ২০০০ পৰিয়ালৰ মাজত
কৰা এক সমীক্ষাৰ তথ্যত দেখা গৈছিল যে সাহায্য লাভ
কৰাৰ ফলত অঞ্চলটোত ঋতুভিত্তিক প্ৰব্ৰজন
২২ শতাংশ প্ৰযন্ত বৃদ্ধি হৈছিল। সাহায্য
লাভ কৰা আটাইকেইটা পৰিয়ালৰ
আৰ্থিক অৱস্থা উন্নত হৈছিল। চমুকৈ
ঋতুভিত্তিক দৰিদ্ৰতাত ভোগা পৰিয়ালসমূহে সাহায্য লাভ কৰিলে তলত উল্লেখ কৰা সু-ফল
সমূহ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছিল –
· যি সমূহ পৰিয়ালে
সাহায্য লাভ কৰি পৰিয়ালৰ এজন লোকক প্ৰব্ৰজনকাৰী হিচাপে চহৰত কাম কৰিবলৈ পঠাই তেওঁলোকে
খাদ্য আৰু অনান্য কামত আগতকৈ ৩০ ৰ পৰা ৩৫ শতাংশ অধিক ব্যয় কৰিব পৰা ক্ষমতা হয়।
· যি সমূহ পৰিয়ালে সাহায্য
গ্ৰহণ কৰি পৰিয়ালৰ এজন লোকক চহৰলৈ কামৰ বাবে পঠাইছিল সেই পৰিয়াল বোৰত খাদ্যত ৫৫০ ৰ
পৰা ৭০০ লৈ কেলৰি বৃদ্ধি পাইছিল। এক কথাত ক’বলৈ
গলে উক্ত পৰিয়ালৰ প্ৰতিজন সদস্যই এটা অতিৰিক্ত খাদ্য গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল।
অৰ্থাৎ আগতে যদি দিনত দুবাৰকৈ খাদ্য গ্ৰহণ কৰিছিল এজন লোকক পঠোৱাৰ পাছত দিনে
তিনিবাৰকৈ খাদ্য গ্ৰহণ সম্ভৱ হৈছিল। (যিটো এটা অতি ডাঙৰ সফলতা বুলি ক’ব পাৰি।)
· ঋতুভিত্তিক দৰিদ্ৰতাৰ
সময়ত সাহায্য লাভ কৰা পৰিয়াল সমূহৰ আয় প্ৰায় ১৯ শতাংশলৈ বৃদ্ধি হৈছিল।
· একেখন গাওঁতে বাস কৰা
কিন্তু সাহায্য লাভ নকৰা পৰিয়াল সমূহৰো আয় ১০ শতাংশলৈ বৃদ্ধি পোৱা দেখা গৈছিল।
কাৰণ গাওঁৰ পৰা কিছু সংখ্যক লোক সাহায্য লাভ কৰি চহৰত কাম কৰিবলৈ গুচি যোৱাত গাওঁত
থকা সদস্য সকলে আগতকৈ কিছু বেছি কাম পাবলৈ সক্ষম হৈছিল। শ্ৰমিক কম হোৱাৰ বাবে
তেওঁলোকৰ মজুৰি(wages) বৃদ্ধি হোৱা
দেখা গৈছিল। অৰ্থাৎ পৰোক্ষভাৱে দুয়োপক্ষই কম বেছি পৰিমাণে লাভৱান হৈছিল।
· পুনৰাবৃত্তিমূলক
প্ৰব্ৰজন বাঢ়িবলৈ ধৰিছিল। অৰ্থাৎ যি সমূহ পৰিয়াৱে এবাৰ উৎসাহ বা সাহায্য লাভ
কৰিছিল তেওঁলোকৰ মাজত ঋতুভিত্তিক দৰিদ্ৰতাৰ সময়ত চহৰত কাম কৰিবলৈ যোৱাৰ প্ৰৱনতা
বাঢ়িছিল। আনকি, পৰবত্তী সময়ছোৱাত কোনোধৰণৰ উৎসাহ তথা সাহায্য লাভ নকৰাৰ পাছতো
ঋতুভিত্তিক দৰিদ্ৰতাৰ সময়ছোৱাত তেওঁলোকে চহৰত কাম কৰিবলৈ যোৱা দেখা গৈছিল।
অনান্য স্থানত ঋতুভিত্তিক দৰিদ্ৰতা:
ঋতুভিত্তিক
দৰিদ্ৰতা কেৱল বাংলাদেশতে নহয়।
নেপাল, ইণ্ডোনেছিয়া, দক্ষিণ-পূব
এছিয়া আৰু আফ্ৰিকাৰৰ বহু দেশৰ লগতে বিশ্বৰ বিভিন্ন অঞ্চলত লাখ-লাখ লোক ঋতুভিত্তিক দৰিদ্ৰতাৰ কবলত ভোগে। যিটো
প্ৰায়ে শস্য চপোৱাৰ পূৰ্বে হোৱা ক্ষীণ বতৰৰ সৈতে জড়িত। কিন্তু এইয়া ঠিক যে বিত্তীয়
সাহায্য লাভ কৰা সকলো ঠাইতে একে
ফলাফল পোৱা নাযায়। আচলতে, ঋতুভিত্তিক বঞ্চনা এটা পৰিৱেশৰ পৰা আন এটা পৰিৱেশলৈ পৃথক। উদাহৰণস্বৰূপে
এই কথা জানিবলৈ
নেপালতো একেধৰণৰ এক অধ্যয়ন কৰা হৈছিল য’ত দেখা গৈছিল নেপালীসকলে ক্ষীণ বতৰত ভাৰতৰ বিভিন্ন ঠাইলৈ প্ৰব্ৰজন কৰে। নেপালতো
একেধৰণৰ সাহায্য দিয়া হৈছিল যদিও ইয়াৰ কোনো সু-ফল পোৱা
নগৈছিল৷ ইয়াৰ কাৰণ হ’ল নেপালৰ ঋতুভিত্তিক শ্ৰমিক সকল দুৰ্গম অঞ্চলত কাম কৰিবলৈ যায়, সেয়েহে
তেওঁলোকে কামৰ মাজত আহি উপাৰ্জনৰ কিছু
অংশ পৰিয়ালৰ অন্য লোকক দিবহি নোৱাৰে। ফলত পৰিয়ালৰ আন সদস্য সকলে আগৰ দৰেই কম খাদ্য গ্ৰহণ কৰিব
লগা হয়। বিশ্বৰ বিভিন্ন প্ৰান্তত ঋতুভিত্তিক দৰিদ্ৰতা বা সামগ্ৰিকভাৱে দৰিদ্ৰতা
দূৰ কৰিবলৈ বিভিন্ন আচঁনি বা প্ৰদক্ষেপ লোৱা দেখা যায়। কিছুমান দেশত এই সময়ছোৱাত
বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগাণ ধৰা হয়। অন্য কিছু দেশত চৰকাৰীভাৱে এই লোকসকলক
বিভিন্ন কামত নিয়োজিত কৰি এই দৰিদ্ৰতা ৰোধ কৰিবলৈ চেষ্টা কৰা হয়। আমাৰ দেশৰ গ্ৰাম্য
অঞ্চলৰ দৰিদ্ৰতা দূৰীকৰণত বিশেষভাৱে পৰিচিত তেনে এটা প্ৰদক্ষেপ হ’ল “মহাত্মা গান্ধী
ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন(The Mahatma Gandhi National
Rural Employment Guarantee Act)”। চমুকৈ MGNREGA নামেৰে পৰিচিত। এই আঁচনিৰ অধীনত গ্ৰাম্য অঞ্চলত বাস কৰা প্ৰাপ্তবয়স্ক লোকক
প্ৰতিটো বিত্তীয় বৰ্ষত ১০০ দিনৰ কৰ্মসংস্থাপনৰ বাবে আইনী নিশ্চয়তা প্ৰদান কৰে। এই
আইনখন ২০০৫ চনৰ ২৫ আগষ্টত প্ৰণয়ন কৰা হৈছিল।
ঋতুভিত্তিক দৰিদ্ৰতা আৰু মাইক্ৰ’ক্ৰেডিট:
ঋতুভিত্তিক
নিবনুৱাসকলৰ জীৱন কিয় জটিল হৈ পৰে সেয়া সহজেই অনুধাৱন কৰিব পৰা যায়।
ইয়াৰ ভিতৰত এটা প্ৰধান কাৰণ হ’ল সেই
সময়ত বহু পৰিয়ালে পৰিয়ালৰ
প্ৰয়োজনীয়তা তথা প্ৰব্ৰজনৰ খৰচ পূৰণ কৰিবলৈ অস্বাভাৱিকভাৱে উচ্চ সুতত ধন ঋণ হিচাপে ল’বলৈ বাধ্য হয়। ইয়াৰ ফলত ঋতুভিত্তিক প্ৰব্ৰজনৰ সময়ত তেওঁলোকৰ আয়ৰ অধিকাংশই এই ঋণ
পৰিশোধ কৰাৰ নামত খছৰ হয়। আনকি বেচৰকাৰী সংস্থা(NGO) সমূহেও ঋণৰ সুত অতি বেছি
লয়। লগতে সাপ্তাহিক কিস্তি(weekly basis) হিচাপত এই ঋণ পৰিশোধ কৰিব লগা হয়।
এইক্ষেত্ৰত
মাইত্ৰু’কেডিটে(Microcredit)
এটা উল্লেখযোগ্য ভূমিকা ল’ব পাৰে। মাইত্ৰুকেডিত হ’ল- বাংলাদেশৰ নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ
মহম্মদ ইউনাছৰ(Muhammad Yunus) দ্বাৰা প্ৰতিষ্ঠিত এটা বেংকিং বিৱস্থা যাক
গ্ৰামীণ বেংক বুলিও ক’ব পাৰি। এই ধাৰণাৰ সফলতাৰ এটা প্ৰধান কাৰণ আছিল
এই প্ৰতিষ্ঠানটোৱে এজন ব্যক্তিক অকলে ঋণ
দিয়াৰ বিপৰীতে কিছুমান সৰু -সৰু গ্ৰুপক ঋণ
প্ৰদান কৰিছিল। আৰু ঋণ
পৰিশোধ কৰাৰ দাযিত্ব তেওঁলোক আটাইয়ে
মাজত সমানে ভাগ কৰি দিছিল।
এনে কৰাৰ ফলত গ্ৰুপটোৰ আটাইয়ে ঋণ
পৰিশোধ কৰাৰ দাযিত্ব আহি পৰিছিল। কাৰণ এজনে ঠিক মতে কাম নকৰিলে অন্য কেইজনো ইয়াৰ
বাবে জগৰীয়া হৈছিল। এই কৌশলৰ সহায়ত বেংকে এজন ব্যক্তিযে ঋণ পৰিশোধ নকৰিব বুলি থকা বহু
আশংকা কমাবলৈ সক্ষম হৈছিল। লগতে ঋণ
লোৱা সকলেওঁ উচিত সময়ত ধন আদায় দিবলৈ বাধ্য হৈছিল। কিন্তু দেখা গৈছিল যে ঋতুভিত্তিক দৰিদ্ৰতা দূৰ কৰাত মাইক্ৰ’ক্ৰেডিট বৰ বিশেষ সহায়ক হোৱা
নাছিল! ইয়াৰ এটা প্ৰধান কাৰণ হ’ব
পাৰে কম সময়ত ঋণ পৰিশোধ কৰা কথাটো! যদি মানুহে ঋণ লোৱাৰ ঠিক দুসপ্তাহৰ পাছতেই কিস্তি পৰিশোধ কৰিবলগীয়া হয়, তেন্তে অতন্ত্য
দুখীয়া ঋতুভিত্তিক শ্ৰমিকসকলে তাৰ পৰা সুবিধা পোৱাটো এক কথাত
(অ)সম্ভৱ! কাৰণ গাঁৱৰ
বহু লোকে মাইক্ৰ’ক্ৰেডিট লোৱাৰ
পাছটো ঋতুভিত্তিক দৰিদ্ৰতাৰ পৰা হাত সাৰিব পৰা নাছিল। অৰ্থাৎ ঋতুভিত্তিক দৰিদ্ৰতা
দূৰীকৰণত মাইক্ৰক্ৰেডিটৰ লগতে অন্য বিশেষ নীতিৰ(Policy) প্ৰয়োজন আছে! মোবাৰকৰ গৱেষকৰ দলটোৱে দেখাইছে যে মাইক্ৰ’ক্ৰেডিটৰ বিপৰীতে প্ৰব্ৰজিত
শ্ৰমিকসকলক ক্ষুদ্ৰ আৰ্থিক অনুদান
আগবঢ়ালে সেই পৰিয়াল সমূহৰ বাবে অপৰিসীম
সহায় হ’ব পাৰে।
সামাজিক নেটৱৰ্ক আৰু ঋতুভিত্তিক দৰিদ্ৰতা:
সামাজিক
নেটৱৰ্ক(Social Network) উদাহৰণস্বৰূপে- হোৱাটচএপ, ফেচবুক, টুইটাৰ ইত্যাদি এ ইতিমধ্যে আমাৰ জীৱনৰ
বিভিন্ন দিশত কল্পনা কৰিব নোৱাৰাকৈ প্ৰভাৱ বিস্তাৰ কৰিছে। অৰ্থনীতি, ৰাজনীতি, সমাজ বিজ্ঞানকে ধৰি আচৰণ বিজ্ঞানৰ গৱেষকসকলে সামাজিক মাধ্যমৰ জড়িয়তে তথ্যৰ যি প্ৰবাহ(flow)হৈছে তাৰ ওপৰত যথেষ্ট চিন্তা-চৰ্চা কৰা
দেখা যায়। এই সামাজিক
নেটৱৰ্কবোৰৰ মাজেৰে সামগ্ৰী, সেৱা, তথা বিত্তীয় লেন-দেনৰ(financial
transactions) আদান-প্ৰদান সম্ভৱ হৈছে। কিন্তু এইয়া ঠিক যে এই সামাজিক
নেটৰ্ৱক সমূহ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে এতিয়াও সহজলভ্য হোৱাগৈ নাই। বিশেষকৈ
কৃষিখণ্ডত ইয়াৰ ব্যৱহাৰ যথেষ্ট বুলিব নোৱাৰি। কিন্তু দেখা যায় যে ঋতুভিত্তিক
দৰিদ্ৰতা আদিৰ দৰে সমস্যা সমূহ সমাধান কৰাত সামাজিক নেটৱৰ্ক সমূহে এটা অতি গুৰুত্বপূৰ্ণ
ভূমিকা পালন কৰিব পৰা সম্ভাৱনা আছে বা সীমিত পৰিমাণে সেইয়া ইতিমধ্যে আৰম্ভ হৈছে।
যদি
ঋতুভিত্তিক দৰিদ্ৰতা হ’ব পৰা
অঞ্চল সমূহৰ লোকসকল আৰু চহৰ অঞ্চলৰ অস্থায়ী সংস্থাপণ লাভ কৰিব পৰা ঠাই সমূহৰ লগত
এটা নেটৱৰ্ক গঢ়ি তুলিব পৰা যায় তেতিয়া উপযুক্ত স্থানত এই লোকসকলক সেই স্থান
সমূহলৈ পঠাব পৰা যায়। তেতিয়া অতি সহজে এই জটিল সমস্যাটো সমাধান হ’ব পাৰে! ইয়াৰ ফলত শ্ৰমিকসকল কোন স্থানলৈ গলে কাম পোৱাৰ সম্ভাৱনা বেছি বা
কম তাৰ অনিশ্চয়তা(uncertainty)বহু পৰিমাণ কমাবলৈ সম্ভৱ হ’ব। দেখা যায় যে মানুহে কেৱল নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়ে সিদ্ধান্ত
গ্ৰহণ নকৰে। তেওঁ লোকে আনৰ অভিজ্ঞতাৰ পৰাও তথ্য আৰু ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি বহু
সামাজিক আৰু অথনৈতিক সিদ্ধান্ত লয়। এটা বিশ্বাসযোগ্য নেটৱৰ্ক গঢ়ি তুলিব পাৰিলে
সেই ধৰণৰ তথ্যৰ আদান-প্ৰদানৰ জড়িয়তে প্ৰত্যেকেই লাভাম্বিত হ’ব!মোবাৰকৰ গৱেষণাৰ বিষয় সমূহত কৃষিখণ্ডত এই সামাজিক নেটৱৰ্ক সমূহৰ ব্যৱহাৰ
তথা প্ৰযুক্তিগত কৌশল ব্যাপক হাৰত ব্যৱহাৰৰ অধিক গুৰুত্ব দিয়া দেখা গৈছে।
সামৰণি:
ঋতুভিত্তিক
দৰিদ্ৰসকলৰ অৱস্থা ইমানেই অসহায় যে তেওঁলোকৰ হাতত কাম বিচাৰি ওচৰৰ আন এখন
জিলালৈ যাবলৈ বাছৰ ভাড়াও নাথাকে! ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহলৈকে ঋতুভিত্তিক দৰিদ্ৰতা অধিক
প্ৰচলিত আৰু বিশেষকৈ উত্তৰ বংগৰ লালমণিৰহাট আৰু কুৰিগ্ৰাম জিলাসমূহৰ ইয়াৰ
মাত্ৰা সৰ্বাধিক হয়। ঋতুভিত্তিক দৰিদ্ৰতা
দূৰ কৰাৰ বাবে আক্ৰান্ত অঞ্চলৰ শ্ৰমিকসকলক কৰ্মৰ সন্ধানত অন্য ঠাইলৈ প্ৰব্ৰজন কৰাৰ
সুযোগ দিব লাগে। কৃষি অৰ্থনীতিত ব্যাপক
হাৰত প্ৰযুক্তিবিদ্যাৰ জ্ঞান তথা সামাজিক মাধ্যমৰ ব্যৱহাৰে তথ্যৰ
আদান-প্ৰদান অৰ্থনৈতিক সিদ্ধান্তসমূহ
বাস্তৱায়িত কৰাৰ সহায় হ’ব পাৰে। উদাহৰণস্বৰূপে কোনবিধ
বিজ বা কি সাৰ প্ৰয়োগ কৰিলে শস্যৰ উৎপাদন বাঢ়িব, বা কোনটো গন্তব্যস্থানলৈ প্ৰব্ৰজন কৰিব লাগে, আদি তথ্য সমূহ সহজে লাভ কৰিবলৈ সক্ষম হ’ব। লগতে মানুহে এই তথ্য সমূহ
ক’ত লাভ কৰিছে সেয়া এটা
গুৰত্বপূৰ্ণ কথা কাৰণ সকলো তথ্য সত্য নহ’ব পাৰে। তাৰ নিশ্চয়তা থকাটো প্ৰয়োজন। এইয়া স্পষ্ট যে প্ৰব্ৰজনৰ বাবে
দিয়া সাহায্যই কাম কৰে, অন্ততঃ অতি দৰিদ্ৰ, ভূমিহীন আৰু অন্যান্য সুযোগৰ পৰা বঞ্চিত লোক সকলৰ বাবে। লগতে যিসকলে জীৱিকাৰ সন্ধানত দেশৰ অন্যান্য অঞ্চললৈ যাবলৈ বাধ্য
হয় তেওঁলোকৰ বাবে বিশেষ ক্ষুদ্ৰ ঋণৰ সুবিধা থকা উচিত। ঋতুভিত্তিক
বঞ্চনাৰ ফলত খাদ্য নোপোৱা(missed meals), পুষ্টিহীন শিশু(malnourished children), কৃষি
উৎপাদনশীলতা কমি যোৱা(lower agricultural productivity) আৰু উচ্চ সুতৰ ঋণ(high-interest borrowing) লোৱাৰ বাবে
দৰিদ্ৰতাৰ ফান্দত পৰা (poverty traps), নিম্ন শিক্ষা(lower education) আদি অনেক সমস্যাৰ সৃষ্টি হয়।
যি সমূহ সমস্যা সমাধান কৰিবলৈ এই ঋতুভিত্তিক দৰিদ্ৰতাৰ বিষয়ে অধিক গৱেষণাৰ প্ৰয়োজন
আছে।
চমুকৈ আহমেদ মুছফিক মোবাৰকৰ বিষয়ে:
আহমেদ
মুছফিক মোবাৰকৰ(Ahmed
Mushfiq Mobarak) জন্ম হয় ১৯৭৬ চনত, বাংলাদেশত। পেছাত
এজন অৰ্থনীতিবিদ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইয়েল বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক।
মোবাৰকে ১৯৯৭ চনত
আমেৰিকাৰ মেকলেষ্টাৰ
কলেজৰ পৰা গণিত আৰু অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেওঁ আমেৰিকাৰ মেৰিলেণ্ড
বিশ্ববিদ্যালয়, কলেজ পাৰ্কৰ পৰা ক্ৰমে ১৯৯৯
আৰু ২০০২ চনত অৰ্থনীতিত স্নাতকোত্তৰ (MA) আৰু পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে। স্নাতক অধ্যয়নৰ সময়ত মোবাৰকে বিশ্ব বেংক(World Bank) আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ(International Monetary Fund) পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। ২০০২ চনৰ পৰা ২০০৭ চনলৈ ক’লৰাডো বিশ্ববিদ্যালয়ত সহকাৰী
অধ্যাপক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে। ২০০৬ চনত ইয়েল স্কুল অৱ মেনেজমেণ্টৰ অতিথি অধ্যাপক হিচাপে অধ্যাপনা কৰাৰ পাছত, ২০০৭ চনত তেওঁ ইয়েল
স্কুল অৱ মেনেজমেণ্টত স্থায়ীভাৱে যোগদান
কৰে। আৰু পৰবত্তী সময়ত সহযোগী অধ্যাপক আৰু
২০১৫ চনত পূৰ্ণ অধ্যাপক হিচাপে পদোন্নতি হয়। ইয়াৰ উপৰিও তেওঁ Abdul Latif Jameel Poverty Action Lab(Global Research
Center Working to Reduce Poverty, চমুকৈ J-PAL) ৰ নগৰ সেৱা
পদক্ষেপ, পৰিৱেশ আৰু শক্তি খণ্ডৰ সহঅধ্যক্ষ। লগতে তেওঁ International Growth Center(চমুকৈ IGC)ৰ বাংলাদেশৰ মুখ্য পৰামৰ্শদাতা। তেওঁৰ
গৱেষণাৰ প্ৰধান বিষয় হ’ল উন্নয়নশীল দেশসমূহৰ পৰিৱেশৰ লগত জড়িত সমস্যা।
মোবাৰকৰ
গৱেষণাৰ কাম বিশ্বৰ প্ৰসিদ্ধ গৱেষণা পত্ৰিকা সমূহত প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত Econometrica, Science, American Economic Review, Review
of Economic Studies, The American Political Science Review, Nature, Proceedings
of the National Academy of Sciences, Demography ইত্যাদি। ইয়াৰ
উপৰিও তেওঁৰ কামৰ খতিয়ান বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যম যেনে The New York
Times, The Economist, NPR, BBC, NBC, The Washington Post, Wall Street Journal,
Science, Nature, The Times of London আদিয়ে অতি গুৰুত্ব সহকাৰে
দাঙি ধৰিছে। শেহতীয়াকৈ কভিডৰ সময়তো মোবাৰকে উন্নয়নশীল দেশসমূহত দেখা দিয়া বহুটো
সমস্যাৰ সমাধান আগবঢ়াই বাংলাদেশ, ভাৰত আৰু অনান্য দেশৰ চৰকাৰক বিভিন্ন পলিচি
গ্ৰহণ তথা প্ৰয়োগত সহায় কৰিছিল।
তথ্যসূত্ৰ:
1. Communicating with Farmers Through Social Networks.
Policy Brief, Innovation for Poverty Action, 2013.
2. The Human Network: How Your Social Position Determines
Your Power, Beliefs, and Behaviors. M. O. Jackson.
3. No Lean Season: Encouraging Seasonal Migration to Address
Income Insecurity. Policy Brief, Innovation for Poverty Action.
4. Social Networks Analysis in Agricultural Economics.
(Working Paper). Z. B. Howell, A. M. Mobarak.
5. The Welfare Effects of Encouraging Rural-Urban Migration.
Econometrica. D. Lagakos, A. M. Mobarak, M. E. Waugh.
6. Seasonal Poverty Drives Rural Migration. The Financial
Express. March 29, 2022.
7. Seasonal Poverty and Migration. The Financial Express.
April 1, 2022.
No comments:
Post a Comment