Sunday, March 1, 2026

মূল্যায়ন ভোটিং আৰু অনান্যঃ গণতন্ত্ৰৰ কিছু পৰীক্ষামূলক নতুন ধাৰণা

সামাজিক মাধ্যম উদাহৰণস্বৰূপে ফেচবুক/মেটা(meta)কথা চালে দেখা যায় যে- এই মাধ্যম সমূহত উপলব্ধ হোৱা বিভিন্ন ব্যক্তিৰ পষ্ট বা অনান্য খবৰত(বিশেষকৈ ৰাজনীতিবিদ সকলৰ মন্তব্যত) দুই ধৰণৰ সম্পূৰ্ণ বিপৰীত মেৰুত(অৱস্থান কৰা) লোকৰ মন্তব্য দেখিবলৈ পোৱা যায়। ই সাধাৰণতে এখন সমাজ বা দেশৰ ব্যক্তি সকলৰ মাজত মেৰুকৰণ (বা ইংৰাজীত polarization) বৃদ্ধিকে সূচায়। মেৰুকৰণ গণতন্ত্ৰ তথা সামগ্ৰিক ভাবে এখন সমাজৰ বাবে ভাল দিশ নহয়। শেহতীয়াকৈ আমাৰ পৃথিৱীখন অতি দ্ৰুত গতিত পৰিৱৰ্তন হৈছে। ইয়াৰ লগে-লগে বিশ্বৰ দেশ সমূহে বিভিন্ন সমস্যাৰ লগতে গণতন্ত্ৰইও বিভিন্ন নতুন প্ৰত্যাহ্বানৰ সন্মুখিন হৈছে। আৰু বৰ্তমান সময়ত ই এটা অতি জটিল সমস্য ৰূপে পৰিগনিত হৈছে। সমগ্ৰ বিশ্বতে এতিয়া পৰম্পৰাগত গণতান্ত্ৰিক ব্যৱস্থাই নাগৰিকৰ সুৰক্ষা, প্ৰয়োজনীয়তা পূৰণ তথা তেওঁলোকৰ মতা-মতক প্ৰতিনিধিত্ব কৰিব নোৱাৰাৰ বাবে বিভিন্ন বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। বিশেষকৈ সংখ্যালঘুসকলক (minorities)পদ্ধতিগত বা অবাঞ্চিত ভাৱে আঁতৰাই ৰখা বা তেওঁলোকক সঠিকভাৱে প্ৰতিনিধিত্ব নকৰাৰ কাৰ্য্যই তেওঁলোকৰ মাজত প্ৰচলিত গণতন্ত্ৰিক ব্যৱস্থাৰ প্ৰতি অনাস্থাৰ সৃষ্টি হৈছে। ইয়াৰ ফলস্বৰূপে সমগ্ৰ বিশ্বতে তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ বিভিন্ন আন্দোলন, ক্ষোভৰ বহি:প্ৰকাশ দেখা গৈছে। বিশেষকৈ তেওঁলোকে ন্যায়ৰ বাবে অধিক দাবী উত্থান হৈছে। আৰু গণতান্ত্ৰিক ব্যৱস্থাক অধিক অন্তৰ্ভুক্তি (inclusive) তথা অংশগ্ৰহণমূলক(participatory democracy) কৰি তুলিবলৈ আহ্বান জনাইছে। উদাহৰণস্বৰূপে ব্লেক লাইভছ মেটাৰ আন্দোলন (Black Lives Matter movement) কৃষ্ণাংগ সম্প্ৰদায়ৰ বাবে অধিক সামাজিক স্বীকৃতি আৰু শক্তিশালী প্ৰতিনিধিত্ব বিচাৰি কৰা আন্দোলন, জলবায়ু পৰিৱৰ্তন তথা বহনক্ষম আৰু দায়বদ্ধশীল(sustainable and responsible policies) নীতি-নিৰ্ধাৰণৰ বাবে কৰা সজাগতা, লিংগ সমতাৰ অধিকাৰ অৰ্থাৎ মহিলাসকলৰ বাবে ৰাজনৈতিক প্ৰতিনিধিত্ব বৃদ্ধি কৰা (gender equality and increased political representation for women) ইত্যাদি। এই ধৰণৰ ঘটনাৰ বৃদ্ধিয়ে ইয়াৰ অন্তৰালত থকা কাৰণ সমূহ পুনৰ নিৰিক্ষন কৰাৰ সময় যে সমাগত তাৰ এটা প্ৰতক্ষ্য ইংগিত বহন কৰে।

এই আন্দোলনসমূহৰ লগতে অন্য কিছুমান ঘটনাও দেখা গৈছে। উদাহৰণস্বৰূপে-২০২০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জো বাইডেনৰ (Joe Biden) বিজয়ৰ পাছত ডনাল্ড টাম্পৰ কিছু সমৰ্থকে বৃহৎ আন্দোলন গঢ়ি তোলা আৰু আমেৰিক যুক্তৰাষ্টৰ কেপিটল হলত আক্ৰমণ (United States Capitol Attack; January 6, 2021)। ঠিক সেইদৰে বেলাৰুছত ২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত আলেকজেণ্ডাৰ লুকাচেংকোৱে(Alexander Lukashenko) জয়লাভ কৰাৰ পিছত দেশজুৰি হোৱা ব্যাপক প্ৰতিবাদ। মূলত ভোটাৰ ৰিগিং(rigging: illegally manipulate the voting process to artificially increase their votes) আৰু নিকা নিৰ্বাচন(fair election)আয়োজন অভাৱ বা বিফলতাৰ অভিযোগে বেলাৰুছত বৃহৎ গণ বিক্ষুপ দেখা যায়। এই প্ৰতিবাদ বেলাৰুছৰ ইতিহাসত সৰ্ববৃহৎ চৰকাৰ বিৰোধী প্ৰতিবাদ হিচাপে পৰিগনিত। সেইদৰে কেনিয়া টো (২০০৭-০৮) বৰ্ষত নিৰ্বাচনৰ পিছৰ হিংসাত্মক কাৰ্য্য দেখা যায়। ইয়াৰো প্ৰধান অভিযোগ ভোট গণনা পদ্ধতিত থকা ত্ৰুটিপূৰ্ণতা। শেহতীয়াকৈ আমাৰ চুবুৰীয়া দেশ বাংলাদেশটো এইধৰণৰ বহু ঘটনা দেখা গৈছে। অন্যহাতে, নাগৰিকত্ব সংশোধনী আইন (The Citizenship Amendment Act-2019, চমুকৈ CAA-2019)ৰ প্ৰতিবাদ (২০১৯-২০ বৰ্ষৰ)ভাৰতৰ শেহতীয়া ইতিহাসৰ অন্যতম বৃহৎ প্ৰতিবাদী আন্দোলন।

এই আটাইবোৰ ঘটনাৰ পৰা ইয়াকে অনুধাবন কৰিব পৰা যায় যে প্ৰচলিত গণতান্ত্ৰিক ব্যৱস্থাৰ সংস্কাৰৰ সময় ইতিমধ্যে সমাগত। অৰ্থাৎ কিদৰে সমাজৰ সকলো শ্ৰেণীৰ লোকক সিদ্ধান্ত গ্ৰহণত অধিক সুক্ষ্মভাৱে সামিল কৰিব পাৰি বা গণতান্ত্ৰিক প্ৰক্ৰিয়াত ভাগ লোৱাৰ প্ৰতি আগ্ৰহী কৰিব পাৰি তাৰ সুক্ষ্ম অধ্যয়নৰ প্ৰয়োজন। যাৰ জৰিয়তে ওপৰত উল্লেখ কৰা বিভিন্ন সমস্যা সমূহ ৰোধ কৰিব পাৰি। এইয়া তেতিয়াহে সম্ভৱ হব যেতিয়া সমাজৰ সকলো স্তৰৰ লোকে কব লগা আৰু গণতান্ত্ৰিক দেশ এখনে দিব পৰা সুবিধা, সন্মান প্ৰত্যেকজন নাগৰিকে লাভ কৰিব। অৰ্থাৎ সচাঁ অৰ্থত সকলোৰে মতামত এটা উমৈহতীয়া সিদ্ধান্তত প্ৰতিফলিত হব লাগিব।

গণতান্ত্ৰিক দেশ এখনৰ বাবে নিৰ্বাচন এটা প্ৰধান তথা মুখ্য বিবস্থা যাৰ জৰিয়তে এখন চৰকাৰ গঠন হয়। ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট, গেট বিটেইনকে ধৰি অন্য বিভিন্ন দেশত ব্যৱহাৰ কৰা এটা জনপ্ৰিয় তথা সহজ ভোটিং পদ্ধতি হল প্লৰালিটি ভোটিং (plurality rule) যাক ইংৰাজীত fast-past-the-post system বুলিও জনা যায। এই পদ্ধতিত যিজন প্ৰাৰ্থীয়ে আটাইতকৈ বেছি ভোট লাভ কৰে তেওঁ নিৰ্বাচনত জয়ী হয়। এই পদ্ধতিৰ বিভিন্ন সমস্যা আছে। ইয়াৰে আটাইতকৈ ডাঙৰ সমস্যা হল এই পদ্ধতিত অতি কম ভোট(শতাংশ হিচাপত, উদাহৰণ হিচাপে ৩৩ শতাংশ ভোট লাভ কৰিওঁ এটা দলে চৰকাৰ গঠন কৰিব পাৰে।) কিন্তু এনে হোৱাৰ ফলত বাকী ৬৭ শতাংশ লোক/ ভোটাৰৰ মতামত এক প্ৰকাৰৰ শূ্ণ্য ৰূপে পৰিগনিত হয়! এই সমস্যা আতঁৰাবলৈ অন্য কিছু ভোটিং পদ্ধতি ইতিমধ্যে আৱিস্কাৰ হৈছে। উদাহৰণস্বৰূপে- ফান্সৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ব্যৱহাৰ কৰা ভোটিং পদ্ধতিৰ কথা উল্লেখ কৰিব পাৰি। এই পদ্ধতিৰ নিৰ্বাচনত কোনো এজন প্ৰাৰ্থীয়ে মুঠ ভোটৰ ৫০ শতাংশতকৈ অধিক ভোট লাভ নকৰিলে প্ৰথম ৰাউণ্ডত বিজয়ী প্ৰাৰ্থী ঘোষণা কৰা নহয়। ইয়াৰ বিপৰীতে দ্বিতীয় ৰাউণ্ডৰ নিৰ্বাচন আয়োজন কৰা হয়। দ্বিতীয় ৰাউণ্ডৰ নিৰ্বাচনত মাত্ৰ দুজন প্ৰাৰ্থী প্ৰতিনিধিত্ব কৰিব পাৰিব। তেওঁলোক হল প্ৰথম ৰাউণ্ডত প্ৰথম আৰু দ্বিতীয় স্থানৰ ভোট লাভ কৰা দুজন প্ৰাৰ্থী। এই পদ্ধতিৰ নাম ইনটেনচ ৰানঅফ্(instance runoff/ plurality with runoff)। যি কি নহওঁক এই ধৰণৰ আৰু বিভিন্ন ভোটিং পদ্ধতি আছে। ইন্টাৰনেটত সহজে এই বিষয়ে অধিক জানিব পৰা যায়। শেহতীয়াকৈ কিছু নতুন ভোটিং পদ্ধতি তথা গণতন্ত্ৰিক ব্যৱস্থা এটাত কি ধৰণৰ নতুন ব্যৱস্থা, ধাৰণা অন্তৰ্ভুক্ত কৰিব পৰা যায়, যাৰ জৰিয়তে আমি ওপৰত উল্লেখকৰা সমাজৰ সকলো শ্ৰেণীৰ লোকক কি দৰে অধিক অন্তৰ্ভুক্ত ৰূপত জৰিত কৰাব পাৰি তাৰ কিছু কথা চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছে।

আমি উল্লেখ কৰিব বিচৰা প্ৰথম ভোটিং পদ্ধতিটো হল – মূল্যয়ন ভোটিং পদ্ধতি(ইংৰাজীত Assessment Voting)। এই পদ্ধতিৰ উদ্ভাৱক হল হান্স গেৰ্চবাক (Professor Hans Gersbach)। হান্স চুইজাৰলেণ্ড নাগৰিক আৰু বৰ্তমান চুইজাৰলেণ্ড ই.টি.এইচ জুৰিখ(ETH Zurich, Switzerland)ৰ অধ্যাপক। এই পদ্ধতিৰ মতে ভোটদান পদ্ধতি দুটা স্তৰত সম্পূৰ্ণ কৰা হয়। প্ৰথম পৰ্যায়ত মুঠ ভোটাৰৰ পৰা কিছু সংখ্যক ভোটাৰক যাদৃচ্ছিকভাৱে (randomly) বাছনি কৰা হয়। আৰু তেওঁলোকক ভোট দান কৰিবলৈ অনুমতি দিয়া হয়। তেওঁলোকক মূল্যয়ন গ্ৰুপ(Assessment group)বোলা হয়। এই প্ৰথম পৰ্যায়ত এজন ভোটাৰে তেওঁ প্ৰিয় প্ৰাৰ্থীক ভোট দান কৰিব পাৰে বা তেওঁ নিৰ্বাচনত ভাগ লোৱাৰ পৰা বিৰত থাকিব পাৰে। প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত ফলাফল (election result) ৰাজহুৱা কৰা হয়। অৰ্থাৎ এই ফলাফল সকলো লোকৰ বাবে জ্ঞাত(common knowledge)। দ্বিতীয় পৰ্যায়ত বাকী থকা লোক সকলে ভোটদান সম্পূৰ্ণ কৰে। দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত দুয়োটা ফলাফল যোগ কৰা হয় আৰু আটাইতকৈ বেছি ভোট লাভ কৰা প্ৰাৰ্থীজন বিজয়ী বুলি ধৰা হয়। মন কৰিব লগীয়া কথা যে দ্বিতীয় পৰ্যায়ত প্ৰথমে ভোটদান কৰিবলৈ নিৰ্বাচিত হোৱা ব্যক্তি সকল, দ্বিতীয় পৰ্যায়ত ভোটদান কৰিব নোৱাৰে।

গণতান্ত্ৰিক প্ৰক্ৰিয়া এটা উন্নত কৰিব পৰাকৈ এই মূল্যয়ন ভোটিং পদ্ধতিত কি বিশেষত্ব আছে তাক কবলৈ গলে দুই তিনিটা কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। তাৰে প্ৰথম বা মুখ্য ধাৰনা হল এই পদ্ধতিত ভোটাৰক এজন প্ৰাৰ্থীৰ বিষয়ে অধিক জানিবলৈ সময় দিয়া হৈছে। অৰ্থাৎ প্ৰথম ৰাউণ্ডৰ নিৰ্বাচন হৈ যোৱাৰ পৰা সেই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰালৈ দ্বিতীয় ৰাউণ্ডৰ ভোটাৰে যথেষ্ট সময় পায়। অন্যহাতে, এই পদ্ধতিত ভোটাৰৰ ভোটদান হাৰ বৃদ্ধি (turnout) হোৱাৰ সম্ভাৱনা অধিক। উদাহৰণস্বৰূপে, ধৰা হল এজন অযোগ্য প্ৰাৰ্থীয়ে প্ৰথম পৰ্যায়ত আটাইতকৈ বেছি ভোট লাভ কৰিছে। তেনে স্থলত দ্বিতীয় ৰাউণ্ডত ভাগ লোৱা ভোটাৰৰ সংখ্যা বেছি হব পাৰে যিয়ে প্ৰথম ৰাউণ্ডৰ ফলাফল সলনি কৰিবলৈ চেষ্টা কৰে বা কৰিবলৈ চেষ্টা কৰিব। যিটো এটা পৰ্যায়ত সম্পূৰ্ণ হোৱা ভোটিং পদ্ধতিত(যেনে প্লুৰালিটি ভোটিং পদ্ধতিত) উপলব্ধ নহয়। উলেখযোগ্য যে মূল্যয়ন ভোটিং পদ্ধতিত ভোটদান প্ৰক্ৰিয়া দুটা পৰ্যায়ত হোৱাৰ বিপৰীতে ভোটদান পদ্ধতি আমি ব্যৱহাৰ কৰা প্লৰালিটি ভোটিং পদ্ধতিৰ দৰে একে। দুটা ৰাউণ্ডত সম্পূৰ্ণ হোৱাৰ বাবে এই প্ৰক্ৰিয়া প্লুৰালিটি ভোটিং পদ্ধতিয়ে দিয়া ফলাফলতকৈ উন্নত ফলাফল লাভ কৰাৰ সম্ভাৱনা বেছি।

গণতান্ত্ৰিক ব্যৱস্থাত সংখ্যালঘুৰ সুৰক্ষা (protection of minorities) ৰাজনৈতিক দৰ্শন (political philosophy) আৰু ৰাজনীতি বিজ্ঞানৰ (political science) এটা ধ্ৰুপদী (classical) বিষয়বস্তু। গণতন্ত্ৰিক দেশ এখনত ব্যৱহাৰ কৰা ভোটিং পদ্ধতি এটাই ইয়াক প্ৰতিফলিত কৰাটো প্ৰয়োজনীয়। এই ধৰণৰ ভোটিং পদ্ধতি ইতিমধ্যে উদ্ভাৱন হৈছে। উদাহৰণস্বৰূপে সমানুপাতিক প্ৰতিনিধিত্ব ভোটিং পদ্ধতিৰ(proportional representation) কথা উল্লেখ কৰিব পাৰি। সংখ্যালঘু ভোটদান ব্যৱস্থা হৈছে এনে এক পদ্ধতি যিয়ে এজন/একাধিক ব্যক্তি বা এটা গোটক বাৰে-বাৰে শোষণৰ (repeated exploitation) বলি হোৱা বা হোৱাৰ আশংকাৰ পৰা আংশিকভাৱে হলেওঁ ৰক্ষা কৰা। এই সংখ্যালঘু ভোটদান ব্যৱস্থাৰ অন্তৰ্ভুক্ত এটা সাধাৰণীকৰণ হল- ভাৰসাম্যতা যুক্ত ভোটিং পদ্ধতি। যাক ইংৰাজীত Balanced voting ভোটিং নামেৰে নামাকৰণ কৰা হৈছে। এই পদ্ধতিও দুটা ৰাউণ্ডত সম্পূৰ্ণ হোৱা এটা ভোটিং পদ্ধতি। চমুকৈ ভাৰসাম্যতা যুক্ত ভোটিং পদ্ধতিৰ বিষয়ে কবলৈ গলে ই এটা অতি আকৰ্ষণীয় ভোটদান ব্যৱস্থা। সাধাৰণতে এই পদ্ধতি যেতিয়া একাধিক সিদ্ধান্ত একে লগে লব লগা হয় তেনে ক্ষেত্ৰত ব্যৱহাৰৰ অতি উপযোগী বুলি বিবেচিত হৈছে। ধৰা হওঁক দুটা সিদ্ধান্ত ভোটদান ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰিব লগে। এইক্ষেত্ৰত দুয়োটা সিদ্ধান্ত বেলেগ-বেলেগ কৈ ভোটদান কৰিব পাৰি। আৰু এটা সম্পূৰ্ণ সিদ্ধান্তলৈ আহিব পাৰি। কিন্তু এনে কৰিলে কেতিয়াবা কিছুমান ভোটাৰ তথা ব্যক্তি দুয়োটা সিদ্ধান্ততে পৰাজিত হব পাৰে আৰু তেওঁ কোনো এটা সিদ্ধান্তৰে লগত জড়িত হবলৈ সুবিধা নাপায়। এক কথাত কবলৈ গলে তেওঁ ভাল পোৱা বা তেওঁৰ প্ৰিয় প্ৰাৰ্থী এজন কোনো এটা পদত(position) জয়ী নোহোৱাত তেওঁ সেই ব্যৱস্থাৰ লগত নিজকে জড়িত কৰাব নোৱাৰা যেন অনুভৱ কৰে। যিটো আমাৰ নিৰ্বাচনত প্ৰায়ে দেখা যায়। বহু ভোটিং পদ্ধতিত কিছুমান সৰু গোট বা সৰু সম্পদায়ৰ ভোটাৰৰ মাজত এই বাৰে-বাৰে শোষণৰ বলি হোৱা পৰিঘটনা দেখা যায়। ভাৰসাম্য যুক্ত ভোটিং পদ্ধতিত এই কাৰ্য্য ৰোধ কৰিবলৈ চেষ্টা কৰে। অৰ্থাৎ কি দৰে আংশিকভাৱে হলেওঁ এই শোষণৰ সময়/মাত্ৰা কমাব পাৰি তাৰ ওপৰত গুৰত্ব দিয়া হয়।  

ভাৰসাম্য যুক্ত ভোটিং পদ্ধতিৰ অধীনত ভোটাৰসকলে প্ৰথম পৰ্যায়ত মুখ্য বিষয়ৰ ওপৰত ভোটদান কৰিব লাগে অথবা ভোটদান কৰাৰ পৰা বিৰত থাকিব পাৰে। যিসকলে বিৰত থাকে তেওঁলোকে দ্বিতীয় পৰ্যায়ত ভোটাদান কৰিব পাৰে। ইয়াৰ লগতে প্ৰথম ৰাউণ্ডত পৰাজিতসকলে দ্বিতীয় পৰ্যায়ত পুনৰ ভোটাদান কৰিব পাৰে। ইয়াৰ বিপৰীতে প্ৰথম ৰাউণ্ডত বিজয়ী ভোটাৰ সকলে দ্বিতীয় পৰ্যায়ত ভোটদানৰ অনুমতি নাপায়। এইদৰে ভাৰসাম্য যুক্ত ভোটিং পদ্ধতিত  যিসকল ব্যক্তিয়ে মৌলিক বা মুখ্য বিষয়ৰ (fundamental direction) সিদ্ধান্তটোৰ প্ৰতি দৃঢ়ভাৱে ভোটদান কৰিবলৈ নিবিচাৰে, তেওঁলোকে প্ৰথম পৰ্যায়ত ভোটদান নকৰি নিজৰ ভোটাধিকাৰ দ্বিতীয় পৰ্যায়ত নিশ্চিত ভোটাধিকাৰৰ সাবস্ত কৰিবলৈ সক্ষম হয়। লগতে যিসকল ভোটাৰ প্ৰথম মৌলিক/মুখ্য সিদ্ধান্তৰ দিশত ভোট দিছিল কিন্তু পৰাজিত হৈছিল তেওঁলোকক দ্বিতীয় ৰাউণ্ডত ভোটাধিকাৰৰ দ্বাৰা ক্ষতিপূৰণ (প্ৰতিনিধিত্ব বৃ্দ্ধিৰ সুবিধা) প্ৰদান কৰা হয়। ভাৰসাম্য যুক্ত ভোটিং পদ্ধতিত কিদৰে এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় তাৰ এটা উদাহৰণ তলত দাঙি ধৰা হৈছে। ধৰাহওঁক পাঁচজন বন্ধুৰ এটা দলে বন্ধৰ দিনত একেলগে কটাবলৈ পৰিকল্পনা কৰিছে। তেওঁলোকৰ মাজত দেখা দিয়া দুটা সিদ্ধান্ত হৈছে যথাক্ৰমে কোনোখন দেশত ফুৰিবলৈ যাব? আৰু দ্বিতীয় বা অনুষাংগিক ভাবে লব লগা সিদ্ধান্ত হ- যি দেশতে যাওঁক তাত তেওঁলোকে কি কৰিব? প্ৰথম ৰাউণ্ডত দুখন দেশ ক্ৰমে ফ্ৰান্সলৈ যাব নে ইটালীলৈ যাব সেই বিষয়ে ভোটদানৰ জৰিয়তে সিদ্ধান্ত উপনীত হব। আৰু তাৰ পিছত সেই দেশত চাইকেলেৰে(Bicycle) ভ্ৰমণ কৰিব নে হাইকিং(পৰ্বতাৰোহণ/ Hiking) ভ্ৰমণৰ সোৱাদ লব তাৰ মাজৰ পৰা এটা বাছনি কৰা। ধৰাহওঁক পাঁচজন বন্ধু ক্ৰমে- ’, ‘’, ‘’, ‘’, আৰু

উদাহৰণ:1 প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। প্ৰাৰ্থী = {ফান্স, ইটালী}। ভোটাৰ , আৰু এ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰিবলৈ ঠিৰ কৰিলে। তেওঁলোকৰ ভোটদানৰ পৰিসংখ্যা এই ধৰণৰ আৰু ই ফান্সক ভোট কৰিছে আৰু ই ইটালী। অৰ্থাৎ 2:1 ত ফান্স বিজয়ী। এই পৰ্যায়ত ভোটাৰ আৰু বিজয়ী ভোটাৰ বোলা হয়। তেওঁলোকে দ্বিতীয় পৰ্যায়ৰ ভোটদানত অংশ কৰিব নোৱাৰে। অন্যহাতে ভোটাৰ যি প্ৰথম পৰ্যায়ৰ ভোটদান পদ্ধতিত হাৰিছে তেওঁৰ লগতে ভোটাৰ আৰু ই দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়াত ভাগ লব পাৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী = {চাইকেল, হাইকিং}। এই পৰ্যায়ত ভোটাৰ আৰু ই চাইকেল লৈ ভ্ৰমণ কৰাৰ সপক্ষে ভোট দিয়াৰ বিপৰীতে ভোটাৰ ই হাইকিংৰ সপক্ষে ভোট দিয়ে। অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত চাইকেল লৈ ভ্ৰমণ কৰাৰ সিদ্ধন্ত 2:1 ত বিজয়ী হয়। আৰু শেষত গ্ৰুপটোৱে ফান্সত চাইকেলৰ ভ্ৰমণৰ সিদ্ধান্ত (ফান্স, চাইকেল) লোৱা হল। এই প্ৰক্ৰিয়াত মাত্ৰ এজন ভোটাৰ এ তেওঁৰ বিচৰা মাধ্যমৰ (হাইকিংৰ) পৰা বঞ্চিত হয়। ৰ দেশ লৈ কোনো পিফাৰেন্স নাই (যিহেতে তেওঁ প্ৰথম ৰাউণ্ডৰ নিৰ্বাচনত ভাগ লবলৈ বিচৰা নাই)। অন্যহাতে, আৰু এ তেওঁলোকে বিচৰা দেশখন ত লাভ কৰিছে। এ তেওঁ বিচৰা দেশ লাভ কৰা নাই যদিওঁ তেওঁ বিচৰা চাইকেলেৰে ভ্ৰমণৰ সুবিধা লাভ কৰিছে। ৰ কোনো দেশৰ প্ৰতি পিফাৰেন্স নাই। কিন্তু তেওঁ বিচৰা চাইকেলেৰে ভ্ৰমণৰ সুবিধা লাভ কৰিছে। অৰ্থাৎ পাছজন ভোটাৰৰ চাৰি জনেই তেওঁলোকে বিচৰা দুটাৰ ভিতৰত এটা পাবলৈ সক্ষম হৈছে। অৰ্থাৎ বাৰে বাৰে শোষণৰ বলি হোৱা আংশিকভাৱে কমাবলৈ সক্ষম হৈছে।       

যদিওঁ ওপৰত উল্লেখ কৰা ভাৰসাম্য যুক্ত ভোটদান প্ৰক্ৰিয়াৰ এটা সহজ আৰু আৰ্কষণীয় উদাহৰণ দিয়া হৈছে এই পদ্ধতিৰ দ্বাৰা বিভিন্ন জটিল আৰু প্ৰয়োজনীয় সামাজিক সিদ্ধান্ত আলোচনা কৰিব পৰা যায় বা এই ব্যৱস্থা ব্যৱহাৰ কৰা ফলত অধিক ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰথম সিদ্ধান্তই মৌলিক দিশ নিৰ্ধাৰণ কৰাত সহায়, যিটো সিদ্ধান্ত কিছুমানৰ বাবে অতি গুৰত্বপূৰ্ণ হোৱাৰ বিপৰীতে অন্য কিছুমানৰ বাবে সাধাৰণ কথা হব পাৰে। ঠিক সেইদৰে দ্বিতীয় সিদ্ধান্তও কিছু ভোটাৰৰ বাবে অন্য ভোটাৰতকৈ গুৰুত্বপূৰ্ণ হব পাৰে। ইয়াৰ এটা উদাহৰণ হ’ল গেট বিটেইনৰ ইউৰোপীয় সংঘ এৰি অহা বা সংঘৰ লগত থকাৰ সিদ্ধান্ত কথা উল্লেখ কৰিব পাৰি। প্ৰথম সিদ্ধন্তই সংঘৰ লগত থাকিব নে নথকাৰ সিদ্ধান্ত বিচাৰ কৰাৰ বিপৰীতে দ্বিতীয় সিদ্ধান্তই বিটেইনে পৰবৰ্ত্তী সময়ত ইউৰোপীয় সংঘৰ লগত কিধৰণৰ সমন্ধ ৰক্ষা কৰিব তাক বিচাৰ কৰাৰ ওপৰত ভোট দান আয়োজন কৰা হব। উল্লেখ কৰা ভাল যে বিটেইনৰ ইউৰোপীয় সংঘৰ পৰা আতঁৰি অহাৰ সিদ্ধন্তত প্লৰালিটি বা এটা পৰ্যায়ত সম্পূৰ্ণ হোৱা ভোটিং পদ্ধতিৰ দ্বাৰা আয়োজন কৰা হৈছিল। আৰু অতি কম ব্যৱধানত ভোট লাভ কৰি বিটেইন ইউৰোপীয় সংঘৰ পৰা আঁতৰি আহিছিল। (The 2016 United Kingdom European Union membership referendum, Leave=51.89%;  remain=48.11% )

গণতান্ত্ৰিক ব্যৱস্থাৰ এটা অন্য আহোঁৱহ হল পূবৰে পৰা ক্ষমতাত থকা প্ৰাৰ্থী সকলৰ সুবিধা। অৰ্থাৎ বৰ্তমান যিজন পাৰ্থীয়ে কাৰ্যভাৰ চলাই আছে যাক ইংৰাজীত গণতন্ত্ৰত ক্ষমতাৰ সুবিধা (incumbency advantages in democracy) বুলি কোৱা হয়। ইয়াৰ সৈতে বহু সময়ত মোকাবিলা কৰাটো এটা জটিল বিষয়। কিয়নো এই ক্ষমতাৰ ভাল আৰু বেয়া দুয়োটা দিশেই মন কৰিব লগীয়া। যেনে- যেতিয়া এজন বৰ্তমানৰ বিজয়ী প্ৰাৰ্থী পুনৰ বাৰ নিৰ্বাচনত ভাগ লয়, তেতিয়া তেওঁ বেছি ভোট লাভ কৰাৰ সম্ভাৱনা থাকে। ইয়াৰ কাৰণ হল তেওঁৰ নামটো ভোটাৰে ইতিমধ্যে শুনিছে বা চিনাকি। কিন্তু অন্য এজন প্ৰাৰ্থী যি হয়টো আগৰ প্ৰাৰ্থীজনতকৈ বেছি উপযুক্ত তথাপি তেওঁ নিৰ্বাচনত বিজয়ী নহব পাৰে। কাৰণ তেওঁৰ নাম ভোটাৰসকলে কমকৈ জানে বা তেওঁ ভোটাৰক শাসকীয়া দলত থকা এজন প্ৰাৰ্থীৰ দৰে বিভিন্ন আচঁনি বা আৰ্থিক(monetary) সুবিধা ভোটাৰক দিব পৰা নাই! এইটোৱে দুজন নিৰ্বাচনত প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থীৰ মাজত এটা পাৰ্থক্য(অসমতা/ Inequality)আনি দিয়ে। অন্যহাতে, ইয়াৰ এটা ধনাত্নক দিশো আছে। উদাহৰণ হিচাপে, এই প্ৰাৰ্থী সমূহ যি ঠিক আগৰ নিৰ্বাচনত জয়ী হৈছিল আৰু আকৌ পুনৰ নিৰ্বাচনত ভাগ লবলৈ আগ্ৰহী, যিহেতু আগৰ পৰাই সেই প্ৰাৰ্থীজনে এই কামবোৰৰ লগত পৰিচিত আৰু অভি়জ্ঞতা বেছি সেইহে ভোটাৰে তেওঁক বেছি উপযোগী বুলি ভাবিবলৈ বাধ্য হয়। লগতে ইয়াৰ এটা অন্য কাৰণ হল- কিছুমান প্ৰকল্পৰ সম্পূৰ্ণ কৰিবলৈ দীৰ্ঘম্যাদী বিনিয়োগৰ প্ৰায়োজন। তেনে ক্ষেত্ৰত ভোটাৰে অনুভৱ কৰে যে নিৰ্দিষ্ট প্ৰাৰ্থীজন হাৰিলে তেওঁলোকৰ হৈ থকা বিভিন্ন প্ৰকল্প সম্পূৰ্ণ নহব পাৰে বা পলম হব পাৰে। সেইহে পুনৰ আগৰ প্ৰাৰ্থীজনক জয়ী কৰাবলৈ বাধ্য হয়। কিন্তু ই যি কি নহওঁক এই ধৰণৰ ব্যৱস্থা বা ধাৰণা মুক্ত আৰু নিকা নিৰ্বাচনৰ (free and fair election)পৰিপন্থী। অৰ্থাৎ ইওঁ এক প্ৰকাৰৰ বাৰে-বাৰে শোষণ কৰা ব্যৱস্থা।

ইনকামবেন্সি(incumbency) এই নেতিবাছক দিশ কম কৰিবলৈ অধ্যাপক হেন্সে কিছুমান নতুন ধাৰণা আগবঢ়াইছে। তেনে এটা ধাৰণা ইয়াত উল্লেখ কৰা হৈছে। যাক তেওঁ History‐bound re-elections Idea বুলি নামাকৰণ কৰিছে। এই ধাৰণাৰ মতে যদি নিৰ্বাচনত অংশ গ্ৰহণ কৰা প্ৰাৰ্থী সমূহ আগতে নিৰ্বাচন জয়ী হোৱা নাই তেনেহলে নিৰ্বাচন সাধাৰণ নিয়মৰ দ্বাৰাই সম্পৰ্ণ হব। অৰ্থাৎ আটাইতকৈ বেছি ভোট লাভ কৰা প্ৰাৰ্থীজন জয়ী হব।অৰ্থাৎ প্লাৰালিটি পদ্ধতিৰ দ্বাৰা। অন্যহাতে, যদি ইয়াৰে কোনোবা প্ৰাৰ্থী (এক বা একাধিক প্ৰাৰ্থীও হব পাৰে) আগতে নিৰ্বাচনত জয়ী হৈছে, তেতিয়া তেওঁ নিৰ্বাচনত জয়ী হবলৈ হলে তেওঁ আগতে পোৱা ভোটত কৈ অধিক ভোট লাভ কৰিব লাগিব। অৰ্থাৎ এজন incumbent প্ৰাৰ্থীয়ে তেওঁৰ আগৰ(বা অতীতৰ) নিৰ্বাচনত লাভ কৰা ভোটত (শতাংশ হিচাপত) কৈ বেছি ভোট (সৰ্বাধিক) লাভ কৰিব লাগিব। নিজৰ ভোটিং ৰেকড ভাঙিলেহে নিৰ্বাচনত জয়ী হব। কেবল বৰ্তমানৰ নিৰ্বাচনত বেছি ভোট লাভ কৰিলে নহব। যদি incumbent প্ৰাৰ্থীজনে এই পৰিমানৰ ভোট লাভ কৰিব নোৱাৰে তেতিয়া তেওঁত কৈ কম ভোট লাভ কৰা দ্বিতীয় সৰ্বোচ্চ ভোট লাভ কৰা প্ৰাৰ্থীজনক বিজয়ী প্ৰ্ৰাৰ্থী হিচাপে বাছনি কৰা হয়। কিন্তু ইয়াতে এটা কথা আছে। যদি এই ক্ষেত্ৰত দ্বিতীয় সৰ্বোচ্চ ভোট লাভ কৰা প্ৰাৰ্থীজনে প্ৰথম তথা incumbent প্ৰাৰ্থীজনতকৈ বহুত বেছি কম ভোট লাভ কৰে তেনে স্থলত সেই প্ৰাৰ্থীজন এজন ভাল প্ৰাৰ্থী নহব। এইক্ষেত্ৰত এই দুজন প্ৰাৰ্থীৰ মাজত পুনৰ নিৰ্বাচন কৰি সিদ্ধান্তলৈ আহিব পাৰি। যিটো কেতিয়াবা ফান্সৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত দেখা যায়।

এইধৰণৰ অন্য বহু ধাৰণাৰ লগতে ইলেকটনিক ভোটিং, কৃত্ৰিম বুদ্ধিমত্তা (AI), গণতন্ত্ৰত সংবাদ মাধ্যমৰ প্ৰভাৱ আদিৰ লগত গণতন্ত্ৰৰ নতুন সমন্ধ তথা নতুন প্ৰত্যাহ্বান আদিৰ বিষয়ে হেন্সে তেওঁৰ শেহতীয়া গৱেষণা পত্ৰিকা Forms of new democracy” নামৰ গৱেষণা পত্ৰিকাত বিষদভাৱে উল্লেখ কৰিছে।

তথ্যসূত্ৰ:

1.     Hans Gersbach, Forms of new democracy, Social Choice and Welfare (2024) 62:799-837, https//doi.org/10.1007/s00355-023-01505-y

লেখকৰ ঠিকনা: ঋতু দত্ত, পোষ্ট ডক্টৰেট ফেলো ফেল, অৰ্থনীতি বিভাগ, আই.আই.টি. বম্বে (মুম্বাই), ইমেইল- ritudutta150@gamil.com, ফোন-৮৮৭৬৬৫৯০৮৪

No comments:

Post a Comment

মূল্যায়ন ভোটিং আৰু অনান্যঃ গণতন্ত্ৰৰ কিছু পৰীক্ষামূলক নতুন ধাৰণা

সামাজিক মাধ্যম উদাহৰণস্বৰূপে ফেচবুক / মেটা( meta )কথা চালে দেখা যায় যে- এই মাধ্যম সমূহত উপলব্ধ হোৱা বিভিন্ন ব্যক্তিৰ পষ্ট বা অনান্য খবৰত(বিশ...