Friday, July 3, 2020

Fractional Voting বা ভগ্নাংশ ভোটিং পদ্ধতি

Fractional voting বা ভগ্নাংশ ভোটিং পদ্ধতি হল এটা অতি আমোদজনক ভোটিং পদ্ধতি। ভাৰতৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ অধ্যাপক নামবিৰে (K. K. Nambiar) ১৯৮৯ চনত এই বিশেষ ভোটিং পদ্ধতিটো উদ্ভাৱণ কৰে। এই পদ্ধতিটোৰ প্ৰধান বৈশিষ্য হ, প্ৰতিজন ভোটাৰৰ হাতত এক একক (1 unit) সংখ্যা হিচাপে থাকিব আৰু এই এক একক পৰিমানটো প্ৰতিজন ভোটাৰে প্ৰাৰ্থী সকলৰ মাজত ভগাই দিব লাগে।কিদৰে ভগাই দিব সেইয়া সম্পূণ ভোটাৰ এজনৰ ওপৰত নিৰ্ভৰ কৰে। সকলো ভোটাৰে আগবঢ়োৱা নিদিষ্ট ভেক্টৰ সমূহ শেষত যোগ (aggregate) কৰা হয় আৰু আটাইতকৈ বেছি অংশ লাভ কৰা প্ৰাৰ্থীজনক এই পদ্ধতিত বিজয়ী (winner) বুলি ধৰা হয়।
উদাহৰণঃ ধৰা হ, তিনিজন প্ৰাৰ্থী ক্ৰমা ক, খ আৰু গ আৰু দুজন ভোটাৰ, ক্ৰমে ভোটাৰ-১ আৰু ভোটাৰ-২
ভোটাৰ
প্ৰাৰ্থী-ক
প্ৰাৰ্থী-খ
প্ৰাৰ্থী-গ
 
 ০.৫
 ০.৫
 
 
 
 
 

ক ৰ মুঠ ০.৫ + = ১.৫; খ ৰ মুঠ ০.৫ + = ০.৫; গ ৰ মুঠ ০ + = |
গতিকে প্ৰাৰ্থী - ক বিজয়ী (winner)|
 তথ্যসূত্ৰ:
 ১) Fractional voting system: a voting system to circumvent Arrow's Paradox, Current Science; October 5, 1989, Vol. 58, No-19.


No comments:

Post a Comment

প্ৰথম প্ৰজন্মৰ কলেজ শিক্ষাৰ্থী, তামিলনাডু চৰকাৰ আৰু এটা বিশেষ বৃত্তি

প্ৰথম প্ৰজন্মৰ( first generation ) স্নাতক শিক্ষাৰ্থীসমূহ হ ’ ল এটা পৰিয়ালৰ প্ৰথমজন সদস্য যি মহাবিদ্যালয়ত নামভৰ্তি কৰে বা মহাবিদ্যালয় পয্যায়ত...