Showing posts with label Articles (Assamese). Show all posts
Showing posts with label Articles (Assamese). Show all posts

Friday, July 3, 2020

Fractional Voting বা ভগ্নাংশ ভোটিং পদ্ধতি

Fractional voting বা ভগ্নাংশ ভোটিং পদ্ধতি হল এটা অতি আমোদজনক ভোটিং পদ্ধতি। ভাৰতৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ অধ্যাপক নামবিৰে (K. K. Nambiar) ১৯৮৯ চনত এই বিশেষ ভোটিং পদ্ধতিটো উদ্ভাৱণ কৰে। এই পদ্ধতিটোৰ প্ৰধান বৈশিষ্য হ, প্ৰতিজন ভোটাৰৰ হাতত এক একক (1 unit) সংখ্যা হিচাপে থাকিব আৰু এই এক একক পৰিমানটো প্ৰতিজন ভোটাৰে প্ৰাৰ্থী সকলৰ মাজত ভগাই দিব লাগে।কিদৰে ভগাই দিব সেইয়া সম্পূণ ভোটাৰ এজনৰ ওপৰত নিৰ্ভৰ কৰে। সকলো ভোটাৰে আগবঢ়োৱা নিদিষ্ট ভেক্টৰ সমূহ শেষত যোগ (aggregate) কৰা হয় আৰু আটাইতকৈ বেছি অংশ লাভ কৰা প্ৰাৰ্থীজনক এই পদ্ধতিত বিজয়ী (winner) বুলি ধৰা হয়।
উদাহৰণঃ ধৰা হ, তিনিজন প্ৰাৰ্থী ক্ৰমা ক, খ আৰু গ আৰু দুজন ভোটাৰ, ক্ৰমে ভোটাৰ-১ আৰু ভোটাৰ-২
ভোটাৰ
প্ৰাৰ্থী-ক
প্ৰাৰ্থী-খ
প্ৰাৰ্থী-গ
 
 ০.৫
 ০.৫
 
 
 
 
 

ক ৰ মুঠ ০.৫ + = ১.৫; খ ৰ মুঠ ০.৫ + = ০.৫; গ ৰ মুঠ ০ + = |
গতিকে প্ৰাৰ্থী - ক বিজয়ী (winner)|
 তথ্যসূত্ৰ:
 ১) Fractional voting system: a voting system to circumvent Arrow's Paradox, Current Science; October 5, 1989, Vol. 58, No-19.


Friday, May 29, 2020

নিৰ্বাচন, লটাৰী আৰু ইটো-সিটো

শেহতীয়াকৈ শুণিবলৈ পাইছোঁ তেজপুৰ বিশ্ববিদ্যালয়ে Int. MA/ M.Sc. এন্টেস পৰীক্ষা সমূহ নপতাকৈ কেবল হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ নম্বৰৰ ভিত্তিতে ছাত্ৰ-ছাত্ৰী সকলক ছিট দিয়াৰ কথা ভাবিছে। স্বাভাৱিকতে এইয়া মুঠেই মানি লব নোৱাৰা কথা। বাৰে বাৰে নম্বৰ কেন্দ্ৰীক ব্যৱস্থা এটাৰ পৰা ওলাই অহিবলৈ চেষ্টা চলাই থকাৰ বিপৰীতে এই সিন্ধান্তই আমাক পুনৰ নম্বৰ কেন্দ্ৰীক হে কৰি তুলিব! লগতে বহুটো ছাত্ৰ-ছাত্ৰীৰ ওপৰত এইয়া এটা চৰম অন্যয় কৰা হ'ব।
কৰনাৰ বাবে বহুতো কাম বন্ধ হ! ওপৰত উল্লেখ কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ সিদ্ধান্তও লোৱা হৈছে কৰনাৰ বাবে সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাথতে পৰীক্ষা নপতাৰ সিদ্ধান্ত! অচলতে পৰীক্ষা পাতিবলৈ কিছুমান বস্ত প্ৰয়োজন, যেনে ধৰক, মানৱ সম্পদ(পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰস্তত কৰা, পৰীক্ষা চলোৱা ইত্যাদি), পৰীক্ষা আয়োজন কৰা স্থান (যেনে স্কুল, কলেজ, বিশ্ববিদ্যালয় চৌহদ ইত্যাদি)। সদ্যহতে অসমত বেছিভাগ স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰ চৌহদ সমূহ কোৱাৰেণ্টাইন কেন্দ্ৰ (চেন্টাৰ) হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। সেয়েহে চাগে পৰীক্ষা আয়োজন নকৰাৰ সিদ্ধান্ত। কিন্ত কৰনাটো কেবল আমাৰ অসমতে হোৱা নাই, সকলোতে হৈছেভাৰতৰ অন্য বিশ্ববিদ্যালয় সমূহে এতিয়াওঁ পৰীক্ষা নপতাৰ সিদ্ধান্ত লোৱা নাই। পৰীক্ষা পিচোৱাইছে। বিশ্ববিদ্যালয় এন্টেস পৰীক্ষাত কিমান ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিয়ে? যদি এই পৰীক্ষাটো পাতিব নোৱাৰে, তেতিয়া হলে ২০২১ ৰ নিৰ্বাচন পাতিব পাৰিব নে?, পতাৰ কিবা যুক্তি থাকিব নেকি?, নিৰ্বাচন এটা পৰীক্ষাত কৈ বহুত বেছি মানুহ হয়, লাইন পাতি জুম বান্ধি ভোট দিব লগা হয়, নিৰ্বাচন নপতাৰ সিদ্ধান্ত লব নেকি? (ধৰি ললো ২০২১ পযন্ত কৰনা আমাৰ মাজত থাকি গল)
লটাৰী আৰু নিৰ্বাচন:
লটাৰীৰ কথাটো সকলোৱে জানেই, বহুতৰে লটাৰী নালাগে! কিন্ত লগাৰ সম্ভৱনা সকলোৰে থাকে!  সেয়েহে আমি প্ৰথমে নিৰ্বাচনৰ কথাৰেই আৰম্ভ কৰো। নিৰ্বাচন নো কিয় পাতিব লাগে? নিৰ্বাচন পাতি আমাৰ কিবা লাভ হয় নেকি? আপোনাৰ ভোটৰ কিবা মূল্য আছে নেকি? মই ভোট দিয়া নাই, আপুনি ভোট দিছে তাৰ পিছত আপুনি মোতকৈ কিবা বেছি ভাল জীৱন পাইছে নেকি? সুবিধা বেছি পাইছে নেকি? ভাল বতাহ পাইছে নেকি?, ভাল পানী পাইছে নেকি?  এটা উদ্বেগহীন জীৱন পাইছে নেকি? আপুনি স-সন্মানে জীয়াই থাকিব পাৰিছে নেকি? অসমৰে ভিতৰতে আপুনি ভয় নকৰাকৈ ঘুৰি ফুৰিব পাৰিছে নেকি?  উত্তৰ আপোনালৈ এৰিলো।
তাতে আমাৰ ইয়াত নিৰ্বাচনৰ প্ৰাৰ্থীবোৰ যেনে যদু, মধু, ৰাম তিনিজন তিনিটা বেলেগ দলৰ হলেওঁ তেওঁলোক প্ৰায় একেই! যদু, মধু বা ৰামৰ মাজত পাৰ্থক্য নাই। নিৰ্বাচনত যদু এ জিকক বা মধু এ জিকক বা ৰামেই জিকক তাত একো বেলেগ কথা নাই! যদি যোৱা পাছ বছৰত অমুক দলৰ যদু জিকিছিল আৰু আপোনাৰ ৰাজ্যত বানপানী হৈছিল, দুনীতি হৈছিল, গড় মৰিছিল, কয়লা বিচাৰি পাহাৰ খান্দিছিল, খেতিয়কে আত্মহত্যা কৰিছিল, অহাবাৰ পাছ বছৰ অন্য এটা দলৰ মধু জিকাৰ পাছটো একেই! বানপানী থাকিব, দুৰ্নীতি থাকিব, গড় মৰিব, পাহাৰ খান্দিব, খেতিয়ক মৰিব, মানুহে কাম বিচাৰি নাপাব, একেই খেলিমেলি থাকিব। তেনেহলেঁ আপোনাৰ সেই নিৰ্বাচন পতাৰ সেই দীঘলীয়া কষ্টকৰ সাৰাশাষ্টি কিয়? শিক্ষক সকলক পঢ়া শুনাৰ পৰা আতৰাই, স্কুল কলেজবোৰ বন্ধ দি, সকলো কাম বন্ধ কৰি নিৰ্বাচন উৎসৱ পালন কৰাৰ কিবা প্ৰয়োজন আছে নেকি?? তাৰ সলনি ৰাজ্যত কি কি দীৰ্ঘদিনিয়া সমস্যা আছে সেইবোৰত গুৰুত্ব নিদিয়ে কিয়? যিহেটো আগতেই কৈছোঁ যে আমাৰ বিভিন্ন দল সমূহৰ প্ৰাৰ্থীবোৰৰ মাজত বৰ বেছি প্ৰাৰ্থক্য নাই, বা সকলোবোৰ একে বিবস্থাৰ পৰাই ওলাই আহিছে।দুই এজন আধুনিক টাইপ থাকে বা থাকিব পাৰে! দুই এটা কাম কৰে! বাকী বোৰে যিহেতু নিজে কি কৰি আছে বা পাচ বছৰত কিনো কৰিব সেইবোৰৰ বিষয়ে একো গম নাপাই!(ৰাজ্যত কি হৈ আছে)। যিহেতু এইবোৰ ইমান জটিল কমপিটিছন নহয়  সেয়েহে মন গলেই (অন্ততঃ মই এনেকৈয়ে ভাৱো) আমি নিৰ্বাচনৰ দৰে জটিল আৰু খৰছী ব্যৱস্থা এটাৰ পৰা ওলাই আহিব পাৰো!! লটাৰী এই ক্ষেত্ৰত এটা ভাল বিকল্প ব পাৰে!! 
টোকা: এইবোৰ কথাৰ কোনো লক্ষ্য উদ্দেশ্য নাই, সম্পূণ কা্ল্পনিক! আৰু মই গল্প বুলি ভাবিবলৈ ৰাইজক অনুৰোধ কৰিছোঁ।     

মূল্যায়ন ভোটিং আৰু অনান্যঃ গণতন্ত্ৰৰ কিছু পৰীক্ষামূলক নতুন ধাৰণা

সামাজিক মাধ্যম উদাহৰণস্বৰূপে ফেচবুক / মেটা( meta )কথা চালে দেখা যায় যে- এই মাধ্যম সমূহত উপলব্ধ হোৱা বিভিন্ন ব্যক্তিৰ পষ্ট বা অনান্য খবৰত(বিশ...