১৯৭৮ চনত ষ্টিভেন ব্ৰামছ্ (Steven Brams) (ৰাজনীতি বিজ্ঞানী) আৰু পিটাৰ ফিচবাৰ্ণ(Peter C. Fishburn)
(গণিতজ্ঞ) এটা নতুন ভোটিং পদ্ধতি উদ্ভাৱণ কৰে। এই পদ্ধতিটোৰ প্ৰধান বৈশিষ্য হ’ল এজন ভোটাৰে তেওঁৰ
প্ৰিয় আটাইকেইজন ব্যক্তিকে এপ্ৰুভ(Approve) কৰিব পাৰে আৰু
শেষত আটাইবোৰ ভোটাৰে আগবঢ়োৱা সিদ্ধান্তৰ পৰা আটাইতকৈ বেছি এপ্ৰুভ (Approve) লাভ কৰা
প্ৰাৰ্থীজনক বিজয়ী বুলি ধৰা হয়। সাংকেতিকভাৱে এপ্ৰুভেল (১) আৰু ডিচ-এপ্ৰুভেলক (0) ৰে বুজাব পাৰি। বত্তমানলৈকে
এপ্ৰুভেল ভোটিং পদ্ধতিৰ
সহায়ত কোনো দেশৰ সাধাৰন নিৰ্বাচন অনুষ্ঠিত হোৱা নাই যদিও বিভিন্ন বিজ্ঞান সমিতিৰ
সভ্য (fellow) নিৰ্বাচন কৰোতে এই
পদ্ধতি ব্যৱহাৰ কৰা হৈছে। উদাহৰণস্বৰপে The Mathematical Association of America (MAA),
The American Statistical Association (ASA) ইত্যাদি।
প্লুৰালিটি আৰু এপ্ৰুভেল ভোটিংৰ মাজত
পাৰ্থক্য:
প্লুৰালিটি (Plurality) আৰু এপ্ৰুভেল (Approval) ভোটিং পদ্ধতিৰ প্ৰধান পাৰ্থক্য হ’ল- প্লুৰালিটি পদ্ধতিত
এজন ভোটাৰে তেওঁৰ আটাইতকৈ প্ৰিয় প্ৰাৰ্থী জনকহে ভোট দিব পাৰে। যদি এজন ভোটাৰৰ একে
সময়তে দুজন বা তাতোধিক প্ৰাৰ্থী সমানে প্ৰিয় হয় প্লুৰালিটি পদ্ধতিত তেওঁ আটাইকে ভোট
দিব নোৱাৰে। এপ্ৰুভেল ভোটিংৰ ক্ষেত্ৰত এই সমস্যা নাই। এপ্ৰুভেল ভোটিঙত এজন
ভোটাৰে তেওঁৰ প্ৰিয় আটাইকেইজন প্ৰাৰ্থীকে এপ্ৰুভ
(Approve) কৰিব পাৰে।
ধৰা হ’ল ক, খ আৰু গ ক্ৰমে তিনিজন তিনিটা বেলেগ-বেলেগ দলৰ প্ৰাৰ্থী। প্লুৰালিটি
ভোটিং পদ্ধতিত এজন ভোটাৰে এই তিনিজন প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ এজন প্ৰাৰ্থীকে ভোট দিব
পাৰে কিন্ত এপ্ৰুভেল ভোটিং পদ্ধতিৰ সহায়ত ভোটাৰে তেওঁৰ প্ৰিয় আটাইকেইজন প্ৰাৰ্থীকে
এপ্ৰুভ কৰিব পাৰে। উদাহৰণস্বৰপে এপ্ৰুভেল ভোটিঙত এজন ভোটাৰে ক, খ আৰু গ আটাইকেইজন প্ৰাৰ্থীকে এপ্ৰুভ কৰিব পাৰে বা ক
আৰু খ (ক আৰু গ, খ আৰু গ) দুজন প্ৰাৰ্থীক এপ্ৰুভ কৰিব পাৰে বা মাত্ৰ এজন প্ৰাৰ্থী
যেনে ক (খ, গ) এপ্ৰুভ কৰিব পাৰে।
তথ্যসূত্ৰ:
১) Brams, S., & Fishburn, P., (1987)
Approval Voting, The American Political Science Review.
২) Brams,
S., & Fishburn, P., (1992) Approval Voting in Scientific and Engineering
Societies, Group Decision & Negotiation.
No comments:
Post a Comment