Thursday, May 26, 2022

টাৱাঙত তিনি দিন

টাৱাঙলৈ যোৱা কথা আছিল ২০১৪ চনতে! তেতিয়া আমি তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ। বিভিন্ন কাৰণত শেষত সেই সময়ত যোৱা নহল। ২০১৫ চনত আমি পাঠ্যক্ৰম শেষ কৰি সকলো ঘৰা-ঘৰি হলো। ব্যস্ততা বাঢ়িল! কোনোৱে আকৌ পঢ়া-শুনা আৰম্ভ কৰিলে, দুই এজনে চাকৰিৰ বাবে অসম এৰিলে। এনেকৈ কেতিয়ানো পাঁচটা বছৰ পাৰ হল কব নোৱাৰিলো! বিশ্ববিদ্যালয় এৰিলো যদিওঁ আমাৰ সেই ১০ জনীয়া চৰাইদেউ ছাত্ৰাবাসৰ(চমুকৈ চি. এম. এইচ. হোষ্টেলৰ) গণিতৰ গ্ৰুপটো থাকি গ। ব্যস্ততাৰ মাজতো প্ৰায়ে কথা হয়

২০২০ চনৰ দিনবোৰ সকলোৰে মনত আছে। অসমৰ বাহিৰত কাম কৰা প্ৰায়বোৰ লোক অসমলৈ উভতি আহিছে! বহুতে ঘৰৰ পৰাই কাম কৰিছে। ২০২০ ৰ শেষৰফালে অসমৰ পৰিৱেশ কিছু শ্বাভাৱিক কৰি দিয়া হল। সেই চেগতে আমি আকৌ টাৱাং যোৱাৰ কথা পাতিলো। এতিয়া যিহেতু আমাৰ লগৰ অসমৰ বাহিৰত কাম কৰা কেইজনো অসমতে আছেহি! এইবাৰ যেন টাৱাং যাবই লাগিব!

শেষত আমি ১৬ জানুৱাৰী, অৰ্থাৎ ঠিক মাঘ বিহুৰ পিচতেই টাৱাং যাবলৈ ঠিক কৰিলো। সেই মতেই ১৫ জানুৱাৰীত আমি সকলো তেজপুৰ পালোগৈ। তেজপুৰ পৰা টাৱাঙৰ দূৰত্ব ৩২০ কি.মি.। আৰু তাৰ পৰাই টাৱাঙলৈ চুমু চলে। টাৱাঙলৈ সকলো খাদ্য বা অন্য সামগ্ৰী তেজপুৰ হৈ এ যায়। দিপাংকৰ যোৰহাট, নলিনী ডিগবৈ, মই আৰু ডাৰিক ক্ৰমে লখিমপুৰ আৰু ধেমাজি, ঋতুপৰ্ণ শিৱসাগৰৰ পৰা! ঋতুপৰ্ণ যে টাৱাঙলৈ যাম বুলি কলে সেইটোৱে আমাৰ সকলোৰে বাবে ডাঙৰ কথা!

তেজপুৰতত আমি বেছি দেৰি ৰব নোৱাৰিলো ৰাতি থাকিলো উতপলৰ ৰোমত। উতপল ডাৰিকৰ বন্ধু! কিবা এবিধ বিনৰ সৈতে সি বৰ সুন্দৰকৈ মূৰ্গীৰ মাংস ৰান্ধি আমাক ভাত খোৱালে! আমাৰ লগত সিও যাম বুলি কোৱাত ভাল লাগিল।

১৬ জানুৱাৰী ২০২০, তেজপুৰ, ৰাতিপুৱা ২ বজাতে সাৰ পালো। নলিনী কাষৰ বিছনত শুই আছে। তাক জগাই কথা পতা আৰম্ভ কৰিলো। তাক কৈছোঁ- ঠাণ্ডা ইমান! ইয়াতেই দেখুন উঠিবলৈ দিগদাৰ পাইছোঁ, টাৱাঙত পাৰিমনে সি কৈছে তই চিন্তা নকৰ। তাৰ একো মতলবো নাই বাৰু! আগৰ পৰাই সি একে বাৰে যেতিয়ালৈ সকলো শেষ হৈ নাযায় তেতিয়া লৈকে বিশেষ টেনচন নলয়, শেষ হলেহে অলপ চিন্তা কৰে! চিন্তা কৰিলেও সি দেখাই নিদিয়ে। তাৰ confidence ভাল! তিনি মান বজাত (ৰাতিপুৱা) দিপাংকৰলৈ ফোন মাৰি তাক জগাই দিলো। দিপাংকৰ আৰু তাৰ লগত থকা ঋতুপৰ্ণক বিশ্বাস কৰিব নোৱাৰি শুই থাকিবলৈ আছে! শেষত যেনিবা সকলো ধুনীয়াকৈ পাঁচ বজাত ওলাই আহিবলৈ সক্ষম হলো। অলপ পাছতে আমাৰ গাড়ী পালেহি। তেতিয়াওঁ ভালকৈ পোহৰ হোৱা নাই! বেগ কেইটা গাড়ীৰ পিছফালে দি আমিও গাড়ীত উঠিলো গাড়ী চলিল মিছন চাৰিআলিত ঋতুপৰ্ণ আৰু দিপাংকৰ উঠিল। অলপ দূৰ গৈ পাওতেই এজন ব্যক্তিয়ে গাড়ী ৰখালে, দাইভাৰক উদ্দেশ্য কৰি কলে প্লিজ(please) ভাই লৈ যা না মাংসটো (১৫০০ দিম ভাৰা) দাইভাৰ মান্তি নহল। তেওঁ মাথো কলে আজি নোৱাৰো মই! বালিপৰা সোমালো, বালিপৰা সোমোৱাৰ লগে-লগে মায়াবি-মায়াবি ফিল(feel) এটা আহে! দুয়োফালে সেউজীয়া গছ-গছনি, তীব্ৰ গতিত পাৰ হৈ যোৱা যান-বাহন! আগতেও এইফালে কেবাবাৰো আহিছোঁ আমনি নালাগে! দাইভাৰ দাদাজন ফ্ৰী, কম্ফটেবুল! কথাৰ মাজে-মাজে দুই এটা অশ্ৰীল মাত!(দাইভাৰৰ নহয়, আমাৰ মাজৰে কাৰোবাৰ)! সকলোকে একেলগে বহু দিনৰ পাছত লগ পোৱাৰ আনন্দ! ভালুকপুং গেট পালোগৈ! ঋতুপৰ্ণে মিঠাই কিনিছে। চাহ-মিঠাই খালো। চাহ বিক্ৰী কৰা দোকানী দাদা জনক সুধিলো, টাৱাঙৰ এই কেইদিনৰ পৰিৱেশ কেনেকুৱা?  তেওঁ কলে খুব বৰফ পৰিছে। তেওঁক বিদায় জনাই পুনৰ গাড়ীত বহিলো। আমাৰ গাড়ী লাহে-লাহে ওপৰলৈ উঠিছে। ভালুকপুং পাৰ হোৱাৰ পৰাই ঠাণ্ডা অনুভৱ কৰিছোঁ। হঠাতে পাহাৰ এটাৰ পৰা পানী বাগৰি অহা দেখি গোটেই কেইটা নামি দিলো! ফটো উঠিবলে উৎপাত! ফটো উঠিলো। ৰাস্তাবোৰ ভাল হৈছে যেন অনুভৱ হয়! ঠায়ে- ঠায়ে কিছু বেয়া। সেয়া সামান্য। বহু ঠাইত ৰাস্তাৰ কাম চলি আছে। কিছু ঠাইত সৰু দুই এখন দলং বঢ়াইছে। দলং সমূহে দূৰত্ব কমাইছে।

ইয়াৰ পাছত বহু দূৰলৈ গাড়ীৰ পৰা নামিব লগা নহ। গাড়ীৰ ভিতৰৰ পৰাই অৰুণাচল প্ৰদেশৰ সৌন্দয্য উপভোগ কৰি গৈছোঁ। ডাৰিকে আগফালৰ কাষৰ চিটত বঢ়ি ৰেকডিং কৰি গৈছে। নলিনী একো মতলব নোৱোৱাকৈ বেগ কেইটাৰ লগত একেবাৰে পাছফালে বঢ়ি গৈছে। ঋতুপৰ্ণই ইতিমধ্যে সোঁফালৰ খিৰিকিৰ কাষৰ চিট লৈছে। দুৱাৰখন কেনেবাকৈ খুলি গলে সি একেবাৰে পাহাৰৰ তলত ...!! যিহেতু সোঁফালে একো নাই! মুকলি! দিপাংকৰে কৈছে- আহোতে অলপ ৰিস্কি(Risky) হব- যিহেতু আমি মুকলি চাইদে দি আহিব লাগিব! কথাটো হয়। সেই কথা এতিয়া চিন্তা নকৰাই ভাল! গৈ পোৱাটোৱে মেইন!

১২ মান বাজিল সময়ৰ লগত ইতিমধ্যে আমাৰ সমন্ধ নাইকিয়া হৈছে! কাৰণ আমি পাঁচ বজাতেই ওলাইছোঁ। ভোক লাগিছে! নাগ মন্দিৰ বুলি কয় ঠাই খিনি, এই ফালৰ পৰা যোৱা গাড়ীবোৰ ভাত/চাহ খাবলৈ হয়টো এই ঠাইতে ৰাখে! এখন দোকানৰ ফলকত লিখা আছে- নাগ মন্দিৰ, ৱেষ্ট কামেং ডিষ্টিক। অৰুণাচল প্ৰদেশৰ জিলা সমূহৰ নামবোৰ শুনি ভাল লাগে! ৱেষ্ট কামেং, ইষ্ট কামেং, পাপুম পাৰে ইত্যাদি! কিবা এটা বেলেগ! আমাৰ দৰে নহয়! ইতিমধ্যে আমি কাঠৰে নিৰ্মিত হোটেল খনত বঢ়ি খাবলৈ কি পোৱা যায় তাকে সুধিছোঁ! ভাত, ৰুটি সকলো আছে। ৰুটি খোৱাৰে ঠিক কৰিলো। গাহৰি খোৱা হল। গাহৰিৰ মাংস কিছু গোন্ধাইছে। পুৰণি মাংস হয়টো! যোৱাকালি বা তাৰো আগৰ! মাংস অসমৰে পৰা আহে বোলে। তাতে কাম কৰা বাইদেউ এগৰাকীয়ে কলে। হয়টো আহি পাওতে দেৰি হয়! বা থাকি যোৱা কালিৰ মাংস আহে! তলৰ পৰা (অসমক তলৰ বা নিচে বুলি কয় ইয়াত) পুনৰ গাড়ীত উঠিলো। অলপ দূৰ গৈয়ে ৰৈ যাব লগা হল ৰাস্তা বনাই আছে। উপাই নাই। ৰৈ থাকিলো। দহ/বিছ মিনিট যেন সময়... যাব দিয়া হল। গৈ আছোঁ এফালে পাহাৰ, এফালে খালী... নিৰন্তৰ গতিত ওপৰলৈ উঠিছোঁ। এটা পাকত বহুত তলত আপুনি উঠি অহা ৰাস্তাটো দেখা পোৱা যায়। এইদৰে গৈ থাকিলো। ঠায়ে-ঠায়ে Army Camp (সেনা শিবিৰ)। মানুহৰ ঘৰতকৈ আৰ্মিৰ কেম্পৰ সংখ্যাই অধিক! এটা ঠাইত আমাৰ গাড়ী ৰখালে, আমাৰ সকলোৰে ইনাৰ লাইন পামিট (Inner Line Permit) পৰীক্ষা কৰিলে। দাইভাৰ দাদা জনৰো কাগজ পত্ৰ পৰীক্ষা কৰিলে। সকলো ঠিকে আছে। যাবলৈ দিয়া হল।

গান বাজি থাকিল, ইতিমধ্যে নেটৱক সেৱা বন্ধ হৈছে জিঅৰ নেটৱক নাই। গাড়ীৰ দাদাক সুধিলো চেলা পাছ কেতিয়া পাম (?) তেওঁ উত্তৰ দিলে- সময় লাগিব! দুই -আঢ়ৈ ঘণ্টা! আৰু দুই আঢ়ৈ ঘণ্টা চেলা পাছ পাবলৈ? অলপ শুই লব পৰা যায়! কিমান আৰু পাহাৰ চাম? আমনি লগাত আকৌ এখন হোটেলৰ নিচিনা ঠাইত ৰখা গল- ঠাণ্ডা আগত কৈ বাঢ়িছে! মেগি খোৱা হল! লগত চাহ! সুন্দৰ! আকৌ সতেজ অনুভৱ কৰিছোঁ! বিয়েৰ দুটা মান লৈ লোৱা যাওক কোনোবা এটাই চিঞৰিলে! ঠিকে-ঠিকে আৰু বহু দূৰ যাব লগা আছে। গাড়ীত কৰিবলৈও বিশেষ একো নাই। বিয়েৰ খাই-খাই গৈ থকা যাওঁক! সুন্দৰ!! গাড়ীত উঠাৰ আগেই চিগাৰেট দুডাল মান জ্বলিল! লক্ষ্য কৰিছোঁ অৰুণাচলৰ দোকান- বজাৰ প্ৰায়বোৰ মহিলা সকলেই চলাই। আমি প্ৰথমে ৰুটি খোৱা হোটেল খনৰ মালিক মহিলা, খানা দি যোৱা সকল মহিলা, আমি মেগি/চাহ খোৱা হোটেল খনৰ ক্ষেত্ৰতো একে। দুই এখনত অৱশ্যে পুৰষো নথকা নহয়। বিয়েৰ খাই -খাই গৈ থকা হ। সংগীত, বিয়েৰ, পাহাৰ আৰু খিৰিকিৰে সোমাই অহা কিছু বতাহ! পৰিৱেশটো প্ৰাণচঞ্চল হৈছে পৰিছে! কিমান দিনৰ পাছত যে এনেকৈ ওলাই অহা হৈছে! মনত নপৰে! চেলা পাছ তেতিয়াও পোৱাগৈ নাই! এখন স্কুল ছুটি দিছে— লৰা ছোৱালী বোৰ ঘৰলৈ উভতিছে! হঠাৎ মনলৈ আহিল আজি দেখুন দেওবাৰ। হয়টো কভিডৰ পৰিৱেশ অলপ ঠিক হোৱাত দেওবাৰেও ক্লাছ হৈছে! অৰ্থবা থাকি যোৱা পাঠবোৰ সম্পূৰ্ণ কৰিবলৈ। নাজানো অন্য কিবা কাৰণো হব পাৰে!! সেই ঠাই খিনিৰ নাম এতিয়া পাহৰিছোঁ কিছু দোকান -বজাৰ আছে। আকৌ ওপৰলৈ উঠিছোঁ। এৰি থৈ আহিছোঁ বহু বাট! ইতিমধ্যে বিয়েৰৰ কিছু প্ৰভাৱ পৰিছে, আৰু দাদাই চেলা পাছ পাইছোহি বুলি জনাইছে চেলা পাছ (বা চেলা গিৰিপথ) হৈছে টাৱাং জিলাৰ ভিতৰত আটাইতকৈ ওখ ঠাইত ৰাস্তা! চেলা পাছৰ বিষয়ে বহু কথা শুনিছোঁ! চেলা পাছ আৰম্ভ হোৱাৰ কিছু পাছতে ৰাস্তাৰ দুয়োকাষে বৰফ দেখা গল। সকলো নামি আহিলো। সৰুকৈ বৰষুণ পৰিছে। দুই–এখন ফটো! এইয়াই চেলা পাছচেলা পাছৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা ১৩,৬৮০ ফুট উচ্চতাত ৰাস্তাৰ দুয়ো কাষে বৰফ পৰিছিল যদিওঁ আমাৰ যাওতে একো সমস্যা হোৱা নাছিল। চেলা পাৰ হলো। ইয়াৰ পৰা টাৱাঙলৈ ৭৮ কিলোমিটাৰ বাট সমতলত সেই দূৰত্ব কোনো কথাই নহয়, পাহাৰত সেই একে দূৰত্ব অতিক্ৰম কৰিবলৈ আমাক আৰু চাৰি, চাৰে চাৰি ঘণ্টাৰ সময়ৰ প্ৰয়োজন হব! ইতিমধ্যে বতৰটো ঢোৱা বৰণীয়া কৰি আনিছে। ৰাতিপুৱাৰ দৰে সেই পোহৰ নাই! 

                                        

শেষৰটো বিয়েৰ শেষ কৰি কিছু দেৰি শুই দিয়া হল! কাৰোবাৰ মাতত সাৰ পালো। চকু মেলি দেখু আমাৰ আগত গৈ থকা গাড়ীবোৰ ৰৈ আছে। আকৌ কি নামি গৈ দেখু ইয়াতে এটা অস্থায়ী কভিড পৰীক্ষা কেন্দ্ৰ খুলিছে। টাৱাঙলৈ যোৱা পৰ্য্যতক সকলৰ কভিড পৰীক্ষা কৰিছে। গাইপতি ২৫০ টকাকৈ দি আমিও কভিড পৰীক্ষা কৰিব লগা হ। সকলো নিগেটিভ! নিগেটিভ নসলেনো কি হইমান দূৰ অহাৰ পাছত ঘূৰাই পঠাব নেকিকভিডৰ পৰীক্ষা যেতিয়া কৰিছেই সেইয়া অৰুণাচল সোমোৱাৰ সময়তে কৰিব লাগিছিল! টাৱাং পাবলৈ দুই ঘণ্টা বাকী থাকোতে নহয়। কাকো কৈ লাভ নাই। সেইহে সম্ভৱত সকলোকে নিগেটিভ ফলাফল এ দিয়া গৈছে! অলপ দূৰ খোজকাঢ়ি গৈ আকৌ এটা অস্থায়ী চেকপষ্টত সকলোৰে নাম, ঠিকনা, কৰ পৰা আহিছোঁ, দেউতাৰ নাম ইত্যাদি জনাব লগা হল। সকলো ঠিকে ঠাকে হৈ গল। হয় টাৱাঙলৈ আৰু বেছি দূৰ নাই। ইয়াৰ পৰা অতি ঠাণ্ডা আৰু আন্ধাৰ ৰাস্তাৰ মাজেৰে আমাৰ গাড়ী আগবাঢ়িল। এইখিনি ৰাস্তা পকী নহয় যেন লাগে। গাওঁৰ ৰাস্তাৰ দৰে মাজে-মাজে যেন কিছু সৰু-ডাঙৰ গাত! গাতত পানী। ঠিক তেনে! হোটেল পোৱালৈকে মাজত আমি কতো নামিব লগা নহল। হোটেল ঠিক কৰি ৰাখিছিল বন্ধুৰ বাইদেউ এ। শেষ মূহুত্ত্ত গাড়ীৰ পৰা নামি অনুভৱ কৰিছোঁ ঠাণ্ডাৰ প্ৰকোপ অতি বেছি! কোবা- কোবিকৈ হোটেলত সোমালো। হোটেলৰ লৰা এজনে ৰোমবোৰ দেখাই দি গল। আৰু কি খাম সুধি গল। ঋতুপূৰ্ণৰ গা বেয়া হৈছে! মাথা বিষ। সম্ভৱত খিৰিকীৰ কাষৰ চিটত বহি অহা বাবে ঠাণ্ডা বতাহেই তাৰ কাৰণ। বাকী সকলো ঠিকে আছে। কাৰেণ্ট নাই! থকা হলে ভাল আছিল! টাৱাঙত প্ৰায়ে কাৰেণ্ট নাথাকে বোলে! আন্ধকাৰ, শান্ত, ৰাতিৰ টাৱাং! ছয় বজাতে সকলো শেষ। দোকান- পোহাৰ সকলো বন্ধ! আমি অলপ বয়-বস্ত চিজিল কৰিলো। উতপলে কৰ পৰা জানো ৰামৰ বটল এটা আনিলে! কিছু খোৱা হল! গাটো কিছু গৰম হৈছে। ইতিমধ্যে ভাত আহিল। ভালকৈয়ে খোৱা হল। দুই এটা কথা পাতোতেই আকৌ কাৰেণ্ট গল। সকলোৱে নিজৰ-নিজৰ ৰোমলৈ গল। আমিও বিচনাত পৰি দিলো। দিনটোৰ ভাগৰ! নলিনীয়ে কলে, দেখিলা তোমাক মই চেফলি (Safely) টাৱাং লৈ আহিলো। নাৰ্জিৰে ভিডিঅ কল কৰি আমি সকলো ঠিকে আছোনে খবৰ ললে। তাৰ অলপ পাছতে নেৰিষ্টত পঢ়ি থকা চম্পকে ফোন কৰিলে। সি বৰ দুখ কৰিছে! আগতে গম পোৱা হলে সিওঁ আহিল হয় বোলে!


ৰাতি পুৱাল! ডাৰিকে মাত দিছে সাৰ পালো নে নাই বুলি? সি ডেছ- পোচাক কৰি ফিট-ফাট! বোলো কৰ পৰা আহিলা(?) অলপ মনিংৱাক! ৱাহ, ই দেখুন অলপ বেছিয়ে এডভান্স! অলপ পাছত নলিনী গল চেম্পু বিচাৰি। সি ঘূৰি নহা দেখি মই আৰু দিপাংকৰ আগবাঢ়ি গলো। ঋতুপৰ্ণৰ মাথা বিষ তেতিয়াওঁ সম্পূৰ্ণ ভাল হোৱা নাই। অলপ চিন্তা হৈছে। কালি তাক পিল-চিল খাবলৈ দিয়া হমেন্থপ্লাছ দি মাথা মালিছ কৰি দিয়া হৈছে। তথাপি ভাল পোৱা নাই। তাক নজগোৱাকৈ এবাৰ চাই আহিলো। নলিনীক বাটত লগ নাপালো। আমি হোটেলৰ পৰা আগবাঢ়ি গলো সি হয়টো আনটো বাটেৰে তললৈ গল! আমিও আগবাঢ়িলো। দিপাংকৰে পাহাৰ এটা দেখাই কলে সেইটোলৈ উঠিব পাৰি নেকি শুই উঠি আহিছোহে মাত্ৰ, ইমান ৰাতিপুৱাই এইবোৰ ৰিস্ক লব নোৱাৰি! তাৰ লগে-লগে উত্তৰ, তই এনেকে কই দিলে কি হব আৰু!! ঠিকেই, মই এনেকৈ কৈ দিলে কি হব, ৰাতিপুৱাই পাহাৰত উঠিব লাগে এতিয়া। অলপ দূৰ খোজকাঢ়ি গৈ দেখিলো ওপৰলৈ উঠিবলৈ খট-খটি এটা আছে আধা মাটি, আধা শিলৰ। ডাইৰেক্ট পাহাৰ বগোৱাতকৈ এইফালে উঠিলে অলপ সহজ হব বুলি মই আগবাঢ়িলো! সি মোৰ পাছে-পাছে দুই এখন ফটো উঠাই লাহে-লাহে আহি আছে। ৰাস্তাৰ পৰা দুটা ফ্লৰৰ সমান উচ্চতালৈ উঠাৰ পাছত লাহেকৈ অনুভৱ কৰিছোঁ এটা বেলেগ অনুভৱ! ঠিক ভাল লগা নহয়। উশাহ লবলৈ যেন অলপ কষ্ট কৰিব লগা হৈছে তেনে কি হৈছে ঠিক ধৰিব পৰা নাই! সি এতিয়াওঁ মোতকৈ কেইটামান ষ্টেপ পাছত। তাক মাত লগালো! কলো- ফাতি গৈছে! সি সহমত জনাই কৈছে অহ বে ফাতি গৈছে। মই গম পাইছোঁ। মোৰো ফাতিছে যেতিয়া তাৰ অলপ বেছিয়ে হব! নলিনী অহা হলে চিয়ৰ(Sure) ইয়াতে শুই দিলে হয়, আৰু যাব নোৱাৰো বুলি কৈ!(এই কম্পেৰিজনবোৰ শৰীৰৰ ওজনক লৈ কৰা হৈছে!) সেই মূহুত্ত্ত মনলৈ একো বেলেগ কথা অহা নাই মাত্ৰ কেনেবাকৈ কৰবাত পানী অলপমান পোৱা যায় নেকি সেইয়াই! অলপ দূৰ আগবাঢ়ি গৈ দেখো এডাল পাইপেৰে পানী ওলাই আছে, দেখিবলৈ পৰিস্কাৰ – একো চিন্তা নকৰি তাৰে অলপ খাই দিয়া হল। পাছত গম পাইছোঁ সেই পাইপ ডাল প্ৰকৃততে কি? তেনেতে বৰ মৰম লগা সৰু পোৱালী এটাক লগ পালো! তাক অসমীয়াতে সুধিলোঁ, কিবা আছে নেকি ওচৰত চাহ খাবলৈ? সি কিবা-কিবি কবলৈ ললে! যোৱাৰ আগতে মই তাৰ সৈতে ফটো এখন উঠিলো। আজি আমাৰ টাৱাঙত প্ৰথম দিন। সেইহে আজি আমি টাৱাঙৰ ওচৰতে থকা কিছু ঠাই চাম বুলি ঠিক কৰিলোঁ। হোটেলৰ লবিতে ওচৰৰ ঠাই চাবলৈ গাড়ী পোৱা যায়। ভাৰা বেছি নহয়। টাৱাঙৰ ওচৰতে থকা কিছু চাবলগীয়া ঠাই বুলি কবলৈ গলে টাৱাং মনেষ্ট্ৰী, চাংয়াং গ্যাটচৰ (ষষ্ঠ দালাই লামা)জন্ম বাসগৃহ উৰ্গেলিং গম্পা(Urgelling Gompa), ইণ্ডো-ইণ্ডিয়ান ৱাৰ (১৯৬২) শ্মৃতি তোৰণ, নিনমে-নাইংমা-মনেষ্ট্ৰী(Kninmey-nyingma-monastery), অতি বৃহ বুদ্ধ মূৰ্তি উল্লেখযোগ্য। দুই মান বজাত হয়তো আমি ওচৰৰ ঠাই সমূহ চাই সম্পূৰ্ণ কৰিলো। নাজিৰৰ বায়ে আমাক ইতিমধ্যে ভাত খোৱাকৈ মাতি থৈছে। আমি বাৰ ঘৰলৈ গলো। বাৰ ঘৰ আমি থকা হোটেলৰ ওচৰতে। অচলতে, টাৱাঙত আমাৰ কিবা অসুবিধা হব বুলি ভাৱিয়ে বায়ে হয়টো হোটেলখন ঘৰৰ ওচৰতে ঠিক কৰি ৰাখিছিল। যোৱা কালি আমি বহু দেৰিলৈকে টাৱাং গৈ নোপোৱাত তেওঁ বহু বাৰ ফোন মাৰিছে! যিকি নহওঁক আমি ভাত খোৱাৰ আগতে বহু কথা পাতিলোঁ। বা মানে আমাৰ লগৰ নাজিৰৰ বা। আমাৰ এই প্ৰগামটোৰ মেইন মানুহটো আছিল নাজিৰ নিজে। অৰ্থাৎ ২০১৪ চনতে সি আমাক টাৱাঙলৈ লৈ যাম বুলি কথা দিছিল। কিন্ত তেতিয়া আমি যাব নোৱাৰিলো। মই ঠাণ্ডা ঠাই ভাল পাওঁ বুলি কোৱাত সি মোক বাৰে-বাৰে কৈছিল দত্ত তুমি তাত বহুত ভাল পাবা! মইয়ো তাক ধেমালিতে কওঁ এহ স্কুল বা আন কিবা কাম এটা পালে মই তাতে চেটেল হব বিচাৰোঁ। যিকি নহওঁক সি এইবাৰো আমাৰ লগত যোৱা কথা আছিল। কিন্ত শেষ মূহুত্তত তাৰ যোৱা নহল। সি নগলেওঁ এই কেইদিন একেৰাহে আমাৰ লগতে থকা নিচিনাকৈ থাকিল আৰু মাজে-সময়ে ফোন কৰি থাকিল।


বায়ে সকলোৰে লগত এফালৰ পৰা কথা পাতি গৈছে। কোন কৰ পৰা আহিছোঁ। তেওঁ কথা কোৱাৰ ষ্টাইল নাজিৰৰ দৰে একে। কথাৰ মাজে-মাজে দুই এটা কাট মাৰে, জমনি কৰি কথা কয়। আমি ভাত খালো, আকৌ চাহো খাব লগা হল। গৈযে গৰম পানী। এইটো চাগৈ তেওঁলোকৰ নিয়মে হৈ গৈছে। মানুহ গলে গৰম পানী এগিলাছ দিয়া। তেওঁলোকৰ ঘৰবোৰ পৰা পক্ষত সৰু! ঘৰ বোৰত জ্বই জ্বলাবৰ বাবে সুন্ধৰকৈ ব্যৱস্থা কৰি লোৱা আছে। তাৰ কাষে কাষে বঢ়ি আদ্দা মাৰিবলৈ ভাল। জ্বইৰ জ্বলাবৰ বাবে যথেষ্ট খৰিৰো প্ৰয়োজন হয়। বছৰি ২৫/৩০ হাজাৰ নে তেনে পৰিমাণৰ টকা খৰছ হয় খৰি যোগাৰ কৰা নামত। নহলে তেনে পৰিৱেশ থাকিব নোৱাৰি! বা স্কুলৰ শিক্ষয়তী। স্কুল ওচৰতে। অসংখ্যা কথা! বাৰ স্কুল, কলেজ, অসমৰ বিশ্বনাথ কলেজত পঢ়া দিনৰ কথা। তেতিয়া  অসমলৈ যোৱাটো যে কিমান কষ্টকৰ আছিল ইত্যাদি।

 

কথাৰ মাজতে আমি কাইলৈ মাধুৰী লেক(Sungester Lake) চাবলৈ যাম বুলি কোৱাত তেওঁলোকে এবাৰ সৰুতে স্কুলৰ পৰা লেকলৈ খোজ কাঢ়ি যোৱা কথা কলে। এবাৰ বোলে তেওঁলোকে লেকত এটা বাকচৰ ওপৰত বঢ়ি আছিল। পাছত তেওঁলোকৰ লগৰ কেইজনমানে হাঁহি-হাঁহি জনালে যে সেই বাকচত মৃত্যু হোৱা লামা এজনক ৰখা হৈছে। আগতে লেকৰ ওচৰে পাজৰে বোলে লামা সকলক এইদৰে মৃত্যুৰ পাছত থৈ দিয়া হৈছিল! এইবোৰ কথা পাতি থাকোতেই বৌদ্ধ ধৰ্ম আৰু বিশেষকৈ মনপা জনজাতিৰ লোক সকলৰ কথা ওলাল। বিশেষকৈ মনপা সকলে মৃত্যুৰ পাছত কিদৰে মৃতদেহ সৎকাৰ কৰে ইত্যাদি। তেওঁলোকৰ মৃতদেহ সৎকাৰ কৰা কেইবাটাও নিয়ম আছে। কিছু সংখ্যংকে বিশ্বাস কৰে মৃতদেহটো টুকুৰাটুকুৰকৈ কাটি নৈত উটুৱাই নিদিলে আত্মাৰ সদগতি নহয় বুলি! মৃতদেহ কটাৰো নিয়ম থাকে।মৃতদেহটো বোলে জুখি মাখি হিচাপ কৰি কৰি এশ আঠ ভাগ কৰি কাটি নৈত উটুৱাই দিয়া হয়। নৈত উটুৱাই দিয়া বাবে বোলে বহুতে নৈৰ পানী নাখায়। অন্য কিছু সংখ্যংকে মৃতদেহ এখন চকী বা অন্য তেনে সামগ্ৰীত টানকৈ বান্ধি পাহাৰ বা অন্য ওখ স্থানত ৰাখিথৈ আহে। চৰাই বা অন্য জীৱ আদিয়ে খাবৰ বাবে। অৰুণাচল প্ৰদেশৰ মনপা জনজাতিৰ এই ধৰণৰ কিছু বিশ্বাস, পৰম্পৰাৰ কিছু কথা য়েছে দৰজে ঠংচিদেৱৰ ৰচিত শৱ কটা মানুহ নামৰ উপন্যাসখনত পোৱা যায়। বাৰ ঘৰৰ আদ্দা সামৰি আমি সন্ধিয়াৰ ঠিক আগে-পাছে আমাৰ হোটেল পালোহি।   

                                                        

ভৌগোলিকভাৱে টাৱাং চীনৰ সীমান্তত অৱস্থিত। লগতে টাৱাং বা সমগ্ৰ অৰুণাচল প্ৰদেশক যে চীনে তেওঁলোকৰ দেশৰে এটা অংগ বুলি সময়ে-সময়ে দাবী কৰে সেইয়া আমাৰ বাবে নতুন কথা নহয়! সীমান্তৰ এই ঠাই খিনিক বুম লা পাছ বুলি কোৱা হয়। বুম লা লৈ যোৱা পথটোও এটা ঐতিহাসিক পথ। চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে ১৯৬২ চনত ভাৰত আক্ৰমণ কৰিছিল। ৬২ ৰ চীন-ভাৰত যুদ্ধত এই স্থানতে ভয়ংকৰ যুদ্ধ সংঘটিত হৈছিল। ইয়াৰ উপৰিও এই পাছৰ জৰিয়তে দালাই লামাই ভাৰতত প্ৰৱেশ কৰিছিল। এই বুম লা পাছটোৱে বৰ্তমান চীন আৰু ভাৰতৰ নিৰাপত্তা বাহিনীৰ বা ইণ্ডো-চাইনা সীমান্ত কৰ্মচাৰী সভা (Border Personnel Meeting point) বিষয় সম্পৰ্ক উন্নত কৰাৰ বাবে দুয়োটা সীমান্ত কৰ্মীৰ সেনাৰ মাজত নিয়মীয়া আলোচনা /বাৰ্তালাপৰ এটা উল্লেখযোগ্য কেন্দ্ৰ হিচাপে কাম কৰি আছে। ভাৰতীয়ৰ বাহিৰে অন্য দেশৰ পৰ্য্যটকক এই ঠাইলৈ যাবলৈ অনুমতি দিয়া নহয়। ভাৰতীয় সকলকো বছৰৰ সকলো সময়তে চীন সীমান্তলৈকে যাবলৈ অনুমতি নিদিয়ে! আমিও সেইহে প্ৰথমে বুম লালৈ যাম বুলি ভাৱি যোৱা নাছিলো। কিন্তু প্ৰথম দিনা আমি যিজন দাদাৰ সৈতে টাৱাঙৰ ওচৰৰ ঠাই সমূহ চাবলৈ গৈছিলো তেওঁৰ পৰা জানিব পাৰিলো যে সেই সময়ত বুম লা অৰ্থাৎ চীন সীমান্তলৈকে যাবলৈ অনুমতি দিয়া হৈছে। তেওঁৰ পৰা লগতে গম পালো যে বুম লা আৰু মাধুৰী লেকলৈ একে দিশতে যোৱা হয়। যিহেতু আমি মাধুৰী লেকলৈ যোৱা কথা আছেই সেইহে অলপো পলম নকৰি বুম লালৈ যোৱাটোও ঠিক কৰিলো। ইমান ওচৰৰ পৰা বুম লা বা চীন সীমান্তৰলৈ নোযোৱাকৈ ঘূৰি যোৱা কথা হব নোৱাৰে! অৱশ্যে, বুম লা পাছ দৰ্শন কৰিবলৈ এক বিশেষ অনুমতিৰ প্ৰয়োজন! ইয়াৰ বাবে টাৱাং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুমতি লব লগা হয়। লগতে টাৱাঙৰ ভাৰতীয় সেনাৰ ছাউনিত মোহৰ (stamp)প্ৰয়োজন। সেনাৰ মোহৰ অবিহনেবুম লালৈ যাব পৰা নাযায়। কাৰণ বাটত বহু কেইটা চেকপষ্টত এই অনুমতি পত্ৰৰ পৰীক্ষা কৰা হয়। আমি বুম লালৈ যাবলৈ পাছ বনাবলৈ প্ৰয়োজনীয় সামগ্ৰী কেইবিধ তেওঁকে গতালো

বছৰৰ বেছি ভাগ সময়ত বুম লাত অতি বেছি তুষাৰপাত হয়।তাৰফলত এই অঞ্চলটো প্ৰায়ে গোটেই বছৰজুৰি গধুৰ বৰফেৰে আবৃত হৈ থাকে। সেইহে তালৈ পৰাপক্ষত পৰ্য্যটকক যাবলৈ অনুমতি দিয়া নহয়! যি কি নহওঁক আমাৰ ভাগ্য ভাল আছিল! আমি বুম লালৈ যাবৰ বাবে প্ৰয়োজন হোৱা অনুমতি পত্ৰ লাভ কৰিলো

১৮ জানুৱাৰী ২০২১আমি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি চীন সীমান্তলৈ বুলি ৰাওনা হলো! বেছ ধুনীয়া ৰাস্তা! ৰাস্তা ধুনীয়া যদিও বুম লালৈ যোৱা ট্ৰেকটো অতি বিশ্বাসঘাতক বুলি ধৰা হয়। কেৱল এছ.ইউ.ভি. (SUVs) হে পৰামৰ্শযোগ্যআৰু সেয়াও কেৱল পৰিষ্কাৰ বতৰৰ দিনত অর্থাৎ কোনো তুষাৰপাত বা বৰষুণৰ বতৰত এই বুম লা পাছলৈ যোৱাটো সঠিক সিদ্ধান্ত নহয়! ওপৰলৈ গৈ থকা হৈছে। পাহাৰৰ মাজত ইমান কষ্টৰে ৰাস্তা নিৰ্মাণ কৰা বিআৰ. অ(Border Roads Organisation) কৰ্মী সকলৰ কষ্ট স্বীকাৰ কৰাৰ বাহিৰে উপায় নাই। তেওঁ লোকৰ ত্যাগকষ্ট অতুলনীয়। গাড়ীত পুৰণি হিন্দী চিনেমাৰ গান। আমি সৰুতে শুনা! সেই সময়ৰ গান বোৰ শুনিলে শুনি থাকিব পাৰি। এনে লাগে এই ঠাইত জীৱনৰ কোনো জটিলতা নাই! প্ৰয়োজনো অতি নিম্নতম! সময়ে এতিয়াও ইয়াত স্পষ্টকৈ অধুনিকতাৰ প্ৰলেপ সানিব পৰা নাই! গান পুৰণি মানে ১৫/২০ বছৰৰ আগৰ! প্ৰতিটো গানৰ পাছত আমিও যেন সৰুহৈ পৰিছোঁ! লৰালিৰ দিনবোৰ মনত পৰিছে! আমাৰ মাজত ইটো-সিটো কথা হৈ গৈছে যদিওঁ লগে-লগে নিজৰ জীৱনৰ কথাবোৰো যেন ভাঁহি আহিছে! গম নোপোৱাকৈয়ে আমি ডাঙৰ হৈ আহোঁ! বহু সময়ত এনে হয় নিজৰ জীৱনটোকে ঘূৰি চাবলৈ অৱকাশ নাথাকে! পাহাৰ, সাগৰ আদি বস্তবোৰেহে এই কথা অতি সুন্দৰকৈ সোঁৱৰাই দিবলৈ সক্ষম! গাড়ীৰ গ্লাছ খুলি থব নোৱাৰি! একে বাৰে বন্ধ কৰিবলৈ মন নাযায়! ঠাণ্ডা অতি বেছি কিন্তু সেই ঠাণ্ডা বতাহ বা আকৌ পাম ক? কলৈ যে গৈ আছোঁ কব নোৱাৰো! বিৰাট ভাল লাগিছে! ইয়াতে যেন থাকি দিম! গাড়ীৰ দাদা জনে কলে আমি দুই বজাৰ আগতে বুম লাৰ পৰা ওলাই দিব লাগিব। সেইহে প্ৰথমে বুম লালৈ যোৱা হওঁক। ঘূৰি আহি মাধুৰী লেকত সোমাম। টাৱাং টাউনৰ পৰা বুম লালৈ দূৰত্ব ৩৭ কি:মি: আনহাতে, টাউনৰ পৰা মাধুৰী লেকলৈ দূৰত্ব ২০ কি:মি:সেইয়াই ঠিক কৰা হল। কেইবা ঠাইতো চেক (check) কৰা হল। কোনো ধৰণৰ সমস্যা হোৱা নাই। যাবলৈ দিয়া হল। অসংখ্যা বাংকাৰ/বাঙ্কাৰ (bunker) দেখা গৈছে। বাংকাৰ হৈছে যুদ্ধৰ সময়ত শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ লগতে শত্ৰুপক্ষক আত্ৰুমণ কৰিবলৈ তৈয়াৰ কৰা সৰু আকৃতিৰ কিছুমান প্ৰতিৰক্ষামূলক সামৰিক দুৰ্গ।! যাক কংক্ৰিটৰ গাঁথনিৰে পাহাৰশিল ইত্যাদিৰ লগত সহজে চকুত নলগাকৈ তৈয়াৰ কৰা হয়। কোনোবাটো আকৃতিত কিছু ডাঙৰ! তেনে এটা বাংকাৰত সোমাই চোৱাৰ মন আছিল যদিওঁ সেইয়া নহল। এটা লেকত আমি নামিলো! লেকৰ পানী সম্পূৰ্ণ বৰফ! আমি তাতে খোজ কাঢ়িলো! ফটো উঠিলোঁ! বৰ পিচল! ভালকৈ খোজ নাকাঢ়িলে চিলিপ খাই পৰাটো শ্বাভাৱিক!

বুম লাত আমি উপস্থিত হলোহি। কিমান সময়ত আমি বুম লা পালোহি সেইয়া মনত নাই! ভাল পৰ্য্যটকৰ দৰে আমি কোন ঠাইলৈ কেতিয়া গৈছোঁকেতিয়া তাত গৈ উপস্থিত হৈছোঁকিমান সময় সেই ঠাইত ৰৈছোঁ আদিবোৰৰ বেছি ভাগেই আমাৰ মনত নাই! গাড়ীৰ পৰা নামি অনুভৱ কৰিছোঁ মুকলিত অত্যন্ত ঠাণ্ডা! বুম লা সাগৰ পৃষ্ঠৰ পৰা ১৫,২০০ ফুট উচ্চতাত অৱস্থিত।(টাৱাং চহৰখন সাগৰ পৃষ্ঠৰ পৰা ১০,০০০ ফুট আৰু চেলা পাছ সাগৰ পৃষ্ঠৰ পৰা ১৩,৬৮০ ফুট উচ্চতাত) অর্থাৎ আমি এই কেইদিনৰ ভিতৰত আটাইতকৈ উচ্চতাত থকা এটা অঞ্চলতে আহি উপস্থিত হৈছোঁ।  আমি ভাৰতীয় সেনাৰ এটা বন্ধ হলঘৰলৈ (এটা আহল-বহল কোঠালী)গলো। যত কিছু হলেও বাহিৰৰ পৰিৱেশতকৈ গৰম! কিছু দেৰি তাতে ৰলো। হলঘৰটোত বেৰত কিছুমান ফটো সজাই ৰখা হৈছে! ইয়াতে ভাৰতীয় সেনাৰ নাম আৰু বুম লাৰ নাম লিখিত কিছু বস্ত দৰ্শনাথীয়ে কিনিব পৰাকৈ ব্যৱস্থা কৰি থোৱা আছে। ইয়াৰ পাছত আমাক(আমাৰ লগতে সেই সময়ত বুম লালৈ যোৱা অন্য দুটামান গ্ৰুপক) সকলোকে শৃংখলাবদ্ধভাৱে দুটা শাৰী কৰি এজন আৰ্মীৰ বিষয়াই সীমান্তৰ একে বাৰে কাষলৈ লৈ গল! এটা সময়ত তেওঁ কিছু কথা কবলৈ আৰম্ভ কৰিলে। আমাকভাৰতৰ ফালে থকা দুটামান ঘৰ দেখাইছিল যত ওপৰত উল্লেখ কৰা বৈঠক সমূহ অনুষ্ঠিত কৰা হয়। এটা শিল দেখাইছিল যাৰ এটা ভাগ ভাৰতৰ ফালে আৰু আনটোফাল চীনৰ। যাক “Rock of Peace” বুলি কোৱা হয়! ২০০৬ চনতএই বুম লা পাছ ৪৪ বছৰৰ পাছত পুনৰ প্ৰথমবাৰৰ বাবে ব্যৱসায় তথা দুয়োখন দেশৰ ডাক কৰ্মী সকলৰ বাবে মুকলি কৰি দিয়া হৈছিল। বৰ্তমান এই ব্যৱস্থা বন্ধ হৈ আছে। আৰ্মীৰ বিষয়াজনে কেৱল বুম লা বিষয়েই কোৱা নাছিল। ৬২ ৰ চীন-ভাৰত যুদ্ধত সাহসী ভাৰতীয় সৈন্যসকলে কিদৰে কেৱল কঠোৰ জলবায়ুৰ পৰিস্থিতিৰ সন্মুখীন হোৱাই নহয় লগতে তেওঁলোকৰ চীনা সমকক্ষসকলৰ মুখামুখি হ'ব লগা হৈছিল। তাকো অতি পুৰণি অস্ত্ৰ-সস্ত্ৰৰ সহায়ত! তথাপিও তেওঁলোকে দেশৰ অখণ্ডতা ধৰি ৰাখিবলৈ অপ্ৰাণ চেষ্টা কৰাৰ কথা। চেলা পাছৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত যশৱন্ত গড় নামে এটা স্মাৰক আছে। যশৱন্ত গড় হৈছে ১৯৬২ চনত চীন-ভাৰত যুদ্ধত প্ৰাণ হেৰুওৱা সাহসী ভাৰতীয় সৈনিকসকলৰ স্মাৰক। স্মাৰকটো যশৱন্ত ৰাৱতৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে। চীনা সৈনিকে হত্যা কৰাৰ আগতে যশৱন্ত ৰাৱতে কেইবা দিন ধৰি এককভাৱে চীনা সৈন্যসকলক প্ৰতিৰোধ কৰিছিল। তেওঁক ইয়াত দেৱতা হিচাপে পূজা কৰা হয়। বিষয়াজনে যশৱন্ত ৰাৱতৰ কথাও আমাক কৈছিল। সৈনিকৰ জীৱনৰ বীৰত্বৰ কথা শুনি আমাৰ গাৰ নোম শিয়ৰি উঠিছিল! কৰবাত পঢ়িবলৈ পাইছিলো – “When You Go Home Tell Them of Us and Say for Your Tomorrow We Gave Our Today” সচাঁকৈ আমাৰ অহা কাইলৰ বাবে যেন তেওঁলোকৰ আজিৰ সমষ্ট ত্যাগ কৰিছে! বুম লাৰ পৰিৱেশে শ্বাভাৱিকতে দেশপ্ৰেমৰ অনুভূতি জাগত কৰি তুলে। বিশেষকৈ সৈনিকসকলে সীমান্তৰ সুৰক্ষা প্ৰদান কৰা কথাই। এই কঠোৰ পৰিস্থিতিত আমাৰ সেনাই কিদৰেি সীমাৰ সুৰক্ষা দিয়ে তাৰ উদাহৰণ এই বুম লা পাছ

ইয়াৰ পাছত আমি পুনৰ সকলো শৃংখলাবদ্ধভাৱে শাৰী পাতি সেই স্থানৰ পৰা উভতি আহিলো! পুনৰ আমি হলঘৰটোলৈ গলো। তাতে সেনাই প্ৰস্তত কৰা চাহ আৰু গৰম গোলাপ জামুৰ সোৱাদ ললো! বুম লাৰ ১৫,২০০ ফুট উচ্চতাত ৰৈ আমি অনেক ফটো উঠিলো! ভাৰতীয় সেনাৰ বীৰত্বৰ অলেখ কথা শুনিবলৈ পালো! কিছু দূৰতে থকা এখন আৰ্মীৰ কেফেত (cafe) বঢ়ি আকৌ মেগীচুপৰ সোৱাদ লৈ বুম লাক বিদায় জনালো!

বুম লাৰ পৰা আমি মাধুৰী লেকলৈ যাত্ৰা আৰম্ভ কৰিলো। মাধুৰী লেক পাবলৈ কিছুদূৰ থকাৰ পৰাই ৰাস্তাৰ দুয়োকাষ বৰফে আবৃত গছ-বন দেখা গল। আমি লেক পালোহি। ড্ৰাইভাৰ দাদাই আমাক এঘন্টাৰ সময় দিলে। কিন্তু গাড়ীৰ পৰা নামিয়েই যি পৰিৱেশ দেখিলো তাৰ পৰা গম পালো যে ইয়াৰ পৰা এঘন্টাত কোনো পধ্য যাব নোৱাৰি! লেক বুলিয়ে নহয় ইয়াৰ ওচৰৰ আৰু চাৰিওকাষৰ পৰিৱেশ ইমান ধুনীয়া যে তাৰ তুলনা নাই! অপূৰ্ব, মন্ত্ৰমুগ্ধকৰ! এই মাধুৰী লেকটো ভূমিকম্পত পাহাৰৰ পৰা একেলগে খহি পৰা শিল আৰু গছৰ সৃষ্টি। ইফালে-সিফালে চালোবায়ে কোৱাৰ দৰে কৰবাত বাকচত কোনোবা লামাক থৈ দিয়া হৈছে নেকি?! নাই! কিছুদূৰ গৈ আমি মাধুৰী পইন্ট বুলি লিখা এখন ফলক দেখিলো। অচলতেএই লেকটোৰ নাম চাংগেষ্টাৰ লেক (Sangestar Tso)। এই লেকতে মাধুৰী আৰু শ্বাহৰুকৰ কয়লা চিনেমাখনৰ তনহাই গানটোৰ শ্বুটিং হৈছিল...। যাৰ ফলস্বৰূপেইয়াৰ পাছৰ পৰাই এই লেকটোক মাধুৰী লেক বুলিও জনা যায়। লেকৰ পানী সম্পূৰ্ণ বৰফ(frozen) হৈ আছে! আমি লেকৰ কাষে-কাষে খোজ কাঢ়ি গৈ এখন পাতল হাবিৰ দৰে এটা স্থানত বঢ়িলো। গছবোৰত বৰফৰ কণিকা লাগি আছে। অলপ জোকাৰি দিলে বৰফৰ কণিকা সৰি পৰে! কি যে ধুনীয়া! আমি তাত দুই ঘন্টাতকৈ বেছি সময় থাকিলো! তাতে থকা এজন সেনা জোৱানে আমাৰ লগত কিছু কথা পাতিলে আমি কৰ পৰা আহিছোঁকি কৰি আছোঁ ইত্যাদি। আমিও তেওঁৰ বিষয়ে সুধিলোঁ। আমাক তেওঁলোকৰ কেফেত চাহ খাবলৈ কলে। আমি তাত চাহ-মিঠাই খালোঁ। আৰু কিছু সময়ৰ পাছত মাধুৰী লেকৰ পৰা বিদায় ললো। আমি উভতিবৰ বাবে গাড়ীত উঠিলো

মাধুৰী লেক বা বুম লা লৈ যোৱা ঠাই খিনিৰ বতৰ বৰ অনিশ্চিত। আমি অলপ দূৰ যোৱাৰ পাছতে সৰুকৈ বৰষুণ দিয়া আৰম্ভ কৰিলে। বৰষুণ দিলে ঠাণ্ডা আৰু বেছি হয়। লগতে আৰু এটা সমস্যা হল দুপৰীয়াৰ পাছৰ পৰাই এই ঠাইত visibility কমি আহে! বৰষুণ বা তুষাৰপাত হলেটো গাড়ী চলোৱাৰ যথেষ্ট ৰিস্ক আহি পৰে। বতৰ লাহে-লাহে ডাৱৰীয়া হৈ আহিল! ঠায়ে-ঠায়ে বৰষুণ! নলিনীয়ে হেলিকপ্টাৰ এখন দেখি শুধিছে- টাৱাঙৰ পৰা গুৱাহাটীলৈ যাওঁতে নহলে হেলিকপ্টাৰতে যাওঁ নেকি?! কোনোবা এটাই লগে-লগে উত্তৰ দিছে- পৱন হংসৰ (Pawan Hans) হেলিকপ্টাৰ হলে কিন্তু নাযাওঁ! আমি লাহে-লাহে আহি থাকিলো। বহুকেইঠাইত ভাৰতীয় সেনাৰ সৰু দুই-এখন কেফে! যত বিনামূলীয়াকৈ চাহ/কফি/মেগী দিয়ে! আমি ভালকৈ খায় অহাত তেনে স্থানত পুনৰ নৰলো

গাড়ীতে অলপ শুই আহিলো। টাৱাং টাউন পালোহি! আৰু দুই এটা পাক মাৰিলে আমাৰ হোটেল পামহি! ইয়াত বতৰ এতিয়াও ফৰকাল হৈ আছে। অন্তত কিছু পোহৰ আছে। আমি হোটেলৰ বাহিৰতে থকা চকীত আৰামত বঢ়ি সকলোৱে চাহ একাপ খালো। আজি আৰু আমাৰ বিশেষ প্লেন নাই। মালৈ ফোন এটা মাৰিলো। সকলো ঠিকে-ঠাকে আহি পালোহি বুলি কোৱাত ঘৰৰ মানুহো নিশ্চিন্ত যেন লাগিল! হোটেলৰ ৰোমলৈ গৈ অলপ জিৰণি লোৱা বাহিৰে আজি আৰু আমাৰ বিশেষ কাম নাই! ৰাতি আমি হোটেলতে বয়ল চবৰ্জিদালিচালাদপাপৰ আদিৰে ভাত খালো। অচলতেআমি থকা হোটেলখন এখন Pure vegetarian হোটেল। সম্ভৱত আমাৰ টাৱাং ভ্ৰমণত সেইটোৱে আটাইতকৈ ডাঙৰ ভুল সিদ্ধান্ত! আৰু এটা ভুল আছিল আমি ডিৰাংঙত নৰলো। ৰাতি ঋতুপৰ্ণউতপলনলিনীডাৰিকে বিহু গোৱা আৰম্ভ কৰিলে! বেছ ডাঙৰকৈ গান গাইছে সিহঁতে! হোটেলত থকা অন্য কাৰোবাৰ সমস্যা নহলেই হল বুলি ভাৱিছোঁ! অৱশ্যে আমি থকা হোটেলখনত এইকেইদিন বৰ বেছি মানুহ দেখা নাই! কাইলৈ উতপল আৰু ডাৰিক যাবগৈ! আমি আৰু এদিন টাৱাঙতে থাকি ২০ তাৰিখে যোৱাটো ঠিক কৰিছোঁ। 

                                                    

টাৱাঙত আজি আমাৰ তৃতীয় দিন। আজি আমি দূৰলৈ যোৱা কথা নাই! সেইহে শুই উঠা অলপ দেৰি হৈছেঁ! বিশেষ কাম নাথাকিলে অলপ দেৰিলৈকে শুই থকাটো এটা অভ্যাসে হৈছেগৈ! শুই উঠি খিৰিকিৰে পৰ্দা টানি দেখো পাতলকৈ বৰফ পৰিছে! অৰ্থাৎ আজি চহৰৰ মাজ-মজিয়াতে বৰফ! আজি জানুৱাৰীৰ ১৯ তাৰিখ। জানুৱাৰীত টাৱাঙত আটাইতকৈ বেছি ঠাণ্ডা হয়! এই সময় খিনিত পৰ্যটকৰ সংখ্যা তুলনামূলক ভাৱে কম হয়! কিন্তু আমি এই সময়তে অহাৰ সিদ্ধান্ত লৈছিলো। কাৰণ সকলোৰে সময় মিলাবলৈ বৰ জটিল! কি কৰা যায় তাকে ভাৱি আছোঁব্ৰাছ কৰিলো! ঘৰত নাথাকিলে ৰাতিপুৱা মুখ হাত ধুই ঘৰলৈ ফোন এটা কৰাটোৱে কিছু বছৰ ধৰি মোৰ প্ৰধান কামৰ ভিতৰত এটা! তাকে কৰিলোঁ। মাক কলো আজি টাৱাঙত বৰফ পৰিছে। নেটৱৰ্কৰ সমস্যা! দুই এটা কথা পাতোতেই বন্ধ হৈ গল! বা লে মেচেজ এটা কৰিলোঁ! তাইলৈ বৰফ পৰা ফটো দুখনমান পঠালোঁ! তেনেতে ইহঁত কেইটা সাজু হোৱাত আমি ৰাতিপুৱাৰ চাহ খাবলৈ ওপৰলৈ উঠি আহিলোঁ। আমি থকা হোটেলখনত বৰ সুন্দৰ চাহ তৈয়াৰ কৰে! আমাৰ হোটেল সমূহত আজিকালি ৰঙা চাহ সহজে পোৱা নাযায়! ইয়াত ৰঙা চাহ বৰ সুন্দৰকৈ তৈয়াৰ কৰা কথাটোৱে আমোদ দিছে!

আজি ৰাতিপুৱা পাঁচ বজাতেই উৎপল আৰু ডাৰিক তেজপুৰলৈ গলগৈ! সিহঁতক সাৱধানে যাবলৈ কলো! এতিয়া আমি চাৰিটা আছোঁ! হোটেলৰ ৰোমবোৰ যথেষ্ট ডাঙৰ হোৱাত আমি দুটা ৰোমৰ পৰা আজি এটা ৰোমলৈ আমাৰ বয় বস্তবোৰ লৈ আনিলোঁ! এনেই এটা ৰোমৰ ভাৰা দি থকাৰ প্ৰয়োজন নাই! যিহেতু আমি গোটেইবোৰ হোটেলত থকা সময়ত একেটা ৰোমতে বহি আদ্দা মাৰো! তেজপুৰত পঢ়ি থকা দিন বোৰলৈ মনত পৰিল! সেই সময়ত আমি প্ৰথম চেমিষ্টাৰত পঢ়ি আছোঁ। আমাৰ হাতত মাত্ৰ এটাই লেপটপ। নলিনীৰ “Sony Vaio” টো। ইফালে CBCT(Choice Based Credit Transfer)ৰ ইবটম্বি ছাৰে পঢ়িবলৈ slide ৰ ওপৰত slide দিয়ে! সেইবোৰ মোবাইলত পঢ়াওঁ দিগদাৰ। সেইসময়ত আজিৰ দৰে ভাল ফোনো নাছিল। তেতিয়া আমি কিদৰে এটা লেপটপতে পঢ়িছিলো তাৰে এখন ফটো বিচাৰি আনিছোঁ। আজি বহু বছৰৰ পাছত এখন বিছনাত বহি আকৌ আদ্দা দিয়াৰ কথাই কিবা এটা যেন মিল বিচাৰি পাইছোঁ। চাহ খাই আকৌ ৰোমলৈ গুচি আহিলো!

কাইলৈ আমি তেজপুৰ হৈ আকৌ নিজৰ নিজৰ ঠাইলৈ যামগৈ! এইকেইদিনৰ টাৱাঙৰ কথাবোৰ মনত পৰিছে। টাৱাং সচাঁকৈ এখন বৰ ধুনীয়া শান্তিপূৰ্ণ ঠাই! অলপতে ফেচবুকৰ বান্ধৱী ইপ্সিটাও টাৱাঙলৈ গৈছিল। তাই টাৱাঙত হোৱা কিছু অনুভৱ ফেচবুকতে এইদৰে লিখিছে - টাৱাঙৰ ফটো দেখি দেখিয়ে গম পাইছিলো কিমান ধুনীয়া, কিন্তু যেতিয়া নিজ চকুৰে দেখিলো তেতিয়া গম পালো টাৱাংখন সঁচাই উত্তৰ-পূবৰ স্বৰ্গ, পাইন গছৰে আৱৰা পাহাৰ পৰ্বতবোৰ, নীলা-নীলা নদীবোৰ, ঝৰ্ণা, বনৰীয়া নানাৰঙী ফুলবোৰ! এইবোৰে যিকোনো মানুহৰে মন ভাল লগাই দিব পাৰে, কোনো নিৰ্দিষ্ট ঠাইত যোৱাৰ প্ৰয়োজনেই নাথাকে যেতিয়া ৰাস্তাবোৰ ইমান ধুনীয়া হয়, মৰম লগা সহজ সৰল মানুহবোৰ, গাল ৰঙা অকমণি লৰা-ছোৱালীবোৰ, কুকুৰবোৰ এইসকলোবোৰেই মৰম লগা। গোটেই ৰাস্তাত য়েছে দৰজে ঠংচীদেৱৰ উপন্যাসবোৰৰ কথাই মনলে আহি আছিল। বহুদিন অশান্তি, ডিপ্ৰেচনত কটোৱা মানুহৰ বাবে নতুন জীৱনৰ ফিৰফিৰিয়া গোন্ধ লৈ আহিব পাৰে পাইন গছবোৰে, ঘূৰি আহিবলৈ মন নোযোৱাকৈ ধুনীয়া টাৱাংখনৰ বেলেগ কিছুমান কথাও ভাল লগা যেনেদৰে তাত যিকোনো জীৱ- জন্তু, চৰাই- চিৰিকটি হত্যা কৰাটো নিষেধ, য়াক, বনৰীয়া ঘোঁৰা, গৰু যেনেকৈ যত মন যায় চৰিব পাৰে, আনকি মাছ ধৰাটোও নিষেধ, ভৈয়ামৰ পৰা মাছ নিয়ে তালৈ, টাৱাংখন সৰহভাগ বৌদ্ধ ধৰ্মী হোৱা বাবেই এনে নিয়ম হয়তো.. বাটে বাটে ভাৰতীয় সৈন্যই চেক্ কৰে কোন কত যায়, তথাপিও মূখ্যমন্ত্ৰীৰ কনভয় যোৱাৰ সময়ত সাধাৰণ মানুহে কোনো অসুবিধাৰ সন্মুখীন নহয়, মহিলাৰ সুৰক্ষাৰ কথাও মন কৰিব লগীয়া, মাজৰাতিও ছোৱালী অকলে ঘূৰি ফুৰিব পাৰে তাত কোনো ভয় নলগাকৈ .. সঁচাকৈ ইপ্সিটাই কোৱা এই আটাইবোৰ কথা আমিও অনুভৱ কৰিছোঁ। 

কিছু বৰষুণ পৰিছে যদিওঁ সৰু-সোৰা দুই এটা বস্ত কিনিবলৈ আমি অলপমান ওলাই যাম বুলি ভাবি আছো। লগতে ডিপাংকৰে চাকৰিৰ পাৰ্টি দিয়াৰ কথা কৈ আছে! ১২ মান বজাত আমি বজাৰলৈ ওলাই গলো।

গধুলিলৈ মানে ৰাতি আজি আকৌ আমাক বায়ে ভাত খাবলৈ মাতিছে! আমাক বায়ে ইতিমধ্যে এদিন ভাত খোৱাইছেই! বাৰ কথা হল সেইদিনা বোলে ভাতৰ লগত মাছ/মাংস একো নাছিল! সেইহে আমাক আকৌ এবাৰ ভাত খাবলৈ মাতিছে! লগতে বাৰ Husband কো আমি সেইদিনা লগ পোৱা নাছিলো। তেওঁ আমাক লগ পাবলৈ মন কৰিছে!

সন্ধিয়া আমি বাৰ ঘৰ পালোগৈ। অলপ পাছতে বায়ে আমাক সুধিলে আমি বিয়েৰ চিয়েৰ কিবা খাম নেকিযদি খাওঁ দাদা/ ভিনদেউ এ লৈ আহিব! উৱাহ কি অফাৰ! কিন্তু আমি গোটেই কেইটাই নালাগে বুলি কলো! নলিনীৰ অলপ মন আছিল যদিওঁ অকলে খাবলৈ সি বেয়া পাইছে! ভিনদেউ আহিল। ভাত খোৱা লৈকে আমি বহুত কথা পাতিলো! তেওঁৰ স্কুলৰ কথা, উত্তৰ প্ৰদেশৰ কথা ইত্যাদি! তেওঁৰ ঘৰ উত্তৰ প্ৰদেশত! আমাৰ কিছুমান শিক্ষকৰ অনিয়মীয়া চাকৰিৰ দৰে তেওঁলোকৰ তাতো শিক্ষকৰ লগত একেই কিছুমান খেলি-মেলিৰ কথা। ৯ মান বজাত আমি বাৰ ঘৰৰ পৰা বিদায় ললো। বাহিৰত বৰফ অলপমান বেছিকৈ পৰা আৰম্ভ কৰিছে! বৰফেই নে সৰু বৰষুণ ঠিক ধৰিব পৰা নাই! ৰাতিৰ টাৱাং! কাৰেণ্ট নাই! বা আৰু ভিনদেউ এ আমি নালাগে বুলি কোৱাৰ পাছটো আমাক হোটেললৈকে আগবঢ়াবলৈ আহিছে। তেওঁলোকে কৈছে আমি অহাত তেওঁলোকৰ বহুত ভাল লাগিল! আমাৰো কম ভাল লগা নাই। তেওঁলোকৰ আন্তৰিকতাপূৰ্ণ মৰম আতিথ্যই আমাক মুগ্ধ কৰিছে। যেন বহু দিনৰ পাছত নিজৰ মানুহৰ ঘৰলৈহে আমি ফুৰিবলৈ আহিছিলোঁ। সঁচাকৈ বাৰ ঘৰৰ আতিথ্যই আমাৰ টাৱাং ভ্ৰমণ সম্পূৰ্ণ কৰাৰ লগতে চিৰদিনলৈ সেই আন্তৰিকতা মনত ৰৈ যাব! তেওঁলোকে আমাক একেবাৰে হোটেলৰ গেটত থৈ গলহি। লগতে কাইলৈ যাওঁতে কিবা অসুবিধা পালে ফোন কৰিবলৈ বাৰে -বাৰে কৈ গ’ল।


কালি গোটেই ৰাতি বৰফ পৰিছে! আমি আকৌ পাঁচ বজাতেই আহিবলৈ সাজু হৈছোঁ। ডাৰিক আৰু উৎপল কালি গলগৈ! কালি সিহঁতৰ গাড়ী চিলিপ মাৰি এটা সৰু দুৰ্ঘটনা হৈছে। ভাগ্য ভাল কাৰো একো হোৱা নাই। চেলা পাছত বৰফৰ বাহিৰে একো নেদেখি! আমি অহাৰ দিনাৰ দৰে নহয়! ৰাস্তাৰ কাষৰ লগতে এতিয়া ৰাস্তাৰ মাজৰ অংশও বৰফে ঢাকি ৰাখিছে। আনছাৰিয়ে দিপাংকৰক ফোন কৰি কৈছে- চিন্তাৰ কাৰণ নাই! এই সময়ত চেলাত প্ৰায় এনেকুৱাই হয়! ড্ৰাইভাৰক চকাত শিকলি(chain) বান্ধি লবলৈ কব কৈছে। ইয়াৰ আগতে আমি চকাতনো কেনেকৈ শিকলি(chain) বান্ধি গাড়ী চলোৱা হয় সেইয়া দেখা নাই। বিজ্ঞানৰ ছাত্ৰ হিচাপে এইয়া এ জানো যে তেতিয়া চকা আৰু বৰফৰ মাজত ফিকচন বেছি হয়, লগতে ব্ৰেকৰ কাৰ্য্য ক্ষমতা বাঢ়ে! ফলত চিলিপ মৰা সম্ভাৱনা কমে! সেইয়াই! আমাৰ গাড়ী আহিল। উঠাৰ আগতে সকলোৱে চকা কেইটালৈ চালো। গাড়ীত কৈ যেন এতিয়া সকলোৰে গাড়ীৰ চকাৰ ওপৰতহে বেছি গুৰুত্ব! দিপাংকৰে ড্ৰাইভাৰক লাহেকৈ কৈছে দাদা chain” বান্ধি ললে ভাল হব নেকিদিপাংকৰৰ কথাৰ সুৰৰ পৰা অনুমান কৰিছোঁ সি বুজি পাইছে যে, অৰুণাচলৰ স্থানীয় লোকক জোৰ কৰি একো কৰাব নোৱাৰি অন্ততঃ সিহঁতৰ নিজৰ ঠাইত! ড্ৰাইভাৰ দাদাজনে ভালকৈয়ে কলে যে তেওঁৰ গাড়ীৰ চকাসমূহ ডাঙৰ সেয়েহে chain বন্ধাৰ প্ৰয়োজন নাই! লগতে কলে যদি বেছি দৰকাৰ হয় তেতিয়া তেওঁ বান্ধি ল চাই লোৱা যাওঁক। আমি আহি থাকিলো! এখন হোটেলত ৰাতিপুৱাৰ আহাৰ হিচাপে ৰুটি-চবজি খোৱা হল। এটা চিগাৰেট জ্বলোৱা যাওঁক! লক্ষ্য কৰিছোঁ বিপৰীত দিশৰ পৰা যিমানবোৰ গাড়ী আহিছে- সৰু-ডাঙৰ সকলো গাড়ীতে চেইন(chain) বন্ধা আছে। ড্ৰাইভাৰ দাদাজনে আমাক মিছা মাতিছে নেকি! আকৌ এবাৰ কম নেকি? দাদা চেইন(chain) বান্ধি লওঁক বুলি! নাই নকলো। আমি আহি থাকিলো। চেলা পাছ আৰম্ভ হবলৈ আৰু বেছি দূৰ নাই। যত আমি আহোতে শেষ বাৰ নাম/ ঠিকনা/ দেউতাৰ নাম ইত্যাদি দিব লগা হৈছিল তাত আকৌ একেখিনি কাম কৰিব লগা হল। সেই চেক পষ্টতে ড্ৰাইভাৰক উদ্দেশি কলে চেইন নামাৰিলে গাড়ী যাবলৈ দিয়া নহইতিমধ্যে উল্লেখ কৰিছোৱে যে অৰুণাচলত আৰ্মী বা অন্য যিকোনো ব্যক্তিয়ে হওঁক স্থানীয় লোক সকলক বৰ বেছি কৰিবই লাগিব বুলি জোৰ নকৰে তেওঁলোকে কথাখিনি মাত্ৰ জনাই দিয়ে। সিদ্ধান্ত লোৱাটো তেওঁলোকৰ নিজৰ!! তথাপি তেওঁলোকৰ কোনোবা এজনে কোৱা শুনিলো, গাড়ী বৰফত ফচি গলে ৰাস্তা বন্ধ হৈ যাব ইত্যাদি...।

আমাৰ ড্ৰাইভাৰেও বিপৰীত দিশৰ পৰা অহা লগৰ এজনৰ চেইন কেইডাল মান গাড়ীত তুলি সেই ঠাই পাৰ হ। চেলা পাছ আৰম্ভ হল। হয়, বৰফ অহা দিনাতকৈ বহুত বেছি। ইতিমধ্যে ঋতুপৰ্ণৰ মুখৰ মাত -বোল নাইকিয়া হৈছে। সি আকৌ সেই মুকলি ফালেই বহিছে, যি ফালে পাহাৰ নাই! যত কেনেবাকৈ গাড়ীৰ দুৱাৰ খুলিলেই চিধা একেবাৰে তলত...!! নলিনী আকৌ বেগ কেইটাৰ সৈতে পাছফালে বহি চকুলৈকে টুপিটো তানি শুই আহিছে। গাড়ীত মই, দিপাংকৰ, ড্ৰাইভাৰ দাদা আৰু ড্ৰাইভাৰৰ কাষত আমাৰ লগতে একেখন গাড়ীতে অহা অন্য এজন (সৰু)লৰা সাৰ পাই আহিছোঁ। সি ধুনীয়াকৈ টাৱাঙৰ দৃশ্যবোৰ ৰেকডিং কৰি আহিছেঁ। লাহেকৈ এটা চিলিপ মাৰিল। মই দিপাংকৰৰ মুখলৈ চালো। সি গম পাইছে। বাকী কেইটা টোপনি! আমি আহি থাকিলো। চেলা পাছ এইবাৰ বহু দীঘলীয়া হৈছে! শেষ নহয় হে নহয়! এনেতে আমাৰ গাড়ীত এটা ডাঙৰ শব্দ! কিহৰ শব্দ প্ৰথমে ঠিক ধৰিব নোৱাৰিলো! ইমান ডাঙৰ যে গাড়ীৰ আইনা(গ্লাছ) ভাঙি যোৱাৰ দৰে! বৰফে ভাঙিল নেকি গ্লাছ!! ড্ৰাইভাৰক বাদ দি আমি সকলো চিন্তিত! অলপ দেৰি পাছত ড্ৰাইভাৰে লাইটাৰ এটা দেখাই কৈছে- এইটো ফুটিছিল! হয় ঠিকেই সেইটোৱে ফুটিছিল! মনতে ভাবিলো আজি দিনটো বৰ ভাল দেখা নাই। প্ৰথমে চিলিপ মাৰিছে, এতিয়া আকৌ এনেকৈ লাইটাৰ ফুটিছে। কিবা অঘটনৰ আগজাননী দিয়া নাইটো!! আমি আহি থাকিলো। শেষ নহয় হে নহয়, বৰফে –বৰফ! ৰাস্তা বন্ধ হৈছে ঠায়ে-ঠায়ে। আকৌ সেই একে ছবি! হোটেলত কাম কৰাৰ দৰে বৰফে বন্ধ কৰা পথ/ৰাস্তা সমূহ খুলিবলৈও মহিলাই কাম কৰা দেখিছোঁ। বেছিভাগ মহিলাকে দেখাত যথেষ্ট বয়স হৈছে যেন অনুমান হয়। এই দৃশ্যই মনত দুখ দিয়ে। এনেতে আমাৰ গাড়ীত এটা ডাঙৰ চিলিপ! অলপ চুচৰি আহিল!! মুহুত্ততে সকলো সাৰ পাই গল। সেইয়াই যথেষ্ট আছিল, এটা ভাল ভয় খাবলৈ! ড্ৰাইভাৰে গাড়ীখন নিয়ন্ত্ৰণত আনিলে! কাৰো মুখত মাত - বোল নাই! আমি আকৌ অন্য এটা চিলিপ খাম নেকি বুলি মনতে ভাবি থাকিলো! খাবলৈও সাজু হৈ থাকিলো!! যি কি নহওঁক সেইয়া নহল। আমি চেলা পাছ অতিক্ৰম কৰিলো! এতিয়া ৰাস্তাৰ মাজৰ কলা অংশটো দেখিবলৈ পোৱা গৈছে। ড্ৰাইভাৰ দাদাই গাড়ীৰ গতিবেগ বঢ়াই দিছে। এনেতে গাড়ী ৰখাই দিলে তেওঁ। বাহিৰলৈ যাবলৈ। লগে-লগে ঋতুপৰ্ণৰ উৎপাত আৰম্ভ হল।ৰাস্তাৰ কাষত বৰফ গোট খাই থকা ঠাইৰ পৰা সি বৰফৰ লাডু বনাই সকলোৰে গালৈ মাৰিছে! অলপ আগলৈকে তাৰ মুখত মাত-বোল নাছিল! এতিয়াৰ পৰা আৰু কিছু বেগত গাড়ী চলাব পৰা যাব। আমিওঁ আহি থাকিলো। বাটত একো অঘটন নোহোৱাকৈ আমি সন্ধিয়া তেজপুৰ পালোহি। তেজপুৰত সকলোৱে একাপ চাহ খাই আমি আকৌ নিজৰ-নিজৰ ঠাইলৈ গলোগৈ। অৱশ্যে ডিপাংকৰ, ঋতুপৰ্ণ আৰু মই আকৌ একেলগে অন্য এখন বাছত ক্ৰমে যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড়লৈ বুলি বাছত উঠিলো। নলিনী তেজপুৰতে আকৌ গাহৰি - ভাত খাবলৈ উৎপলৰ ৰোমত ৰৈ দিলে!! সি কাইলৈ লখিমপুৰলৈ যাবগৈ!

No comments:

Post a Comment

অসম সাহিত্য সভাৰ ভোটিং পদ্ধতি

অসম সাহিত্য সভাই কি ভোটিং পদ্ধতিৰ দ্বাৰা তেওঁলোকৰ প্ৰাৰ্থীসমূহ বাছনি কৰে মই নাজানো! কিন্তু তেওঁলোকৰ সভাপতি পদৰ ফলাফলৰ এখন ফটো এইকেইদিন ফেচবু...