Wednesday, November 4, 2020

২০২০ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা

লেখকদ্বয়ঃ ঋতু দত্ত, ড০ সুৰজিত বৰকটকী 

আগকথা:  সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ ব্যৱস্থাটোত কিনোতা আৰু বেচোতাৰ হাতত সামগ্ৰীৰ গুণাগুণ, মূল্য, বজাৰ দৰ আদিৰ বিষয়ে প্ৰায়েই সম্পূৰ্ণ তথ্য নাথাকে। এই ধৰণৰ অসমান তথ্য (Asymmetric information)ৰ পৰিপ্ৰক্ষিতত ক্ৰেতা আৰু বিক্ৰেতাই পৰস্পৰৰ আগত সামগ্ৰীটোৰ বিষয়ে যি তথ্য দাঙি ধৰে তাৰ ওপৰত ভিত্তি কৰিয়েই সাধাৰণতে বজাৰত ক্ৰয়-বিক্ৰয়ৰ প্ৰক্ৰিয়াটো চলি থাকে। উদাহৰণস্বৰুপে পুৰণি গাড়ী এখন কিনিবলৈ যাওঁতে ক্ৰেতাজনে মনৰ ভিতৰতে বিভিন্ন হিচাপ-নিকাচ কৰাৰ বিপৰীতে বিক্ৰেতাজনেও একে ধৰণেৰে কিছু হিচাপ-নিকাচ কৰি গাড়ীখনৰ মূল্য নিৰুপণ কৰে। কেতিয়াবা অধিক লাভৰ আশাত বিক্ৰেতাজনে প্ৰকৃত মূল্যতকৈ অধিক মূল্যত গাড়ীখন বিক্ৰী কৰাতো যেনেদৰে বাঞ্চনীয় নহয় তেনেদৰে প্ৰকৃত মূল্যতকৈ কম মূল্যত গাড়ীখন কিনাটোও কাৰো কাম্য নহয়। কিন্ত প্ৰশ্নটো হয়: এই প্ৰকৃত মূল্যটো কোনে বা কেনেকৈ নিৰ্দ্ধাৰণ কৰিব পৰা যায়?  কৃষকৰ হাতত বজাৰ দৰৰ প্ৰকৃত তথ্য নথকাৰ বাবে মধ্যভোগীয়ে বজাৰ মূল্যতকৈ বহুত কম দৰত কৃষি সামগ্ৰী ক্ৰয় কৰাৰ খবৰ আমি প্ৰায়েই পাই থাকো। এই ধৰণৰ অসমান তথ্যৰ সাৰথি কৰি যিমান পাৰি যুক্তিনিষ্ঠ ভাৱে ক্ৰেতা আৰু বিক্ৰেতাৰ সহায় হোৱাকৈ বজাৰ মূল্য নিৰুপণৰ বহুবোৰ ব্যৱহাৰিক সমাধান ইতিমধ্যে ওলাইছে। এই আটাইবোৰ সমাধানৰে মূল লক্ষ্য হল কোনো এটা সামগ্ৰীৰ মূল্য নিৰুপণ প্ৰক্ৰিয়াটো এনেদৰে প্ৰস্তত কৰা যে ক্ৰয়-বিক্ৰয় ব্যৱস্থাত ভাগলোৱা প্ৰতিজন ব্যক্তিয়েই নিজৰ সঁচা পছন্দ(True preference)অনুসৰিয়েই কিনা-বেচা কৰিব পাৰেঅৰ্থা এই ব্যৱস্থাটোৰ জড়িয়তে কোনোজন ক্ৰেতা বা বিক্ৰেতাই যাতে নিজৰ পছন্দমতে ক্ৰয়-বিক্ৰয় কৰি সন্তষ্ঠ হব পাৰে তাৰ এক বৈজ্ঞানিক ভিত্তি তৈয়াৰ কৰা হয়। গতিকে বজাৰ ব্যৱস্থাত অসমান তথ্যৰ ধাৰণাই এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। অসমান তথ্যৰ এই ধাৰণাৰ ওপৰত ভিত্তি কৰি অৰ্থনীতিৰ বিভিন্ন শাখা গঢ়ি উঠিছে। ইয়াৰ ভিতৰত প্ৰধানকৈ খেল তত্ত্ব(Game Theory) উল্লেখযোগ্য লগতে আমাৰ আলোচনাৰ বিষয় অৰ্থা ২০২০ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰা ক্ষেত্ৰ নিলাম বা নিলাম তত্ত্বও (Auction Theory) গঢ়ি উঠিছে এই অসমান তথ্যৰ ওপৰত ভিত্তি কৰি।

 সাধাৰণতে নিলাম বুলি কলে হিন্দী চিনেমাৰ সুবাদত আমাৰ এক বিশেষ প্ৰক্ৰিয়াৰ কথা মনলৈ আহে যত সৰ্বশ্ৰান্ত এজন ধনীলোকৰ ঘৰৰ সম্পত্তিবোৰ এটা এটাকৈ ডাক হৈছে আৰু তেওঁৰ প্ৰতিদ্বন্দীজনে কেতিয়াবা প্ৰয়োজনীয়কৈ অধিক মূল্যত এই সম্পত্তিবোৰ এটা এটাকৈ দখল কৰি গৈছে। কিন্ত প্ৰকৃততে নিলামৰ অৰ্থ আৰু অধিক ব্যাপক, এই বিষয়ে আমি থুলমূলকৈ এই লেখাত কবলৈ চেষ্টা কৰিম।

নিলামলৈ নোবেল বঁটা ২০২০:  আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক পল মিলগ্ৰম আৰু ৰবাৰ্ট উইলছনক ২০২০ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা আগবঢ়োৱা হয়নোবেল কমিটিৰ তথ্য অনুসৰি মিলগ্ৰম আৰু উইলছনে উদ্ভৱান কৰা নিলামৰ নতুন তত্ত্বই বিশ্বৰ বিভিন্ন দেশৰ বিক্ৰেতা, ক্ৰেতা আৰু কৰদাতাক (টেক্স পেয়াৰক) বিশেষভাৱে সহায় কৰিছে। তেওঁলোকে উদ্ভাৱন কৰা নিলামৰ নতুন পদ্ধতিয়ে পূৰ্বতে নিলাম কৰিব নোৱাৰা বহুতো সামগ্ৰী(Goods) আৰু সেৱা (Service) এই পদ্ধতিৰ সহায়ত অতি সহজে নিলাম কৰিব পৰা সম্ভৱ হৈছে

চমুকৈ নিলাম তত্ত্ব:

আগতে উল্লেখ কৰিছোঁ যে নিলাম তত্ত্ব বা চমুকৈ নিলাম আমাৰ বাবে এটা অপৰিচিত শব্দ নহয়। বিভিন্ন সময়ত বহুতো অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁলোকৰ বিভিন্ন সামগ্ৰীৰ নিলামৰ কথা ঘোষণা কৰে। বিভিন্ন সময়ত চৰকাৰে (অ)লাভদায়ক বুলি বিবেচনা কৰা তৈলক্ষেত্ৰ, বিমান বন্দৰ আদিও নিলাম কৰা কথা আমি শুনিবলৈ পাওঁ। বৰ্তমান সময়ত বিদ্যুৎ, ইণ্টাৰনেটৰ বিজ্ঞাপন, মৎস্য আহৰণৰ অনুমতি(Fishing Permits), কাৰ্বন দুষিতকৰণৰ তথ্য আহৰণ(Carbon Pollution Credits), বিমান অৱতৰণৰ ক্ষেত্ৰ (Airport Landing Slots), অনাতাঁৰ সংকেত (Radio Frequencies) ৰ পৰা আদি কৰি আই.পি.এল.(Indian Premier League) লৈকে নিলামৰ ব্যৱহাৰ দেখা যায়। এই প্ৰক্ৰিয়াত প্ৰধানকৈ দুই ধৰণৰ ব্যক্তি জড়িত থাকেতেওঁলোক হল ক্ৰমে বিক্ৰেতা আৰু ক্ৰেতাবহু সময়ত বিক্ৰেতা বা ক্ৰেতা দুই পক্ষই নিলাম কৰিব লগা সামগ্ৰীবিধৰ প্ৰকৃত মূল্যৰ বিষয়ে নাজানে। তেনে স্থলত নিলাম কৰিব লগা সামগ্ৰীবিধক আটাইতকৈ বেছি মূল্য দিবলৈ বাধ্য বা ৰাজী হোৱা জনকে সামগ্ৰীবিধ বিক্ৰী কৰা হয়

নিলামৰ ব্যৱহাৰ অতি প্ৰাচীন। খী.পূ. ৫০০ বছৰৰ আগৰ পৰাই নিলামৰ কথা বিভিন্ন ঠাইত উল্লেখ আছেনিলাম বিষয়ত গৱেষণা কৰি ইয়াৰ পূৰ্বতে উইলিয়াম ভিক্ৰে(William Vickrey) নামৰ অন্য এজন অৰ্থনীতিবিদে ১৯৯৬ চনত নোবেল বঁটা লাভ কৰিছিল। মিলগ্ৰম আৰু উইলছনৰ নিলামৰ অৱদানৰ বিষয়ে আলোচনা কৰাৰ আগতে কেইটামান সাধাৰণ নিলাম পদ্ধতিৰ (Auction format)ৰ বিষয়ে আলোচনা কৰা যাওঁক, কিয়নো এই নিলাম পদ্ধতি কেইটাৰ জড়িয়তে উল্লিখিত প্ৰায়বোৰ নিলাম কাৰ্য্য সম্পন্ন কৰা হয়।

১)ইংলিছ নিলাম(English Auction):  এজন সাধাৰণ ব্যক্তিৰ মনলৈ আহাঁ নিলাম পদ্ধটিটো হল ইংলিছ নিলাম পদ্ধতি। এই পদ্ধতিত নিলাম কৰিব লগা সামগ্ৰীবিধৰ প্ৰথমে এটা কম মূল্যৰ পৰা আৰম্ভ হৈ লাহে লাহে বাঢ়ি যায়আৰু ক্ৰেতাৰ সংখ্যা কমি আহে। একেবাৰে শেষৰ  জন ক্ৰেতাই নিলাম কৰা সামগ্ৰীবিধ লাভ কৰে আৰু তেওঁ উল্লেখ কৰা মূল্য দিব লগা হয়। এই পদ্ধতি লেহেমীয়া গতিত আগবাঢ়ে। লগতে ক্ৰেতাই তেওঁৰ লগৰ অন্য ব্যক্তি সকলে সেই সামগ্ৰীবিধক কেনেকুৱা মূল্য (Value) দিয়ে সেই বিষয়ে জ্ঞাত হৈ থাকে। সেইহে এই পদ্ধতিক মুক্ত নিলাম(Open Auction) বুলিওঁ কোৱা হয়।

২)ডাচ নিলাম(Dutch Auction): ডাচ নিলাম পদ্ধতি ইংলিছ নিলামৰ ঠিক বিপৰীত। নে়ডাৰলেণ্ডত ফুলা টিউলিপ ফুল সমূহ এই পদ্ধতিৰ সহায়ত নিলাম কৰা হয়। ফুলৰ নিলামৰ বিষয়ে অধিক জানিবলৈ গুগলত(Aalsmeer Flower Auction)চাব পাৰে।  এই পদ্ধতিত নিলাম কৰিব লগা সামগ্ৰীবিধৰ প্ৰথমে এটা অতি উচ্চ মূল্যৰ কথা ঘোষণা কৰে আৰু ক্ৰমান্বয়ে সেই মূল্য হ্ৰাস কৰি অনা হয় 

৩)প্ৰথম মূল্যবন্ধ নিলাম(First-price sealed bid Auction): এই পদ্ধতিত যিসকল ক্ৰেতাই নিলামত অংশ গ্ৰহণ কৰে তেওঁলোকে নিলাম কৰিব লগা সামগ্ৰীবিধৰ মূল্য এটা বন্ধ খামৰ(Envelop) ভিতৰত লিখি এটা নিদিষ্ট সময়ৰ ভিতৰত জমা দিব লাগে। অৰ্থা এই পদ্ধতিত কোনে কিমান মূল্য দিয়ে সেই কথা মুকলিকৈ জনা নাযায়। আটাইতকৈ অধিক মূল্য দিব বিচৰাজনে সামগ্ৰীবিধ লাভ কৰে আৰু তেওঁ উল্লেখকৰা সমান মূল্য দিব লাগে। এই পদ্ধতিত নিলাম কৰা সামগ্ৰীবিধৰ উৎকৃষ্ট মূল্য লাভ কৰাৰ সম্ভাৱনা থাকে। চৰকাৰী বা বেচৰকাৰী প্ৰতিস্থান বিলাকত যি নিবিদাৰ(Tenders) আহ্বান কৰা হয় সি এই প্ৰকাৰৰ নিলামৰ অন্তৰ্গত।

৪)দ্বিতীয় মূল্যবন্ধ নিলাম(Second-price sealed bid Auction): এই পদ্ধতি প্ৰথম মূল্যবন্ধ নিলামৰ দৰে ঠিক একেই। আটাইতকৈ অধিক মূল্য দিব বিচৰা ব্যক্তিজন বিজয়ী হয় কিন্ত এই পদ্ধতিত তেওঁ দ্বিতীয় অধিক মূল্যৰ সমান মূল্য দিব লাগে। উদাহৰণস্বৰপে- চাৰিজন ক্ৰেতা ক্ৰমে ক, খ, গ আৰু ঘ এ নিলাম কৰিব লগা সামগ্ৰীবিধক যথাক্ৰমে যদি ১০০০০, ৯০০০, ৭০০০ আৰু ৫০০০ দিবলৈ মান্তি হয়এই ক্ষেত্ৰত সামগ্ৰীবিধ লাভ কৰিব ক নামৰ ক্ৰেতা জনে। কিন্ত দ্বিতীয় মূল্যবন্ধ নিলাম পদ্ধতিৰ মতে তেওঁ দিব লাগিব ৯০০০ টকা। (অৰ্থা দ্বিতীয় সৰ্বোচ্চ প্ৰস্তাৱ বা মূল্য) আনহাতে প্ৰথম মূল্যবন্ধ নিলাম পদ্ধতিৰ মতে সামগ্ৰীবিধ ক নামৰ ক্ৰেতাই লাভ কৰিব যদিও এই ক্ষেত্ৰত তেওঁ ১০০০০ টকা দিব লাগিব(সৰ্বোচ্চ প্ৰস্তাৱ)

এই দুই ধৰণৰ নিলাম পদ্ধতিক বন্ধ নিলাম পদ্ধতি (Closed Auction) বোলা হয়  কিয়নো এই দুই পদ্ধতিত নিলাম কৰিব লগা সামগ্ৰীবিধক কোনে কিমাম মূল্য দিয়ে সেই কথা মুকলিকৈ জনা নাযায় খেল তাত্ত্বিক  বিশ্লেষণৰ (Game Theoretical Analysis) মতে ইংলিছ নিলাম পদ্ধতি দ্বিতীয় মূল্যবন্ধ নিলামৰ সৈতে সাদৃশ্য আছে। আনহাতে ডাচ নিলাম পদ্ধতি প্ৰথম মূল্যবন্ধ নিলামৰ সৈতে মিলে।

নিলামৰ এটা গুৰুত্বপূৰ্ণ কথা হল নিলামত বিজয়ী হোৱাটো সদায় এটা ভাল ঘটনা বুলি কব নোৱাৰি। বহু সময়ত ডাক দিওতাই (Bidder) নিলাম কৰা সামগ্ৰীবিধৰ প্ৰকৃত মূল্য নাজানে ফলত অধিক মূল্য দিয়ে যিটো নিলাম কৰা সামগ্ৰীবিধৰ প্ৰকৃত মূল্যতকৈ যথেষ্ট বেছি। এই পৰিঘটনাক Winner’s Curse বুলি কোৱা হয়। সকলো  ডাক দিওতাই এই Winner’s Curse ৰ পৰা বাছিবলৈ চেষ্টা কৰে।  প্ৰথম মূল্যবন্ধ নিলাম পদ্ধতিত Winner’s Curse ৰ প্ৰভাৱ অতি বেছি। Winner’s Curse ৰ ধাৰণা তলত তালিকাত দেখুৱাবলৈ চেষ্টা কৰা হৈছে।

আমেৰিকাৰ বিভিন্ন ৰাজ্যৰ সমুদ্ৰগৰ্ভৰ খাৰুৱা তেল আহৰণৰ অনুমতিৰ নিলামত হোৱা Winner’s Curse ৰ এটি উদাহৰণ তলৰ তালিকাত দেখুওৱা হৈছে (চন ১৯৬৭-৬৯, নিযুত ডলাৰ হিচাপত)

 

লুইজিয়ানা

চাণ্টা বাৰবাৰা

টেক্সাছ

আলাক্সা

সৰ্বোচ্চ প্ৰস্তাৱ

৩২.৫

৪৩.৫

৪৩.৫

১০.৫

দ্বিতীয় সৰ্বোচ্চ প্ৰস্তাৱ

১৭.৭

৩২.১

১৫.৫

৫.২

সৰ্বনিম্ন প্ৰস্তাৱ

৩.১

৬.১

০.৪

০.৪

 

(From Capen, Clapp, and Campbell, “Competitive Bidding in High Risk Situations”, Journal of Petroleum Technology.)

তালিকাৰ পৰা এইয়া স্পষ্টভাৱে দেখা যায় যে, সৰ্বোচ্চ প্ৰস্তাৱ আৰু দ্বিতীয় সৰ্বোচ্চ প্ৰস্তাৱৰ মাজত পাৰ্থক্য যথেষ্ট বেছি। অৰ্থা লুইজিয়ানা ক্ষেত্ৰত ১৭.৭ তকৈ কিছু বেছি প্ৰস্তাৱ আগবঢ়ালেই জয়ী হল হেতেন যদিওঁ ডাক দিওতাই তেনে কৰিবলৈ সক্ষম নহয়। ঠিক তেনেদৰে চাণ্টা বাৰবাৰাৰ ক্ষেত্ৰত ৩২.১ তকৈ কিছু বেছি প্ৰস্তাৱ আগবঢ়ালে জয়ী হল হেতেন। অৰ্থাৎ ডাক দিওতাৰ বাবে Winner’s Curse এটা ডাঙৰ প্ৰত্যাহ্বান।

নিলামৰ লগত জড়িত অন্য দুটা ধাৰণা হল জ্ঞাত মূল্য(Common Value) আৰু অজ্ঞাত মূল্য(Private Value)উদাহৰণস্বৰপে এটা ঘৰৰ কথা ধৰাহওঁক। এটা নিদিষ্ট স্থানত থকা ঘৰটোৰ মূল্য মোটা-মুটি ভাৱে সকলোৱে জানে: সেইয়া ঘৰটোৰ জ্ঞাত মূল্য। অন্যহাতে বিভিন্ন ডাক দিওতাই উক্ত ঘৰটো পাবলৈ বেলেগ-বেলেগ মূল্য দিবলৈ আগ্ৰহী হ'ব পাৰে। ধৰাহওঁক, কাৰোবাৰ সেই ঘৰটোৰ লগত কিবা   স্মৃতি জড়িত হৈ আছে বা ঘৰটোৰ স্থানৰ পৰা তেওঁৰ অফিছৰ দূৰত্ব কম। অৰ্থা কিছু ডাক দিওতাই সেই একে ঘৰটোৰ মূল্য জ্ঞাত মূল্যতকৈ বহুত বেছি দিবলৈও আগ্ৰহী হব পাৰেসেয়া হ  ঘৰটোৰ অজ্ঞাত মূল্য। ঠিক সেইদৰে দুজন পেইন্টিং ভালপোৱা ব্যক্তিৰ বাবে নিলপৱন বৰুৱা আৰু ননী বৰপূজাৰীৰ পেইন্টিংৰ মাজত যথেষ্ট পাৰ্থক্য থাকিব পাৰে নিলামৰ অজ্ঞাত মূল্য, দ্বিতীয় মূল্যবন্ধ নিলামৰ উদ্ভাৱন আৰু অন্য গৱেষণাৰ বাবে ১৯৯৬ চনত উইলিয়াম ভিক্ৰেক নোবেল বঁটা আগবঢ়োৱা হয়। উইলায়াম ভিক্ৰেই লগতে দেখুৱাই যে ওপৰত উল্লেখ কৰা চাৰিটা নিলাম পদ্ধতিৰ দ্বাৰা সংগ্ৰহ হোৱা ধনৰ পৰিমান প্ৰায় সমান আৰু প্ৰতিটো পদ্ধতিত জয়ী হোৱা ডাক দিওতা জন একে(Revenue - Equivalence Theorem)এটা উদাহৰণৰ সহায়ত দেখুওৱা হৈছে।

                     নিলামৰ ডাক দিওতা

                                 অজ্ঞাত মূল্য

                                         

                                        ১০,০০০

                                         

                                         ৯,০০০

                                         

                                         ৭,০০০

                                         

                                         ৫,০০০

 

ধৰাহওঁক, চাৰিজনে ডাক দিওতা ক, , আৰু ঘ এ নিলাম কৰিব লগা সামগ্ৰীবিধৰ অজ্ঞাত মূল্য যথাক্ৰমে ১০০০০, ৯০০০, ৭০০০ আৰু ৫০০০। ইংলিছ নিলামৰ মতে সামগ্ৰীবিধ কম মূল্যৰ পৰা আৰম্ভ হব আৰু ৯০০০ পাৰ হৈ যোৱাৰ পাছত ঘ, , আটাইকেইজন ডাক দিওতা আঁতৰি যাব আৰু শেষত ক নামৰ ডাক দিওতা জনে সামগ্ৰীবিধ লাভ কৰিব আৰু তেওঁ ১০,০০০ দিব লাগিব। ডাচ নিলামত সামগ্ৰীবিধ প্ৰথমে এটা বৃহৎ মূল্যৰে আৰম্ভ হব আৰু ক্ৰমানুৱে কমি আহিব। আৰু শেষত ১০,০০০ ওচৰ পালে ক নামৰ ডাক দিওতা জনে সামগ্ৰীবিধ ক্ৰয় কৰিব। ঠিক সেইদৰে প্ৰথম মূল্যবন্ধ নিলাম আৰু দ্বিতীয় মূল্যবন্ধ নিলামৰ মতেও সামগ্ৰীবিধ ক নামৰ ডাক দিওতা জনে লাভ কৰিব কেবল দ্বিতীয় মূল্যবন্ধ নিলাম পদ্ধতিত ৯০০০ টকা দিব লাগিব। অৰ্থাৎ আটাইকেইটা পদ্ধতিত একেজন ডাক দিওতাই সামগ্ৰীবিধ লাভ কৰে।

পল মিলগ্ৰম আৰু ৰবাৰ্ট উইলছনৰ নিলামৰ গৱেষণালৈ অৱদান:

অধ্যাপক ৰবাৰ্ট উইলছনে জ্ঞাত মূল্য আৰু প্ৰথম মূল্যবন্ধ নিলাম পদ্ধতিত অংশ লোৱা প্ৰাৰ্থী সকলৰ আচৰণৰ ওপৰত অধ্যয়ন কৰা এটা প্ৰনালী (Common Value Model, Wilson 1969) উদ্ভাৱন কৰে। তেওঁৰ গৱেষণাই দেখুৱায় যে যেতিয়া নিলাম কৰিব লগা সামগ্ৰীবিধৰ প্ৰকৃত মূল্য স্পষ্টভাৱে জনা নাযায় তেতিয়া অন্তিম মূল্য কম হয় লগতে যেতিয়া নিলামত অংশ লোৱা প্ৰাৰ্থী সকলৰ কিছু সংখ্যকে নিলাম কৰা সামগ্ৰীবিধৰ বিষয়ে সমভাৱে জ্ঞাত নহয় (Asymmetric Information) তেতিয়া Winner’s Curse ৰ ফলত  ক্ষতি হোৱাৰ সম্ভৱনা বেছি থাকে। তেনে ক্ষেত্ৰত তেওঁ অপটিমেল বিদিং নামৰ এটা নতুন ধাৰণাৰ উদ্ভাৱন কৰে। অন্যহাতে পল মিলগ্ৰমে জ্ঞাত মূল্য আৰু অজ্ঞাত মূল্য এই দুই ধাৰণা সংযুক্ত কৰি নিলাম পদ্ধতি অধ্যায়নৰ এক নতুন ধাৰণা(General Model, Milgrom 1981, Milgrom and Weber 1982) উদ্ভাৱন কৰে। এই পদ্ধতিৰ সহায়ত Winner’s Curse ৰ বিষয়ে অধিক জানিব পৰা যায়। উদাহৰণস্বৰপে- Winner’s Curse, ইংলিছ নিলামত কৈ ডাচ নিলামত এটা ডাঙৰ সমস্যা কাৰণ ডাচ নিলামত নিলাম প্ৰক্ৰিয়া চলি থকা সময়ত তেনে কোনো নতুন তথ্য নোলায়। অন্যহাতে ইংলিছ নিলাম পদ্ধতিত মূল্য বাঢ়ি যোৱাৰ লগে লগে প্ৰাৰ্থীৰ সংখ্যা কমি যায়। অৰ্থা নতুন তথ্য গম পোৱা যায়। পল মিলগ্ৰম আৰু ৰবাৰ্ট উইলছনে নিলাম তত্ত্বৰ তাত্ত্বিক কামৰ লগতে নিলাম তত্ত্বক কিদৰে সফলভাৱে ব্যৱহাৰ কৰিব পাৰি তাৰ প্ৰতি লক্ষ ৰাখি নতুন নিলাম পদ্ধতিৰ উদ্ভাৱন কৰাৰ লগতে সেই পদ্ধতিসমূহ বিভিন্ন অনুষ্ঠানে ব্যৱহাৰ কৰিব পৰাকৈ সুবিধা আগবঢ়াইছে। পল মিলগ্ৰম তেনে বহু কম্পেনিৰ সহ-প্ৰতিষ্ঠাপক। তেওঁলোকৰ উপদেশ মতে এফ. চি. চি. (Federal Communications Commission) এ ১৯৯৪ চনত প্ৰথমবাৰৰ বাবে এটা নতুন নিলাম পদ্ধতিৰ (Simultaneous Multiple Round Auction চমুকৈ SMRA) সহায়ত ৰেডিঅ ষ্পাকট্ৰাম লাইচেন্স (Spectrum)  নিলাম কৰেএই নিলামত চৰকাৰে ১২০ বিলিয়ন ডলাৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয় যিটো চৰকাৰে প্ৰথমে ৱায়াৰলেছ টেলিফোন কম্পেনি সমূহক বিনামূল্য দিয়াৰ কথা ভাবিছিল।  এই পদ্ধতিৰ বৃহ সফলতাৰ পাছত পৃথিৱীৰ অন্য বহু দেশৰ লগতে আমাৰ দেশটো এই পদ্ধতি ব্যৱহাৰ কৰি প্ৰাকৃতিক গেছ, বিদ্যু আদিৰ নিলাম কৰা হয়। এই Simultaneous Multiple Round Auction নিলাম পদ্ধতিৰ সহায়ত একে সময়তে একাধিক ৰেডিঅ ফিকুৱেঞ্চি লাইচেন্স সমূহ নিলামৰ বাবে আগবঢ়োৱা হয়। আৰু এই পদ্ধতিত একাধিক নিলামৰ ডাক লগোৱাৰ সুবিধা থাকে। এই নতুন ধাৰণা সমূহে নিলাম প্ৰক্ৰিয়াত দেখা দিয়া অনিশ্চিয়তা, Winner’s Curse  আদি ঘটনা সমূহ আঁতৰাবলৈ সক্ষম হয়।

পল মিলগ্ৰম আৰু ৰবাৰ্ট উইলছনৰ সমন্ধে:

পল মিলগ্ৰম আৰু ৰবাৰ্ট উইলছনক যদিও বিশেষভাৱে নিলামৰ নতুন পদ্ধতি উদ্ভাৱনৰ বাবে নোবেল বঁটা আগবঢ়োৱা হয়, মিলগ্ৰম আৰু উইলছনৰ অৰ্থনীতিৰ অন্য শাখাতো যথেষ্ট অৱদান আছে। উদাহৰণস্বৰপে- অৰ্থনীতিৰ অন্য শাখালৈ মিলগ্ৰমৰ অৱদান সমূহৰ ভিতৰত Reputation Formation, Game Theory, Industrial Organization, Organization Economics আৰু Financial Economics বিষেশভাৱে মন কৰিব লগীয়া। অন্যহাতে অৰ্থনীতিৰ অন্য শাখালৈ উইলছনৰ অৱদান সমূহৰ ভিতৰত Reputation Formation, Game Theory, Bargaining আৰু Pricing উল্লেখযোগ্য।  পল মিলগ্ৰম আৰু ৰবাৰ্ট উইলছনৰ নোবেল সন্ধৰ্ভত অৰ্থনীতিবিদ অ্যালভিন ৰথে উল্লেখ কৰিছে এই যুটীটো  উল্লেখযোগ্য নোবেল যুটী সমূহৰ ভিতৰত অন্যতম এটা যুটী! ঘটনাক্ৰমে পল মিলগ্ৰম হল ৰবাৰ্ট উইলছনৰ ছাত্ৰ। লগতে পল হল ৰবাৰ্ট উইলছনৰ তৃতীয়জন ছাত্ৰ যি নোবেল বঁটাৰে সন্মানিত হৈছে। উইলছনৰ অন্য দুজন ছাত্ৰ হল যথাক্ৰমে অ্যালভিন ৰথ (নোবেল-২০১২) আৰু  বেংট হোলমস্ট্ৰম (নোবেল-২০১৬)। অন্য এজন অৰ্থনীতিবিদ ডেভিড ক্ৰেপসে পল মিলগ্ৰমৰ বিষয়ে উল্লেখ কৰিছে— ব্যষ্ঠিবাদী অৰ্থনীতিবিদ (Microeconomic Theorists) সকলৰ মাজত মিলগ্ৰম হল এনে এজন অৰ্থনীতিবিদ যি বিভিন্ন বিষয়ত ইমান বেছি গুৰত্বপূৰ্ণ গৱেষণা পত্ৰ লিখিছে। সেই কথা মিলগ্ৰমৰ ৱিকিপেডিয়া পৃষ্ঠাত সুন্দৰভাৱে উল্লেখ আছে। ৰবাৰ্ট উইলছনৰ বিষয়ে ডেভিড ক্ৰেপসে লিখিছে, যদিওঁ ববৰ(ৰবাৰ্ট উইলছন) কাম পল মিলগ্ৰমতকৈ কম পৰিসৰ আগুৰি আছে তথাপি অৰ্থনীতি বিষয়ত ববৰ যি নতুন ধাৰণা সেই প্ৰভাৱ অতি বিখ্যাত অৰ্থনীতিবিদ কেনথ্ এৰ্ৰ (Kenneth Arrow) বা পল ছেমুৱেলচনৰ (Paul Samuelson) সমপৰ্য্যায়ৰ। অৰ্থনীতিৰ তত্ত্বক অভিযান্ত্ৰিক (School of Economic Theory as Engineering) দৃষ্টিকোনৰ পৰা বিচাৰ কৰা আৰু অৰ্থনীতিৰ জ্ঞানক বাস্তৱ জগতৰ জটিল সমস্যা সমাধান কৰাত বব এজন অতি প্ৰভাৱশালী অৰ্থনীতিবিদ। কেবল ববৰ নিজৰ কামেই নহয়, তেওঁৰ প্ৰভাৱ তেওঁৰ ছাত্ৰ আৰু তেওঁৰ সহকৰ্মী সকলৰ মাজত মন কৰিবলগীয়া।

সামৰণি: পল মিলগ্ৰম আৰু ৰবাৰ্ট উইলছনে উদ্ভাৱন কৰা নিলামৰ নতুন পদ্ধতিয়ে কেৱল অধিক ধন সংগ্ৰহ কৰাত গুৰুত্ব দিয়াৰ বিপৰীতে নিলাম কৰা সামগ্ৰী আৰু সেৱা সমূহ কিদৰে সমাজৰ অধিক সংখ্যক ব্যক্তিৰ উপকাৰৰ বাবে ব্যৱহাৰ হব পাৰে তাৰো গুৰুত্ব দিছে

নিলাম তত্ত্বৰ বিষয়ে অধিক জানিবলৈ পাঠকে অধ্যাপক বিজয় কৃষ্ণৰ (Vijay Krishna) নিলাম তত্ত্ব(Auction Theory) নামৰ কিতাপখন চাব পাৰে।

 

ঠিকনাঃ

১)ঋতু দত্ত, গৱেষক ছাত্ৰ, গণিত বিভাগ

   ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়, অসম, ৮৮৭৬৬৫৯০৮৪

২)ড০ সুৰজিত বৰকটকী, অধ্যাপক, গণিত বিভাগ

   ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়, অসম, ৯৯৫৪৪৩০৬৭৭

 

 

No comments:

Post a Comment

অসম সাহিত্য সভাৰ ভোটিং পদ্ধতি

অসম সাহিত্য সভাই কি ভোটিং পদ্ধতিৰ দ্বাৰা তেওঁলোকৰ প্ৰাৰ্থীসমূহ বাছনি কৰে মই নাজানো! কিন্তু তেওঁলোকৰ সভাপতি পদৰ ফলাফলৰ এখন ফটো এইকেইদিন ফেচবু...