Tuesday, March 2, 2021

অসম বিধানসভা (২০১১, ২০১৬) নিৰ্বাচনত ৪০ শতাংশতকৈ কম ভোট লাভ কৰি জয়ী হোৱা সমষ্টি সমূহ আৰু অনান্য

সামগ্ৰিকভাৱে এটা সিদ্ধান্ত গ্ৰহণযোগ্য বুলি ধৰা হয় যেতিয়া উপস্থিত একাংশৰ কমেও আধা বা ৫০ শতাংশই উক্ত সিদ্ধান্তক সমৰ্থন কৰে। এই সাধাৰণ ধাৰণাটো অন্য বহু পৰীক্ষা-নিৰীক্ষাৰো এটা আদৰ্শ পদ্ধতি বুলি ধৰা হয়। নিৰ্বাচন বা অন্য তেনে সিদ্ধান্ত গ্ৰহণৰ সময়তো যেনে (ভোটিং পদ্ধতি সমূহত) এই ৫০ শতাংশ ব্যক্তিৰ দ্বাৰা সমৰ্থন লাভ কৰা কথাটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। উদাহৰণস্বৰপে ফান্স, অষ্ট্ৰেলিয়াৰ নিৰ্বাচনত জয়ী হবলৈ হলে এজন প্ৰাৰ্থীয়ে নিম্নতম ৫০ শতাংশতকৈ কিছু বেছি ভোট লাভ কৰিব লাগে।

ফান্সৰ নিৰ্বাচনত ব্যৱহাৰ কৰা ভোটিং পদ্ধতিটো হল- প্লুৰালিটি উইথ্ ৰানঅফ্ পদ্ধতি (Plurality with Runoff)। এই পদ্ধতি সৰ্বাধিক দুটা ৰাউণ্ডত সম্পূৰ্ণ হয়। নিৰ্বাচনৰ প্ৰথম ৰাউণ্ডত যদি এজন ৫০ শতাংশতকৈ অধিক ভোট লাভ কৰা প্ৰাৰ্থী পোৱা যায় তেতিয়া উক্ত প্ৰাৰ্থীজনক বিজয়ী বুলি ঘোষণা কৰা হয়। যদি প্ৰথম ৰাউণ্ডত তেনে প্ৰাৰ্থী পোৱা নাযায় তেতিয়া আটাইতকৈ বেছি ভোট লাভ কৰা প্ৰাৰ্থী দুজনৰ মাজত পুনৰ নিৰ্বাচন আয়োজন কৰা হয়। দ্বিতীয় ৰাউণ্ডত বেছি ভোট লাভ কৰা প্ৰাৰ্থীজন বিজয়ী।

এই পদ্ধতিৰ সুফল বুলিলে প্ৰথমে উল্লেখ কৰিব লাগিব যে- এই পদ্ধতিত এজন ৫০ শতাংশতকৈ অধিক ভোটাৰে সমৰ্থন কৰা প্ৰাৰ্থী লাভ কৰে। যদি প্ৰথম অৱস্থাত কোনো প্ৰাৰ্থীয়ে সেই ভোট পাবলৈ সক্ষম নহয়, তেতিয়া ভোটাৰক পুনৰ প্ৰাৰ্থী বাছনি কৰিবলৈ সুযোগ দিয়া হয়। দ্বিতীয়তে, এনে কৰাৰ ফলত ভোট বিভাজন (Vote Splitting)হৈ অতি কম পাৰ্থক্যত এজন প্ৰাৰ্থী জয়ী হব নোৱাৰে!

দুৰ্বলতাঃ এই পদ্ধতিত যিহেতু কেতিযাবা প্ৰথম ৰাউণ্ডত এজন প্ৰাৰ্থী পোৱা নাযায় সেইহে পুনৰ নিৰ্বাচন আয়োজন কৰিব লগা হয়। সকলো দেশৰ বাবে(ঘাইকৈ বৃহৎ দেশ এখনত, উদাহৰণ- ভাৰত) দুবাৰ নিৰ্বাচন আয়োজন কৰাটো এক প্ৰকাৰৰ অসম্ভৱ ঘটনা!

সুখবৰ যে ৫০ শতাংশ ভোটাৰৰ সমৰ্থনৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা অন্য ভোটিং পদ্ধতিও আছে। তেনে দুটা ভোটিং পদ্ধতি হল- ৰেংকড চইছ্ ভোটিং পদ্ধতি আৰু কম্বছ্ পদ্ধতি। ৰেংকড্ চইছ্ ভোটিং পদ্ধতি উদ্ভাৱণ কৰিছিল কাল্ এণ্ডে নামৰ এজন গণিতজ্ঞই ১৮৫৭ চনত। আনহাতে কম্বছ পদ্ধতি উদ্ভাৱণ কৰিছিল ক্ৰিড হেমিল্টন কম্বছ(Clyde Hamilton Coombs) নামৰ এজন মনোবিজ্ঞানীয়ে(psychologist)। এই দুয়োটা পদ্ধতিৰো মূল লক্ষ্য হল এজন ৫০ শতাংশ ভোটাৰৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থী বাছি উলিওৱা! লগতে এই পদ্ধতি দুটাই ভোটাৰৰ ভোট সমূহো নষ্ট(waste) নোহোৱাকৈ ৰাখিব পাৰে(?)

এই দুটা ভোটিং পদ্ধতিৰ সুবিধা বা দক্ষতা (Efficiency) কথা কবলৈ গলে প্ৰথমে আহিব- প্লুৰালিটি ৰানঅফ্ পদ্ধতিৰ দৰে এই পদ্ধতিত দুবাৰ নিৰ্বাচন আয়োজন কৰাৰ প্ৰয়োজন নাই। ভোটাৰে এবাৰেই বেলতত তেওঁলোকৰ প্ৰথম প্ৰিয় প্ৰাৰ্থী, দ্বিতীয় প্ৰিয় প্ৰাৰ্থী, তৃতীয় এনেদৰে উল্লেখ কৰিব লাগে আৰু এটা নিদিষ্ট নিয়মৰ সহায়ত বেলত সমূহ বিশ্লেষণ কৰি এজন ৫০ শতাংশ ব্যক্তিৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থী বাছি উলিয়াব পাৰি শেহতীয়াকৈ এই ৰেংকড্ চইছ ভোটিং পদ্ধতি (আমেৰিকাৰ) বহু নিৰ্বাচনত যথেষ্ট গুৰুত্ব লাভ কৰিছে। কথা হল এই ৫০ শতাংশ ভোটাৰৰ সমৰ্থন কিয় ইমান গুৰুত্বপূৰ্ণ বা কিয় অন্য উন্নত দেশসমূহত নিম্নতম ৫০ শতাংশ ভোটাৰৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থীক বাছি উলিওৱাত ইমান গুৰত্ব দিয়া হয়??

সহজকৈ কবলৈ গলে এই ৫০ শতাংশ ভোটাৰৰ সমৰ্থনে ইয়াকে সূচিত কৰে যে নিৰ্বাচিত প্ৰাৰ্থীজন সেই সমাজৰ বা দেশৰ অতি কমেও ৫০ শতাংশ মানুহক প্ৰতিনিধিত্ব কৰিছে!!

আমাৰ দেশ বা ৰাজ্যত ব্যৱহাৰ কৰা ভোটিং পদ্ধতি হল- প্লুৰালিটি বা (FPTP System)পদ্ধতি। এই পদ্ধতিত জয়ী হবলৈ এজন প্ৰাৰ্থীৰ কোনো ধৰণৰ নিদিষ্ট সমৰ্থনৰ প্ৰয়োজন নাই। তাত্বিকভাৱে(Theoretically), আমাৰ পদ্ধতিত জয়ী হবলৈ এজন প্ৰাৰ্থীয়ে তেওঁৰ প্ৰতিদন্ধী সকলতকৈ মাত্ৰ এটা ভোট বেছি লাভ কৰিলেই যথেষ্ট!! অৰ্থাৎ আমাৰ নিৰ্বাচনত জয়ী হবলৈ এজন প্ৰাৰ্থীৰ কোনো ধৰণৰ নিম্নতম/ উচ্চতম ভোট লাভ কৰাৰ কথা নাহে। ফলত বহু সময়ত অতি কম ভোটাৰৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থী এজনো জয়ী হব পাৰে (বা প্ৰায়ে হয়)

যদি আমি অসমৰ পেক্ষাপতত চাওঁ, যোৱা দুটা অসম বিধানসভা নিৰ্বাচন (২০১১, ২০১৬) ত ক্ৰমে ৩৩ আৰু ২৮ টা সমষ্টিত ৪০ শতাংশতকৈ কম ভোট কৰা লাভ কৰা প্ৰাৰ্থী জয়ী হৈছে। যদি আমি ৫০ শতাংশৰ হিচাপ চাওঁ তেতিয়া তেনে সমষ্টিৰ সংখ্যা আৰু বাঢ়িব!

তলত আমি ২০১১ আৰু ২০১৬ অসম বিধানসভা নিৰ্বাচনত ৪০ শতাংশতকৈ কম ভোট লাভ কৰি জয়ী হোৱা সমষ্টি সমূহৰ নাম আৰু তেওঁলোকে কিমান শতাংশ ভোট লাভ কৰি জয়ী হৈছিল তাক উল্লেখ কৰিছোঁ

অসম বিধানসভা নিৰ্বাচন -২০১১

ৰাতাবাৰী -৩৯.৪২, বদৰপুৰ-৩৯.১৬, হাইলাকান্দি-৩৭.৮৭, কাতিগৰা-৩২.৪১, বিলাসীপাৰা(পশ্চিম)-৩৬.১৯, বিলাসীপাৰা(পূব)-৩৬.৬৭, গোসাইগাওঁ-৩৬.২০, অভয়াপুৰী(উত্তৰ)-৩৬.২০, দুধনৈ-৩৭.৩৩, গোৱালপাৰা (পূব)-২৬.৭৯, গোৱালপাৰা(পশ্চিম)-৩৪.১৮, সৰভোগ-(৩১.২৫), ভৱানীপুৰ-২৬.৮৫, পাটছাৰকুছি-৩৪.৯৬, বকো-৩৮.৫২, পলাশবাৰী-৩৪.৬৮, গুৱাহাটী(পূব)-৩৭.৪৪, গুৱাহাটী(পশ্চিম)- ৩৪.৫০, হাজো-৩০.৭৭, কমলপুৰ -৩৭.৩২, ৰঙিয়া-২৯.১১, তামোলপুৰ-৩৬.১৯, নলবাৰী-৩৩.৯৩, কলাইগাওঁ-৩৭.৩৮, মাজবাট- ২৭.৭৭, ঢেকীয়াজুলী-৩৮.২৮, বট্ৰদৱা- ৩৯.৯২, ৰূপহীহাট -৩৭.১১, লামডিং-৩১.৩৩, বোকাখাট -৩৪.৫৪, থাওঁৰা-৩৯.৯৮, নাওবৈছা -২৭.০৬, ডুমডুমা -৩৭.০০

অসম বিধানসভা নিৰ্বাচন-২০১৬

লখিমপুৰ-৩৩.৪৪, শদিয়া-৩২.১৪, নাওবৈছা-৩৪.৫২, সৰুপথাৰ-৩৬.০৫, বট্ৰদৱা-৩৭.৬১, কলাইগাওঁ-৩৫.৫৪, পানেৰী-৩৫.৯৩, চাপাগুৰি-৩৭.৮০, বৰমা-৩৭.৯০, বকো- ৩৯.৬৬, বৰপেটা-৩৮.৯৬, ভৱানীপুৰ-২৫.৭৪, সৰভোগ-৩৩.৩৪, গোৱালপাৰা(পূব)-৩৩.৫১, অভয়াপুৰী(দক্ষিন)-৩২.৫০, অভয়াপুৰী(উত্তৰ)-৩৫.৩৮, বিজনী-২৪.৫০, গোসাইগাওঁ- ৩১.৯৩, বিলাসীপাৰা(পূব)-৩৫.৩০, বিলাসীপাৰা(পশ্চিম)- ৩২.২৯, মানকাচৰ- ৩১.৫৭, বোকাজান-৩৭.৪৯, বাৰখোলা-৩৪.৯০, সোণাই- ৩৫.৮৩, হাইলাকান্দি-৩৬.৮৬, বদৰপুৰ-৩৪.০১, কৰিমগঞ্জ- ৩৪.৬৩, পাথাৰকাণ্ডি- ৩৭.৯৪

 

উক্ত দুয়োটা নিৰ্বাচনত ৪০ শতাংশতকৈ কম ভোট লাভ কৰি জয়ী হোৱা সমষ্টি কেইটা

বদৰপুৰ, হাইলাকান্দি, বিলাসীপাৰা(পশ্চিম), বিলাসীপাৰা (পূব), গোসাইগাওঁ, অভয়াপুৰী (উত্তৰ), গোৱালপাৰা(পূব), সৰভোগ, ভৱানীপুৰ, বকো, কলাইগাওঁ, বট্ৰদৱা, নাওবৈছা

সামৰণিঃ দেখা গৈছে যে দুয়োটা নিৰ্বাচনতে মুঠ সমষ্টিৰ (১২৬)ৰ প্ৰায় এক চতুৰ্থংশ(অৰ্থা৩০ টা) সমষ্টিত এনে প্ৰাৰ্থী জয়ী হৈছে যি নিম্নতম ৪০ শতাংশ ভোটাৰৰ দ্বাৰাও সমৰ্থিত প্ৰাৰ্থী নহয়। যিহেতু এই ৩০ টা সমষ্টিয়ে চৰকাৰ গঠনত নিশ্চিতকৈ এটা ভূমিকা লয় বা লৈছে সেইহে স্বাভাৱিকতে চৰকাৰ গঠনতো যে নাগৰিকৰ সমৰ্থন কেনেধৰণৰ তাৰ প্ৰশ্ন থাকি যায়! লগতে অন্য এটা কথাও নোহোৱা নহয় যে এইদৰে অতি কম সংখ্যক ভোটাৰৰ সমৰ্থনত জয়ী হোৱা প্ৰাৰ্থী সমূহৰ সমষ্টিৰ উন্নয়ননো হয়টো খুব সঠিক দিশত আগ নাবাঢ়ে!

 

No comments:

Post a Comment

অসম সাহিত্য সভাৰ ভোটিং পদ্ধতি

অসম সাহিত্য সভাই কি ভোটিং পদ্ধতিৰ দ্বাৰা তেওঁলোকৰ প্ৰাৰ্থীসমূহ বাছনি কৰে মই নাজানো! কিন্তু তেওঁলোকৰ সভাপতি পদৰ ফলাফলৰ এখন ফটো এইকেইদিন ফেচবু...