Friday, April 15, 2022

য়ুলিয়া জডানোভস্কায়াঃ এগৰাকী যুব গণিতজ্ঞৰ অকাল মৃত্যু

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰায় ৬০ দিন অতিক্ৰম কৰিলে। এতিয়াওঁ এই যুদ্ধৰ শেষ হোৱাৰ আশা দেখা নাই। এই সময়ছোৱাত স্বাভাৱিকতে ইউক্ৰেইনৰ ক্ষয়-ক্ষতিৰ পৰিমাণ ৰাছিয়াৰ তুলনাত যথেষ্ট বেছি। তথাপি ইউক্ৰেইনে এই পযন্ত পৰাজয় স্বীকাৰ কৰা নাই!জানিব পৰা গৈছে যে এই আক্ৰমণে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপত সৰ্ববৃহ শৰণাৰ্থী সংকটৰ(Refugee crisis) সৃষ্টি কৰিছে। বৰ্তমানলৈকে প্ৰায় পাঁচ মিলিয়নতকৈ অধিক ইউক্ৰেইনৰ নাগৰিকে দেশ ত্যাগ কৰিছে। ইয়াৰ মাজতে বিশ্বৰ গণিত সমাজত এটা খবৰ পোৱা গৈছে। সেইয়া হল য়ুলিয়া জডানোভস্কায়া নামৰ এগৰাকী অতি প্ৰতিভাৱান যুব গণিতজ্ঞৰ এই যুদ্ধত মৃত্যু হৈছে।

য়ুলিয়া জডানোভস্কায়া (Yulia Zdanovskaya) ল এগৰাকী ২১ বছৰীয়া গণিতজ্ঞ। যোৱা ৮ মাৰ্চ, ২০২২ চনত ৰাছিয়ান সৈন্যৰ  খাৰকিভ (Kharkiv) আত্ৰুমণত য়ুলিয়াৰ মৃত্যুৰ খবৰ পোৱা যায়। য়ুলিয়াৰ এই চমু জীৱন পৰিক্ৰমা চালে দেখা যায় যে তেওঁ এগৰাকী অতি মেধাৱী ছাত্ৰী আছিল। ইউক্ৰেইনৰ বিখ্যাত কিয়েভ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ(Kiev National University) পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা য়ুলিয়াই ২০১৭ চনত অনুস্থিত হোৱা European Girl’s Mathematical Olympiad ত ইউক্ৰেইনক প্ৰতিনিধিত্ব কৰি উক্ত প্ৰতিযোগিতাত বঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। এই প্ৰতিয়োগিতাত বিশ্বৰ মুঠ ৪৪ খন দেশৰ প্ৰতিযোগীযে অংশ গ্ৰহণ কৰিছিল। য়ুলিয়া  প্ৰধানকৈ গণিত, কম্পিউটাৰ বিজ্ঞান আৰু শিক্ষাদানৰ প্ৰতি আগ্ৰহী আছিল। যোৱা ছয় মাহ তেওঁ “Teach for Ukrain” নামৰ এটা প্ৰকল্পৰ সৈতে জড়িত হৈ ডিনিপ্ৰো অঞ্চলৰ(Dnipro region) নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পৰামৰ্শদাতা তথা শিক্ষয়তী হিচাপে সেৱা আগবঢ়াইছিল। য়ুলিয়াৰ জন্ম খাৰকিভ চহৰত। অতি সাহসী য়ুলিয়াই যুদ্ধৰ সময়তো নিজৰ ঘৰুৱা চহৰ এৰি যাবলৈ মান্তি হোৱা নাছিল! য়ুলিয়াৰ বন্ধু-বান্ধৱীয়ে জানিব দিয়া মতে তেওঁৰ শেষ বাৰ্তা আছিল, “Thanks, but I will stay in Kharkiv until our victory.” অৰ্থাৎ এই যুদ্ধত জয়ী নোহোৱালৈকে তেওঁ খাৰকিভ ত্যাগ নকৰে!

য়ুলিয়াৰ মৃত্যুত নিজা দেশ ইউক্ৰেইনৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি তথা অনুষ্ঠানে দুখ প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত কানাডিয়ান গাণিতিক সমাজৰ (Canadian Mathematical Society) কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। আমেৰিকাৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠান মেচাচুচেটছ ইনষ্টিটিউট অৱ টেকনলজি (চমুকৈ এম. আই. টিয়ে.) য়ুলিয়াৰ স্মৃতিত য়ুলিয়াৰ সপোন (Yulia’s Dream) নামে এটি কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে। এই কাৰ্যসূচীৰ অধীনত, ইউক্ৰেইনৰ হাইস্কুলত অধ্যয়ন কৰি থকা মেধাৱী শিক্ষাৰ্থীসকলে পাঠ্যক্ৰমৰ বাহিৰৰ উন্নত গণিতিক বিষয় অধ্যয়নৰ লগতে গণিতৰ গৱেষণা প্ৰকল্পৰ লগত জড়িত হবলৈ সুবিধা পাব। এম. আই. টি. ৰ গণিত বিভাগৰ স্নাতক শিক্ষাৰ্থী সকলে এইক্ষেত্ৰত শৈশিক পৰামৰ্শদাতা ৰুপে ইউক্ৰেইনৰ ছাত্ৰ-ছাত্ৰী সকলক সহায় কৰিব বুলি জানিব পৰা যায়। এইদৰে তেওঁলোকে য়ুলিয়াৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিছে, যাতে ইউক্ৰেইনৰ প্ৰতিটো শিশুৱে তেওঁলোকৰ সম্ভাৱনাক উপলব্ধি কৰিব পাৰে।

No comments:

Post a Comment

অসম সাহিত্য সভাৰ ভোটিং পদ্ধতি

অসম সাহিত্য সভাই কি ভোটিং পদ্ধতিৰ দ্বাৰা তেওঁলোকৰ প্ৰাৰ্থীসমূহ বাছনি কৰে মই নাজানো! কিন্তু তেওঁলোকৰ সভাপতি পদৰ ফলাফলৰ এখন ফটো এইকেইদিন ফেচবু...