Tuesday, August 17, 2021

শেহতীয়া অলিম্পিকত ভাৰতৰ ৰেংক

 লেখকদ্বয়: পংকজ জ্যোতি মহন্ত আৰু ঋতু দত্ত

সদ্য-সমাপ্ত অলিম্পিকত নীৰজ চোপ্ৰা ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰথমটো সোণৰ পদক লাভ কৰাৰ আগমুহূৰ্তত, অলিম্পিক পদক তালিকাত ভাৰতৰ স্থান আছিল ৬৬ নম্বৰতকিন্তু, নীৰজ চোপ্ৰাৰ সোণৰ পদক জয়ে ভাৰতৰ স্থান ৪৮ নম্বৰলৈ উন্নীত কৰিবলৈ সক্ষম হল। অৰ্থা, মাত্ৰ এটা সোণৰ পদক জয়লাভৰ ফলত ভাৰত ১৮ টা স্থান (৬৬-৪৮=১৮) আগলৈ আহিবলৈ সক্ষম হল। সেইবাবে নীৰজ চোপ্ৰাৰ পদক লাভ ভাৰতৰ বাবে একপ্ৰকাৰ চমকাৰ! কিন্তু এয়াও ঠিক যে, ভাৰতৰ বাবে অন্য পদকসমূহ লাভ কৰাসকলৰ অৱদান কোনো গুণে কম নহয়। অলিম্পিক পদক তালিকাখন যিসকলে এইকেইদিনত লক্ষ্য কৰি আছিল, তেওঁলোকৰ বাবে এই কথা কিছু আমোদজনক হব পাৰে। কাৰণ, এটা সোণৰ পদক জয়লাভ কৰাৰ লগে লগে ভাৰতৰ স্থান কিদৰে ১৮ টা স্থানৰ আগলৈ আগবাঢ়িল?

প্ৰথমে উল্লেখ কৰি লোৱা ভাল যে আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে (IOC) অলিম্পিকত ভাগ লোৱা দেশসমূহৰ মাজত কোনো ধৰণৰ স্থান (Ranking) তালিকা তেওঁলোকৰ ফালৰ পৰা প্ৰস্তুত নকৰে। বিভিন্ন আগশাৰীৰ সংবাদ-গোষ্ঠী তথা অন্য অনুষ্ঠানে অলিম্পিকত পদক লাভ কথাবোৰ বে গুৰুত্ব সহকাৰে বিশ্বৰ নাগৰিকসকলৰ সমুখদাঙি ধৰে। এনেদৰে প্ৰস্তুত কৰা তালিকাসমূহত প্ৰধানকৈ দুই ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰাৰ কথা জানিবলৈ বা দেখিবলৈ পোৱা যায়। এক,কোখন দেশে লাভ কৰা সোণৰ পদকৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা স্থানদুই, কোখন দেশে লাভ কৰা মুঠ পদকৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা স্থান।

আমাৰ আলোচনাৰ মাজলৈ যোৱাৰ আগতে সংলগ্ন ১ নং তালিকাৰ স্তম্ভ-১ ৰ পৰা স্তম্ভ-৬ লৈ চকু ফুৰাই চাওঁ আহক    

স্তম্ভ-১

         স্তম্ভ-২

স্তম্ভ-৩

স্তম্ভ-৪

স্তম্ভ-৫

স্তম্ভ-

স্তম্ভ-

ৰেংক

      দেশ / দল

 সোণ

 ৰূপ

  ব্ৰঞ্জ

মুঠ পদক অনুসৰি ৰেংক

(, , ) স্ক’ৰ ভেক্টৰ অনুসৰি ৰেংক

আমেৰিকা যুক্তৰাষ্ট্ৰ

৩৯

৪১

৩৩

চীনা গ প্ৰজাতন্ত্ৰ

৩৮

৩২

১৮

জাপান

২৭

১৪

১৭

গ্ৰেট ব্ৰিটেইন

২২

২১

২২

আৰ.’.চি.

২০

২৮

২৩

অষ্ট্ৰেলিয়া

১৭

২২

নেদাৰলেণ্ড

১০

১২

১৪

ফ্ৰান্স

১০

১২

১১

১০

জাৰ্মানি

১০

১১

১৬

১০

ইটালী

১০

১০

২০

১১

কানাডা

১১

১১

১০

১২

ব্ৰাজিল

১২

১১

১৩

নিউজিলেণ্ড

১৩

১২

১৪

কিউবা

১৮

১৫

১৫

হাঙ্গেৰি

১৩

১৩

১৬

কোৰিয়া গণৰাজ্য

১০

১৩

১৪

১৭

'লেণ্ড

১৯

১৭

১৮

চেক গণৰাজ্য

২৩

১৮

১৯

কেনিয়া

২৫

১৯

২০

নৰৱে

২৯

২৩

...

...............

...

...

...

...

...

৪৬

ৰোমানিয়া

৪৭

৩২

৪৬

ভেনিজুৱেলা

৪৭

৩২

৪৮

ভাৰত

৩৩

৩০

৪৯

হংকং, চীন

৩৯

৩১

৫০

ফিলিপিন

৪৭

৩৩

তালিকা-

১ নং তালিকাখন স্তম্ভ-১ ত, দেশসমূহে লাভ কৰা সোণৰ পদকৰ ওপৰত ভিত্তি কৰি স্থান নিৰ্ণয় কৰা হৈছে। আনহাতে স্তম্ভ-৬ ত, দেশসমূহে লাভ কৰা মুঠ পদকৰ ওপৰত ভিত্তি কৰি স্থান নিৰ্ণয় কৰা হৈছে। ইয়াৰে প্ৰথম পদ্ধতিটো বেছিভাগ অনুষ্ঠানে ব্যৱহাৰ কৰে। যদিহে দুখন দেশে লাভ কৰা সোণৰ পদকৰ সংখ্যা সমান, তেতিয়া যিখন দেশে অধিক ৰূপৰ পদক লাভ কৰে সেইখন দেশ ওপৰত থাকেসেইদৰে, সোণ-ৰূপ দুয়োবিধ পদকৰ সংখ্যা সমান হলে, ব্ৰঞ্জৰ পদক অধিক লাভ কৰা দেশখন ওপৰত থাকেআৰু যদি সেই পদকৰ সংখ্যাও সমান হয়, তেতিয়া আন্তৰ্জাতিক অলিম্পিক সমিতিত থকা দেসমূহৰ নামৰ ক্ৰমসমূহৰ ওপৰত ভিত্তি কৰি স্থান ঠিক কৰা হয়। অন্যহাতে, দ্বিতীয় পদ্ধতিটোত সোণ, ৰূপ বা ব্ৰঞ্জৰ পদকৰ মাজত কোনো পাৰ্থক্য নাই।ওপৰত উল্লেখ কৰা দুয়োটা ৰেংকিং পদ্ধতিয়ে বৰ সন্তোজনক নহয়। কিয়নো, দুয়োটা ৰেংকিং পদ্ধতিতেকোটা নিদিষ্ট তথ্যৰ ওপৰতে ভিত্তি কৰি, বাকী বহুতো তথ্য সম্পূৰ্ণভাবে এৰাই চলে। উদাহৰণস্বৰূপে, প্ৰথম পদ্ধতিটোত এখন দেশে কিমান সংখ্যক ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে তাৰ ওপৰত ৰেংকিংটো বৰ বেছি নিৰ্ভৰ নকৰেএই ক্ষেত্ৰত, এখন দেশে যিমানেৰূপ বা ব্ৰঞ্জপদক লাভ নকৰক কিয় সেই সংখ্যা এটা সোণৰ পদকৰ সমান হব নোৱাৰে। কিন্তু, এখন দেশৰ খেলুৱৈসকলে ৰূপ বা ব্ৰঞ্জৰ পদক পাবলৈয়ো যথেষ্ট কষ্ট কৰিব লগা হয়। যি কথা পদক তালিকাখনত প্ৰতিফলিত নহয়। এই পদ্ধতিসোণৰ পদকক (১), ৰূপৰ পদকক (০), আৰু ব্ৰঞ্জৰ পদকক (০) ৰে বুজাব পাৰি। অৰ্থা, এই পদ্ধতিক (১, ০, ০) স্কৰ ভেক্টৰে বুজাব পাৰি। আনহাতে, দ্বিতীয় পদ্ধতি সোণ, ৰূপ আৰু ব্ৰঞ্জ সকলো পদকক সমান মান বা গুৰুত্ব দিয়া হয়। এই পদ্ধতিত পদকৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। অৰ্থা, এই পদ্ধতিক (১, ১, ১) স্কৰ ভেক্টৰে বুজাব পাৰি। কিন্তু সকলো পদকক সমান মান দিয়াটো বৰ যুক্তিকৰ কথা নহয়কাৰণ, সোণৰ পদক লাভ কৰিবলৈ এজন খেলুৱৈয়ে যিমান কষ্ট কৰিব লগা হয় সেই অনুপাতে ব্ৰঞ্জ পদকত নহয়। অৰ্থাৎ এই পদকসমূহৰ মাজত এটা পাৰ্থক্য থাকিব লাগে। যিটো কথা দ্বিতীয় পদ্ধতিটোত দেখিবলৈ পোৱা নাযায়। চমুকৈ এই কথা উল্লেখ কৰিব পাৰি যে দুয়োটা পদ্ধতিয়ে একেবাৰে চূড়ান্ত ধাৰণাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা পদ্ধতি।তালিকাখনৰ পৰা দেখা যায় যে প্ৰথম ৰেংকিং পদ্ধতি মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান প্ৰথম, কাৰণ ই আটাইতকৈ বেছি সোণৰ পদক লাভ কৰিছে। সেইদৰে দ্বিতীয় পদ্ধতি মতেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান প্ৰথম, কাৰণ ই আটাইতকৈ বেছি সংখ্যক পদক লাভ কৰিছে। আনহাতে, দ্বিতীয় পদ্ধতি মতে ভাৰতৰ স্থান ৩৩। কিন্তু প্ৰথম পদ্ধতি মতে ভাৰতৰ স্থান ৪৮। অৰ্থাৎ দুয়োটা পদ্ধতিত ভাৰতৰ স্থানৰ মাজত যথেষ্ট পাৰ্থক্য দেখা পোৱা যায়। আকৌ,  স্তম্ভ-১ ত দেখিবলৈ পোৱা যায় যে ৰোমানিয়া, ভেনিজুৱেলা মুঠ পদকৰ সংখ্যা ৪ টা হোৱা পাছতো ভাৰততকৈ আগত আছে, কাৰণ ৰোমানীয়া আৰু ভেনিজুৱেলাই ভাৰতৰ সৈতে সমান সোণৰ পদক লাভ কৰাৰ লগতে ৰূপৰ পদকত ভাৰততকৈ আগবঢ়া।

এনেবোৰ কাৰণতে বহুতো অনুষ্ঠান বা ব্যক্তিয়ে অন্য স্কৰ ভেক্টৰৰ পোষকতা কৰে। তেনেকুৱা তিনিটা উদাহৰণ’ল— (৩,২,১);  (৪,২,১); (৫,৩,১) যদি আমি (৩, ২, ১) স্কৰ ভেক্টৰ ব্যৱহাৰ কৰো, তেতিয়া দেশসমূহৰ স্থান তালিকাখনৰ স্তম্ভ-৭ ত দেখুওৱা দৰে হব। এইক্ষেত্ৰত ভাৰতৰ স্থান হ ৩০ এই তৃতীয় পদ্ধতিটোত সোণৰ পদকক অসীম পৰিমাণৰ গুৰুত্ব দিয়াৰ সলনি ৰূপ বা ব্ৰঞ্জৰ পদকতকৈ কিছু বেছি মান দিয়া হৈছে। লগতে দ্বিতীয় পদ্ধতিৰ দৰে সোণ, ৰূপ আৰু ব্ৰঞ্জ সকলোকে একে মান দিয়া কাৰ্য্যও আঁতৰ কৰা হৈছে। এইদৰে পদকসমূহৰ মাজত এটা পাৰ্থক্য অনিবলৈ চেষ্টা কৰা হৈছে। স্বাভাৱিকতে এই তৃতীয় শ্ৰেণীৰ পদ্ধতিটো প্ৰথম দুটা পদ্ধতিতকৈ ভাল। কিন্তু, ওপৰত উল্লেখ কৰা এই তিনি ধৰণৰ ৰেংকিং পদ্ধতিত অলিম্পিকত ভাগ লোৱা আটাইবোৰ দেশক একে বুলি ধৰা হয়। কিন্তু বাস্তৱত সেয়া নহয়। দেশসমূহৰ মাজত যথেষ্ট ভিন্নতা থাকেউদাহৰণস্বৰূপে এখন উন্নত দেশে এজন খেলুৱৈক দিব পৰা সুবিধা, এখন উন্নয়নশীল দেশ বা অনুন্নত দেশে যোগান ধৰিব নোৱাৰে। সেইবাবে বহুতে এই ধৰণৰ তালিকা দেশৰ সম্পদৰাজি, জিডিপি আদিৰ ভিত্তিত নিৰ্ণয় কৰাৰ মত প্ৰকাশ কৰে। অন্য এটা গুৰুত্বপূৰ্ণ কাৰক ল দেশসমূহৰ জনসংখ্যা। ভাৰত, চীন, ব্ৰাজিল আদি দেশৰ লগত ইউৰোপৰ কিছুমান সৰু দেশ বা অন্য সৰু দেশসমূহৰ মাজত যথেষ্ট পাৰ্থক্য আছে। সেয়েহে বহুতে কিমানজন মানুহৰ বিপৰীতে এটা পদক লাভ কৰিছে তাৰ ওপৰত ভিত্তি কৰি ৰেংকিং কৰা মত প্ৰকাশ কৰে। জনসংখ্যাৰ ওপৰত ভিত্তি কৰি স্থান নিৰ্ণয় কৰাৰ প্ৰধা যুক্তি হ এখন ডাঙৰ দেশে তেওঁলোকৰ এক বৃহৎ সংখ্যক ব্যক্তিৰ মাজৰ পৰা খেলুৱৈ বাচিবলৈ সক্ষম হয়। অৰ্থাৎ ভাল খেলুৱৈ লাভ কৰা সম্ভাৱনা বেছি থাকে। আৰু ই পদক লাভ কৰাৰ সম্ভাৱনাও বঢ়ায়।

 

       দেশ / দল

ৰেংক

মুঠ পদক

প্ৰতিটো পদকৰ বিপৰীতে জনসংখ্যা

চান মাৰিনো

১১,৩১০

বাৰ্মুডা

৬৩,৯১৮

গ্ৰেনাডা

১,১২,৫২৩

বাহামা

১,৯৬,৬২২

নিউজিলেণ্ড

২০

২,৪১,১১১

জামাইকা

৩,২৯,০১৮

শ্লোভেনিয়া

৪,১৫,৭৮৭

ফিজি

৪,৪৮,২২২

নেদাৰলেণ্ড

৩৬

৪,৭৫,৯৬৮

হাঙ্গেৰি

১০

২০

৪,৮৩,০১৭

জৰ্জিয়া

১১

৪,৯৮,৬৪৫

ক্ৰ'য়েছিয়া

১২

৫,১৩,১৫৮

ডেনমাৰ্ক

১৩

১১

৫,২৬,৫৬৩

অষ্ট্ৰেলিয়া

১৪

৪৬

৫,৫৪,৩৪৫

এষ্ট'নিয়া

১৫

৬,৬৩,২৬৭

ছুইজাৰলেণ্ড

১৬

১৩

৬,৬৫,৭৪০

নৰৱে

১৭

৬,৭৭,৬৫৫

আৰ্মেনিয়া

১৮

৭,৪০,৮১০

কিউবা

১৯

১৫

৭,৫৫,১০৭

মঙ্গোলীয়

২০

৮,১৯,৫৭২

কছোভো

২১

৯,২৯,৬০১

....................................................

....

........

.............................

আমেৰিকা যুক্তৰাষ্ট্ৰ

৫৯

১১৩

২৯,২৯,২২৭

চীনা গ প্ৰজাতন্ত্ৰ

৮৮

৮৮

১,৬৩,৫৫,৯৫২

ভাৰত

৯৩

১৯,৭১,৪৩,৪৮৩

  তালিকা-

২ নং তালিকাত জনসংখ্যাৰ ভিত্তিত এটি সৰল ৰেংকিং দেখুওৱা হৈছে ইয়াত চান মাৰিনো প্ৰথম স্থানত থকা কাৰণ হল ই প্ৰতি ১১,৩১০ জন মানুহৰ বিপৰীতে এটা পদক লাভ কৰিছে। ঠিক সেইদৰে ভাৰতৰ স্থান ৯৩। ভাৰতে ১৯,৭১,৪৩,৪৮৩ জন মানুহৰ বিপৰীতে এটা পদক লাভ কৰিছে। ইয়াত আমি লগতে অন্যান্য স্ক’ৰ ভেক্টৰো প্ৰয়োগ কৰিব পাৰোঁ, যি নেকি স্থানৰ আৰু তাৰতম্য ঘটাব

এই ৰেংকিং পদ্ধতিসমূহৰ লগত ভোটিং পদ্ধতিৰো সদৃশ্য আছে ভোটিং পদ্ধতি বুলিলে সাধাৰণতে নিৰ্বাচনৰ কথা মনলৈ আহে যদিও, ভোটিং পদ্ধতিসমূহ অন্য বহু ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়। আমাৰ নিৰ্বাচনত ব্যৱহাৰ কৰা পদ্ধতিটো হল প্লুৰালিটি ভোটিং পদ্ধতি। যত ভোটাৰে মাত্ৰ এজন প্ৰাৰ্থীকে ভোট দিব পাৰে। ভোটাৰে বাকী প্ৰাৰ্থী সমন্ধে একো কথা উল্লেখ কৰিব নোৱাৰে। এই পদ্ধতিক ওপৰত উল্লেখ কৰা প্ৰথম ৰেংকিং পদ্ধতিৰ সৈতে একে বুলিব পাৰি। কাৰণ ইয়াক (১, ০, ০) স্কৰ ভেক্টৰে বুজাব পাৰি। ঠিক সেইদৰে অন্য এটা ভোটিং পদ্ধতি হল বৰডা স্ক পদ্ধতি। এই পদ্ধতিত ভোটাৰে প্ৰাৰ্থীকলক ৰেংকৰ সহায়ত উপস্থাপ কৰিব পাৰে। অৰ্থাৎ, প্ৰথম প্ৰিয় প্ৰাৰ্থী, দ্বিতীয় প্ৰিয় প্ৰাৰ্থী, তৃতীয় প্ৰিয় প্ৰাৰ্থী, ইত্যাদি। বৰডা পদ্ধতিত ব্যৱহাৰ কৰা স্কৰ ভেক্টৰ হল (২, ১, ০), তিনিজন প্ৰাৰ্থীৰ বাবে। বহু ক্ষেত্ৰত এই স্কৰ (৩, ২, ১)ও লোৱা হয়। অৰ্থাৎ বৰডা ভোটিং পদ্ধতি ওপৰত উল্লেখ কৰা তৃতীয় শ্ৰেণীৰ ৰেংকিং পদ্ধতিৰ সৈতে একে।

 

মোবাইল নম্বৰ:

পংকজ জ্যোতি মহন্ত: ৯১০১৯০৬২৩৭

ঋতু দত্ত: ৮৮৭৬৬৫৯০৮৪

No comments:

Post a Comment

অসম সাহিত্য সভাৰ ভোটিং পদ্ধতি

অসম সাহিত্য সভাই কি ভোটিং পদ্ধতিৰ দ্বাৰা তেওঁলোকৰ প্ৰাৰ্থীসমূহ বাছনি কৰে মই নাজানো! কিন্তু তেওঁলোকৰ সভাপতি পদৰ ফলাফলৰ এখন ফটো এইকেইদিন ফেচবু...