টাৱাঙলৈ
যোৱা কথা আছিল ২০১৪ চনতে! তেতিয়া আমি তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ
ছাত্ৰ। বিভিন্ন কাৰণত শেষত সেই সময়ত যোৱা নহ’ল। ২০১৫ চনত আমি পাঠ্যক্ৰম শেষ কৰি সকলো ঘৰা-ঘৰি হলো। ব্যস্ততা বাঢ়িল!
কোনোৱে আকৌ পঢ়া-শুনা আৰম্ভ কৰিলে, দুই এজনে চাকৰিৰ বাবে অসম এৰিলে। এনেকৈ কেতিয়ানো পাঁচটা বছৰ পাৰ হ’ল ক’ব নোৱাৰিলো! বিশ্ববিদ্যালয় এৰিলো যদিওঁ আমাৰ সেই
১০ জনীয়া চৰাইদেউ ছাত্ৰাবাসৰ(চমুকৈ চি. এম. এইচ. হোষ্টেলৰ) গণিতৰ গ্ৰুপটো থাকি গ’ল। ব্যস্ততাৰ মাজতো প্ৰায়ে কথা হয়।
২০২০
চনৰ দিনবোৰ সকলোৰে মনত আছে। অসমৰ বাহিৰত কাম কৰা
প্ৰায়বোৰ লোক অসমলৈ উভতি আহিছে! বহুতে ঘৰৰ পৰাই
কাম কৰিছে। ২০২০ ৰ শেষৰফালে অসমৰ পৰিৱেশ কিছু শ্বাভাৱিক কৰি দিয়া হ’ল। সেই চেগতে আমি আকৌ টাৱাং যোৱাৰ কথা
পাতিলো। এতিয়া যিহেতু আমাৰ লগৰ অসমৰ বাহিৰত কাম কৰা কেইজনো অসমতে আছেহি! এইবাৰ যেন
টাৱাং যাবই লাগিব!
শেষত
আমি ১৬ জানুৱাৰী, অৰ্থাৎ ঠিক মাঘ বিহুৰ পিচতেই টাৱাং যাবলৈ ঠিক কৰিলো। সেই মতেই ১৫
জানুৱাৰীত আমি সকলো তেজপুৰ পালোগৈ। তেজপুৰ পৰা টাৱাঙৰ দূৰত্ব ৩২০ কি.মি.। আৰু তাৰ
পৰাই টাৱাঙলৈ চুমু চলে। টাৱাঙলৈ সকলো খাদ্য বা অন্য সামগ্ৰী তেজপুৰ হৈ এ যায়।
দিপাংকৰ যোৰহাট, নলিনী ডিগবৈ, মই আৰু ডাৰিক ক্ৰমে লখিমপুৰ আৰু ধেমাজি, ঋতুপৰ্ণ শিৱসাগৰৰ পৰা! ঋতুপৰ্ণ
যে টাৱাঙলৈ যাম বুলি কলে সেইটোৱে আমাৰ সকলোৰে বাবে ডাঙৰ কথা!
তেজপুৰতত
আমি বেছি দেৰি ৰ’ব নোৱাৰিলো। ৰাতি থাকিলো উতপলৰ ৰোমত। উতপল ডাৰিকৰ বন্ধু!
কিবা এবিধ বিনৰ সৈতে সি বৰ সুন্দৰকৈ মূৰ্গীৰ মাংস ৰান্ধি আমাক ভাত খোৱালে! আমাৰ
লগত সিও যাম বুলি কোৱাত ভাল লাগিল।
১৬
জানুৱাৰী ২০২০, তেজপুৰ, ৰাতিপুৱা ২ বজাতে সাৰ পালো। নলিনী কাষৰ বিছনত শুই আছে। তাক
জগাই কথা পতা আৰম্ভ কৰিলো। তাক কৈছোঁ- ঠাণ্ডা ইমান! ইয়াতেই দেখুন উঠিবলৈ দিগদাৰ
পাইছোঁ, টাৱাঙত পাৰিমনে? সি কৈছে তই চিন্তা নকৰ। তাৰ
একো মতলবো নাই বাৰু! আগৰ পৰাই সি একে বাৰে যেতিয়ালৈ সকলো শেষ হৈ নাযায় তেতিয়া লৈকে
বিশেষ টেনচন নলয়, শেষ হলেহে অলপ চিন্তা কৰে! চিন্তা কৰিলেও সি দেখাই নিদিয়ে। তাৰ confidence ভাল! তিনি মান
বজাত (ৰাতিপুৱা) দিপাংকৰলৈ ফোন মাৰি তাক জগাই দিলো। দিপাংকৰ আৰু তাৰ লগত থকা ঋতুপৰ্ণক
বিশ্বাস কৰিব নোৱাৰি। শুই থাকিবলৈ আছে! শেষত যেনিবা সকলো ধুনীয়াকৈ পাঁচ
বজাত ওলাই আহিবলৈ সক্ষম হলো। অলপ পাছতে আমাৰ গাড়ী পালেহি। তেতিয়াওঁ ভালকৈ পোহৰ হোৱা নাই! বেগ কেইটা
গাড়ীৰ পিছফালে দি আমিও গাড়ীত উঠিলো। গাড়ী চলিল। মিছন চাৰিআলিত ঋতুপৰ্ণ আৰু দিপাংকৰ উঠিল। অলপ দূৰ গৈ পাওতেই এজন
ব্যক্তিয়ে গাড়ী ৰখালে, দাইভাৰক উদ্দেশ্য কৰি কলে প্লিজ(please) ভাই লৈ যা না
মাংসটো (১৫০০ দিম ভাৰা)। দাইভাৰ মান্তি নহ’ল। তেওঁ মাথো কলে আজি নোৱাৰো মই!
বালিপৰা সোমালো, বালিপৰা সোমোৱাৰ লগে-লগে মায়াবি-মায়াবি ফিল(feel) এটা আহে! দুয়োফালে সেউজীয়া গছ-গছনি,
তীব্ৰ গতিত পাৰ হৈ যোৱা যান-বাহন! আগতেও এইফালে কেবাবাৰো আহিছোঁ। আমনি নালাগে!
দাইভাৰ দাদাজন ফ্ৰী, কম্ফটেবুল! কথাৰ মাজে-মাজে দুই এটা অশ্ৰীল মাত!(দাইভাৰৰ নহয়,
আমাৰ মাজৰে কাৰোবাৰ)! সকলোকে একেলগে বহু দিনৰ পাছত লগ পোৱাৰ আনন্দ! ভালুকপুং গেট
পালোগৈ! ঋতুপৰ্ণে মিঠাই কিনিছে। চাহ-মিঠাই খালো। চাহ বিক্ৰী কৰা দোকানী দাদা জনক
সুধিলো, টাৱাঙৰ এই কেইদিনৰ পৰিৱেশ কেনেকুৱা? তেওঁ কলে খুব বৰফ পৰিছে। তেওঁক বিদায় জনাই পুনৰ গাড়ীত বহিলো। আমাৰ
গাড়ী লাহে-লাহে ওপৰলৈ উঠিছে। ভালুকপুং পাৰ হোৱাৰ পৰাই ঠাণ্ডা অনুভৱ কৰিছোঁ। হঠাতে পাহাৰ এটাৰ পৰা পানী বাগৰি অহা দেখি গোটেই
কেইটা নামি দিলো! ফটো উঠিবলে উৎপাত! ফটো উঠিলো। ৰাস্তাবোৰ ভাল হৈছে যেন অনুভৱ হয়!
ঠায়ে- ঠায়ে কিছু বেয়া। সেয়া সামান্য। বহু ঠাইত ৰাস্তাৰ কাম চলি আছে। কিছু ঠাইত সৰু
দুই এখন দলং বঢ়াইছে। দলং সমূহে দূৰত্ব কমাইছে।
ইয়াৰ
পাছত বহু দূৰলৈ গাড়ীৰ পৰা নামিব লগা নহ’ল। গাড়ীৰ ভিতৰৰ পৰাই অৰুণাচল প্ৰদেশৰ সৌন্দয্য উপভোগ কৰি গৈছোঁ। ডাৰিকে আগফালৰ কাষৰ চিটত
বঢ়ি ৰেকডিং কৰি গৈছে। নলিনী একো মতলব নোৱোৱাকৈ
বেগ কেইটাৰ লগত একেবাৰে
পাছফালে বঢ়ি গৈছে। ঋতুপৰ্ণই ইতিমধ্যে সোঁফালৰ খিৰিকিৰ কাষৰ চিট লৈছে। দুৱাৰখন
কেনেবাকৈ খুলি গলে সি একেবাৰে পাহাৰৰ তলত ...!! যিহেতু সোঁফালে একো নাই! মুকলি!
দিপাংকৰে কৈছে- আহোতে অলপ ৰিস্কি(Risky) হ’ব- যিহেতু আমি মুকলি চাইদে দি আহিব লাগিব! কথাটো হয়। সেই কথা এতিয়া
চিন্তা নকৰাই ভাল! গৈ পোৱাটোৱে মেইন!
১২
মান বাজিল। সময়ৰ লগত ইতিমধ্যে আমাৰ সমন্ধ নাইকিয়া হৈছে! কাৰণ আমি পাঁচ বজাতেই
ওলাইছোঁ। ভোক লাগিছে! নাগ মন্দিৰ বুলি কয় ঠাই খিনি, এই ফালৰ পৰা যোৱা গাড়ীবোৰ ভাত/চাহ খাবলৈ হয়টো এই ঠাইতে ৰাখে! এখন দোকানৰ ফলকত লিখা আছে- নাগ মন্দিৰ,
ৱেষ্ট কামেং ডিষ্টিক। অৰুণাচল প্ৰদেশৰ জিলা সমূহৰ নামবোৰ শুনি ভাল লাগে! ৱেষ্ট
কামেং, ইষ্ট কামেং, পাপুম পাৰে ইত্যাদি! কিবা এটা বেলেগ! আমাৰ দৰে নহয়! ইতিমধ্যে
আমি কাঠৰে নিৰ্মিত হোটেল খনত বঢ়ি খাবলৈ কি পোৱা যায় তাকে সুধিছোঁ! ভাত, ৰুটি সকলো
আছে। ৰুটি খোৱাৰে ঠিক কৰিলো। গাহৰি খোৱা হ’ল। গাহৰিৰ মাংস কিছু গোন্ধাইছে। পুৰণি
মাংস হয়টো! যোৱাকালি বা তাৰো আগৰ! মাংস অসমৰে পৰা আহে বোলে। তাতে কাম কৰা বাইদেউ
এগৰাকীয়ে কলে। হয়টো আহি পাওতে দেৰি হয়! বা থাকি যোৱা কালিৰ মাংস আহে! তলৰ পৰা
(অসমক তলৰ বা নিচে বুলি কয় ইয়াত) পুনৰ গাড়ীত উঠিলো। অলপ দূৰ গৈয়ে ৰৈ যাব লগা হ’ল ৰাস্তা বনাই আছে। উপাই নাই। ৰৈ
থাকিলো। দহ/বিছ মিনিট যেন সময়... যাব দিয়া হ’ল। গৈ আছোঁ এফালে পাহাৰ, এফালে খালী...
নিৰন্তৰ গতিত ওপৰলৈ উঠিছোঁ। এটা পাকত বহুত তলত আপুনি উঠি অহা ৰাস্তাটো দেখা পোৱা যায়। এইদৰে গৈ থাকিলো। ঠায়ে-ঠায়ে Army Camp (সেনা শিবিৰ)। মানুহৰ ঘৰতকৈ আৰ্মিৰ কেম্পৰ সংখ্যাই
অধিক! এটা ঠাইত আমাৰ গাড়ী ৰখালে, আমাৰ সকলোৰে ইনাৰ লাইন পামিট (Inner Line Permit) পৰীক্ষা
কৰিলে। দাইভাৰ দাদা জনৰো কাগজ পত্ৰ পৰীক্ষা কৰিলে। সকলো ঠিকে আছে। যাবলৈ দিয়া হ’ল।
গান বাজি থাকিল, ইতিমধ্যে নেটৱক সেৱা বন্ধ হৈছে। জি’অৰ নেটৱক নাই। গাড়ীৰ দাদাক সুধিলো চেলা পাছ কেতিয়া পাম (?) তেওঁ উত্তৰ দিলে- সময় লাগিব! দুই -আঢ়ৈ ঘণ্টা! আৰু দুই আঢ়ৈ ঘণ্টা চেলা পাছ পাবলৈ? অলপ শুই ল’ব পৰা যায়! কিমান আৰু পাহাৰ চাম? আমনি লগাত আকৌ এখন হোটেলৰ নিচিনা ঠাইত ৰখা গ’ল- ঠাণ্ডা আগত কৈ বাঢ়িছে! মেগি খোৱা হ’ল! লগত চাহ! সুন্দৰ! আকৌ সতেজ অনুভৱ কৰিছোঁ! বিয়েৰ দুটা মান লৈ লোৱা যাওক কোনোবা এটাই চিঞৰিলে! ঠিকে-ঠিকে আৰু বহু দূৰ যাব লগা আছে। গাড়ীত কৰিবলৈও বিশেষ একো নাই। বিয়েৰ খাই-খাই গৈ থকা যাওঁক! সুন্দৰ!! গাড়ীত উঠাৰ আগেই চিগাৰেট দুডাল মান জ্বলিল! লক্ষ্য কৰিছোঁ অৰুণাচলৰ দোকান- বজাৰ প্ৰায়বোৰ মহিলা সকলেই চলাই। আমি প্ৰথমে ৰুটি খোৱা হোটেল খনৰ মালিক মহিলা, খানা দি যোৱা সকল মহিলা, আমি মেগি/চাহ খোৱা হোটেল খনৰ ক্ষেত্ৰতো একে। দুই এখনত অৱশ্যে পুৰষো নথকা নহয়। বিয়েৰ খাই -খাই গৈ থকা হ’ল। সংগীত, বিয়েৰ, পাহাৰ আৰু খিৰিকিৰে সোমাই অহা কিছু বতাহ! পৰিৱেশটো প্ৰাণচঞ্চল হৈছে পৰিছে! কিমান দিনৰ পাছত যে এনেকৈ ওলাই অহা হৈছে! মনত নপৰে! চেলা পাছ তেতিয়াও পোৱাগৈ নাই! এখন স্কুল ছুটি দিছে— ল’ৰা ছোৱালী বোৰ ঘৰলৈ উভতিছে! হঠাৎ মনলৈ আহিল আজি দেখুন দেওবাৰ। হয়টো কভিডৰ পৰিৱেশ অলপ ঠিক হোৱাত দেওবাৰেও ক্লাছ হৈছে! অৰ্থবা থাকি যোৱা পাঠবোৰ সম্পূৰ্ণ কৰিবলৈ। নাজানো অন্য কিবা কাৰণো হ’ব পাৰে!! সেই ঠাই খিনিৰ নাম এতিয়া পাহৰিছোঁ কিছু দোকান -বজাৰ আছে। আকৌ ওপৰলৈ উঠিছোঁ। এৰি থৈ আহিছোঁ বহু বাট! ইতিমধ্যে বিয়েৰৰ কিছু প্ৰভাৱ পৰিছে, আৰু দাদাই চেলা পাছ পাইছোহি বুলি জনাইছে। চেলা পাছ (বা চেলা গিৰিপথ) হৈছে টাৱাং জিলাৰ ভিতৰত আটাইতকৈ ওখ ঠাইত ৰাস্তা! চেলা পাছৰ বিষয়ে বহু কথা শুনিছোঁ! চেলা পাছ আৰম্ভ হোৱাৰ কিছু পাছতে ৰাস্তাৰ দুয়োকাষে বৰফ দেখা গ’ল। সকলো নামি আহিলো। সৰুকৈ বৰষুণ পৰিছে। দুই–এখন ফটো! এইয়াই চেলা পাছ! চেলা পাছৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা ১৩,৬৮০ ফুট উচ্চতাত। ৰাস্তাৰ দুয়ো কাষে বৰফ পৰিছিল যদিওঁ আমাৰ যাওতে একো সমস্যা হোৱা নাছিল। চেলা পাৰ হলো। ইয়াৰ পৰা টাৱাঙলৈ ৭৮ কিলোমিটাৰ বাট। সমতলত সেই দূৰত্ব কোনো কথাই নহয়, পাহাৰত সেই একে দূৰত্ব অতিক্ৰম কৰিবলৈ আমাক আৰু চাৰি, চাৰে চাৰি ঘণ্টাৰ সময়ৰ প্ৰয়োজন হ’ব! ইতিমধ্যে বতৰটো ঢোৱা বৰণীয়া কৰি আনিছে। ৰাতিপুৱাৰ দৰে সেই পোহৰ নাই! (আগলৈ...)
No comments:
Post a Comment