Friday, January 21, 2022

টাৱাঙত তিনি দিন (খ)

শেষৰটো বিয়েৰ শেষ কৰি কিছু দেৰি শুই দিয়া হল! কাৰোবাৰ মাতত সাৰ পালো। চকু মেলি দেখু আমাৰ আগত গৈ থকা গাড়ীবোৰ ৰৈ আছে। আকৌ কি ? নামি গৈ দেখু ইয়াতে এটা অস্থায়ী কভিড পৰীক্ষা কেন্দ্ৰ খুলিছে। টাৱাঙলৈ যোৱা পৰ্য্যতক সকলৰ কভিড পৰীক্ষা কৰিছেগাইপতি ২৫০ টকাকৈ দি আমিও কভিড পৰীক্ষা কৰিব লগা হসকলো নিগেটিভ! নিগেটিভ নসলেনো কি হ? ইমান দূৰ অহাৰ পাছত ঘূৰাই পঠাব নেকি? কভিডৰ পৰীক্ষা যেতিয়া কৰিছেই সেইয়া অৰুণাচল সোমোৱাৰ সময়তে কৰিব লাগিছিল! টাৱাং পাবলৈ দুই ঘণ্টা বাকী থাকোতে নহয়। কাকো কৈ লাভ নাই। সেইহে সম্ভৱত সকলোকে নিগেটিভ ফলাফল এ দিয়া গৈছে! অলপ দূৰ খোজকাঢ়ি গৈ আকৌ এটা অস্থায়ী চেকপষ্টত সকলোৰে নাম, ঠিকনা, কৰ পৰা আহিছোঁ, দেউতাৰ নাম ইত্যাদি জনাব লগা হল। সকলো ঠিকে ঠাকে হৈ গল। হয় টাৱাঙলৈ আৰু বেছি দূৰ নাই। ইয়াৰ পৰা অতি ঠাণ্ডা আৰু আন্ধাৰ ৰাস্তাৰ মাজেৰে আমাৰ গাড়ী আগবাঢ়িল। এইখিনি ৰাস্তা পকী নহয় যেন লাগে। গাওঁৰ ৰাস্তাৰ দৰে মাজে-মাজে যেন কিছু সৰু-ডাঙৰ গাত! গাতত পানী। ঠিক তেনে! হোটেল পোৱালৈকে মাজত আমি কতো নামিব লগা নহল। হোটেল ঠিক কৰি ৰাখিছিল বন্ধুৰ বাইদেউ এশেষ মূহুত্ত্ত গাড়ীৰ পৰা নামি অনুভৱ কৰিছোঁ ঠাণ্ডাৰ প্ৰকোপ অতি বেছি! কোবা- কোবিকৈ হোটেলত সোমালো। হোটেলৰ লৰা এজনে ৰোমবোৰ দেখাই দি গল। আৰু কি খাম সুধি গল। ঋতুপূৰ্ণৰ গা বেয়া হৈছে! মাথা বিষ। সম্ভৱত খিৰিকীৰ কাষৰ চিটত বহি অহা বাবে ঠাণ্ডা বতাহেই তাৰ কাৰণ। বাকী সকলো ঠিকে আছে। কাৰেণ্ট নাই! থকা হলে ভাল আছিল! টাৱাঙত প্ৰায়ে কাৰেণ্ট নাথাকে বোলে! আন্ধকাৰ, শান্ত, ৰাতিৰ টাৱাং! ছয় বজাতে সকলো শেষ। দোকান- পোহাৰ সকলো বন্ধ! আমি অলপ বয়-বস্ত চিজিল কৰিলো। উতপলে কৰ পৰা জানো ৰামৰ বটল এটা আনিলে! কিছু খোৱা হল! গাটো কিছু গৰম হৈছে। ইতিমধ্যে ভাত আহিল। ভালকৈয়ে খোৱা হল। দুই এটা কথা পাতোতেই আকৌ কাৰেণ্ট গল। সকলোৱে নিজৰ-নিজৰ ৰোমলৈ গল। আমিও বিচনাত পৰি দিলো। দিনটোৰ ভাগৰ! নলিনীয়ে কলে, দেখিলা তোমাক মই চেফলি (Safely) টাৱাং লৈ আহিলো। নাৰ্জিৰে ভিডিঅ কল কৰি আমি সকলো ঠিকে আছোনে খবৰ ললে। তাৰ অলপ পাছতে নেৰিষ্টত পঢ়ি থকা চম্পকে ফোন কৰিলে। সি বৰ দুখ কৰিছে! আগতে গম পোৱা হলে সিওঁ আহিল হয় বোলে!


ৰাতি পুৱাল! ডাৰিকে মাত দিছে সাৰ পালো নে নাই বুলি? সি ডেছ- পোচাক কৰি ফিট-ফাট! বোলো কৰ পৰা আহিলা(?) অলপ মনিংৱাক! ৱাহ, ই দেখুন অলপ বেছিয়ে এডভান্স! অলপ পাছত নলিনী গল চেম্পু বিচাৰিসি ঘূৰি নহা দেখি মই আৰু দিপাংকৰ আগবাঢ়ি গলো। ঋতুপৰ্ণৰ মাথা বিষ তেতিয়াওঁ সম্পূৰ্ণ ভাল হোৱা নাই। অলপ চিন্তা হৈছে। কালি তাক পিল-চিল খাবলৈ দিয়া হ, মেন্থপ্লাছ দি মাথা মালিছ কৰি দিয়া হৈছেতথাপি ভাল পোৱা নাই। তাক নজগোৱাকৈ এবাৰ চাই আহিলো। নলিনীক বাটত লগ নাপালো। আমি হোটেলৰ পৰা আগবাঢ়ি গলো সি হয়টো আনটো বাটেৰে তললৈ গল! আমিও আগবাঢ়িলো। দিপাংকৰে পাহাৰ এটা দেখাই কলে সেইটোলৈ উঠিব পাৰি নেকি?  শুই উঠি আহিছোহে মাত্ৰ, ইমান ৰাতিপুৱাই এইবোৰ ৰিস্ক লব নোৱাৰি! তাৰ লগে-লগে উত্তৰ, তই এনেকে কই দিলে কি হব আৰু!! ঠিকেই, মই এনেকৈ কৈ দিলে কি হব, ৰাতিপুৱাই পাহাৰত উঠিব লাগে এতিয়া। অলপ দূৰ খোজকাঢ়ি গৈ দেখিলো ওপৰলৈ উঠিবলৈ খট-খটি এটা আছে আধা মাটি, আধা শিলৰডাইৰেক্ট পাহাৰ বগোৱাতকৈ এইফালে উঠিলে অলপ সহজ হব বুলি মই আগবাঢ়িলো! সি মোৰ পাছে-পাছে দুই এখন ফটো উঠাই লাহে-লাহে আহি আছে। ৰাস্তাৰ পৰা দুটা ফ্লৰৰ সমান উচ্চতালৈ উঠাৰ পাছত লাহেকৈ অনুভৱ কৰিছোঁ এটা বেলেগ অনুভৱ! ঠিক ভাল লগা নহয়। উশাহ লবলৈ যেন অলপ কষ্ট কৰিব লগা হৈছে তেনে কি হৈছে ঠিক ধৰিব পৰা নাই! সি এতিয়াওঁ মোতকৈ কেইটামান ষ্টেপ পাছততাক মাত লগালো! কলো- ফাতি গৈছে! সি সহমত জনাই কৈছে অহ বে ফাতি গৈছে। মই গম পাইছোঁ। মোৰো ফাতিছে যেতিয়া তাৰ অলপ বেছিয়ে হব! নলিনী অহা হলে চিয়ৰ(Sure) ইয়াতে শুই দিলে হয়, আৰু যাব নোৱাৰো বুলি কৈ!(এই কম্পেৰিজনবোৰ শৰীৰৰ ওজনক লৈ কৰা হৈছে!) সেই মূহুত্ত্ত মনলৈ একো বেলেগ কথা অহা নাই মাত্ৰ কেনেবাকৈ কৰবাত পানী অলপমান পোৱা যায় নেকি সেইয়াই! অলপ দূৰ আগবাঢ়ি গৈ দেখো এডাল পাইপেৰে পানী ওলাই আছে, দেখিবলৈ পৰিস্কাৰ – একো চিন্তা নকৰি তাৰে অলপ খাই দিয়া হল। পাছত গম পাইছোঁ সেই পাইপ ডাল প্ৰকৃততে কি? তেনেতে বৰ মৰম লগা সৰু পোৱালী এটাক লগ পালো! তাক অসমীয়াতে সুধিলোঁ, কিবা আছে নেকি ওচৰত চাহ খাবলৈ? সি কিবা-কিবি কবলৈ ললে! যোৱাৰ আগতে মই তাৰ সৈতে ফটো এখন উঠিলো। আজি আমাৰ টাৱাঙত প্ৰথম দিন। সেইহে আজি আমি টাৱাঙৰ ওচৰতে থকা কিছু ঠাই চাম বুলি ঠিক কৰিলোঁ। হোটেলৰ লবিতে ওচৰৰ ঠাই চাবলৈ গাড়ী পোৱা যায়। ভাৰা বেছি নহয়। টাৱাঙৰ ওচৰতে থকা কিছু চাবলগীয়া ঠাই বুলি কবলৈ গলে টাৱাং মনেষ্ট্ৰী, চাংয়াং গ্যাটচৰ (ষষ্ঠ দালাই লামা)জন্ম বাসগৃহ উৰ্গেলিং গম্পা(Urgelling Gompa), ইণ্ডো-ইণ্ডিয়ান ৱাৰ (১৯৬২) শ্মৃতি তোৰণ, নিনমে-নাইংমা-মনেষ্ট্ৰী(Kninmey-nyingma-monastery), অতি বৃহ বুদ্ধ মূৰ্তি উল্লেখযোগ্য। দুই মান বজাত হয়তো আমি ওচৰৰ ঠাই সমূহ চাই সম্পূৰ্ণ কৰিলো। নাজিৰৰ বায়ে আমাক ইতিমধ্যে ভাত খোৱাকৈ মাতি থৈছে। আমি বাৰ ঘৰলৈ গলো। বাৰ ঘৰ আমি থকা হোটেলৰ ওচৰতে। অচলতে, টাৱাঙত আমাৰ কিবা অসুবিধা হব বুলি ভাৱিয়ে বায়ে হয়টো হোটেলখন ঘৰৰ ওচৰতে ঠিক কৰি ৰাখিছিল। যোৱা কালি আমি বহু দেৰিলৈকে টাৱাং গৈ নোপোৱাত তেওঁ বহু বাৰ ফোন মাৰিছে! যিকি নহওঁক আমি ভাত খোৱাৰ আগতে বহু কথা পাতিলোঁ। বা মানে আমাৰ লগৰ নাজিৰৰ বা। আমাৰ এই প্ৰগামটোৰ মেইন মানুহটো আছিল নাজিৰ নিজে। অৰ্থাৎ ২০১৪ চনতে সি আমাক টাৱাঙলৈ লৈ যাম বুলি কথা দিছিল। কিন্ত তেতিয়া আমি যাব নোৱাৰিলো। মই ঠাণ্ডা ঠাই ভাল পাওঁ বুলি কোৱাত সি মোক বাৰে-বাৰে কৈছিল দত্ত তুমি তাত বহুত ভাল পাবা! মইয়ো তাক ধেমালিতে কওঁ এহ স্কুল বা আন কিবা কাম এটা পালে মই তাতে চেটেল হব বিচাৰোঁ। যিকি নহওঁক সি এইবাৰো আমাৰ লগত যোৱা কথা আছিল। কিন্ত শেষ মূহুত্তত তাৰ যোৱা নহল। সি নগলেওঁ এই কেইদিন একেৰাহে আমাৰ লগতে থকা নিচিনাকৈ থাকিল আৰু মাজে-সময়ে ফোন কৰি থাকিল।


বায়ে সকলোৰে লগত এফালৰ পৰা কথা পাতি গৈছে। কোন কৰ পৰা আহিছোঁ। তেওঁ কথা কোৱাৰ ষ্টাইল নাজিৰৰ দৰে একে। কথাৰ মাজে-মাজে দুই এটা কাট মাৰে, জমনি কৰি কথা কয়। আমি ভাত খালো, আকৌ চাহো খাব লগা হল। গৈযে গৰম পানী। এইটো চাগৈ তেওঁলোকৰ নিয়মে হৈ গৈছে। মানুহ গলে গৰম পানী এগিলাছ দিয়া। তেওঁলোকৰ ঘৰবোৰ পৰা পক্ষত সৰু! ঘৰ বোৰত জ্বই জ্বলাবৰ বাবে সুন্ধৰকৈ ব্যৱস্থা কৰি লোৱা আছে। তাৰ কাষে কাষে বঢ়ি আদ্দা মাৰিবলৈ ভাল। জ্বইৰ জ্বলাবৰ বাবে যথেষ্ট খৰিৰো প্ৰয়োজন হয়। বছৰি ২৫/৩০ হাজাৰ নে তেনে পৰিমাণৰ টকা খৰছ হয় খৰি যোগাৰ কৰা নামত। নহলে তেনে পৰিৱেশ থাকিব নোৱাৰি! বা স্কুলৰ শিক্ষয়তী। স্কুল ওচৰতে। অসংখ্যা কথা! বাৰ স্কুল, কলেজ, অসমৰ বিশ্বনাথ কলেজত পঢ়া দিনৰ কথা। তেতিয়া  অসমলৈ যোৱাটো যে কিমান কষ্টকৰ আছিল ইত্যাদি।

 

কথাৰ মাজতে আমি কাইলৈ মাধুৰী লেক(Sungester Lake) চাবলৈ যাম বুলি কোৱাত তেওঁলোকে এবাৰ সৰুতে স্কুলৰ পৰা লেকলৈ খোজ কাঢ়ি যোৱা কথা কলে। এবাৰ বোলে তেওঁলোকে লেকত এটা বাকচৰ ওপৰত বঢ়ি আছিল। পাছত তেওঁলোকৰ লগৰ কেইজনমানে হাঁহি-হাঁহি জনালে যে সেই বাকচত মৃত্যু হোৱা লামা এজনক ৰখা হৈছে। আগতে লেকৰ ওচৰে পাজৰে বোলে লামা সকলক এইদৰে মৃত্যুৰ পাছত থৈ দিয়া হৈছিল! এইবোৰ কথা পাতি থাকোতেই বৌদ্ধ ধৰ্ম আৰু বিশেষকৈ মনপা জনজাতিৰ লোক সকলৰ কথা ওলাল। বিশেষকৈ মনপা সকলে মৃত্যুৰ পাছত কিদৰে মৃতদেহ সৎকাৰ কৰে ইত্যাদি। তেওঁলোকৰ মৃতদেহ সৎকাৰ কৰা কেইবাটাও নিয়ম আছে। কিছু সংখ্যংকে বিশ্বাস কৰে মৃতদেহটো টুকুৰাটুকুৰকৈ কাটি নৈত উটুৱাই নিদিলে আত্মাৰ সদগতি নহয় বুলি! মৃতদেহ কটাৰো নিয়ম থাকে। মৃতদেহটো বোলে জুখি মাখি হিচাপ কৰি কৰি এশ আঠ ভাগ কৰি কাটি নৈত উটুৱাই দিয়া হয়। নৈত উটুৱাই দিয়া বাবে বোলে বহুতে নৈৰ পানী নাখায়। অন্য কিছু সংখ্যংকে মৃতদেহ এখন চকী বা অন্য তেনে সামগ্ৰীত টানকৈ বান্ধি পাহাৰ বা অন্য ওখ স্থানত ৰাখিথৈ আহে। চৰাই বা অন্য জীৱ আদিয়ে খাবৰ বাবে। অৰুণাচল প্ৰদেশৰ মনপা জনজাতিৰ এই ধৰণৰ কিছু বিশ্বাস, পৰম্পৰাৰ কিছু কথা য়েছে দৰজে ঠংচিদেৱৰ ৰচিত শৱ কটা মানুহ নামৰ উপন্যাসখনত পোৱা যায়। বাৰ ঘৰৰ আদ্দা সামৰি আমি সন্ধিয়াৰ ঠিক আগে-পাছে আমাৰ হোটেল পালোহি।    (আগলৈ...)

No comments:

Post a Comment

অসম সাহিত্য সভাৰ ভোটিং পদ্ধতি

অসম সাহিত্য সভাই কি ভোটিং পদ্ধতিৰ দ্বাৰা তেওঁলোকৰ প্ৰাৰ্থীসমূহ বাছনি কৰে মই নাজানো! কিন্তু তেওঁলোকৰ সভাপতি পদৰ ফলাফলৰ এখন ফটো এইকেইদিন ফেচবু...