Sunday, January 30, 2022

টাৱাঙত তিনি দিন (গ):

ভৌগোলিকভাৱে টাৱাং চীনৰ সীমান্তত অৱস্থিত। লগতে টাৱাং বা সমগ্ৰ অৰুণাচল প্ৰদেশক যে চীনে তেওঁলোকৰ দেশৰে এটা অংগ বুলি সময়ে-সময়ে দাবী কৰে সেইয়া আমাৰ বাবে নতুন কথা নহয়! সীমান্তৰ এই ঠাই খিনিক বুম লা পাছ বুলি কোৱা হয়। বুম লা লৈ যোৱা পথটোও এটা ঐতিহাসিক পথচীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে ১৯৬২ চনত ভাৰত আক্ৰমণ কৰিছিল। ৬২ ৰ চীন-ভাৰত যুদ্ধত এই স্থানতে ভয়ংকৰ যুদ্ধ সংঘটিত হৈছিল। ইয়াৰ উপৰিও এই পাছৰ জৰিয়তে দালাই লামাই ভাৰতত প্ৰৱেশ কৰিছিল। এই বুম লা পাছটোৱে বৰ্তমান চীন আৰু ভাৰতৰ নিৰাপত্তা বাহিনীৰ বা ইণ্ডো-চাইনা সীমান্ত কৰ্মচাৰী সভা (Border Personnel Meeting point) বিষয় সম্পৰ্ক উন্নত কৰাৰ বাবে দুয়োটা সীমান্ত কৰ্মীৰ সেনাৰ মাজত নিয়মীয়া আলোচনা /বাৰ্তালাপৰ এটা উল্লেখযোগ্য কেন্দ্ৰ হিচাপে কাম কৰি আছে। ভাৰতীয়ৰ বাহিৰে অন্য দেশৰ পৰ্য্যটকক এই ঠাইলৈ যাবলৈ অনুমতি দিয়া নহয়। ভাৰতীয় সকলকো বছৰৰ সকলো সময়তে চীন সীমান্তলৈকে যাবলৈ অনুমতি নিদিয়ে! আমিও সেইহে প্ৰথমে বুম লালৈ যাম বুলি ভাৱি যোৱা নাছিলোকিন্তু প্ৰথম দিনা আমি যিজন দাদাৰ সৈতে টাৱাঙৰ ওচৰৰ ঠাই সমূহ চাবলৈ গৈছিলো তেওঁৰ পৰা জানিব পাৰিলো যে সেই সময়ত বুম লা অৰ্থাৎ চীন সীমান্তলৈকে যাবলৈ অনুমতি দিয়া হৈছে। তেওঁৰ পৰা লগতে গম পালো যে বুম লা আৰু মাধুৰী লেকলৈ একে দিশতে যোৱা হয়। যিহেতু আমি মাধুৰী লেকলৈ যোৱা কথা আছেই সেইহে অলপো পলম নকৰি বুম লালৈ যোৱাটোও ঠিক কৰিলো। ইমান ওচৰৰ পৰা বুম লা বা চীন সীমান্তৰলৈ নোযোৱাকৈ ঘূৰি যোৱা কথা হব নোৱাৰে! অৱশ্যে, বুম লা পাছ দৰ্শন কৰিবলৈ এক বিশেষ অনুমতিৰ প্ৰয়োজন! ইয়াৰ বাবে টাৱাং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুমতি লব লগা হয়লগতে টাৱাঙৰ ভাৰতীয় সেনাৰ ছাউনিত মোহৰ (stamp)প্ৰয়োজন। সেনাৰ মোহৰ অবিহনে, বুম লালৈ যাব পৰা নাযায়। কাৰণ বাটত বহু কেইটা চেকপষ্টত এই অনুমতি পত্ৰৰ পৰীক্ষা কৰা হয়। আমি বুম লালৈ যাবলৈ পাছ বনাবলৈ প্ৰয়োজনীয় সামগ্ৰী কেইবিধ তেওঁকে গতালো

বছৰৰ বেছি ভাগ সময়ত বুম লাত অতি বেছি তুষাৰপাত হয়। তাৰফলত এই অঞ্চলটো প্ৰায়ে গোটেই বছৰজুৰি গধুৰ বৰফেৰে আবৃত হৈ থাকে। সেইহে তালৈ পৰাপক্ষত পৰ্য্যটকক যাবলৈ অনুমতি দিয়া নহয়! যি কি নহওঁক আমাৰ ভাগ্য ভাল আছিল! আমি বুম লালৈ যাবৰ বাবে প্ৰয়োজন হোৱা অনুমতি পত্ৰ লাভ কৰিলো

১৮ জানুৱাৰী ২০২১, আমি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি চীন সীমান্তলৈ বুলি ৰাওনা হলো! বেছ ধুনীয়া ৰাস্তা! ৰাস্তা ধুনীয়া যদিও বুম লালৈ যোৱা ট্ৰেকটো অতি বিশ্বাসঘাতক বুলি ধৰা হয়। কেৱল এছ.ইউ.ভি. (SUVs) হে পৰামৰ্শযোগ্য, আৰু সেয়াও কেৱল পৰিষ্কাৰ বতৰৰ দিনত অর্থাৎ কোনো তুষাৰপাত বা বৰষুণৰ বতৰত এই বুম লা পাছলৈ যোৱাটো সঠিক সিদ্ধান্ত নহয়! ওপৰলৈ গৈ থকা হৈছে। পাহাৰৰ মাজত ইমান কষ্টৰে ৰাস্তা নিৰ্মাণ কৰা বি. আৰ.. (Border Roads Organisation) কৰ্মী সকলৰ কষ্ট স্বীকাৰ কৰাৰ বাহিৰে উপায় নাই। তেওঁ লোকৰ ত্যাগ, কষ্ট অতুলনীয়। গাড়ীত পুৰণি হিন্দী চিনেমাৰ গান। আমি সৰুতে শুনা! সেই সময়ৰ গান বোৰ শুনিলে শুনি থাকিব পাৰি। এনে লাগে এই ঠাইত জীৱনৰ কোনো জটিলতা নাই! প্ৰয়োজনো অতি নিম্নতম! সময়ে এতিয়াও ইয়াত স্পষ্টকৈ অধুনিকতাৰ প্ৰলেপ সানিব পৰা নাই! গান পুৰণি মানে ১৫/২০ বছৰৰ আগৰ! প্ৰতিটো গানৰ পাছত আমিও যেন সৰুহৈ পৰিছোঁ! লৰালিৰ দিনবোৰ মনত পৰিছে! আমাৰ মাজত ইটো-সিটো কথা হৈ গৈছে যদিওঁ লগে-লগে নিজৰ জীৱনৰ কথাবোৰো যেন ভাঁহি আহিছে! গম নোপোৱাকৈয়ে আমি ডাঙৰ হৈ আহোঁ! বহু সময়ত এনে হয় নিজৰ জীৱনটোকে ঘূৰি চাবলৈ অৱকাশ নাথাকে! পাহাৰ, সাগৰ আদি বস্তবোৰেহে এই কথা অতি সুন্দৰকৈ সোঁৱৰাই দিবলৈ সক্ষম! গাড়ীৰ গ্লাছ খুলি থব নোৱাৰি! একে বাৰে বন্ধ কৰিবলৈ মন নাযায়! ঠাণ্ডা অতি বেছি কিন্তু সেই ঠাণ্ডা বতাহ বা আকৌ পাম ক? কলৈ যে গৈ আছোঁ কব নোৱাৰো! বিৰাট ভাল লাগিছে! ইয়াতে যেন থাকি দিম! গাড়ীৰ দাদা জনে কলে আমি দুই বজাৰ আগতে বুম লাৰ পৰা ওলাই দিব লাগিব। সেইহে প্ৰথমে বুম লালৈ যোৱা হওঁক। ঘূৰি আহি মাধুৰী লেকত সোমাম। টাৱাং টাউনৰ পৰা বুম লালৈ দূৰত্ব ৩৭ কি:মি: আনহাতে, টাউনৰ পৰা মাধুৰী লেকলৈ দূৰত্ব ২০ কি:মি:সেইয়াই ঠিক কৰা হল। কেইবা ঠাইতো চেক (check) কৰা হল। কোনো ধৰণৰ সমস্যা হোৱা নাই। যাবলৈ দিয়া হল। অসংখ্যা বাংকাৰ/বাঙ্কাৰ (bunker) দেখা গৈছে। বাংকাৰ হৈছে যুদ্ধৰ সময়ত শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ লগতে শত্ৰুপক্ষক আত্ৰুমণ কৰিবলৈ তৈয়াৰ কৰা সৰু আকৃতিৰ কিছুমান প্ৰতিৰক্ষামূলক সামৰিক দুৰ্গ।! যাক কংক্ৰিটৰ গাঁথনিৰে পাহাৰ, শিল ইত্যাদিৰ লগত সহজে চকুত নলগাকৈ তৈয়াৰ কৰা হয়। কোনোবাটো আকৃতিত কিছু ডাঙৰ! তেনে এটা বাংকাৰত সোমাই চোৱাৰ মন আছিল যদিওঁ সেইয়া নহল। এটা লেকত আমি নামিলো! লেকৰ পানী সম্পূৰ্ণ বৰফ! আমি তাতে খোজ কাঢ়িলো! ফটো উঠিলোঁ! বৰ পিচল! ভালকৈ খোজ নাকাঢ়িলে চিলিপ খাই পৰাটো শ্বাভাৱিক!

বুম লাত আমি উপস্থিত হলোহি। কিমান সময়ত আমি বুম লা পালোহি সেইয়া মনত নাই! ভাল পৰ্য্যটকৰ দৰে আমি কোন ঠাইলৈ কেতিয়া গৈছোঁ, কেতিয়া তাত গৈ উপস্থিত হৈছোঁ, কিমান সময় সেই ঠাইত ৰৈছোঁ আদিবোৰৰ বেছি ভাগেই আমাৰ মনত নাই! গাড়ীৰ পৰা নামি অনুভৱ কৰিছোঁ মুকলিত অত্যন্ত ঠাণ্ডা! বুম লা সাগৰ পৃষ্ঠৰ পৰা ১৫,২০০ ফুট উচ্চতাত অৱস্থিত।(টাৱাং চহৰখন সাগৰ পৃষ্ঠৰ পৰা ১০,০০০ ফুট আৰু চেলা পাছ সাগৰ পৃষ্ঠৰ পৰা ১৩,৬৮০ ফুট উচ্চতাত) অর্থাৎ আমি এই কেইদিনৰ ভিতৰত আটাইতকৈ উচ্চতাত থকা এটা অঞ্চলতে আহি উপস্থিত হৈছোঁ।  আমি ভাৰতীয় সেনাৰ এটা বন্ধ হলঘৰলৈ (এটা আহল-বহল কোঠালী)গলো। যত কিছু হলেও বাহিৰৰ পৰিৱেশতকৈ গৰম! কিছু দেৰি তাতে ৰলো। হলঘৰটোত বেৰত কিছুমান ফটো সজাই ৰখা হৈছে! ইয়াতে ভাৰতীয় সেনাৰ নাম আৰু বুম লাৰ নাম লিখিত কিছু বস্ত দৰ্শনাথীয়ে কিনিব পৰাকৈ ব্যৱস্থা কৰি থোৱা আছে। ইয়াৰ পাছত আমাক(আমাৰ লগতে সেই সময়ত বুম লালৈ যোৱা অন্য দুটামান গ্ৰুপক) সকলোকে শৃংখলাবদ্ধভাৱে দুটা শাৰী কৰি এজন আৰ্মীৰ বিষয়াই সীমান্তৰ একে বাৰে কাষলৈ লৈ গল! এটা সময়ত তেওঁ কিছু কথা কবলৈ আৰম্ভ কৰিলে। আমাক, ভাৰতৰ ফালে থকা দুটামান ঘৰ দেখাইছিল যত ওপৰত উল্লেখ কৰা বৈঠক সমূহ অনুষ্ঠিত কৰা হয়। এটা শিল দেখাইছিল যাৰ এটা ভাগ ভাৰতৰ ফালে আৰু আনটোফাল চীনৰ। যাক “Rock of Peace” বুলি কোৱা হয়! ২০০৬ চনত, এই বুম লা পাছ ৪৪ বছৰৰ পাছত পুনৰ প্ৰথমবাৰৰ বাবে ব্যৱসায় তথা দুয়োখন দেশৰ ডাক কৰ্মী সকলৰ বাবে মুকলি কৰি দিয়া হৈছিল। বৰ্তমান এই ব্যৱস্থা বন্ধ হৈ আছে। আৰ্মীৰ বিষয়াজনে কেৱল বুম লা বিষয়েই কোৱা নাছিল। ৬২ ৰ চীন-ভাৰত যুদ্ধত সাহসী ভাৰতীয় সৈন্যসকলে কিদৰে কেৱল কঠোৰ জলবায়ুৰ পৰিস্থিতিৰ সন্মুখীন হোৱাই নহয় লগতে তেওঁলোকৰ চীনা সমকক্ষসকলৰ মুখামুখি হ'ব লগা হৈছিল। তাকো অতি পুৰণি অস্ত্ৰ-সস্ত্ৰৰ সহায়ত! তথাপিও তেওঁলোকে দেশৰ অখণ্ডতা ধৰি ৰাখিবলৈ অপ্ৰাণ চেষ্টা কৰাৰ কথা। চেলা পাছৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত যশৱন্ত গড় নামে এটা স্মাৰক আছে। যশৱন্ত গড় হৈছে ১৯৬২ চনত চীন-ভাৰত যুদ্ধত প্ৰাণ হেৰুওৱা সাহসী ভাৰতীয় সৈনিকসকলৰ স্মাৰক। স্মাৰকটো যশৱন্ত ৰাৱতৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে। চীনা সৈনিকে হত্যা কৰাৰ আগতে যশৱন্ত ৰাৱতে কেইবা দিন ধৰি এককভাৱে চীনা সৈন্যসকলক প্ৰতিৰোধ কৰিছিল। তেওঁক ইয়াত দেৱতা হিচাপে পূজা কৰা হয়। বিষয়াজনে যশৱন্ত ৰাৱতৰ কথাও আমাক কৈছিল। সৈনিকৰ জীৱনৰ বীৰত্বৰ কথা শুনি আমাৰ গাৰ নোম শিয়ৰি উঠিছিল! কৰবাত পঢ়িবলৈ পাইছিলো – “When You Go Home Tell Them of Us and Say for Your Tomorrow We Gave Our Today” সচাঁকৈ আমাৰ অহা কাইলৰ বাবে যেন তেওঁলোকৰ আজিৰ সমষ্ট ত্যাগ কৰিছে! বুম লাৰ পৰিৱেশে শ্বাভাৱিকতে দেশপ্ৰেমৰ অনুভূতি জাগত কৰি তুলে। বিশেষকৈ সৈনিকসকলে সীমান্তৰ সুৰক্ষা প্ৰদান কৰা কথাই। এই কঠোৰ পৰিস্থিতিত আমাৰ সেনাই কিদৰেি সীমাৰ সুৰক্ষা দিয়ে তাৰ উদাহৰণ এই বুম লা পাছ

ইয়াৰ পাছত আমি পুনৰ সকলো শৃংখলাবদ্ধভাৱে শাৰী পাতি সেই স্থানৰ পৰা উভতি আহিলো! পুনৰ আমি হলঘৰটোলৈ গলো। তাতে সেনাই প্ৰস্তত কৰা চাহ আৰু গৰম গোলাপ জামুৰ সোৱাদ ললো! বুম লাৰ ১৫,২০০ ফুট উচ্চতাত ৰৈ আমি অনেক ফটো উঠিলো! ভাৰতীয় সেনাৰ বীৰত্বৰ অলেখ কথা শুনিবলৈ পালো! কিছু দূৰতে থকা এখন আৰ্মীৰ কেফেত (cafe) বঢ়ি আকৌ মেগী, চুপৰ সোৱাদ লৈ বুম লাক বিদায় জনালো!

বুম লাৰ পৰা আমি মাধুৰী লেকলৈ যাত্ৰা আৰম্ভ কৰিলো। মাধুৰী লেক পাবলৈ কিছুদূৰ থকাৰ পৰাই ৰাস্তাৰ দুয়োকাষ বৰফে আবৃত গছ-বন দেখা গল। আমি লেক পালোহি। ড্ৰাইভাৰ দাদাই আমাক এঘন্টাৰ সময় দিলে। কিন্তু গাড়ীৰ পৰা নামিয়েই যি পৰিৱেশ দেখিলো তাৰ পৰা গম পালো যে ইয়াৰ পৰা এঘন্টাত কোনো পধ্য যাব নোৱাৰি! লেক বুলিয়ে নহয় ইয়াৰ ওচৰৰ আৰু চাৰিওকাষৰ পৰিৱেশ ইমান ধুনীয়া যে তাৰ তুলনা নাই! অপূৰ্ব, মন্ত্ৰমুগ্ধকৰ! এই মাধুৰী লেকটো ভূমিকম্পত পাহাৰৰ পৰা একেলগে খহি পৰা শিল আৰু গছৰ সৃষ্টি। ইফালে-সিফালে চালো, বায়ে কোৱাৰ দৰে কৰবাত বাকচত কোনোবা লামাক থৈ দিয়া হৈছে নেকি?! নাই! কিছুদূৰ গৈ আমি মাধুৰী পইন্ট বুলি লিখা এখন ফলক দেখিলো। অচলতে, এই লেকটোৰ নাম চাংগেষ্টাৰ লেক (Sangestar Tso)এই লেকতে মাধুৰী আৰু শ্বাহৰুকৰ কয়লা চিনেমাখনৰ তনহাই গানটোৰ শ্বুটিং হৈছিল...। যাৰ ফলস্বৰূপে, ইয়াৰ পাছৰ পৰাই এই লেকটোক মাধুৰী লেক বুলিও জনা যায়। লেকৰ পানী সম্পূৰ্ণ বৰফ(frozen) হৈ আছে! আমি লেকৰ কাষে-কাষে খোজ কাঢ়ি গৈ এখন পাতল হাবিৰ দৰে এটা স্থানত বঢ়িলো। গছবোৰত বৰফৰ কণিকা লাগি আছে। অলপ জোকাৰি দিলে বৰফৰ কণিকা সৰি পৰে! কি যে ধুনীয়া! আমি তাত দুই ঘন্টাতকৈ বেছি সময় থাকিলো! তাতে থকা এজন সেনা জোৱানে আমাৰ লগত কিছু কথা পাতিলে আমি কৰ পৰা আহিছোঁ, কি কৰি আছোঁ ইত্যাদি। আমিও তেওঁৰ বিষয়ে সুধিলোঁ। আমাক তেওঁলোকৰ কেফেত চাহ খাবলৈ কলে। আমি তাত চাহ-মিঠাই খালোঁ। আৰু কিছু সময়ৰ পাছত মাধুৰী লেকৰ পৰা বিদায় ললো। আমি উভতিবৰ বাবে গাড়ীত উঠিলো

মাধুৰী লেক বা বুম লা লৈ যোৱা ঠাই খিনিৰ বতৰ বৰ অনিশ্চিত। আমি অলপ দূৰ যোৱাৰ পাছতে সৰুকৈ বৰষুণ দিয়া আৰম্ভ কৰিলে। বৰষুণ দিলে ঠাণ্ডা আৰু বেছি হয়। লগতে আৰু এটা সমস্যা হল দুপৰীয়াৰ পাছৰ পৰাই এই ঠাইত visibility কমি আহে! বৰষুণ বা তুষাৰপাত হলেটো গাড়ী চলোৱাৰ যথেষ্ট ৰিস্ক আহি পৰে। বতৰ লাহে-লাহে ডাৱৰীয়া হৈ আহিল! ঠায়ে-ঠায়ে বৰষুণ! নলিনীয়ে হেলিকপ্টাৰ এখন দেখি শুধিছে- টাৱাঙৰ পৰা গুৱাহাটীলৈ যাওঁতে নহলে হেলিকপ্টাৰতে যাওঁ নেকি?! কোনোবা এটাই লগে-লগে উত্তৰ দিছে- পৱন হংসৰ (Pawan Hans) হেলিকপ্টাৰ হলে কিন্তু নাযাওঁ! আমি লাহে-লাহে আহি থাকিলো। বহুকেইঠাইত ভাৰতীয় সেনাৰ সৰু দুই-এখন কেফে! যত বিনামূলীয়াকৈ চাহ/কফি/মেগী দিয়ে! আমি ভালকৈ খায় অহাত তেনে স্থানত পুনৰ নৰলো

গাড়ীতে অলপ শুই আহিলো। টাৱাং টাউন পালোহি! আৰু দুই এটা পাক মাৰিলে আমাৰ হোটেল পামহি! ইয়াত বতৰ এতিয়াও ফৰকাল হৈ আছে। অন্তত কিছু পোহৰ আছে। আমি হোটেলৰ বাহিৰতে থকা চকীত আৰামত বঢ়ি সকলোৱে চাহ একাপ খালো। আজি আৰু আমাৰ বিশেষ প্লেন নাই। মালৈ ফোন এটা মাৰিলো। সকলো ঠিকে-ঠাকে আহি পালোহি বুলি কোৱাত ঘৰৰ মানুহো নিশ্চিন্ত যেন লাগিল! হোটেলৰ ৰোমলৈ গৈ অলপ জিৰণি লোৱা বাহিৰে আজি আৰু আমাৰ বিশেষ কাম নাই! ৰাতি আমি হোটেলতে বয়ল চবৰ্জি, দালি, চালাদ, পাপৰ আদিৰে ভাত খালো। অচলতে, আমি থকা হোটেলখন এখন Pure vegetarian হোটেল। সম্ভৱত আমাৰ টাৱাং ভ্ৰমণত সেইটোৱে আটাইতকৈ ডাঙৰ ভুল সিদ্ধান্ত! আৰু এটা ভুল আছিল আমি ডিৰাংঙত নৰলো। ৰাতি ঋতুপৰ্ণ, উতপল, নলিনী, ডাৰিকে বিহু গোৱা আৰম্ভ কৰিলে! বেছ ডাঙৰকৈ গান গাইছে সিহঁতে! হোটেলত থকা অন্য কাৰোবাৰ সমস্যা নহলেই হল বুলি ভাৱিছোঁ! অৱশ্যে আমি থকা হোটেলখনত এইকেইদিন বৰ বেছি মানুহ দেখা নাই! কাইলৈ উতপল আৰু ডাৰিক যাবগৈ! আমি আৰু এদিন টাৱাঙতে থাকি ২০ তাৰিখে যোৱাটো ঠিক কৰিছোঁ। (আগলৈ...)  

No comments:

Post a Comment

অসম সাহিত্য সভাৰ ভোটিং পদ্ধতি

অসম সাহিত্য সভাই কি ভোটিং পদ্ধতিৰ দ্বাৰা তেওঁলোকৰ প্ৰাৰ্থীসমূহ বাছনি কৰে মই নাজানো! কিন্তু তেওঁলোকৰ সভাপতি পদৰ ফলাফলৰ এখন ফটো এইকেইদিন ফেচবু...